চন্দ্ৰতীৰ্থং মহাতীৰ্থং তীথং পিণ্ডাৰকং সমম্।
স্নাত্বা চানেন মন্ত্ৰেন ব্ৰহ্মহত্যাং ব্যাপোহতি॥
অৰ্থাৎ— “ইন্দ্ৰশৈলৰ মাজত অলপমান দক্ষিণফালে, চন্দ্ৰশৈলৰ উত্তৰে ৬ ধনু বাদ দি ৩ ধনু বহল আৰু ১২৫ ধনু দীঘল চন্দ্ৰকুণ্ড নামে এটি সৰোবৰ আছে। ইয়াত স্নান, পান কৰিলে কৈবল্য লাভ হয়। চন্দ্ৰতীৰ্থমিত্যাদি মন্ত্ৰেৰে স্নান কৰিলে ব্ৰহ্মহত্যা পাপ নাশ হয়।”
তস্য দক্ষিণ দিভাগে চতুৰ্ধনু প্ৰমাণতঃ।
মানসং নাম তত্তীৰ্থং সৰ্ব্বপাপ প্ৰনাশনং॥
কাৰ্ত্তিকে শুক্লপক্ষেতু স্নানং তত্ৰ সমাচৰেৎ।
বিষ্ণু লোকমবাপ্নুতি মন্ত্ৰেণ পৰমেশ্বৰি॥
তস্মন্ন সংশয়ন্তীৰ্থঃ বিষ্ণুতুষ্টিপ্ৰদায়কঃ।
তস্য দক্ষিণ দিগ্ভাগে অষ্টাবিংশ ধনুৰ্মিতং॥
অমৃতাখ্যং সৰস্তত্ৰ স্নাত্বাচ্যুত পসং লভেৎ।
তদ্দক্ষিণে দশধনুঃ ঋণ মোচনকঃ সৰঃ।
গত্বা ঋণত্ৰয়ান্মুক্তো ভৱবন্ধং ন জায়তে।
দক্ষিণে অশ্বক্ৰাস্তস্য কিঞ্চিদাপ্নেয় গোচৰে।
ধনুৰৰ্ক প্ৰমাণেন অশ্বক্ৰান্তাহ্বয়ং সৰঃ॥
নাগ লোকদুখিতশ্চ কল্কিৰূপী জনাৰ্দনং।
স্নাত্বা তত্ৰৈব বিৰজে অশ্বতীৰ্থং চকাৰহ॥
অৰ্থাৎ— “চন্দ্ৰকুণ্ডৰ দক্ষিণে ৪ ধনুমান ডাঙৰ মানসতীৰ্থ। ই সৰ্বপাপ নাশক। কাতি মাহৰ শুক্লপক্ষত ইয়াত সমন্ত্ৰ স্নান কৰিলে বিষ্ণুলোক প্ৰাপ্ত হয়। ইয়াতকৈ বিষ্ণুৰ প্ৰীতিকাৰক তীৰ্থ আৰু নাই। মানসতীৰ্থৰ দক্ষিণে ২৮ ধনুমানৰ ডাঙৰ অমৃত সৰোবৰ। ইয়াত স্নান কৰিলে বিষ্ণুপদ লাভ হয়। অমৃত সৰোবৰৰ দক্ষিণে ১০ ধনুমান ডাঙৰ ঋণমোচন সৰোবৰ। ইয়াত স্নান কৰিলে দেৱতা, পিতৃ আৰু ঋষিসকলৰ ঋণৰপৰা মুক্ত হৈ পুনৰ্জন্মৰ দুখৰ- পৰা নিষ্কৃতি পায়।
অশ্বক্ৰান্ত পৰ্বতৰ অগ্নিকোণত অলপমান আঁতৰত অশ্বক্ৰান্ত সৰোবৰ। কল্কিৰূপী জনাৰ্দনে নাগলোকৰপৰা উঠি ইয়াত বিৰাজ কৰি অশ্বতীৰ্থ কৰিছিল।”