সোণ-বৰিষ ৰজা

ৱিকিউৎসৰ পৰা
সোণ-বৰিষ ৰজা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
ককাদেউতা আৰু নাতি ল'ৰাৰ সাধু


এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল৷ ক্ৰমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে,মাথোন বাকী ৰ’ল নুমলীয়াটো৷ অনেক চাই-চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেহত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ তাইক বিয়া কৰাই আনিলে৷

ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল৷ তাইক আনিবৰেপৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে-ধানে ভৰি পৰিল,আৰু ঘৰত অপায়-অমঙ্গল নৰীয়া-পৰীয়াও নাইকিয়া হ’ল৷ কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বৰ বেজাৰ৷ পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা-হজা,নৰীয়া-পৰীয়া,অপায়-অমঙ্গল;তেহে তেওঁ শান্তিকৰম,তুলসী-দিয়া আদি কাজ-কাম পাতি দুপইচা বুঢ়াৰপৰা উলিয়াব পাৰে৷ তাৰে মূৰ মৰিল দেখি পুৰোহিত মহা চিন্তাত পৰিল,তেওঁৰ ৰাতি ভাবনাত টোপনি নহা হ’ল৷ তেওঁৰ ঘৰখনত ল’ৰা-ছোৱালী পা-পোৱালী এবোজা;বুঢ়াৰ ঘৰতে ওলমি কোনোমতে বামুণ প্ৰবৰ্ত্তি আছিল,এতিয়া তাৰে ভিকাচন ভাগিবৰ আগন্তুক হৈছে দেখি বামুণৰ মনত মহা আতঙ্ক সোমাল৷ সেইদেখি পুৰোহিতে একোকে উপায় নাপাই এজন গণকৰ ঘৰলৈ গৈ নিজৰ দুখৰ কথা গণকক কৈ ৰূপ এটকা আৰু ভোজনী এটা দি,বুঢ়াৰ ঘৰত এনে হোৱাৰ কাৰণ কি গণি-পঢ়ি চাই উলিয়াবলৈ ক’লে৷ গণকে তেওঁৰ পুথি-পাঁজী মেলি ভালেখিনি পৰ গণি-পঢ়ি চাই পালে যে বুঢ়াৰ ঘৰত লক্ষ্মী সোমাইছে,সেইদেখি হে এনেকুৱা হৈছে,আৰু লক্ষ্মীজনা হৈছে বুঢ়াৰ নুমলীয়া বোৱাৰীয়েক৷ গণকৰ কথা শুনি পুৰোহিত বাপুৱে সুধিলে,-“পিছে ইয়াৰ নো কি ব্যৱস্থা হব এতিয়া?মই দেখোন বিপাঙে মৰিলোঁ৷ খাবলৈ নাপায়েই মই মৰিম দেখিছোঁ৷ ইয়াৰ এটা উপায় কৰি দিয়ক;নহলে ব্ৰাহ্মণ-বধ লাগিব৷ মই আৰু দুটকা ৰূপকে আপোনাক দিওঁ,আপুনি যেনেকৈ পাৰে মোক বুধি এটা দিয়ক৷ মই মোৰ এবাহ ল’ৰা-ছোৱালীৰে সৈতে বামুণীজনীক কৰোঁ কি?”বামুণৰ আতঙ্কৰ কথা শুনি গণকে বামুনক আশ্বাস দি কড়ি এমুঠি উলিয়াই লৈ মাৰি পঠিয়াই আকৌ ভালকৈ গণিবলৈ লাগিল৷ গণি অঁতাই গণকে ক’লে,-“পাইছোঁ,উপায় পাইছোঁ৷ তুমি থিৰ হোৱাঁ৷ তুমি যদি বুঢ়াৰ বাৰীৰ দক্ষিণ ফালৰ ভলুকবাঁহজোপাৰ এটা বাঁহ আনিব পাৰা তেনেহলে বুঢ়াৰ ঘৰত মানুহ মৰিব৷ ” এই কথা শুনি পুৰোহিতে অলপ উশাহ পাই বুঢ়াৰ ঘৰলৈ গৈ বুঢ়াক সেই বাঁহজোপাৰ বাঁহ এটা খুজিলে,আৰু বুঢ়াইও তেওঁক তেতিয়াই বাঁহ এটা দিলে৷ কিন্তু এই কথা বুঢ়াৰ সৰু বোৱাৰীয়েকে শুনিবলৈ পাই সেই বাঁহটোৰ পাত খাবৰ নিমিত্তে তেওঁলোকৰ কপিলী গৰুজনী এৰি দিলে,আৰু গৰুজনীয়ে বাঁহপাত খাই ঘৰলৈ গুচি আহিল৷

