ৰাম কৰতি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বৰ-কৰতি
ৰাম কৰতি
শ্ৰীকৃষ্ণায় নমঃ

শ্ৰীৰাম লক্ষণ যৈসানি দশৰথ ঘৰে অৱতাৰ হৈলা। ঋষি বিশ্বামিত্ৰ আসি দুহাঙ্কো মাগি নিলা। ঋষিৰাজে ধনুশৰ মন্ত্ৰক শিখায়া ৰাক্ষস বধিলা। সেহি সময়ত আই সীতাদেৱীৰ স্বয়ম্বৰ ভৈলা। তান গৈয়া ধনু ভাঙ্গি সীতাক বিহাইলা। সেই সীতা সমে অযোধ্যাত প্ৰবেশিলা। ৰাজ যোগ্য দৰশনে ৰাজা দশৰতে শ্ৰীৰামক ৰাজ্য অভিষেকিবাক মন কৈলা। তাহাত কৈকেষী বিঘ্নি আচৰিলা। ৰাম সীতা লক্ষ্মণ বনবাসে যায়, ভৰতক ৰাজ্য দিবে মনে। ৰাম লক্ষ্মণ সীতাক দেখায়া দশৰথ ৰাজা প্ৰাণ তেজিলা। শ্ৰীৰাম লক্ষ্মণ সীতা বনবাসে গৈলা। হাতাতে সীতাক ৰাৱণে হৰি নিলা। শ্ৰীৰাম সুগ্ৰীৱ সহিতে মিত্ৰৱতি কৰি বালিক বধিলা। সুগ্ৰীৱক ৰাজ্যে অভিষেকি ৰাৱণ বধিয়ে পয়াণ কৰিলা। জাম্বুৱন্ত আদি ভালকু বান্দৰ জোটায়া লৈয়া সাগৰ তীৰত বাস কৰিলা। ভালুক বান্দৰ সবে সাগৰত সেতু বান্ধিবাক লৈলা। অসংখ্যাত পৰ্ব্বত নিয়া দিলা। সকলো পৰ্বতমানে ওপঙ্গিয়া ৰৈলা। সেহি সময়তে হনুমন্ত এক পৰ্বত লৈয়া শ্ৰীৰাম বৃদ্ধ আঙ্গুলিতে ধৰিলা। সেহি আঙ্গুলিতে, সেহি পৰ্বতে খোবাখোবী ৰৈলা। দেখি ৰামদেৱে কৰতি মন্ত্ৰ উচ্চাৰিলা। সকল বিঘ্ন নিবাৰণ কৰিতে আৰম্ভিলা। সকলৰ পীড়া সব দূৰতে ভাগি পলাইলা।। ৰামদেৱৰ চৰণে প্ৰণতি কৰি ৰাম কৰতি জাপ্য কৰো। প্ৰথম নৱগ্ৰহ দোষ সকল পানী জাৰি দূৰ কৰো। ৰবি জন্মৰ যত দোষ তাক কাটি দূৰ কৰো। পঞ্চমৰ যত পীড়া তাক নিবাৰণ কৰো। সপ্তম, অষ্টম, নৱম, দশম, দ্বাদশৰ যত পীড়া ঘটায়ে তাহাঙ্কো জন্ম কালত, পুৰুষৰ কন্যাৰ পিতৃহাৰ, মাতৃহাৰ, পতিহাৰ, পত্নীহাৰ দোষ কাটি কৰো নিৰ্য্যাণ। চন্দ্ৰৰ সপ্তম, অষ্টম, দ্বাদশ চতুৰ্থৰ যত দোষ সবে ৰাম কৰতিয়ে কাটিলো তাক। পূৰ্ব্ব কালত যত দোষ মিলয়, ৰাম কৰতিয়ে নিবাৰো তাক। শত কোটি অসংখ্যাত বাণ কাটি কৰিলো নিৰ্ম্মূল। মঙ্গলৰ জন্ম দ্বিতীয় চতুৰ্থ, পঞ্চম, অষ্টম, নৱম, দশম, দ্বাদশ ৰাশিৰ যত পীড়া মিলয় ৰাম কৰতিয়ে নিবাৰো তাক। পতিহাৰ, পত্নীহাৰ দোষক খণ্ডাওঁ। ত্ৰিশ কোটি বাণ কাটি কৰো খণ্ড খণ্ড। হৰ হৰ আমুকাৰ গাৱৰ কুজ্ঞান, কুমন্ত্ৰ, গ্ৰহপীড়া সবে দূৰ হৈ পৰ।।