সোণৰ ৰূপৰ নাও দুখনি

ৱিকিউৎসৰ পৰা

 সোণৰ ৰূপৰ নাও দুখনি

          মোৰ ঘাটেদি গ’ল

     ফুলৰ পাতৰ নাওখনিহে

          মোৰ ঘাটত ৰ’ল ৷



ফুলৰ পাহিত

          আছিল চকুপানী

পাতত দিছিল ক’ৰ কোনোবাই

          ৰঙা মৰম সানি ৷



     গোন্ধত আছিল মোৰ আপোনাৰ

          মোৰেই সুৰবাণী

         মূৰত ললোঁ আনি ৷



সোণৰ ৰূপৰ নাও দুখনি গ’ল

         চকুপানী মৰম-বাণী

                  মোৰ কোঠালিত ৰ’ল ৷৷