এইদৰে এমাহমান গ’ল,কিন্তু পুৰোহিত বামুণে আচৰিত মানিলে যে বুঢ়াৰ ঘৰত কাৰো নৰীয়াও নহ’ল আৰু কোনো নমৰিলও৷ মনৰ দুখ মনতে টোপোলা বান্ধি লৈ বামুণ আকৌ টুক্‌টুক্ কৰে গণকৰ ঘৰ ওলালগৈ৷ গণকে “কি হ’ল,কিয় আকৌ আহিলা?”বুলি বামুণক সুধিলত বামুণে হুমনিয়াহ কাঢ়ি ক’লে-“এ,কিনো ক’ম,কি নো শুনিবা!আজি এমাহ হ’লহি,আপুনি কোৱাৰদৰে সেই বাঁহজোপাৰপৰা বাঁহ এটাও আনিলোঁ,কিন্তু ক’তা?কাৰো দেখোন একো নহ’ল?সিফালে খাবলৈ নাপাই মোৰ ঘৰত ল’ৰা-ছোৱালী মখাৰ হা-হা-কা-কা লাগিছে৷ মই ক’লৈ যাওঁ কৰোঁ কি?” এই কথা শুনি গণকে আচৰিত মানি আকৌ পুথি-পাঁজি মেলিলে৷ কিছু পৰ গণি-পঢ়ি চাই তেওঁ বামুণক ক’লে-“অ’৷ এটা কথা হ’ল;বাঁহটোৰ পাত কপিলী গৰু এজনীয়ে খালে;আৰু সেই লক্ষ্মী সেই কপিলীৰ গাতে ৰ’ল৷ এতিয়া যদি তুমি গাইজনী বুঢ়াৰ ঘৰৰপৰা আনিব পাৰা তেনেহলে মোৰ কথা ফলিয়ায় নে নফলিয়ায় চাবা৷ ”গণকে এই বুলি ক’লত পুৰোহিতে আকৌ বুঢ়াৰ আগত কলেগৈ যে “মোৰ এটা ল’ৰা উপজিছে;তাক গাখীৰ কিনি খুৱাবলৈ মোৰ শকতি নাই৷ আপুনি যদি আপোনালোকৰ আশ্ৰিত দুখীয়া বামুণক মৰম কৰি কপিলী গাইজনী দিয়ে,তেন্তে দৰিদ্ৰ ব্ৰাহ্মণ সন্তানে গাখীৰ খাই জীয়ে৷ ”বামুণৰ কথা শুনি বুঢ়াই “বাৰু দিয়ক৷ ” বুলি কপিলী গাইজনী তেতিয়াই দি দিলে৷ এই কথাটো সৰু বোৱাৰীয়েকে শুনিবলৈ পাই লৰালৰিকৈ গৰুজনীৰ চকুৰ লোৰে তেওঁৰ ৰিহাৰ আঁচলৰ দহিকটা এডাল তিয়াই সেইডাল ৰিহাৰ আগতে বান্ধি থৈ দিলে৷

