পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঠোঙ্গোনা
ডবা-কানীয়া
১২১


খাই কোনো নিৰ্দ্দিষ্ট মানুহৰ ওচৰ চাপে অৰ্থাৎ সেই কথাৰ দ্বাৰা সেই মানুহৰ সম্পৰ্কে কোনো কথা সঙ্কেতেৰে বুজোৱা , to speak any- thing regarding a person by insinuation.

ঠোঙ্গানা খোৱা—-বিণ, মাৰিৰে মাৰিলে ঠং ঠং কৰে শব্দ হয়। ’ঠঙ্গনা’ শব্দে ঠং-কৰে বা প্ৰহাৰ বুজায়। ’ঠোঙ্গোনা’ শব্দ ‘ঠঙ্গনা’ শব্দৰ ৰূপান্তৰ। এতেকে,—মাৰ-কিল খোৱা অৰ্থাৎ পৰৰ দ্বাৰা লাঞ্ছিত, অধম, subject to indignities, vile,

⸻ ⸻


ড।

ডঁৰিত বান্দৰ নচা—ক্ৰি, নাচোন এটা টান কাৰ্য্য। বান্দৰ জনা-জাত দুষ্ট জন্তু। মৰিয়াই-খটিয়াই তেনে টান কাৰ্য্যকো বান্দৰৰ হতুৱাই কৰোৱা হয়। এতেকে,—দণ্ডৰ ভয়ত দুঃসাধ্য কাৰ্য্যকো কৰিব পৰা, to be able to do even a piece of difficult work under the fear of punishment.

ডাঁহী সাপ—-বিং, এই সাপ পৰ্ব্বতত থাকে বুলি কয় আৰু ইয়াৰ খং ইমান বেচি যে ই হেনো আকাশে দি উড়ি আহে। এতেকে,—অত্যন্ত ক্ৰোধী স্বভাৱৰ মানুহ, an extremely angry person.

ডবনি পিটি খোৱা—ক্ৰি, [ ডবা পিটি খোৱা ] অতিৰিক্ত ভোজন কৰা’ক ‘ধুম- ধুম কৰি খোৱা’ বোলে। ডবা পিটিলেও ধুম-ধুম কৰে শব্দ হয়। এতেকে,--অতিৰিক্ত ভোজন কৰা, to eat enormously.

ডবনিকৈ খোৱ—ক্ৰি, [ ডবা সমানকৈ খোৱা] অধিককৈ ভোজন কৰা, to eat too much.

ডবা-কানীয়া—বিং ডবা-ধোঁৱাখোৱাত কানি-টিকিৰা পুড়ি খোৱা কানীয়া, ডাঙ্গৰ

কানীয়া, a confirmed opium-enter.

১৬