হিয়াৰ বাতৰি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
হিয়াৰ বাতৰি

কোন শৰতৰ সুধাকৰ আহি
জোনালী যামিনী সোণালী কৰি
আকুল প্ৰাণৰ চেতনা হৰিলে
মোহন বাঁহীৰ মৃদুল সুৰে
কোন অতীতৰ বাতৰি দিলে?

নিছিগা বীণাৰ ছিগি গ’ল তাঁৰ
সুৰৰ কঁপনি হ’ল আজি সাৰ
কিনো বিৰহত চাটি ফুটি কৈ
দুগালে দুচকু চকুলো বই
কিহৰ বেদনা বুকুত সামৰি
মৰম বিচাৰি বিলালোঁ বাতৰি

সৌ আকাশ কলীয়া মেঘত
গৰজি উঠিল বলিয়া বজ্ৰ
কোমল তানৰ সমল হৰিলে
চকা মকা হায় বিজুলী লতাই
কোন অতীতৰ বাতৰি দিলে?

এনেকুৱা ক’ত কোমল দিনত
ৰচিলোঁ সপোন মিলন সুখত
গোঁজৰণি হ’ল বলিয়া দুৱৰী
বসুধা কঁপাই জনালে বাতৰি
“দুখনি হিয়াৰ সমল বিচাৰি
বিজুলী লতাত দিলেহি আঁৰি।”

এই শৰতৰ জোনালী যামিনী
দুগালে দুচকু লোতক বোৱাই
অভিমানী মোৰ প্ৰিয়া আৰু নাই
ভাগি যোৱা মোৰ হিয়া ফুলনিত
থন ধৰি ফুল নুফুলে দুনাই

বসুধা শুৱনি ধুনীয়া ফুলনি
সেয়ে আজি মোৰ ভাল লগা নাই।
সেয়েহে হিয়াই বেদনা ভৰাই
কান্দিছে ইমান ইনাই বিনাই
সেয়ে মেলি দিছোঁ হিয়াৰ দাপোণ
দেখো বুলি হায় মধুৰ সপোন।
তাহানি খনৰ দূৰ অতীতৰ
শাৰদী নিশাৰ সপোন পুৰৰ।

ভৰ বাৰিষাৰ গোজৰণি মৰা
‘কলীয়া মেঘৰ চকুলো ধাৰা
সেয়েহে ইমান লাগিছে মধুৰ
মিলন সুৰৰ মাধুৰী ভৰা
প্ৰেম পীৰিতিত প্ৰথম ধৰা।

বসুধা কঁপাই গোজৰণি মৰা
ভাল লাগে মোৰ সেই তেনে বেলা
মিলন নিশাৰ মাধুৰীৰে ভৰা
সেয়েহে পাতিছোঁ বিজুলীৰে খেলা
মোৰ সুখবোৰ দুখৰ লগত
সেয়েহে ইমান আদৰেৰে জগা
বিপদ বিঘিনি ভয় আপদৰ
সেয়েহে ইমান নলে-গলে লগা।

শত বসুধাৰ যত আছে দুখ
মোৰ হলে সিয়ে সৰগৰ সুখ
মাধবী নিশাৰ মধুৰ সপোন
হিয়াৰো হিয়াৰ অতিকে আপোন

শত বসুধাৰ য’ত আছে সুখ
মোৰ হলে সিয়ে নৰকৰ দুখ
আন্ধাৰ নিশাৰ দুখৰ সপোন
নিৰাশ প্ৰাণত নিশাৰ দাপোন।।