 এইবাৰো পুৰোহিতে বামুণে গাইজনী লৈ গৈ মাহেক বাট চাই আছে,কিন্তু বুঢ়াৰ ঘৰত অপায়-অমঙ্গল উম্‌ঘামেই নাই৷ তেওঁ এনে দেখি চন মুৰ কৰি আকৌ গণকৰ কাষ পালেগৈ৷ গণকে আকৌ পুথি-পাঁজি মেলিলে,আকৌ ধান এমুঠি লৈ “সইত কবা ধৰম কবা”বুলি মঙ্গল চাবলৈ লাগিল৷ কিছুমান পৰ গণি-পঢ়ি গণকে মাত লগালে,-“অ’!এটা কথা হ’ল,-তুমি বুঢ়াৰ ঘৰৰপৰা গৰুজনী আনিবৰ সময়ত বুঢ়াৰ সৰু বোৱাৰীয়েকে তাইৰ ৰিহাৰ দহিকটা এডাল উলিয়াই সেই গৰুজনীৰ চকুৰ লোৰে সেই দহিকটাডাল তিয়াই ৰিহাৰ আগত বান্ধি থ’লে,সেইদেখি লক্ষ্মী সেই ৰিহাখনতে ৰ’ল৷ এতিয়া যদি তুমি সেই ৰিহাখনষ আনিব পাৰা তেনেহলে তোমাৰ মনস্কাম সিদ্ধি হব,নতুবা নহয়৷ ” এই কথা শুনি বামুণে আকৌ গৈ বুঢ়াক ক’লেগৈ বোলে “মোৰ ছোৱালীজনী সবাহলৈ যাবলৈ ওলাইছে;ভাল ৰিহা নাই দেখি আজি পুৱাৰেপৰা তাই উচুপি উচুপি কান্দিব লাগিছে;আপোনাৰ সৰু বোৱাৰীয়েকৰ গাৰ ৰিহাখন যদি দিয়ে তেন্তে বৰ উপকাৰ হয়,নহলে সেই আপদীয়া ছোৱালীয়ে আজি মোৰ সূৰ্ত্তি হেৰুৱাব৷ ”এই কথা শুনি তেতিয়াই বুঢ়াই সৰু বোৱাৰীয়েকক কৈ তাইৰ গাৰ ৰিহাখন বামুণক দিয়ালে৷ সৰু বোৱাৰীয়েকে বামুণৰ টেঙৰালি ভালকৈ বুজিব পাৰি লৰালৰিকৈ সেই দহিকটাডাল খাই থৈ ৰিহাখন বামুণক দিলে৷

 এইদৰে আৰু এমাহ গ’ল তথাপি বুঢ়াৰ ঘৰত কোনো নমৰে,কাৰো নৰীয়া-পৰীয়া নহয়৷ বামুণ নিৰুপায়৷ এইবাৰ আৰু তেওঁৰ খং উঠিল৷ খঙত পকি-জ্বলি আকৌ বামুণ লৰি গৈ গণকৰ ঘৰত ওলালগৈ৷ গণকক দেখিয়েই বামুণে জোক্ জোক্ কৰে ধৰিলে, “বুজিছা নে বোলোঁ,তুমি বৰ মিছা কথা কোৱাঁ হেঁ!বাঁহ আনিবলৈ ক’লা বাঁহ আনিলোঁ,ৰিহা আনিবলৈ ক’লা ৰিহা আনিলোঁ,তথাপি দেখোন বুঢ়াৰ ঘৰত কাৰো মূৰৰ ছিগা চুলি এডালো সৰা নাই?কিবা তুমি পেংলাই কৰিছা নে কি? এনেবোৰ কথা ভাল নহয় বোলোঁ৷ ”বামুণৰ কথা শুনি গণকো অবাক!কি কৰে?আকৌ পুথি-পাঁজি মেলি লৈ মাটিত আঁক পাতি গণিবলৈ লাগিল৷ গণি-পঢ়ি অঁতাই গণকে বামুণক ক’লে, “মিছাতে মোৰ ওপৰত খং কৰিছা৷ মই গণি-পঢ়ি ঠিক কথাকে কৈছিলোঁ৷ বুঢ়াৰ সেই বোৱাৰীয়েকে ৰিহাখন তোমাক দিয়াৰ আগতে তাৰ আগত থোৱা দহিকটাডাল খাই পেলালে৷ এতিয়া যদি কিবা এটা বুদ্ধি কৰি তুমি তাইক মাৰিব পাৰা তেনেহলে হে তোমাৰ কাৰ্য্য সিদ্ধি হব,নতুবা নহয় নিশ্চয় জানিবা৷ তুমি আৰু মোৰ ওচৰলৈ নাহিবা,মোৰ আৰু গণিব-পঢ়িবলৈ একো নাই৷ ”গণকৰ এই উত্তৰ শুনি বামুণে মুখ ওন্দোলাই তাৰপৰা উঠি গুচি আহিল৷

