পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বান্দীৰ
বাপুৰ
১৯৭


বান্দৰ থাকে। জাকে জাকে বান্দৰ আহি সাগৰৰ পানী সদাই খাব লাগিছে, তথাপি সাগৰৰ পানী নুশুকায়। ইতৰলোকক বান্দৰেৰে আৰু মহৎ লোকক সাগৰেৰে তুলনা কৰা হৈছে। মহৎ লোকৰ ধন-সম্পত্তিক সাগৰৰ পানী বোলা হৈছে। এতেকে,—ইতৰ লোকে মহৎ লোকৰ ধন-বস্তু আত্মসাৎ কৰিলেও মহৎ লোকৰ বিশেষ ক্ষতি কৰিব নোৱৰা, the failing of a vulgar person to do real harm to great man by misappropriating a part of his vast estate.

বান্দীৰ কান্তা যোগ—বিং, কন্যাকাল হোৱা সময় অনুযায়ী তিৰোতাৰ ‘যোগ’ নিৰ্ণীত হয়। কান্তা ভাল যোগ। কিন্তু যি বান্দী, তাইৰ কান্তা যোগৰ শুভ ফল হবৰ স্থল নাথাকে। এতেকে,—চিৰ-দৰিদ্ৰ মানুহৰ পক্ষে গ্ৰহাদিৰ নিষ্ফল শুভ-দৃষ্টি অৰ্থাৎ যি মানুহৰ উন্নতি অসম্ভৱ তাৰ পক্ষে নিষ্ফল শুভ লক্ষণ, good signs to a person who is destined not to rise above a miserable life.

বাপ ঢোৰা-সাপ—বিং, ঢোৰা সাপৰ খং বেচি, কিন্তু তাৰ কামোৰত বিষ নাই। ঢোৰা-সাপে কামুৰিলে আন সাপে সেই মানুহক কোনো কালে নাকামোৰে বুলি কয়, কিয়নো ঢোৰা-সাপ সকলো সাপৰ ৰজা। বাপেকে পুতেকক ডবিয়ায় আক কোবায়। যাৰ দ্বাৰা লৰাৰ অমঙ্গল ঘটে, বাপেকে তেনে কাৰ্য্য নকৰে। বাপেকৰ কাৰ্য্যত বিষ অৰ্থাৎ হিংসা-ভাব নাথাকে। এতেকে,—বাহিৰে টান-মুখীয়া কিন্তু ভিতৰে মৰমিয়াল বাপেক, a stern but loving father.

বাপৰ ধন—বিং, বাপেকৰ মৃত্যুৰ পাচত পুতেকে পোৱা বাপেকৰ ধন, পৈত্ৰিক সম্পত্তি, patrimony.

বাপতি সাহোন—বিং, উত্তৰাধিকাৰী-স্বত্বে পোৱা বাপেকৰ ধন সম্পত্তি, ( ‘পিতস্বৰ’ পৰা ‘পিতৃ সাহোন’, আৰু 'পিতৃ সাহোন’ৰ পৰা ‘বাপতি সাহোন’ কথাৰ উৎপত্তি হৈছে , patrimony.

বাপুৰ গাত বাঢ়নী লগা—ক্ৰি, (বাপু=বামুণ। ) বাঢ়নী অশুচি বস্তু। ঠাই সাৰোঁতে বামুণৰ গাত বাঢ়নী লাগিলে, ঠাই সাৰোঁতা মানুহৰ বৰ ডাঙ্গৰ জগৰ লাগে। এতেকে,—ডাঙ্গৰ জগৰ লগোৱা, (বিদ্ৰুপ) to offend highly (used ironically).