সুদৰ্শন চক্ৰ কৰতি

ৱিকিউৎসৰ পৰা
বৰ-কৰতি
সুদৰ্শন চক্ৰ কৰতি
শ্ৰীকৃষ্ণায় নমঃ

বৈকুণ্ঠ ভুৱনে বহি আছা নিৰঞ্জন। সবে পুণ্যশালী কথা ত্ৰিযুতৰ পৰ।।*।। যুগান্তৰ অগ্নি যেন মহা ৰত্নসাৰ। ত্ৰিদশ কোটি দেৱতাৰ যেন ব্ৰহ্মাচাৰ।। তাহাতে চক্ৰক হৰি দিলন্ত আমাক। প্ৰকাশ কৰন্ত চক্ৰ কোটি সূৰ্য্যসম। যত দৈত্য দানৱৰ তুমি কালযম। তাহাৰ ভয়ত ত্ৰিভূৱন কম্পমান। ক্ষণেকে কৰিবে পাৰে জগত নিৰ্য্যাণ।। আলক্ষণী বিলক্ষণী যক্ষ যক্ষিণী সবে ফুৰন্তে গ্ৰাম মাৰি। মহাভয়ে দেৱঋষি থাকে স্তুতি কৰি। ছাৰিবে নপাৰি জেউতি চক্ষু যাই ফুটি। চক্ৰৰ ভয়ত ত্ৰিভুৱন ভৈলা চুপ। যুগান্তৰ অগ্নি যে পৰম প্ৰচণ্ড প্ৰহাৰিলা পৰ্বতক কৰে খণ্ড খণ্ড।। অনন্ত শকতি সুদৰ্শন চক্ৰধৰ। স্বৰ্গ মৰ্ত্ত্য পাতালৰ দৈত্য নিৰঞ্জন। চৰাচৰ জগতৰ তেজ বল হৰি। প্ৰকাশ কৰন্ত সুদৰ্শন চক্ৰ মূৰ্ত্তি ধৰি। যুগান্তৰ অগ্নি যেন কাল আদিত্য। সেই চক্ৰ হাতে ধৰি গুণন্ত ঈশ্বৰে। স্ৰজিলো ব্ৰহ্মাণ্ড আৰু ব্ৰহ্মা মহেশ্বৰ। দেৱঋষি সিদ্ধমুনি যক্ষ বিদ্যাধৰ। পশু পক্ষী তৰু-তৃণ নাগ জলেশ্বৰ। সিংহ, ব্যাঘ্ৰ, ঘোঙ, ভালুক, বানৰ ইসবক আদি কৰি মনুষ্য স্ৰজিলো। পৃথিৱী মণ্ডলে মনুষ্যা ঠাই দিলো।। সেহি মনুষ্যক ভূত প্ৰেতে নিয়ে মাৰিষ সৃষ্টি কেনমতে ৰাখো গুণন্ত মুৰাৰি। চক্ৰক শুনাই প্ৰভু বুলিলা বচন। শুন শুন বাক্য মোৰ চক্ৰ সুদৰ্শন। মনুষ্যকে ৰাখা তুমি দানৱক মাৰি। তুমি ৰক্ষা নকৰিলে ৰাখিতে নপাৰি। আক লাগি চক্ৰ তুমি পৃথিৱীক যায়ো। ভূত প্ৰেত দানৱক সংহাৰি পেলায়ো।। সুদৰ্শন চক্ৰে গোসাঁইক কৰি নমস্কাৰ। মহাকোপে দানৱক গৰ্জিলা অপাৰ। পৃথিৱীক লাগি চক্ৰে শীঘ্ৰে চলি গৈলা। ত্ৰিদশ কোটি দেৱতাৰ দেখি বিভঙ্গে পলাইলা।। স্বৰ্গ মৰ্ত্ত্য পাতাল একত্ৰে লৰি গৈলা। সকলে ব্ৰহ্মাণ্ড জ্যোতিৰ্ম্ময় ভৈলা।। খলক লাগিলা সাতো সাগৰ। মহাভয় হুয়া কাম্পে ব্ৰহ্মা মহেশ্বৰ।। মৰুত্ বেগে সুদৰ্শন চক্ৰে যাই। খণ্ড খণ্ড কৰি কাটে সুদৰ্শন চক্ৰে পাই।। বিষ্ণুবাণ সুদৰ্শন চক্ৰ পঢ়ো। প্ৰেতালি সবক কাটি খণ্ড খণ্ড কৰো। বিষ্ণুবাণ শক্তি সুদৰ্শন চক্ৰ পড়ো। নাগ নাগিনীক কাটি খণ্ড খণ্ড কৰো। বীৰ গোটি মুণ্ডে তাৰ গোটা অপেস্বৰী। তাক কাটিলেক সুদৰ্শন চক্ৰে ধৰি। সুদৰ্শন চক্ৰক প্ৰণাম কৰো। ৰাক্ষস সংহৰো। ত্ৰিদশ কোটি দেৱতাৰ বলে শক্তি সুদৰ্শন চক্ৰে কাটি কৰিলে নিৰ্ম্মূল। যক্ষ ভূত দৈত্য দানৱৰ বাণ। সুদৰ্শন চক্ৰে কাটি