ইয়াৰ পিছত বামুণে অনেক ভাবিলে অনেকে চিন্তিলে৷ বুঢ়াৰ বোৱাৰীয়েকক মাৰিবলৈ একো এটা ভাল বুধি তেওঁৰ আৰু নোলায়৷ কিন্তু ভাবোঁতে ভাবোঁতে বামুণৰ সাৰুৱা মূৰৰপৰা অন্তত ওলাল এটা বুধি৷ বুধিটো ওলালতে বামুণে বুঢ়াক কলেগৈ “আজি ৰাতি মই এটা বৰ ভয়ানক সমাজিক দেখিলো৷ সমাজিকটো যতবাৰ মোৰ মনত পৰিছে,ততবাৰ মোৰ বুকুত খুন্দা মাৰি ধৰিছে৷ ”বুঢ়াই আস্তবেস্তকৈ সুধিলে, “কিনো সমাজিক কোৱাচোন?”বামুণে ক’লে-“কবলৈ আৰু নাই!বৰ দু:স্বপ্ন!বৰ বেয়া সপোন!পুঁৱতীয়া নিশা মোৰ মূৰশিতানতে বহি পকা-থেকেৰাটো যেন বুঢ়া মানুহ এজনে মোৰ মূৰত হাত দি ক’লে-“আজি বৰ কথা এটা,সময় থাকোঁতেই তোমাক কবলৈ আহিলোঁ,-তুমি যি ঘৰ বৰ চহকী মানুহৰ কুল-পুৰোহিত,সেইঘৰ মানুহৰ ঘৰত বৰ কুলক্ষণ এটা সোমালহি৷ তাৰ ফলত সেই মানুহঘৰ এতিয়া অতি শীঘ্ৰে উজাৰ হয়৷ সেই কুলক্ষণটো বুঢ়াৰ সৰুজনী বোৱাৰীয়েক৷ তাই বৰ কুলক্ষণী শাঁখিনী গজমূৰীয়ানী তিৰুতা৷ তাই মানুহঘৰ খাবলৈহে আহিছে;সোনকালে তাইক নাতৰালে এনেঘৰ মানুহ এতিয়া জয়-পাতে ক্ষয় হব৷ ”বুঢ়াই বামুণক সুধিলে, “তেখেতে নো ইয়াৰ এটা উপায় নিদিলে নে?”বামুণে ক’লে, “এটা উপায় দিছে,যদি আপুনি কৰিব পাৰে৷ কিন্তু বৰ টান কাম৷ ”বুঢ়াই ক’লে, “কৰিম কোৱাঁ৷ ”বামুণে ক’লে-“তেওঁ ক’লে,যদি বুঢ়াই বোৱাৰীয়েকক কটাই পেলাব পাৰে,তেনেহলে ঘৰখন ৰক্ষা পৰিব,নহলে সৰ্ব্বনাশ৷ ” এই কথা শুনি বুঢ়াই ভালেখিনি পৰ টলকা মাৰি থাকি,মনতে অনেক কথা গপি-গুণি মাত লগালে, “কি কৰিম,ঘৰখন ৰক্ষা কৰাটোৱেই হে মোৰ উচিত!এটাৰ লগতে ঘৰে-ঘৰোৱাহ যোৱাটো উচিত নহয়৷ ঘৰে-ঘৰোৱাহৰ ৰক্ষাৰ নিমিত্তে লাগিলে এটা যোৱাটোৱেই ভাল৷ ” এইবুলি বুঢ়াই পুতেকহঁতক মতাই আনি পুৰোহিত বামুণে দেখা সপোনৰ কথা ক’লে৷ বাপেকৰ কথা শুনি পুতেকহঁতেও অনেক ভাবি-চিন্তি সৰু বোৱাৰীয়েকক কটাই ঘৰখন ৰক্ষা কৰাটোৱেই থিৰ কৰিলে;আৰু সেই কামৰ ভাৰ সিহঁতে সৰু বোৱাৰীয়েকৰ গিৰিয়েক সৰু ভায়েকৰ হাততে দিলে৷ বুঢ়াৰ সৰু পুতেকটো বৰ হোজা আৰু বাপেক আৰু ককায়েকহঁতৰ বাধ্য আছিল৷ সেইদেখি সি আপোন হাতেৰে ঘৈণীয়েকক কাটিবলৈ মান্তি হ’ল৷

