সেউজী ধানত সোণৰ বৰণ
অৱয়ব
সেউজী ধানত
সোণৰ বৰণ নামে
তাৰ মাজৰে
জোনাকী বিলত
পদুম চামে চামে
ফুলে অবিৰামে ৷
কোৰ কটাৰি
হাতত কাঁচি
বিহু-গামোছাত ফুলটো বাছি
আগবাঢ়ি যা কামে কামে
পদুম চামে চামে
ফুলে অবিৰামে ৷
আজি গাঁৱৰ বাটত
হেৰোৱা মনটো ক’ত বিচাৰি পাম
বন গাঁৱলৈ যাম দে বাৰু
মন গাঁৱলৈ যাম ?