আনফালে ডুবিৰ পৰা ভোটান্ত মহিতাৰালৈ ৰজাদিনীয়া যি আলি আছে, তাৰ দ্বাৰা ৰাজনৈতিকভাৱে এসময়ত ডুবি গুৰুত্বপূৰ্ণ ঠাই আছিল বুলি ভবাৰ থল আছে।
ডুবিৰ আন এটি নাম ‘বিলাতী ডুবি'। ৰঘুবৰ-বংশাৱলীত এই নামটোৰ উল্লেখ আছে।
জনশ্ৰুতিৰ পম খেদি : শিবলিঙ্গৰ কথা
দেৱালয়ৰ বিগ্ৰহটোৰ উৎপত্তি সম্বন্ধে এটি জনশ্ৰুতি শুনা যায়। জনশ্ৰুতিটো এনে ধৰণৰ— ‘দুৰ্বলগিৰি’ৰ ওচৰতে থকা কোনো এখন গাৱঁত ৰঘুবৰ নামেৰে এজন ব্ৰাহ্মণ আছিল (স্থানীয় লোকবিশ্বাস অনুসৰি এই কাহিনীৰ ব্ৰাহ্মণ গৰাকীৰ নাম ধৰ্ম্মবৰহে। বংশাৱলী মতে এওঁ আকৌ ৰঘুবৰৰ পিতৃ)। ব্ৰাহ্মণজনৰ এজনী স্বাস্থ্যৱতী খীৰঁতী কপিলী গাই আছিল। কিন্তু আচৰিত কথা, গাইজনীয়ে ঘৰত খীৰাবলৈ নিদিয়ে; কিন্তু এৰি দিলে তাই পোনেই ‘দুৰ্বলগিৰি’লৈ যায় আৰু এখন নিৰ্দ্দিষ্ট ঠাইত তাইৰ ওহাৰৰ পৰা গাখীৰ পৰে। এই কথা গাৱঁৰ মানুহৰ চকুত পৰিল। তেওঁলোকে আহি ৰঘুবৰক কলে। সন্দেহৰ বশৱৰ্ত্তী হৈ ৰঘুবৰে এদিন গাইজনী এৰি দি পাচে পাচে গৈ থাকিল। তেওঁ দেখি অবাক কথাটো সঁচা; গাইজনী এজোপা বিৰিণাবনৰ ওপৰত থিয় হৈ আছে আৰু তাইৰ ওহাৰৰ পৰা আপোনাআপুনি গাখীৰ বৈ গৈ বিৰিণাজোপাৰ ওপৰত পৰিছে। বিৰিণাজোপাত নো কি আছে চাবলৈ বুলি ৰঘুবৰে এখন কোৰ আনি ঠাইখিনি খান্দি পেলালে। দেখিলে— বিৰিণা- জোপাৰ তলত এডোখৰ শিল। তেওঁ ততালিকে ঘৰলৈ উভতি আহিল আৰু গাৱঁৰ মানুহক এই আচৰিত ঘটনাটো কলে। অলৌকিক কথা চাবলৈ গাৱঁৰ মানুহো তালৈ গ'ল। শিলডোখৰৰ কিবা মাহাত্ম্য থকা বুলি ভাবি সকলোৱে তাক তুলিবলৈ চেষ্টা