পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দীঘল-ঠেঙ্গীয়া
দুখে
১৪১

দীঘল ঠেঙ্গীয়া—বিণ, বৰষুণৰ ধাৰবিলাক দীঘল ঠেঙ্গৰ নিচিনা দেখা যায়। এতেকে—বৰষুণ, rain.

দীঘল পৰুৱা—বিং, সাপ পৰুৱা জাতীয় প্ৰাণী, প্ৰভেদ এয়ে যে সাপৰ আকৃতি দীঘল। এতেকে,—সাপ, a snake,

দুই নাওত দুই ভৰি থোৱা—ক্ৰি, এখন নাওত এটা ভৰি আৰু আন এখন নাওত আনটো ভৰি থাকিলে বিপদৰ আশঙ্কা. কিয়নো পানীৰ সোঁতত নাও এখন আঁতৰা-আঁতৰি হব পাৰে। এতেকে,—দোধোৰ-মোধোৰত পৰা, to be in a dilemma.

দুই বাঘে খাব নোৱৰা—বিণ, যদি কোনো গৰু বা মহ বৰ ডাঙ্গৰ আৰু মঙ্গহাল হয়, তেনেহলে তাক দুটা বাঘে মিলিও খাই শেষ কৰিব নোৱাৰে। এতেকে,—বৰ গাৱাল excessively fat.

দুই হাতে আজোৰা—- ক্ৰি, দুয়ো হাতেৰে বন আজুৰি উঘালে বোলা হৈছে। এতেকে,—-অপৰিমিত শ্ৰম কৰা to labour too hard.

দুই হাতে সামৰা—ক্ৰি , বেচি হলে দুয়ো হাতেৰে ধন-বস্তু ধাহি-মুহি সামৰে। এতেকে—অতি হেঁপাহেৰে ধন-বস্তু গোটোৱা, to accumulate property with inordinate covetousness.

দুখ কৰিলে মুখ ভৰা--ক্ৰি, (ভৰা = খোৱা-বস্তুৰে ভৰা ) শ্ৰম কৰিলে ভাল- মতে খাবলৈ পোৱা to be able to earn a comfortable liviling by means of labour.

দুখনীয়া পিন্ধা—ক্ৰি, সৰু ছোৱালীয়ে অকল মেখেলা পিন্ধি থাকে। পাট-গাভৰু হলে গাত এখন গামোছা লয়। এতেকে,—পাট-গাভৰু হোৱা, to arrive at girlhood.

দুখী দুখী অৱস্থাৰে কৰা—ক্ৰি, [ দুখীয়ে দুখী অৱস্থাৰে কৰা ] দুখীয়া মানুহে দুখীয়া অৱস্থাৰে কোনো কাৰ্য্য কৰা, to act like a humble man in a humble way.

দুখে কুলাই-পাচিয়ে নধৰা—ক্ৰি, ধান-চাউল কুলাৰে জাৰি পাচিত থোৱা হয়। ধান-চাউল বেচি হলে পাচি ভৰি যায়। বাকিখিনি কুলাতে থোৱা হয়। কিন্তু ধান-চাউল যদি তাতোকৈ বেচি হয়, তেনেহলে কুলাই- পাচিয়ে নধৰা হয়। এই স্থলত, দুখক ধান-চাউলেৰে তুলনা কৰা হৈছে। এতেকে,--অতিৰিক্ত দুখ-কষ্ট পোৱা, to have an