সৌন্দৰ্য্য আৰু কবি
অৱয়ব
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
<poem> সৌন্দৰ্য্য,
কত আভা, কত প্ৰভা, মনোলোভা মনোৰমা, কত কবি, কত ছবি, যাচে চুমা নিৰুপমা, কত অলি, পৰি ঢলি, প্ৰাণ – ঢালি প্ৰেমে পমা, মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে প্ৰিয়তমা!
- ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায় ।।
কবি,
শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ প্ৰেমে পূৰ; হে চতুৰ, কাব্যচোৰ, কিয় টোকা চকুলোৰ? সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন নোহে দূৰ, ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি স্বৰ্গপূৰ । - নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ, সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ !