সোণটিৰ অভিমান

ৱিকিউৎসৰ পৰা

সোণটিৰ অভিমান

(এক) আহল-বহল পথাৰখনৰ সিমূৰে এখন গোপচাৰ। গোপচাৰৰ সিফালে গহীন হাবি। দুপৰীয়া সদায় সেই গোপচাৰৰ পৰা এটি মতলীয়া বনগীতৰ সুৰ কোনোবা গ’ৰখীয়াৰ পেঁপাৰ মাজেদি ওলাই সেইফালে যোৱা বাটৰুৱাক এখন্তেকৰ কাৰণে ৰখায় আৰু সংসাৰী বাটৰুৱাৰ মন কিবা এটা বৈৰাগী ভাবত বিভোৰ কৰি আকৌ সেই সুৰ চৌদিশলৈ শূইনত বাগৰি লাহে লাহে নাইকিয়া হয়, কিবা এটা অভিনৱ স্পন্দন তুলি ক’ৰবাত জীন যায়গৈ। কেতিয়াবা আকৌ বনগীতৰ আধাডুখৰীয়া সুৰ উটি আহে। কেতিয়াবা আকৌ বৰগীত এফাঁকিয়ে গহীন পথাৰখনৰ বতাহ এবাৰ চঞ্চল কৰি ক’ৰবালৈ উৰা মাৰি গুচি যায়। কেতিয়াবা কোনো গঞা সেইফালেদি গ’লে কয়-“সোণটিৰ মাতটো এনে শুৱলা”। তুমি কেতিয়াবা দুপৰীয়া সেইফালে যদি যোৱা সোণটিৰ ল’ৰালি ভাবক এবাৰ পেঁপাৰ সুৰৰ, এবাৰ বনগীতৰ, এবাৰ বিহুনামৰ বোকোচাত উঠি তোমাৰ ওচৰতে তোমাক জোকাই কোনোবা দিশলৈ উৰা মাৰি যোৱা গম পাবা। তুমি এখন্তেক নৰৈ পাৰিবা জানো?

সোণটি বৰ দুষ্ট। বৰ তীখৰ ল’ৰা। সদায় আবেলি লগৰীয়া গ’ৰখীয়া ল’ৰাই সোণটিৰ মাহীমাকৰ আগত গোচৰ দিয়েহি, “আইতা! আজি মোক চাওকচোন সোণটিয়ে কাণখন চিকুটি তেজ উলিয়াই দিলে”। “আইতা! সোণটিয়ে আজি মোক গালত বাঁকুহি এই চকল এৰুৱাই নিলে”। “আইতা! আজি মোক সোণটিয়ে হাবিৰ মাজলৈ নি দোমচোৰাত গাত দিলেহি। এতিয়াও চাওকচোন গাটো বিজবিজাই আছে”। “আইতা! সোণটিয়ে আজি মোৰ চুৰিয়াখন সোলোকাই বৰ আঁহতৰ পাতল ডাল এটাত আঁৰি থৈছেগৈ। মই এতিয়া লাউগুটিৰ মূৰৰ পানী-গামোচাখনহে পিন্ধি আহিছো”। কিমান শুনিবা? অলেখ, লেখজোখ নোহোৱা গোচৰ। সোণটিৰ মাহীমাকে খঙত সোণটি সোণটিকৈ চিঞৰ ধৰে। পিছে সোণটিক পায় ক’ত? সোণটিয়ে গৈ কোনোবা বাঁহতল বা কলতলৰ কোঠত সোমাই আত্মৰক্ষা কৰেগৈ।

সোণটিয়ে গাঁওখনত উৎপাত কৰি ফুৰে। গাঁৱৰ ল’ৰাখনৰ মাজত সোণটি বৰ চকুত লগা, দেখিলেই মৰম লগা। কাৰো কিবা অপকাৰ কৰিলে কোনেও বৰকৈ একো নকয়। মুখলৈ চালেই মৰম লাগে। সোণটিয়ে গাঁৱৰ তিৰোতাবোৰে মাটিৰ কলহ লৈ পানী আনিবলৈ গ’লে কঁকালত চপৰা দলি মাৰি কলহ ভাঙে আৰু যেতিয়া সৰু ছোৱালী হ’লে যদি কান্দে বা আদহীয়া তিৰোতা হ’লে খঙেৰে অপৰাধীক বিচাৰে তেতিয়া খেদি ধৰিব নোৱাৰা ঠাইলৈ গৈ হাত-চাপৰি মাৰি কিৰীলি পাৰি হাঁহে। সোণটিৰ এনে উৎপাতত গাঁৱৰ মানুহে কেতিয়াও ভুলে-চুকেও মাটিৰ কলহ পানী আনিবলৈ নিনিয়ে।


সোণটিৰ মাহীমাকে যে অকল গ’ৰখীয়া ল’ৰাৰ গোচৰকে শুনে এনে নহয়, গাঁৱৰ তিৰোতাবোৰৰ গোচৰ শুনিও অন্ত নাই। “বুইছানে সোণটিৰ মাক! আজি সোণটিয়ে মোৰ মহুৰাগাল তেনেই ভৰিৰে গচকি পেটু উলিয়ালে।” “সোণটিৰ মাক! আজি সোণটিয়ে মোৰ তাঁত পাটত বহি বৈ-ছিঙি ধুনাধুন কৰি আহিছে।” “সোণটিৰ মাক! তোমাৰ সোণটিয়ে আজি আমাৰ সুৰ ল’ৰাটোৰ তপিনাত তিনিটা চিলিমৰ চাব মাৰি দিলে। ল’ৰাটো কান্দি লালকাল দিছে”। “বুজিছানে সোণটিৰ মাক! আমাৰ ঘৰৰ ওচৰতে থকা কালৰী বুঢ়ীজনীক সোণটিয়ে জোকাই নগুৰ-নাগতি কৰে। তাই দেও পাৰি মৰে।” “জানো আই সোণটিয়ে কি বিদাখন উলিয়াইছে, কিবা ইকৰাৰ ভিতৰত কিহবাৰ জৰিবোৰ সুমাই ল’ৰা-ছোৱালীবোৰৰ চকুৰ ফু মাৰি দি ফুৰিছে। ভাল অঘাইটং ল’ৰাটো ফুকাই গ’ল মাকে।”

ইত্যাদি কিমাননো ক’ম! সোণটিৰ নাম শুনিলেই সৰু ল’ৰা-ছোৱালীবোৰ মাকৰ ওচৰ পায়গৈ। তিৰোতাবোৰ কিবা ঘটনাৰ আশংকাত সন্ত্ৰষ্ট হৈ আছে। কালৰী বুঢ়ীয়ে দুৱাৰ-ঘৰ মাৰে।

দুদিনমান সোণটিক গাঁৱৰ পঢ়াশালিত পঢ়িবলৈ দিলে। সোণটিৰ উৎপাতত পণ্ডিতে দেও দেও দেখি ক’লে “তইতো পঢ়ি ফালিবি, আৰু পঢ়াশালিলৈ নাহিবি।” সোণটিয়ে সুবিধা পাই পঢ়াশালিৰ সলনি গোপচাৰলৈ গৈ গ’ৰখীয়া ল’ৰাবোৰৰ সৈতে ধিতিঙালি কৰি দিন নিয়াবলৈ ধৰিলে। (দুই) সোণটিৰ মাক সৰুতেই মৰিল। মাজে মাজে মাকৰ কথা মনত পৰিলে সোণটি গোমোঠা হৈ বহি থাকে। আকৌ পাহৰি যায়। বাপেকে সোণটিক বৰ মৰম কৰে। ডাবি এটাকে নিদিয়ে। মাহীমাকে কত কথা লগায়। বাপেকে “সৰু ল’ৰা কৰিবই” বুলি একো নকয়। মাহীমাকে, কিন্তু পেটে পেটে তাতে বেয়া পায় আৰু কেতিয়াবা সুবিধা পালে সোণটিক “বাঘে খোৱা কটা, হতছিৰী হোৱা” বুলি দুই-এষাৰ গালিৰে সৈতে ঢকাটো, চৰটো মাৰিলৈ নেপাহৰে। ইয়াতে সোণটিয়েও মাহীমাকৰ সৈতে ভাল ব্যৱহাৰ নকৰে। মাহীমাকৰ এটা ল’ৰা আছে। তাৰ বয়স ছ বছৰ উকলি গৈছে। বাপেকে সোণটিক বেছিকৈ মৰম কৰা দেখি মাহীমাকৰ পেটে পেটে খং। খোৱা-বোৱাত সোণটিক কষ্ট দিয়ে। সোণটিয়েও বৰকৈ তালৈ কাণ নকৰি লগৰীয়াৰ সৈতে ৰং ধেমালি কৰি থাকে।