বুঢ়াৰ সৰু পুতেকে ঘৈণীয়েকক কাটিবলৈ,তাই নেদেখাকৈ দিনতে দা এখন ধৰাই শোৱাপাটীৰ গাৰুৰ তলতে থৈ দিলে৷ ৰাতি খাইবৈ গিৰিয়েক-ঘৈণীয়েক পাটীত শুলে৷ ঘৈণীয়েকৰ টোপনি আহিল৷ গিৰিয়েকে ৰাতি দুপৰত উঠি লাহেকৈ গাৰুৰ তলৰপৰা দাখন উলিয়াই লৈ ঘৈণীয়েকৰ ডিঙিত কোব মাৰি দিব খোজোঁতেই,শোৱনিঘৰটোৱে মাত লগালে-“হে হে নাকাটিবা!হে হে নাকাটিবা!হে হে নাকাটিবা!”তিনিবাৰ ঘৰটোৱে এইদৰে মাতিলত গিৰিয়েকে আচৰিত হৈ ঘৈণীয়েকক নাকাটি,দাখন গাৰুৰ তলতে আকৌ সুমাই থৈ শুই পৰিল৷

ৰাতি তিনি পৰ মানত আকৌ তাৰ টোপনি ভাগিল৷ সি আকৌ লাহেকৈ উঠি দাখন লৈ টোপনিত লালকাল ঘৈণীয়েকৰ ডিঙিত কোব্ মাৰিবলৈ দাঙিলে,এনেতে ওচৰতে জ্বলি থকা চাকিটোৱে মাত লগালে-“হেৰ নাকাটিবি!নাকাটিবি!নাকাটিবি!” এইবাৰ ঘৈণীয়েকে সাৰ পাই চকু মেলিলে৷ তাই দেখিলে,গিৰিয়েকৰ হাতত চোকা কপি-দাখন জিলিকি আছে৷ “কি কৰা?কি কৰা?” বুলি তাই ঘপকৰে শোৱাপাটীৰপৰা উঠি গিৰিয়েকৰ হাতত ধৰিলে৷ গিৰিয়েকে উত্তৰ দিলে-“তোক কাটিবলৈ ধৰিছিলোঁ৷ দুবাৰ৷ প্ৰথমবাৰ ঘৰটোৱে হাক দিলত হে থমকি ৰলোঁ৷ ”ঘৈণীয়েকে সুধিলে, “মই নো তোমাৰ চৰণত কি অপৰাধ কৰিলোঁ যে তুমি কাটিব খুজিছা?”গিৰিয়েকে উত্তৰ দিলে, “একো অপৰাধ কৰা নাই,কিন্তু বোপাই আৰু ককাইহঁতে তোক কাটিবলৈ মোক হুকুম দিয়া বাবে হে কাটিব খুজিছিলোঁ৷ ” ইয়াৰ পিছত ঘৈণীয়েকে গিৰিয়েকৰ হাতৰপৰা দাখন কাঢ়ি নি তাক সুধি সকলো কথা জানি লৈ ক’লে, “আপুনি মোক নাকাটিব৷ মই নিৰ্দ্দোষী৷ মই কেতিয়াও কুলক্ষণী নহওঁ৷ পুৰোহিত বামুণৰ উপাৰ্জ্জনৰ বাটত মই কাঁইট হৈছোঁ,দেখি সি চক্ৰান্ত কৰি মিছাকৈয়ে মোৰ শহুৰ আৰু জেঠালহঁতক এইদৰে বুজাই মোক বধি তাৰ বাট মোকোলাই লবলৈ চেষ্টা কৰিছে৷ আপুনিও আচল কথাটো নুবুজি হে এনে অন্যায় কামটো কৰি পপীয়া হবলৈ গৈছিল৷ মোক কাটিব নালাগে;আহক আমি এই ঘৰৰপৰা এতিয়াই ওলাই গুচি যাওঁগৈহঁক৷ তেওঁলোকে সুখেৰে খাইমেলি থাওক৷ ”ঘৈণীয়েকৰ কথাত গিৰিয়েক মান্তি হ’লত,তেতিয়াই দুয়ো সেই ঘৰৰপৰা ওলাই গুচি গ’ল৷ ঘৈণীয়েকে লগত এডাল জৰী আৰু এখন জালৰ বাহিৰে আন একো লোৱা নাছিল৷

