হে ভাৰত তোৰ মুক্তিত বাৰু

ৱিকিউৎসৰ পৰা

হে ভাৰত, তোৰ

মুক্তিত বাৰু কিয় জ্বলা নাই

নৱ জীৱনৰ যুক্তি ?

গেলা জীৱনৰ, পচা জীৱনৰ

জহি খহি যোৱা মৰা জীৱনলৈ

এতিয়াও অনুৰক্তি

মুক্তিত বাৰু কিয় জ্বলা নাই

নৱ জীৱনৰ যুক্তি ?

জ্বলা নাই কিয় জীৱনলে’ ভক্তি

জগা নাই কিয় আগবাঢ়িবৰ শক্তি

আপোনাতে তোৰ প্ৰকাশা সত্যকেই

দেখুৱাব অনাশক্তি ৷৷