সেইদিনা দুপৰীয়া গোপচাৰত গৰু মেলি থৈ সোণটি ভাত খাবলৈ আহিল। বাটতে নৈঘাটলৈ গৈ সি গা ধুবলৈ যোৱা তিৰোতা দুই-এজনীক আমনি কৰি, গা ধুই আহি ভাত খাবলৈ বুলি মাহীয়েকক, “মাহী! ভাত বাঢ়” বুলি কৈ চোতালতে বহি গা ৰ’দাবলৈ ধৰিছে। বাৰীচুকত মাহীমাকৰ ল’ৰাটোৱে হাততে এটা কলি আম আনি সেইফালে ৰান্ধনি ঘৰলৈ যাব ধৰিছে। সোণটিয়ে তাক ওচৰলৈ মাতি আনি ক’লে, “মোক আমটো দে। পুৰি ভাতেৰে সৈতে খাম”। সি নিদিলে। সোণটিয়ে তাৰ হাতৰপৰা আমটো কাঢ়ি আনিলে। ল’ৰাটোৱে উধাতু হৈ কান্দিবলৈ ধৰিলে। মাহীমাক ভিতৰৰপৰা হাততে হেতাখনেৰে ওলাই আহি খঙেৰে সুধিলে, “কি হ’ল অ’’? কিয় কান্দিছ?” ল’ৰাটোৱে কান্দি কান্দি ক’লে “মোক সোণটিয়ে মাৰিলে”। মাহীমাকৰ এনেয়ে ভাত-চৰুৰ ধোঁৱা খাই খং উঠি আছিল। তাতে আকৌ এইষাৰ কথা কাণত পৰিলত অগ্নিকলাই সৈ সোণটিক খেদি গ’ল। সোণটিয়ে কিন্তু উঠি নগৈ ল’ৰাটোৰ কথাৰ প্ৰতিবাদ কৰিবলৈ ৰৈ থাকিল। মাহীমাকে হাতৰ হেতাখনেৰে ভালকৈ ধৰি সোণটিক মাৰ শোধালে। বকি বকি মাহীমাক ৰান্ধনিঘৰত সোমালগৈ। তথাপি খং মাৰ নগ’ল। তাৰপৰা ক’লে,” যা কটা বাঘে খোৱা! হতছিৰী হোৱা! মোৰ ওচৰলৈ ভাত খাবলৈ নাহিবি। যা কোনজনী মাৰ আছে ভাত ৰান্ধি খোৱাওক। মাৰৰ মূৰ খাই হেঁপাহ গুচা নাই, তেও অতপালি কৰিবলৈ এৰিব জানো?”

