হালধীয়া চৰায়ে গান গাব নেজানে

ৱিকিউৎসৰ পৰা

হালধীয়া চৰায়ে

গান গাব নেজানে

কন্দাকৈ সুহুৰিয়ায়,

ক’ৰবাৰ কিবা সুৰে

তাৰ বুকু ভাঙিলে

ফুৰোঁতে আপোনাৰ

লগ হেৰুৱাই ৷


আন্ধাৰত বিচাৰ

জোনাকত বিচাৰ

বিচাৰ ফুলনিত মোৰ

হেৰ অকলশৰীয়া

লগৰী হেৰোৱা

মোৰ গানেৰে সুৰেৰে

মচি দিওঁ চকুলো তোৰ ৷৷