*।। বুধৰ পীড়া জন্ম কালীনৰ দোষ, কুজ্ঞান, কুমন্ত্ৰ বাণ ৰাম কৰতিয়ে কৰিলো নিৰ্য্যাণ। তৃতীয়, পঞ্চম, সপ্তম, নৱম, দ্বাদশৰ যত দোষ তাক নিবাৰণ কৰো। গুৰু জন্ম তৃতীয়, চতুৰ্থ, ষষ্ঠ, সপ্তম, দশম, দ্বাদশ ৰাশি যত দোষ ৰাম কৰতিয়ে নিবাৰণ কৈলা। জন্ম কালৰ ৰিষ্ট সিয়ো দূৰ হৈ গৈলা। ভাৰ্গবৰ ষষ্ঠ, সপ্তম, দশমৰ পীড়া সবে দূৰ কৰিলা। জন্ম কালৰ ৰাশিৰ যিটো স্থিতি পত্নী হানি কৰে, ৰাম কৰতি উচ্চাৰণ জল লৈলে সিটো দোষ দূৰ হৱে। হৰ হৰ আমুকাৰ যত গ্ৰহপীড়া ৰিষ্ট সবে দূৰ হৈ পৰ।।*।। ৰবি পুত্ৰৰ দ্বিতীয়, চতুৰ্থ, পঞ্চম, সপ্তম, অষ্টম, নৱম, দশম, দ্বাদশ ৰাশিৰ যতেক পীড়া ৰাম কৰতিয়ে পেলোৱা খণ্ডাই। জন্ম কালীনৰ জ্ঞান অজ্ঞানৰ যত ৰিষ্ট দোষ হয়, ইটো জল স্নানে সিয়ো দূৰ হয়। চৌষষ্টি বাণ চুৰচণ্ড ধৰণী যত, আমুকাৰ সবে দূৰ হৈ পৰ। ৰাহুৰ, কেতুৰ জন্ম, দ্বিতীয়, চতুৰ্থ, পঞ্চম, সপ্তম, অষ্টম, নৱম, দশম, দ্বাদশ ৰাশিৰ যত দোষ সিয়ো দূৰলৈ গৈল। পতিহাৰ, পত্নীহাৰ দোষক খণ্ডাওঁ জ্ঞান বা অজ্ঞানৰ ৰবি আদি নৱগ্ৰহ দশাপতি দেৱতাৰ যত দোষ সবাকো কৰো নিৰ্য্যাণ। শিৰ কণ্ঠৰ যতেক দোষ অদ্ভূত স্বপ্ন দোষ মিলাৱে এহি জন স্নানে সিয়ো দূৰে যায়। তিথি, বাৰ, নক্ষত্ৰৰ যতেক পুষ্কৰ হয়, তাহাৰো দোষ কিঞ্চিতেকো নথাকয়। এহি মন্ত্ৰেৰে যিটো জল স্নান কৰে ৰাজাৰ তাক প্ৰতি যত্ন ক্ৰোধ সবে দূৰ হৱে। শত্ৰু সব মিত্ৰতা হোৱয়। ব্ৰহ্মা, হৰ আদি দেৱতাৰ যত দোষ আমুকাৰ গাৱৰ ৰোগ পীড়া হৰা, কৰমা বান্ধ যত, দেখি কুজ্ঞান, কুমন্ত্ৰ সবে দূৰ হৈ পৰ।।*।। ইন্দ্ৰ দেৱতাৰ বজ্ৰবাণ কাটি কৰো খণ্ড খণ্ড। অন্যৰ বাণ চুৰ, চন্দ্ৰ ধৰণী সৱ দূৰতে ভাগি পলাইলা। অগ্নি শক্তি তাকো নিবাৰণ কৈলা। যম ৰাজাৰ দণ্ড কৰো খণ্ড খণ্ড। অকাল মৃত্যু যদি খোজে নিতে জীব, এই মন্ত্ৰ যেৱে পাৱে, সিয়ো সবে দূৰ গতি কৰে যম দূত দূৰতে ভাগি পলায়। হৰ ৰোগ ব্যাধি ৰিষ্ট বিষ হৰ আমুকাৰ অকাল মৃত্যু নৱগ্ৰহ পীড়া দূৰ হৈ পৰ।।