গিৰিয়েক-ঘৈণীয়েক দুয়ো গৈ এখন অটব্য অৰণ্যত সোমালগৈ৷ গোটেই দিনটো ফুৰি ফুৰি দুইৰো বৰ ভাগৰ লাগিছিল৷ ঘৈণীয়েক সগৰ্ভা আছিল,সেইদেখি তাই এজোপা গছৰ তলত বহিলগৈ৷ ঈশ্বৰৰ ইচ্ছাত তাইৰ তেতিয়াই তাতে প্ৰসৱ-বেদনা হ’ল আৰু তাই এটি ল’ৰা প্ৰসৱ কৰিলে৷ লৰাটি প্ৰসৱ হোৱাৰ পিছত তাইৰ বৰকৈ পিয়াহ লাগিল৷ তাই গিৰিয়েকক ক’লে, “মোৰ অন্তে-কণ্ঠে শুকাই গৈছে,মোক পানী এটোপা আনি দিয়ক৷ ” গিৰিয়েক ওচৰত পানী বিচাৰি নাপাই এজোপা গছত উঠি চাৰিওফালে চাই দেখিলে যে বহুত দূৰৈত এখন বিল আছে৷ বিলখন দেখিবলৈ পাই সি ঘৈণীয়েকক ক’লে, “সৌফালে দূৰৈত এখন বিল দেখিবলৈ পাইছোঁ;যাওঁ তাৰেপৰা পানী লৈ আহোঁগৈ৷ ”এইবুলি সি ঘৈণীয়েকক তাতে এৰি পানী আনিবলৈ গ’ল৷ কিছুমান বেলিৰ মূৰত সি বিলখন পাই দেখিলে যে তাতে এটা তিনি ঠোঁটীয়া চৰাই আছে৷ সেই চৰাইটোৱে তাক দেখি ক’লে,-“তিনি ঠোঁটেৰে মাছ খাওঁ,কিৰূপে জীওঁ?” চৰাইটোৰ এই কথা শুনি সেই মানুহটোৱে ভাবিলে যে ই এটা প্ৰাণীয়ে যদি তিনি ঠোঁটেৰে মাছ খাইও জীৱ নোৱাৰে তেনেহলে আমি আজি দুটাৰ ঠাইত আকৌ তিনটা হলোঁ,আমি নো তিনিটা প্ৰাণী কেনেকৈ জীম?ইয়াকে ভাবি সি আৰু তাৰপৰা উভতি নাহি সেই পিনেই গুচি গ’ল৷ গৈ এখন দেশ পাই সি এক বামুণৰ ঘৰত হালোৱা হৈ ৰ’লগৈ৷

ইফালে ঘৈণীয়েকে গাৰ বিচেষ্টাত গছৰ তলত পানী পানী কৰি গিৰিয়েকলৈ বাট চাই আমনি লাগি,গিৰিয়েক বহুত পৰতো উভতি নহা দেখি,কেচুৱা কোলাত লৈ নিজেই লাহে লাহে গিৰিয়েকে যোৱা বাটেদি যাবলৈ ধৰিলে৷ গৈ সেই বিলখন পাই দেখিলে যে তাত তিনিঠোঁটীয়া চৰাই এটা আছে৷ তাইক চৰাইটোৱে দেখা মাত্ৰকতে মাত লগালে-“তিনি ঠোঁটেৰে মাছ খাওঁ,কিৰূপে জীওঁ?” এইবুলি তিনিবাৰ চৰাইটোৱে মাতিলত সেই কথা শুনি ঘৈণীয়েকে বুজিলে যে তাইৰ অজলা গিৰিয়েকে এই চৰাইটোৰ এনেকুৱা কথা শুনি হে তিনিটা প্ৰাণী পুহিবৰ ভয়ত কৰবালৈ গুচি গ’ল৷ ইয়াকে ভাবি তাই শোক কৰি,সেই বিলৰে চলুচেলেক পানী খাই, তাতে গা পা ধুই অলপ জিৰাই শঁতাই লৈ তাইৰ লগত থকা জালখনেৰে সেই চৰাইটো ধৰি লৈ লাহে লাহে তাৰপৰা গুচি গ’ল৷ তাই দুখে কষ্টে গৈ গৈ এক ৰজাৰ মালীনীৰ ঘৰ পালেগৈ৷ মালিনীয়ে তাইৰ দুখ পতিয়াই নিৰাশ্ৰয়ক আশ্ৰয় দি তাইক নিজৰ ঘৰতে মৰম বেথা কৰি ৰাখিলে৷

