॥ ১॥
অশ্বক্ৰান্ত এখন পুৰণি তীৰ্থস্থান, কিন্তু কিমান পুৰণি তাক নিশ্চয়কৈ কোৱা টান। ইয়াৰ মন্দিৰ যে প্ৰাক্-আহোম যুগৰ আছিল এই কথা সহজেই অনুমান কৰিব পাৰি যদিও প্ৰাচীন মন্দিৰটো আজি নাই। তথাপি ভিত্তি স্থানটো আগৰ মন্দিৰৰে আৰু তাৰ কাৰুকাৰ্য প্ৰাচীন অসমীয়া। ঐতিহাসিক ফালটো এৰিও হিন্দু ধৰ্মত যাৰ নিষ্ঠা আছে, সেই সকলো মানুহৰ পক্ষেই ই এক আদৰণীয় বিষ্ণুস্থান।
ইয়াৰ মূৰ্তিখনিও অতি শুৱনি। প্ৰাচীন ভাস্কৰ্যৰ চানেকি আছে। অনন্তশায়ী-ভগৱান বিষ্ণু মন্দিৰ সমগ্ৰ ভাৰততেই বৰ বেছি নাই। কিন্তু যিকেইখন আছে সেই কেইখনৰ মাহাত্ম্যও সমধিক; ত্ৰিবেন্দ্ৰমৰ পদ্মনাভ, তিৰুপতিৰ গোবিন্দ ৰাজলুস্বামী আৰু অসমৰ অশ্বক্ৰান্ত ‘অনন্তশায়ী নাৰায়ণ’ এই কেইখন আমি নিজে দেখা পাইছোঁ। কিন্তু তাৰ ভিতৰত ভাস্কৰৰ কলা-কৌশল আৰু কল্পনাৰ ফালেদি চালে অশ্বক্ৰান্ত অনন্তশায়ী-মূৰ্তিখন ধুনীয়া আৰু ভাবোদ্ৰেককাৰী।
এনেহেন এখন তীৰ্থস্থান অৱহেলিত হৈ থকা নাই যদিও ইয়াৰ মন্দিৰ আৰু চাৰিও কাষৰ স্থান অধিককৈ সুবিধাজনক আৰু মনোমোহা কৰাৰ যথেষ্ট স্থল আছে। জানিবলৈ পাই সুখী হৈছোঁ, বৰ্তমান কমিটিয়ে এই বিষয়ে কাম কৰিবলৈ হাতত লৈছে। ৰাইজৰ সহায় আৰু সহানুভূতি কমিটিয়ে পাব বুলি আশা কৰিছোঁ।
‘অশ্বক্ৰান্ত মাহাত্ম্য’ আগতে পণ্ডিত প্ৰৱৰ ৺থানেশ্বৰ শৰ্মা কবিৰাজ আৰু বৰদেউৰী ৺হলধৰ শৰ্মাই যুটীয়াভাৱে সম্পাদন কৰি প্ৰকাশ কৰিছিল। সিও প্ৰায় পঞ্চাশ বছৰ আগৰ। বৰ্তমান সেইখন পুথি পাবলৈ নোহোৱা হৈছে, আৰু নতুন কথাও বৰ্তমান সন্নিবিষ্ট কৰাৰ আৱশ্যক হৈছে। তাকে ভাবি বজালী কলেজৰ অধ্যাপক শ্ৰীহেমচন্দ্ৰ শৰ্মা আৰু দেৱালয়ৰ বৰদেউৰী শ্ৰীশশীমোহন