হে মোৰ গান ! মোৰ দৰে

ৱিকিউৎসৰ পৰা

হে মোৰ গান !

মোৰ দৰে তোৰ প্ৰাণ আছে

মোৰ দৰে তোৰ স্থান আছে

মোৰ দৰে তোৰ আৰু আছে

জ্বলন্ত অভিমান

হে মোৰ গান !

ভাব আছে তোৰ

ভাষা আছে

আশা আছে

তৃষ্ণা আছে

তেজৰে মোৰ তই শকতিবান

হে মোৰ গান !

মোৰ জীৱনৰ প্যজাৰ ধূপৰ গন্ধতে তই

অন্ধ হই

তই যে অৱৰুদ্ধ

তই যে সুপ্ৰবুদ্ধ ৷৷