সোণটিয়ে এনে কথা, এনে ব্যৱহাৰ মাহীমাকৰপৰা পাব বুলি নেভাবিছিল, অথচ সঁচাকৈতো সি দোষ কৰা নাই। মাহীমাকে কথাটোনো কি তাকো ভাবিও নেচালে। সোণটি লাহে লাহে তাৰ পৰা উঠি গ’ল। শোৱনিঘৰৰ এচুকত বহিলগৈ। মাকলৈ মনত পৰিল। সি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। কিছুপৰ ভাবি-গুণি মনে মনে বহি থাকে। আকৌ ফেঁকুৰি ফেঁকুৰি কান্দে। ইমান দিন কত গালি-শপনি খাইছে, কতৰ কথা শুনিছে, তেও সোণটিৰ গাত লগা নাছিল। কিন্তু আজি তাৰ বুকুত বৰকৈ লাগিল। সি দুগুণ শোকত ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। আবেলি হ’লহি। তথাপি কোনেও ভাত খাবলৈ সোণটিক নেমাতিলেহি। আয়ৈ দেহি! মাক থকা হ’লে মাৰিকিলায়ো পিছত আকৌ পুতেকক নিচুকাই ভাত খুৱালেহেঁতেন। বেচেৰা মাক নোহোৱা মাউৰা। (তিনি) সোণটিৰ বাপেকে ওচৰৰে এখন চাহ-বাগিচাত কাম কৰে। পুৱাই কামলৈ যায়। কেতিয়াবা সন্ধ্যা, কেতিয়াবা তিনিপৰত আহে। সেইদিনা সোনকালেই বাপেক উভতি আহিল। ভাগৰে-জুগৰে ইমান বাট আহিছে, তাতে গৰম। ঘৰ সোমোৱাহি মাত্ৰকতে মাহীমাকে কান্দিকাটি ক’লেগৈ, “এনকৈ হ’লে মই থাকিব নোৱাৰোঁ। মোক বোপাইৰ ঘৰলৈ পঠিয়াই দিয়ক। মোৰ ল’ৰা-ছোৱালী এইদৰে কিল-চৰ খাই-” বাপেকে সুধিলে “কি হ’ল? কি হ’ল?” মাহীমাক—“কি হ’ব আৰু, সোণটিয়ে ল’ৰাটোক কেনেকৈ মাৰিলে চাওকচোন। লালকাল দি আছে। তাকে কলতে তাৰো আকৌ গালি—মই কিহৰ জগৰত সহিবলৈ গৈছোঁ সেই ফুকলীয়া ল’ৰাটোৱে মোৰ সৈতে আকৌ ফেপেৰি পাতি আহে। মোক পঠাই দিয়ক”। এইবুলি বাহীমাকে চকুপানী টুকিবলৈ ধৰিলে। বাপেকৰ বৰ খং উঠিল, ভোকে-পিয়াহে আহি খঙনো নুঠিব কিয়? “সোণটি, সোণটি” বুলি মাতিলে। সোণটিয়ে বাপেকৰ মাত শুনি চকু মোহাৰি আগত থিয় হ’লহি। বাপেকে খঙেৰে সুধিলে—“ দগাবাজ! তই কিয় সৰুমইনাক মাৰিছিলি? মাহীয়েৰৰ সৈতে কিয় দন কৰিছিলি?” সোণটিয়ে “মই কৰা নাই” বুলিবলৈ নৌপাওঁতেই বাপেক খঙত উগ্ৰ হৈ হাতত থকা ৰাইদাংডালেৰে উৰাই-ঘূৰাই সোণটিক কোবাবলৈ ধৰিলে। বাপেকৰ এনে ব্যৱহাৰ এয়ে প্ৰথম। সোণটি বাপেকৰ এই ব্যৱহাৰত ইমান আচৰিত হ’ল যে কান্দিবলৈকে পাহৰিলে। বাপেকে তাক ক’লে, “ যা, কটা মোৰ আগৰপৰা গুচ। সদায় কেৱল দগাবাজ।“ সোণটি লাহে লাহে ওলাই গ’ল। আন এটা কোঠাত সোমাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলেগৈ। আয়ৈ দেহি! মাক নাই কোনে নিচুকাই মৰম কৰিবহি?’ (চাৰি) ৰাতিপুৱা—দোকমোক। সোণটি পাটীৰ পৰা উঠি বাহিৰ ওলাল। ঘৰৰ কোনো উঠা নাই। সোণটিয়ে পানী-গামোচাখন লৈ ওলাই গ’ল। নৈ ঘাট পালেগৈ। মানুহ এজনীয়ে পুৱাই পানী নিবলৈ আহি পানীত নামিব ধৰিছে। সোণটিয়ে মানুহজনী দেখি নৈ পাৰে পাৰে খোজ ল’লে। মানুহজনীয়ে চাই সোণটিক দেখি মিচীয়া হাঁহি মাৰি সুধিলে। “সোণটি যে? আজি দেখোন এই ফালে পুৱাই একা? কোনবা ফালে?” সোণটিয়ে উত্তৰ নিদিলে কিন্তু গৈয়েই থাকিল। পুৱা গ’ল, দুপৰীয়া আহিল। আবেলি গ’ল, নিশা আহিল। সোণটি ল’লে ঘৰৰপৰা যি গ’ল, গ’লেই, উভতি নাহিল। আজিও তাৰ অভিমান গুচা নাই যেন—সেইগুণে সি উলটি অহা নাই। ক’লৈ গ’ল কোনেও ক’ব নোৱাৰে। সোণটিৰ খবৰ কোনে ল’ব?