পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ক্ষুদ্ৰ
ক্ষেণ-ভেন
২৯৪

ক্ষ।

ক্ষুদ্ৰ শৌচ কৰা—ক্ৰি, মুত্ৰত্যাগ কৰা, to discharge urine.

ক্ষুৰৰ সাঁকোত বগোৱা—ক্ৰি, সাঁকো বাঁ বাহ কাঠৰ দ্বাৰা নিৰ্মিত। এই স্থলত সাঁকো ক্ষুৰৰ দ্বাৰা নিৰ্ম্মিত বোলা হৈছে। এনে সাঁকোত বগোৱা বিপজ্জনক। এতেকে,—বিপজ্জনক কাৰ্য্য কৰা, to embark on a hazardous undertaking.

ক্ষুৰে নাকে দন্দ কৰা—ক্ৰি, ক্ষুৰে অনায়াসে নাকক কাটি পেলাব পাৰে। সেই দেখি নাকে ক্ষুৰেৰে দন্দ কৰিলে নাকৰ বিপদ অৱশ্যম্ভাবী। অতি বলী মানুহক ক্ষুৰেৰে আৰু অতি দুৰ্ব্বল মানুহক নাকেৰে তুলনা কৰা হৈছে। এতেকে,—অতি বলী মানুহে আৰু অতি দুৰ্ব্বল মানুহে দন্দ কৰা, the fighting of two persons in a wholly unequal match.

ক্ষেণ-ভেন দেহা—বিং, [ ক্ষণ-ভঙ্গুৰ দেহা ] মানুহৰ দেহা ক্ষণেকতে ভাগি যায় অৰ্থাৎ ধ্বংস পায়। এতেকে,—নশ্বৰ দেহা, this mortal frame.

⸻⸺