সেই দিনাখন প্ৰথম ফাগুন পুৱা
অৱয়ব
সেই দিনাখন, প্ৰথম ফাগুন পুৱা ,
বনে বনে, মনে মনে
লাগলে হুৱাদুৱা ৷
বসন্ত আছিল, বনে বনে শুই
লজ্বলাকৈ ৰৈ আছিলে
নৱ জীৱনৰ জুই
কত কুঁহিপাতে
সুৱদীয়া মাতে
হেজাৰ ফুলে কত জাতে জাতে
প্ৰকাশৰ বাবে, বিকাশৰ বাবে
আহি আছিলে ৰৈ ৷
কত নিজৰাই
ছন্দ হেৰুৱাই
আছিলে নিচুকি
নথকা পানীৰে দৈ ৷
তই আহিলি, মন্ত্ৰ মাতিলি
বসন্ত উঠিল জাগি
আকাশে বতাহে, বনে উপবনে
লাগে সৌন্দৰ্য্য ৰাগী ৷
মৃত্যু তোক প্ৰণতি জনাই
নবীন সৃষ্টি
আগৰিলে গৈ
দুগালতে চুমা খাই
জনমে নাচিলে দেওধনি নাচ
বৃন্দ বৃন্দ চাকি জ্বলাই ৷৷