পৃষ্ঠা:Assam Buranji.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২

খুটাতে, ক্ৰমে বহে। আৰু এই থিয় লানিৰে বহাত জি জনা ডাঙ্গৰিয়া জিটো খুঁটাত বহে, সৰ্গদেও নবহাতো সেই জনা ডাঙ্গৰিয়া সেইটো খুঁটাতে বহে। ডাঙ্গৰিয়া সকল ঐ পথলিয়া দৰে বহিলে, সেইটো চতিৰে পচিম ফকামৰ খুঁটাৰে পৰা দখিনলৈ সাৰিকৈ পিৰালিত বৰ বৰুআ আদি চৰাৰ ফুকন ৰাজখােআ বহে ; এই সকলৰ পাচত দেঁওধাই, বাইলুঙ্গ, চেটিয়া পাত্ৰ বৰুআ, ঘৰফলিয়া বৰুআ, এই সকল বহে । এই দখিন ফালৰ চৰাৰ সভা বৰ বৰুআই নেওগ ফুকনৰ দ্বাৰাই নিৰোপন কৰাই। সৰ্গদেও বহা কোঠাৰ উতৰৰ কোঠাও উদঙ্গেইহে; কিন্তু ওচৰতে তামুলি লিগিৰা, বৰ তামুলি, ও পিকদান ধৰা, চোঁঅৰ লােআ, পাঁচনি, কদাচিত হাতবিচনি লােআ লিগিৰা, এই পাঁচ জন বহেগৈ । সেই উদঙ্গ কোঠাৰ উতৰ কোঠাৰ চতিৰ তলতে সোঁ মাজে বাট ৰাখি, সেই বাটৰে পুব কোসৰে পৰা সেই চতিৰ মুৰৰ পুবটো খুঁটাৰ ওচৰ খনিতে পাঁচনি বৰাটো জে বহে, তালৈকে লানি হৈ ৰঙ্গা চুলি লগা দুই এক খম দাৰে পাঁচনিব পালি বহে ; এই খুঁটাৰে পুবৰ ফালে কিছু দখিন ফলিয়া হৈ চমুআ পাঁচনি বৰাটো বহে। ঐ বাটৰে পচিম কোসৰে পৰা তৰােআলেবে লিগিৰাহঁতৰ পালি বহে; সেই লগেই পচিম ফাললৈ লানি হৈ বাজে চমুআ ফুকন বৰুআও কিচু বহে। ঐ তামুলি লিগিৰাহঁত বহাটো চতিৰ পচিমটো