সোণৰ সপোন মোৰ ভাঙিলি কিয়

ৱিকিউৎসৰ পৰা

 সোণৰ সপোন মোৰ ভাঙিলি কিয়

অ’ মোৰ সোণৰে সপোন

চম্পাৰে আঙুলি বুলালি কিয়

আখি মোৰ সপোন বিভোৰ

          ঊষাৰ হাঁহি

          নিশাৰ সপোন মোৰ

          আঁতৰালি কিয় ?

          অৰুণৰ কৰুণ হাঁহিটি অ’

          হাঁহিটি অ হাঁহিটি অ

পুৱতী নিয়ৰে নিশা সৰা শেৱালিৰ

          সুৰভি বোৱালি কিয় ?