তীৰ্থ আৰু কতো নাই। অশ্বক্ৰান্তলৈ গ'লে মেৰুমন্দৰ সমান পাপো ক্ষয় হয়। যদি দুষ্ট কৰ্ম কৰা পাপীও হয়, তথাপি অশ্বক্ৰান্তৰপৰা বোৱা বতাহ গাত লাগিলে, সি পৰম গতি লাভ কৰে।”
মহাদেৱে পুনৰ পাৰ্বতীক ক'লে—
কৃতে যুগে পুষ্কৰাণি ত্ৰেতায়াৎ নৈমিষং মতম্।
দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে॥
অৰ্থাৎ—“সত্যযুগত পুষ্কৰ, ত্ৰেতাযুগত নৈমিষাৰণ্য, দ্বাপৰযুগত কুৰুক্ষেত্ৰ আৰু কলিকালত অশ্বতীৰ্থই সৰ্বশ্ৰেষ্ঠ তীৰ্থ।”
তদুপৰি—
“চন্দ্ৰকূট পৰ্বতৰ অধীশ্বৰ দেৱতা মাধৱ, গোদন্ত পৰ্বতৰ জটাধৰ, গোদন্তৰ সম্মুখৰ পৰ্বতৰ জয়ন্ত আৰু অশ্বক্ৰান্তৰ ( অশ্বকূট) অধীশ্বৰ দেৱতা জনাৰ্দন।
ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ তিনিও অশ্বতীৰ্থত থাকে। অশ্বতীৰ্থতকৈ পুণ্যতৰ তীৰ্থ পৃথিৱীত আৰু নাই।
যিসকল লোকে উপবাসে থাকি অশ্বক্ৰান্তত বিধিমতে স্নানাদি কৰে আৰু পঞ্চগব্য১ পান কৰে তেওঁলোকৰ মৃত্যুৰ পাছত স্বৰ্গপ্ৰাপ্তি হয়। তাৰ ওচৰত থকা লোকসকলেও তীৰ্থৰ প্ৰভাৱত স্বৰ্গ লৈ যায়। তাৰ উপৰিও অশ্বক্ৰান্তত স্নান কৰা লোকসকলে পুত্ৰ-কন্যা আৰু ধন-সম্পদাদিৰে বধিত হৈ স্বকুলত বাস কৰে। তেওঁলোক মহাদানী হয় আৰু সপৰিয়ালে সুখেৰে বাস কৰি থাকিব পাৰে।”
অশ্বক্ৰান্ত তীৰ্থৰ লগতে ব্ৰহ্মপুত্ৰত থকা কুণ্ডবোৰৰ আৰু তীৰ্থবোৰৰ মাহাত্ম্যও কম নহয়—
অশ্বতীৰ্থস্থসন্নিধৌ কিঞ্চিৎ পশ্চিম গোচৰে।
ধনুৰষ্ট প্ৰমাণেন সিদ্ধকুণ্ডমিহোচ্যতে॥
অত্ৰ স্নাত্বোদকং পীত্বা মুচ্যতে সৰ্বপাতকৈঃ।
ত্ৰিৰাত্ৰোপাষিতে নাত্ৰ এক ৰাত্ৰোষিতেনবা।
দ্বিজাতিনান্তু কথিতং তীৰ্থানামিহ সেৱনম্।
যস্য বায়ু বশী ভদ্ৰে হস্ত পাদো চ সংযতৌ।
অনুলেপ্য ব্ৰহ্মচাৰী তীৰ্থানাং ফলমাপ্নুয়াৎ॥
অৰ্থাৎ— “অশ্বতীৰ্থৰ অলপ পশ্চিমফালে ৮ ধনুমান (১ ধনু = ৪ হাত) ডাঙৰ
সিদ্ধকুণ্ড আছে। ইয়াত ইয়াত স্নান আৰু ইয়াৰ জল পান কৰিলে সকলো
১. পঞ্চগব্য— ঘি, দধি, দুগ্ধ, গোমুত্ৰ, গোময়