ৱিকিউৎস:অসমীয়া ৱিকিউৎসৰ বিশেষ নীতি

ৱিকিউৎসৰ পৰা

অনলাইন মুক্ত পুথিভঁৰাল ৱিকিউৎসৰ অসমীয়া সংস্কৰণ হিচাপে অসমীয়া ৱিকিউৎসই এই প্ৰকল্পৰ সাধাৰণ নীতি-নিয়মসমূহ মানি চলিব। ইয়াৰ লগতে কিছু প্ৰয়োজন অনুসৰি সদস্যসকলৰ সহমত সহকাৰে প্ৰস্তুত কৰা কেতবোৰ বিশেষ নীতি এই পৃষ্ঠাত থাকিব।

অজ্ঞাত মৃত্যুবৰ্ষৰ লেখকৰ গ্ৰন্থ সংৰক্ষণ[সম্পাদনা কৰক]

কেতিয়াবা পুৰণি কোনো কিতাপ ৱিকিউৎসত অন্তৰ্ভুক্ত কৰিব খুজিলেও লেখকজনৰ মৃত্যুবৰ্ষ নজনাৰ বাবে (গতিকে কপিৰাইট স্থিতি নজনাৰ বাবে) এনে কৰিব নোৱাৰি। গতিকে এনে কিতাপ পৰীক্ষামূলকভাৱে প্ৰশাসকে ৱিকিউৎসত স্থানীয়ভাৱে আপল'ড কৰিব পাৰিব। কপিৰাইটৰ আপত্তি আহিলে কিতাপবোবোৰ আঁতৰাই দিব লাগিব। এনে কিতাপৰ বাবে "সাঁচ:PD-India-Author?" নামেৰে এটা পৰীক্ষামূলক সাঁচ সাজি উলিওৱা হৈছে।

এই বিষয়ে আলোচনা ২০২১ চনৰ ১ ছেপ্টেম্বৰৰ এই শিতানত পাব