হৰি এ কৰুণাময়, মঞি পাপী কিনা
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। হৰি এ কৰুণাময়
মঞি পাপী কিনা কাম কৈলো।
এভৱ সাগৰে মজি মৈলোঁ
অভয় চৰণে নাসেৱিলোঁ।।
পদ।। শৱ সম তনু আপুনি মানিলোঁ।
তুমি আতমা হৰি তোমাক নজানিলোঁ।।
কিনা মঞি ছাৰ বৰ অগিয়ান।
তোমাক তেজিয়া কৈলোঁ ধনৰ ধিয়ান।।
মঞি বৰ পাপীৰ পুনু আগে।
দ্বিজ অজামিল কেবাগুণে লাগে।।
আৱৰ পাপীক কেবা গণে।
অধমেৰে মোৰ কি হৈব মৰণে।।
আপুনাৰে মঞি নাশিলোঁ আপুনে।
পতিত-পাৱন নাহি তুমি বিনে।।
আন কিছু মোৰ নাহিকে ভাৰসা।
কহয় মাধৱ মূঢ় মতিনাশা।।