একদিনাপ্ৰতি ল’ৰাৰ মাকে মালিনীক ক’লে, “বাই মই কিমান নো তোমাৰ ঘৰত বহি বহি খাম? আজিৰপৰা মই নগৰত খুজি মাগিয়েই চাউল একো মুঠি আনিমগৈ৷ ” এইবুলি তাই মাগিবলৈ ওলাই গ’ল৷ তাইৰ ল’ৰাটো তেতিয়া বহিবপৰা হৈছিল৷ সেইদেকি তাই ল’ৰাটোক মালিনীৰ ওচৰত বহুৱাই থৈ,মালিনীক কৈ গ’ল-“বাই,মোৰ ল’ৰাটো চাবা৷ ”মাক গ’লত,লৰাটোৱে হাতেৰে খুচৰি খুচৰি মাটি খাবলৈ ধৰিলে৷ এনেতে ল’ৰাটোৰ ফালে মালিনীৰ এবাৰ চকু পৰিলত মালিনীয়ে দেখিলে যে সি যিবোৰ মাটি মুখৰপৰা উকুলিয়াই দিছে সেইবোৰ একোচেকুৰা সোণ হৈ ওলাইছে৷ মালিনীয়ে এই কথা দেখি আচৰিত হ’ল৷ তাই ভাবিলে “এইটো তো বঢ়িয়া কথা,-ল’ৰাটো যদি সদায় মই মোৰ লগত ৰাখি থওঁ তেন্তে মই সদায় এইদৰে তাৰপৰা সোণ পাম৷ তাৰ মাক আজি আছে,কাইলৈ নাই;এতেকে ল’ৰাটো ৰাখি থব লাগিল৷ ” ইয়াকে ভাবি মালিনীয়ে লৰাটোক কোলাত লৈ বৰকৈ মৰম কৰি গুড় চেলেকাবলৈ ধৰিলে৷ গুড় চেলেকিবলৈ পাই ল’ৰাটোৱে মালিনীৰ কোলাৰপৰা ননমাই হ’ল৷ এনেতে ল’ৰাটোৰ মাক ওলালহি৷ মাকে ল’ৰাটোক মালিনীৰ কোলাৰপৰা লবলৈ হাত মেলিলত সি মাকৰ কোলালৈ নহাই হ’ল৷ কোনোমতেই মাকে ল’ৰাটো মালিনীৰ কোলাৰপৰা আনিব নোৱাৰিলে;আৰু মালিনীয়ে তেনে হোৱা দেখি চল পাই তাৰ মাকক ডহ ডহীয়াকৈ ক’লে যে “এইটো মোৰ হে ল’ৰা,তোৰ নহয়৷ ”ল’ৰাটোৰ নিমিত্তে লাহে লাহে মালিনীৰ আৰু ল’ৰাৰ মাকৰ মাজত বৰ দন্দ লাগিল,-মালিনীয়ে বোলে সেইটো তাইৰ নিজৰ ল’ৰা আৰু ল’ৰাৰ আচল মাকে বোলে তাইৰ হে ল’ৰা৷ শেহত ল’ৰাৰ মাক নিৰুপায় হৈ সেই দেশৰ ৰজাৰ ওচৰ পালেগৈ আৰু তাই ৰজাৰ আগত মালিনীৰ ওপৰত গোচৰ কৰিলে৷ ৰজাই পাত্ৰ-মন্ত্ৰী সভাসদসকলেৰে সৈতে বৰ-চ’ৰাত বহি গোচৰ সুধি একোকে ঠিক কৰিব নোৱাৰি বিমোৰত পৰিল৷ অন্তত মন্ত্ৰীয়ে ক’লে, “সৰ্গদেউ,এটা কাম কৰা যাওক,-দুইজনী তিৰুতাৰ বুকুত সাত জাপকৈ কাপোৰ বান্ধি দিয়া হওক৷ লৰাটো সিহঁতৰ আগতে বহুৱাই দিয়া হওক৷ লৰাটো দেখি দুইজনীৰ ভিতৰৰ যি জনীৰে পিয়াহ ওলাব সেইজনীয়েই তাৰ আচল মাক৷ ”মন্ত্ৰীৰ কথামতে কৰা হ’লত দেখা গ’ল যে ল’ৰাটোৰ আচল মাকৰ পিয়াহ ওলাই তাইৰ বুকুৰ সাত তৰপ কাপোৰ তিতি গৈছে;আৰু মালিনীৰ কাপোৰ শুকান৷ ইয়াকে দেখি ৰজাই তেতিয়াই আচল মাকক ল’ৰাটো দি দিলে৷ মাকে হেৰোৱা মাণিক পুতেকক পাই ৰজাক আৰ্শীব্বাদ দি গুচি গ’ল,আৰু সেই নগৰৰে এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ থাকিলগৈ৷

