সমললৈ যাওক

ৰুদ্ৰ কৰতি বা তিখাল কৰতি

ৱিকিউৎসৰ পৰা
বৰ-কৰতি
ৰুদ্ৰ কৰতি বা তিখাল কৰতি
শ্ৰীকৃষ্ণায় নমঃ


অনন্ত গোসানী শুতিয়া আছন্তে। চাৰিবেদ বাজ ভৈলা নিশ্বাস কাঢ়ন্তে॥ হুহ্খাৰ শৱদে অথৰ্ববেদ ভৈল; অথৰ্ববেদৰ আদ্য কৰতি কহে। কৰতি মন্ত্ৰ জগততে বহে॥ শিৱ কৰতি, ব্ৰহ্ম কৰতি, বিষ্ণু কৰতি কাটি চাৰিখন কৰতি কৰো পাৰীধাৰে। হুঙ্কাৰ শৱদে গোসাই জপিবাক লৈলা। হুঙ্কাৰন্তে যান্তে জন্ম কৰতি নাম থৈলা॥ হুঙ্কাৰ শৱদে গোসাই চাড়িলেক ডাক। হুঙ্কাৰ শৱদে বিষ পানী উঠি থাক॥ হুঙ্কাৰ শৱদে ব্ৰহ্মা ছাড়িলেক ডাক। চাৰিখন বেদ ব্ৰহ্মা আগতে দেখিলা। হুঙ্কাৰ শৱদে ব্ৰহ্মা বুলিলা হাত। আপোনাৰ বিদ্যা ৰাখি পৰ বিদ্যা কাটো॥ হুঙ্কাৰ শৱদে ব্ৰহ্মা আছে। আন কৰতি নিৰ্য্যাণ হুঙ্কাৰ শৱদে বীণ কৰতি কাটো, হুঙ্কাৰ শৱদে নৰহৰি স্মৰি সমস্তে কৰতি থৈলা বন্দী কৰি॥ *॥ গাং গাং ব্ৰহ্মাৰ নাগপাশে কাটি খণ্ড খণ্ড কৰি থৈলা। হাতচণ্ড বাত চণ্ড কাটো মুখচণ্ড কাটো, ওষ্ঠচণ্ড কাটো চৌষষ্টি চণ্ড কাটো কাটি খণ্ড খণ্ড কৰো॥ অৰে অৰে ব্ৰহ্মাৰ ৰাক্ষসক ধৰো। তিনিশ গাঁঠিখান মন্ত্ৰৰ গাঁঠি খণ্ড খণ্ড কৰো॥ আকাশত কাটো হৰবাণ কাটো আকাশীবাণ কাটো পাতালত পাতালীবাণ কাটো, অগ্নিবাণ দেৱবাণ কাটো, জ্বৰবাণ কাটো হৰবাণ কাটো, শৰবাণ কাটো, মন্দকৰা বাণ কাটো, জুৰালেক আকাশত ব্ৰহ্মাৰ বাণ কাণ কাটি কৰিলো নিৰ্য্যাণ ব্ৰহ্মাদেৱ কম্পিলা মেৰু পৰিল ভাঙ্গি। আকাশতে কাটি শঙ্কু টঙ্কিলা। কুমন্ত্ৰ কুজ্ঞান কাটি খণ্ড খণ্ড কৰি থৈলা॥ হৰ কৰতি হৰ। কৰতি মন্ত্ৰে গাঁঠি কাটি খণ্ড খণ্ড কৰ॥ ধৰিলা আকাশতে দুইগোট বাণ কাটিয়া কৰতিয়ে কৰিলা নিৰ্য্যাণ। মুখবাণ, ধৰ্মবাণ পশিলা সাগৰে॥ কৰতি মন্ত্ৰে খেদি গৈল জ্বলৰ ভিতৰে। জলত বসিয়া আছে একেশ্বৰে জলেশ্বৰী বোলে শুনিয়ো শঙ্কুৰাজ কি কাৰ্য্যে আসিলা জলৰ ভিতৰে॥ জলৰ সমাজে নৱ মায়া মাৰিলো। জলৰ ভিতৰে কাটিয়া থৈলা। শঙ্কৰ বদতি শুনিয়ো বচন। কুগাঁঠি আনিয়া দিয়া এতিক্ষণ॥ শঙ্কৰৰ বচন শুনিয়ো বচন। কুগাঁঠি আনিয়া দিয়া এতিক্ষণ॥ শঙ্কৰৰ বচন শুনিয়া দেৱগণ। সাতজাপ উছাত মুখৰ বাজ ভৈলা। যেতিক্ষণে সাতজাপ উছাত বাজ ভৈলা। খণ্ড খণ্ড কৰিয়া কাটি থৈলা ৰাক্ষস চক্ৰশিলা লগাই মন্ত্ৰবাণ আগ কৰি শঙ্কৰৰ হাতত দিলা॥ যেতিক্ষণে চক্ৰশিলা শঙ্কৰৰ হাতত দিলা। খণ্ড খণ্ড কৰিয়া কাটিয়া পেলাইলা। হৰ হৰ মন্ত্ৰগণ কাটি খণ্ড খণ্ড কৰি। শীঘ্ৰ পুনু ৰাজাৰ আগত॥ ৰাজা বোলে শুনিয়ো উপেন্দ্ৰ সমাজ। পাৰ্বতীৰ গাৱত শঙ্কু উঠিলা কিয়। শঙ্কসঘলি আছিল পূৰ্বত, ৰাজাৰ বচন শুনি ক্ৰোধ জ্বলি গৈলা। ৰাজাৰ গাৱত ৰাজা ধৰ কাটিবাক লৈলা। ব্ৰহ্ম কৰতি পাই কাটিয়া পেলাইলা। কৈলাস পাই শঙ্কু যেতিক্ষণে, সবেও কৈলাস পাইলা। দেৱীৰ আগত ৰঙ্গমন ভৈলা। দেৱী বোলে শুনিয়োক শঙ্কুৰাজা কি কাৰ্য্যে আসিলা মোৰ সমাজ। শঙ্কু বোলে শুনিয়োক আই। মন্ত্ৰগণ আছে কৈলাসৰ ঠাই। তোমাৰ গৰ্ভত আছে সোমাই। বাজ কৰি দিয়া মন্ত্ৰগণ, জ্বলে থলে ব্ৰহ্মা আছে চাই। মন্ত্ৰগণ কাটিলা তাত পাই॥ বিষ বহ্নি শৰৰ মাজত আছিলা, শৰৰ গৰ্ভত ভিতৰৰ বিষে কান্দে আওৰাৱে। ধৰি কাটিবে লাগিলা খণ্ড খণ্ড কৰি॥ এতেকে ব্ৰহ্মা শঙ্কু কৰতি নাম থৈলা। শঙ্কু কৰতি উচ্চাৰণ কৰো॥ অগ্নিবাণ, পোৰাবাণ কাটি সংহাৰণ কৰো॥ বসুমতী আই, হলবাণ কাটো, গোচ বাণ কাটো, কাটি সব সংহাৰণ কৰো॥ মূৰ্দ্ধত বাণ কুকৰ্ম বাণ কাটি সংহাৰণ কৰো। বসুমতী গাৱত আছিলা পীড়া॥ হনাচুৰ কাটো, দেৱচুৰ কাটো, অগ্নিচুৰ কাটো, পোড়াচুৰ কাটো, মন্ত্ৰচুৰ কাটো, জলচুৰ কাটো, কাটিয়া থৈলা। তিনিশ ষাঠিটা চুৰ কাটিবাক লৈলা॥ কাটি খণ্ড খণ্ড কৰো। ভাঙ্গিলো গদা অৰ্জুন লোৰ হাতে। সেহিবেলা কৰতি লড়িলা আপোনাৰ ঠাই। কৰতিক দেখি গৈলা, অৰ্জুনে দেখে বাণ কটা যাই। আগবাড়ি অৰ্জুনে মাতন্ত দুনাই॥ পাৱত পৰিয়া অৰ্জুনে মাতিবাক লৈলা। তথাপিতো শঙ্কু কৰতি ক্ষমা নভৈলা॥ অৰ্জুনৰ হাতত বাণ কাটা যাই। চুৰচণ্ড দেৱতা ভাগি পলাই। ইন্দ্ৰ পলাই ঐৰাবত স্কন্ধে। বৰণ পলাই মহা প্ৰৱন্ধে। সমস্তে দেৱতাগণ ভাগি পলাই। পাচে পাচে কৰতিয়ে খেদি গৈলা॥ হুঙ্কাৰি কৰতিয়ে কাটিবাক লৈলা॥ চালচুৰ কাটো, চুলিচুৰ নালিচুৰ কাটো, হাতে অস্ত্ৰ ধৰি কাটিবাক লৈলা। কুমন্ত্ৰ গাঁঠি কাটিয়া থৈলা॥ দেৱচুৰ দেৱহাৰ কাটিবাক লৈলা॥ সকলো চুৰ কাটো, মহামন্ত্ৰ শঙ্কু কৰতি বিদ্যমানে। ব্ৰহ্মা প্ৰতিমুখে কৰতি আছে ধ্যান॥ যাৰ পৰা উপজিলা মহামন্ত্ৰ শঙ্কু কৰতি উচ্চাৰণ কৰো। তুমি লৈলা আকাশৰ বায়ুবাণ॥ চুৰি নামে ৰাজা আছিলা পূৰ্বত। লঙ্কেশ্বৰ নামে আছে ইয়াৰ লগত। পাকচুৰ চুৰি ৰাজাৰ মন্ত্ৰ মাতি দিলা পাচে, হৰি প্ৰাণ মণ পৃথিৱীক লাগি এক মন্ত্ৰ পাঞ্চ দিলা। শীঘ্ৰে কৰি গৈলা॥ যা পাত্ৰ তই বসুমতী সমাজ। চুৰি ৰাজাৰ বচন মাথে তুলি লৈলা। বসুমতীৰ সমাজক শীঘ্ৰ কৰি গৈলা। কৰতিমন্ত্ৰ কাটি খণ্ড খণ্ড কৰি থৈলা। বিষ বহ্নি আকাশত আছিলা কতকাল। দেৱতাৰ শৰ ভাগিলেক ততকাল। শঙ্কুৰ কৰতি মহাৰাজ চুৰচণ্ড দেৱগণে পাতিলা সমাজ। ঞষিৰ সমাজক কৰতি চলি গৈলা। দেখি ঋষিসব পলাইবাক লৈলা। দশোদিশ পলাই যায়। পাচে পাচে কৰতিয়ে খেদি খেদি যাই॥ কতোদূৰ যাই মানে খেদিয়া পাইলা। খণ্ড খণ্ড কৰিয়া কাটিয়া পেলাইলা। শঙ্কু নামে কৰতি প্ৰচাৰ কৰিলা। ব্ৰহ্মাৰ মুখৰ দেৱবাণ বহ্নিশৰ কাটিলে খণ্ড খণ্ড কৰিয়া চুৰচণ্ড মন্ত্ৰ কাটিলো। চুৰচণ্ড মন্ত্ৰগণ আদি লৰি খণ্ড খণ্ড কৰিয়া কাটিয়া পেলাইলা, আমুকৰা গাৱৰ চুৰচণ্ড হৰা কৰমা কুগাঁঠি, কুমন্ত্ৰ, কুব্যাধি জাৰি পানী কৰি থৈলা॥ থাক শৰ থাক, মই আহো গুৰু সেৱা কৰি॥ *॥


ৰুদ্ৰ কৰতি সমাপ্ত