সোণতৰা তোৰ সোণৰ হাঁহিটি
অৱয়ব
সোণতৰা তোৰ সোণৰ হাঁহিটি
ৰূপতৰা তোৰ ৰূপৰ পাহিটি
মোক নালাগে
লাগে মোক, লাগে মোক
মনৰ
প্ৰাণৰ
দুখ বেজাৰৰ
চকু-টোপোলাটি ৷
নেলাগে তোৰ সোণৰ হাঁহি ৰূপৰ পাহিটি ৷
চকুপানীত থকা সাধু
গানে গানে গাম
সেই সাধু কৈ দেশে দেশ যাম ৷
মোৰ কবিতাৰ মালা গাঁথিবলৈ ধুনীয়া ধুনীয়া
অলেখ মুকুতা পাম ৷৷