সুন্দৰ তই মোৰ ৰূপতেই

ৱিকিউৎসৰ পৰা

 সুন্দৰ তই, মোৰ ৰূপতেই

          মোক আহি দেখা দিবি

সুন্দৰ তই, মোৰ ভাষাৰেই

          মোক আহি কথা কবি ৷



সুন্দৰ তই, মোৰ গানেৰেই

          মোকেই বৰাই থবি

সুন্দৰ তই, মোৰ সুৰতেই

          আহি থানিকা লবি ৷



তোৰ দেশলৈ

তোৰ দেশলৈ

          মোৰ সু ৰ সাগৰেদি যাম,

          গানৰ নাৱত উজাই উজাই

                             ভাবৰ ব’ঠা বাম

          তোৰ হাঁহিয়েই বাট দেখুৱাই নিব

          তোৰ মৰমেই বাটৰ সমল হ’ব ৷