পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বধে
বৰ
১৮৬

extremely beautiful (said of a woman).

বধে ছোৱা—ক্ৰি, কোনো মানুহক বধ কৰিলে যি পাপ হয়, সেই পাপে ছোৱে অৰ্থাৎ সেই পাপৰে ভাগী হব লগীয়া হয় বোলা হৈছে। এতেকে,—এবিধ ডাঙ্গৰ শপথ লোৱা, to take a form of solemn oath.

বন বোন্দা—বিং, বনৰীয়া বোন্দা মেকুৰীয়ে হাবিয়ে-বননীয়ে যতে ততে ফুৰি ফুৰে। এতেকে,— ঘৰত নথকা যতে ততে ঘুৰি ফুৰা মতা মানুহ, an adult male who is fond of staying away from house.

বনুৱা বৰা-বিং, আহোম ৰজাৰ দিনত কুড়িটা, পাইকৰ ওপৰত এজন বৰা আছিল। এই বিষয়াই সিহঁতৰ হতুৱাই কাম-বন কৰাই ফুৰে। এতেকে,— পৰিশ্ৰমী মানুহ, (এই বাক্য ‘বনৰীয়া গাহৰি’ এই অৰ্থও মিহলি আছে। বনৰীয়া গাহৰিয়ে যেনেকৈ গুম-গুমাই ফুৰে, বৰা বিষয়াইও সেইৰূপে গুম-গুমাই ফুৰে। ) a smart person.

বৰকণাৰ দেশ—-বিং, ধপল-ধপল কাণেৰে এবিধ ৰাক্ষসৰ দেশ, (আজি কালি তিব্বত ৰাজ্য বুলি প্ৰবাদ আছে। ) the country of Tibet, the people of which were believed formerly by the Assamese to have large ears.

বৰ কথা মতা—ক্ৰি, মই বৰ এনে ভাব বুজাই কথা কোৱা, ফিতাহি কথা 'কোৱা, to talk vauntingly.

বৰ গছৰ টোপালে গা তিওৱা—ক্ৰি, (টোপাল =নীয়ৰৰ টোপাল। ) বৰ গছৰ টোপাল ইমান ডাঙ্গৰ যে সিয়েই বৰষুণৰ নিচিনা হৈ পৰে। বৰ গছক বৰলোকেৰে তুলনা কৰা হৈছে। বৰলোকৰ সাধাৰণ অৱস্থাৰ কাৰ্য্যকে ইতৰ লোকে চম্ভালিব নোৱাৰে, এই ভাব বুজায়। এতেকে,—বৰলোক প্ৰকৃতিগত সাধাৰণ কাৰ্য্য ইতৰ লোকৰ মাৰাত্মক-স্বৰূপ হোৱা, the happening of a serious harm to a common man by those acts of a great personage which appears so harmless to him as being of everyday occurance and forming part of his very nature.

বৰ গছৰ তলত ছাঁ লোৱা— ক্ৰি, ডাঙ্গৰ গছৰ পাত জপ-জপীয়া। বাটৰুৱা মানুহে টান ৰদত তাৰ ছাঁ লয়। এতেকে,—সংসাৰ-ক্লিষ্ট মানুহে ডাঙ্গৰ মানুহৰ আশ্ৰয় লোৱা, to take shelter of a great man in time of difficulty.

বৰ চুৰিয়াৰ ফেৰ মৰা--ক্ৰি, বৰলোকে বৰ চুৰিয়াৰ ফেৰ মাৰি ফুৰে।