*।। নিঋতিৰ খড়্গ কৰো নিৰাধাৰ। বৰুণৰ পাশ ওলোটাই বৰুণৰ স্থানে পঠিয়ালো। বায়ুৰ অস্ত্ৰক কাটিলো কি কৰিবে অন্য বাণ। কুবেৰৰ গদা হাত হৈতে পৰি যায়। খালৰ দলৰ শত কুটি উপদেৱতা ৰাম কৰতিক দৰশনে সবে তুষ্ট হৈয়া সেৱা কৰি ফিৰি গৈলা। ব্ৰহ্মাৰ কমণ্ডলু জল দিলো ঢাকি আমুকাৰ যত পীড়া সবে গৈলা ভাগি। অনন্ত গোসাই চৰণে প্ৰণতি কৰি যত নাগলোক কুজ্ঞান, কুমন্ত্ৰ, হৰা, কৰম, চণ্ডবাণ, ওৰান, সবে কৰিলো নাশ, হৰ বিষ হৰ আমুকাৰ যত ৰোগ হৰা কৰমা, মুখলগা, পানী ওলোৱা, তেজপৰা, পেটকামোৰা, কফ, পিত ভস্ম হৈ পৰ।।*।। ব্ৰহ্মা, যম, আদিত্যৰ বৃহস্পতি গুৰুৰ চতুৰ্থ দশাস্থ গ্ৰহ দেৱতাৰ যতেক ৰিষ্ট পীড়া এহি জল স্নানে সবে খণ্ডোক। আনশনি, বিলশনি শ্মাশানশালী, আন্তকৰালি খেতৰ খেতৰী, ভূত দৈত্য, দানৱ, প্ৰেত, পিশাচ গুলই চামন, কৱন্ধ, যক্ষ, যক্ষিণী, ব্ৰহ্মযক্ষ আনো যত দেৱতাৰ ৰিষ্ট দূৰ হৈ পৰ।।*।। ব্ৰাহ্মণৰ বাণ ৰিষ্ট কাটো, ব্ৰাহ্মণীৰ বাণ ৰিষ্ট কাটো, ক্ষত্ৰিয়ৰ বাণ ৰিষ্ট কাটো, বৈশ্যৰ বাণ ৰিষ্ট কাটো, শূদ্ৰৰ বাণ ৰিষ্ট কাটো, কলিতাৰ বাণ ৰিষ্ট কাটো, পটিয়াৰ বাণ ৰিষ্ট কাটো, চমৰাৰ বাণ ৰিষ্ট কাটো, চুটিয়াৰ বাণ ৰিষ্ট কাটো, আহোমৰ বাণ ৰিষ্ট কাটো; সোনাৰীৰ বাণ ৰিষ্ট কাটো, যুগিৰ বাণ ৰিষ্ট কাটো, ঢেকেৰীৰ বাণ ৰিষ্ট কাটো, মগলুৰ বাণ ৰিষ্ট কাটো, বৰিয়াৰ বাণ ৰিষ্ট কাটো, কায়স্থৰ বাণ ৰিষ্ট কাটো, মিৰিৰ বাণ ৰিষ্ট কাটো, হাৰিৰ বাণ ৰিষ্ট কাটো, মৰিয়াৰ বাণ ৰিষ্ট কাটো, গৰিয়াৰ বাণ ৰিষ্ট কাটো, তুৰকৰ বাণ ৰিষ্ট কাটো, ডফলাৰ বাণ ৰিষ্ট কাটো, নগাৰ বাণ ৰিষ্ট কাটো, গাৰোৰ বাণ ৰিষ্ট কাটো, চণ্ডালৰ বাণ ৰিষ্ট কাটো, নৰাৰ বাণ ৰিষ্ট কাটো, মেলেচৰ বাণ ৰিষ্ট কাটো, ভূত, প্ৰেত, দৈত্য, দানৱ, পিশাচ, যক্ষৰ বাণ ৰিষ্ট কাটো, ওঠাৰ পাল খেতৰ খেতৰিৰ সবাৰো বাণ ৰিষ্ট কাটো, দৈত্য দৈত্যানী, মনুষ্যৰ নৰনাৰী সবাৰো বাণ ৰিষ্ট কাটো। চুৰচণ্ড ধৰণী কুজ্ঞান, কুমন্ত্ৰ শৰহৰা কাটি কৰিলো পানী। এই মন্ত্ৰ জল যিপোনে যায় পূবে যাওঁ সিঞ্চি পশ্চিমে যায়, পশ্চিমে য়াওঁ সিঞ্চি উত্তৰে যায়, উত্তৰে যাওঁ সিঞ্চি দক্ষিণে যায়। হৰ বিষ হৰ আমুকাৰ কুজ্ঞান, কুমন্ত্ৰ সবে দূৰ হৈ পৰ।।