 এইদৰে কিছুকাল যোৱাৰ পিছত,সেই নগৰৰ ৰজা ঢুকাল৷ ৰজাৰ ল’ৰা নাছিল;সেইদেখি পাত্ৰ-মন্ত্ৰীসকলে ৰজা পাতিবলৈ ৰজাৰ যোগ্য সুলক্ষণীয়া ল’ৰা এটা বিচাৰিবলৈ ধৰি সেই ল’ৰাটোকে তেনে যেন দেখি আনি সিংহাসনত বহুৱাই ৰজা পাতি সেৱা কৰিলে;আৰু মাককো নি ৰাজঘৰত থলে৷ ল’ৰাটোৰ নাম সোণ-বৰিষ ৰজা হ’ল৷

একদিনাপ্ৰতি সোণ-বৰিষ ৰজাই মাকক সুধিলে, “আই,মোৰ নো বোপাই নাই নে?”মাকে উত্তৰ দিলে, “আছিল,কিন্তু তেওঁ কলৈ গ’ল কব নোৱাৰোঁ” এইবুলি মাকে পুতেকৰ আগত তেওঁলোকৰ আগৰপৰা গুৰিলৈকে সকলো বৃত্তান্ত ক’লে৷ মাকে সোণ-বৰিষ ৰজাক ক’লে, “তুমি এটা পুখুৰী খনাওঁ বুলি ৰাজ্যত জাননী দি কোৱাঁ যে-যি পুখুৰী খানিবলৈ আহিব,মানুহটোৱে পতিIIO অনাকৈ পইচা আৰু এমহাকৈ সোণ দিয়া যাব৷ ”ৰাজমাওৰ কথামতে সোণ-বৰিষ ৰজাই জাননী দিলত অনেক পুখুৰী খানিবলৈ আহিল৷ ৰজাৰ মাকে পুখুৰীৰ পাৰতে সেই তিনি-ঠোঁটীয়া চৰাইটো বন্ধাই থৈ কোটোৱালক কলে, “যি এই চৰাইটোৰ মাত শুনি কোৰৰ নালত মূৰ থৈ বেজাৰ কৰিব তাকে মোৰ ওচৰলৈ ধৰি লৈ আহিবি৷ ”

যি বামুণৰ ঘৰত সোণ-বৰিষৰ বাপেকে হালোৱা হৈ আছিল সেই বামুণে,ৰজাই পুখুৰীখনোৱা আৰু খানিবলৈ গলে পইচা আৰু সোণ দিয়া কথা শুনি তেওঁৰ হালোৱাটোকো পুখুৰী খানিবলৈ পঠিয়াই দিলে৷ সেই হালোৱাই পুখুৰী খানিবলৈ আহি তাতে সেই তিনিঠোঁটীয়া চৰাইটো দেখি আৰু তাৰ মাত শুনি তাৰ আগৰ কথা মনত পৰি কোৰৰ নালত মূৰ দি বেজাৰ কৰিবলৈ ধৰিলত,ৰজাৰ কোটোৱালে তাক ধৰি আনি ৰাজমাওৰ আগত দিলেহি৷ ৰজাৰ মাকে তাক দেখিয়েই চিনি পাই তাক ভিতৰলৈ নি ভাত-পানী খুৱাই নিজৰ চিনাকি দি সকলো কথা কলত,সি আনন্দতে কান্দি পেলালে৷ ৰজাৰ মাকে তেতিয়া গিৰিয়েকক ক’লে, “মোক কুলক্ষণী বুলি কাটিবলৈ তোমাক লগাই দিয়াসকলৰ এতিয়া বিচাৰ লোৱাঁ৷ ”

ইয়াৰ পিছত সোণ-বৰিষ উঠি-ৰজা হৈ বাপেকক তেওঁ বহি-ৰজা পাতিলে;আৰু আগৰ ঘৰত মানুহৰ বিচাৰ-খোচাৰ কৰি ইয়াকে পালে,যে সকলো ধ্বংস হৈ মৰি হাজি ঢুকাল,-মাত্ৰ ককায়েক এটা আছে৷ বাপেকৰ ককায়েকক সোণ-বৰিষে অনাই নিজৰ লগত ভালকৈ ৰাখিলে আৰু সেই পুৰোহিত বামুণ আৰু গণকক ধৰাই আনি শূলত দিয়ালে৷