ৰাজহাঁহ আৰু কাউৰী
Jump to navigation
Jump to search
←বুঢ়া আৰু শিয়াল | ৰাজহাঁহ আৰু কাউৰী লেখক |
জুনুকাৰ গল্প |
বাটৰুৱা এটা এদিন বাটে বাটে গৈ।
জিৰাইছিল গছৰ তলত ধনু-কাঁড় থৈ।
ভাগৰ লাগি বাটৰুৱাৰ টোপনি আহিল।।
তিনিপৰীয়া ৰ’দ আহি মুখত পৰিল।।
গছৰ ওপৰত আছিল তাতে ৰাজহাঁহ এটি।
ৰ’ দ নপৰা কৰি তাৰ পাখিৰে ধৰিলে ছাতি।।
ছাঁ পাই মুখ মেলি নাক ধোৰ্ধোৰাই।।
মহাসুখে শুলে সেই বাটৰুৱা ভাই।।
আছিল সেই হাঁহৰ লগত কাউৰী দুষ্ট বৰ।
মেলা মুখত ভচ্ছি দি উৰি মাৰিলে লৰ।।
টোপনি ভাগি বাটৰুৱাই ওপৰলৈ চাই।
দেখা পালে ৰাজহাঁহ আৰু কোনো নাই।।
তাৰে এই কাম ভাবি লই কাঁড়-পাত।
ধনুৰ লগাই মাৰি হাঁহ কৰিলে নিপাত।।
দুৰ্জ্জনেৰে সৈতে তুমি নকৰিবা স্থিতি; কাউৰীৰ সৈতে থাকি হাঁহৰ কেনে গতি।।