*।। যেখনে ৰাম সাগৰৰ সেতু বান্ধিছিলা তেখনে ৰাম কৰতি প্ৰখ্যাত ভৈলা তাহাতে ৰাম কৰতি গাই হনুমন্তৰ মুখক ভাঙ্গিলা। অন্ন বাঞ্জন, মত্স্য, মাংস, দধি, দুগ্ধাদিত যি সব কুকৰ্ম্ম, এি জল পৰশনে দূৰতে ভাগি পলায়। গৰ্ভৰ ব্যাধি ৰিষ্ট গৰ্ভতে কাটো, হাৰৰ ব্যাধি ৰিষ্ট হাৰতে কাটো, ছালৰ ব্যাধি ৰিষ্ট ছালতে কাটো, সৰ্ব্বৰোগ ব্যাধি ৰিষ্ট অকাল মৃত্যু দূৰ হৈ পৰ। হৰ বিষ ব্যাধ, আমুকাৰ সৰ্ব্ব ব্যাধি ৰিষ্ট দূৰ হৈ পৰ।।*।। সূৰ্য্য ৰিষ্ট বাণ কাটো, চন্দ্ৰ ৰিষ্ট বাণ কাটো, ইন্দ্ৰ ৰিষ্ট বাণ কাটো, বায়ু ৰিষ্ট বাণ কাটো, বৰুণ ৰিষ্ট বাণ কাটো, শূল ৰিষ্ট বাণ কাটো, সৰ্প ৰিষ্ট বাণ কাটো, চাৰি ঠেঙ্গীয়াৰ ৰিষ্ট বাণ কাটো, ৰাক্ষসৰ ৰিষ্ট বাণ কাটো, পক্ষীৰ ৰিষ্ট বাণ কাটো, ত্ৰিশূলৰ ৰিষ্ট বাণ কাটো, চোৰৰ ৰিষ্ট বাণ কাটো, ডকাইতৰ ৰিষ্ট বাণ কাটো, পোক-পৰুৱাৰ ৰিষ্ট বাণ কাটো, হৰৰ ৰিষ্ট বাণ কাটো, লক্ষ্মীৰ ৰিষ্ট বাণ কাটো, সৰস্বতীৰ ৰিষ্ট বাণ কাটো, গোসানীৰ ৰিষ্ট বাণ কাটো, কেঁচাই খাইতীৰ ৰিষ্ট বাণ কাটো, জ্বৰ দেৱতাৰ ৰিষ্ট বাণ কাটো, স্বৰ্গ মৰ্ত্ত্য পাতালত যত দেৱ দেৱতা ত্ৰিশিৰ আছে সমস্তৰে ৰিষ্ট বাণ কাটি কৰিলো দূৰ। শ্ৰীৰামৰ আজ্ঞা, লক্ষ্মণৰ আজ্ঞা, সীতাৰ আজ্ঞা, বিভীষণৰ শপত, এই জল ঢালি পঠিয়াওঁ পুৰণি পথত। পিতৃহাৰ ৰিষ্ট কাটো, মাতৃহাৰ ৰিষ্ট কাটো, ভ্ৰাতৃহাৰ ৰিষ্ট কাটো, ভগিনীহাৰ ৰিষ্ট কাটো, ককা আজু আইৰ ৰিষ্ট বাণ কাটো, ৰামৰ আজ্ঞা, লক্ষ্মণৰ বাণী, নমস্তে ৰিষ্ট বাণ অকাল মৃত্যু হৈ বা পানী।।*।। ভাঙ্গো ইটা, ভাঙ্গো মাটি, ভাঙ্গো চুৰচণ্ড গাঁঠি। হাত চৰণ, ভৰি চাৰণ, জঙ্কা চৰম, এই পানী জাৰি সবাকো কৰো নিৰ্য্যাণ। হৰ বিষ হৰ, আমুকাৰ কুজ্ঞান, কুমন্ত্ৰ সবে দূৰ হৈ পৰ। শ্ৰীৰাম অৱতাৰ, শ্ৰীকৃষ্ণ অৱতাৰ, গুৰু অৱতাৰ, সবে ৰিষ্ট অৰিষ্ট অকাল মৃত্যু পাপ দোষ ৰামৰ চৰণে ভস্ম হৈ পৰ।।*।।


ৰাম কৰতি সমাপ্ত