কৰিলো খান খান। আমুকাৰ গাৱে আছে যত ভূতগণ। কাটি খণ্ড খণ্ড কৰে চক্ৰ সুদৰ্শন।। পৃথিৱী ভিতৰে যত দেৱ পাইলা। খম্ড খম্ড কৰি চক্ৰে কাটিয়া পেলাইলা মহাভয়ে আসি পশিলা শৰণ। আমাৰ সমস্তে তুষ্ট হোৱা সুদৰ্শন।। চেঁচা ভালা গাৱে তাপ লাগি।। আগে নপলাই যায় খাই ভিক্ষা মাগি। মনুষ্যক হিংসা দেৱে নকৰিবি আৰ। সত্যে সত্যে বোলো মই তোমোৰ আগত। শুনি তুষ্ট ভৈলা চক্ৰ সুদৰ্শন। ব্ৰহ্মাৰ মুখক চাই বুলিলা বচন। যিটো দেৱে মনুষ্যক দ্ৰোহ আচৰয়। কাটিবাহা সত্যে কহো আগত তোমাৰ।। শুনি তুষ্ট ভৈলা চক্ৰ সুদৰ্শন। ব্ৰহ্মাৰ মুখক চাই বুলিলা বচন।। তমাৰ স্ৰজা নাই তোমাৰ পালন। তুমি ৰক্ষা কৰি ফুৰা জগতকে। কুবেৰ বৰুণ আৰু যম পুৰন্দৰ। সবে তুষ্ট তোমাৰ কিঙ্কৰ।। ইসবক কাটি মনুষ্যক কৰি ৰক্ষা। সদায়ে থাকিবা মোৰ আজ্ঞা শিৰে ধৰি। বিষ্ণুকৰ্ণে আচাৰি পেলাইলা। সেই সময়ত দুই গোটা চৰ উপজিলা। মধুদৈত্য অসুৰ উপজিলা দুৰ্ব্বাৰ দুইবাৰ মাথা কাটি কৰিলা সংহাৰ। আনো অসংখ্যাত অসুৰ আছে কাটি। মোৰ নাম শুনি যক্ষ ৰাক্ষস পেলাইলা কাটি। দেখিয়া সুমৰোক আগ কাল। অসংখ্যাত অসুৰ কাটিলা পালে পাল। আৰু এক অসুৰ অমৃতক খাইলে হেতু গলত কাটিলেক তাক। ভৈলা ৰাহু কেতু আনো যক্ষ ৰাক্ষস দৈত্য দানৱ অসুৰ। সমস্তকে কাটি কৰিলা নিৰ্ম্মূল। আৱে যিটো দৈত্য দানৱ মনুষ্যক ধৰে। প্ৰাণ যদি মাৰে বিকৰ্থনা কৰে। তাক যেবে কাটি মাৰি কৰিবো উচ্চন। তেৱে নিষ্টে নাম ধৰিলো চক্ৰ সুদৰ্শন। এহিমতে আকাশত চলি গৈল। আকাশত ভ্ৰমি ফুৰে ধৰিয়া মাতুলি। মনুষ্যৰ ভূত প্ৰেত যাক লাগ পাইলা। খণ্ড খণ্ড কৰি তাক কাটিয়া পেলাইলা। বিদ্যুত সঞ্চাৰে চক্ৰ ফুৰন্ত সঞ্চাৰি। মনুষ্যৰ দেৱতাক কাটো খণ্ড খণ্ড কৰি।। বিষ্ণু ঈশ্বৰকো কোটি নমস্কাৰ কৰো। সুদৰ্শন চক্ৰময় হাতে তুলি ধৰো।। ডাইনী, যক্ষিণীক কাটো কাটো দৈত্যগণ। দানৱক কাটো হানি চক্ৰ সুদৰ্শন।। শিৰা বিৰা কাটো, কাটো যমদূত। যিবা আমুকাৰ গাৱে আছে তাকো কাটো চক্ৰ সুদৰ্শন।। আলক্ষণী, বিলক্ষণী আৰু অপেস্বৰী।। পোন্ধৰ হাজাৰ কাটো বিষ্ণু চক্ৰ ধৰি।। মাঙ্গলীক হাতে কাটো খণ্ড খণ্ড কৰি। গাৰ ডাউনীক প্ৰথমতে লাগ পাইলা। খণ্ড খণ্ড কৰি তাক চক্ৰে কাটিয়া পেলাইলা।। গাৰ ডাউনীক কাটিলেক যেৱে। ক্ৰূৰ ডাইনীক কাটিলেক তেৱে।। ৰৰজু যোবৰ হাজাৰক কাটি কৰিলন্ত চূৰ্ম। পূৰ্বদিশ চলি গৈলা চক্ৰ সূদৰ্শন।। দক্ষিণ দিশক লাগি চক্ৰে কৰিলা ভ্ৰমণ। দক্ষিণৰ দেৱতাক পাই খণ্ড খণ্ড কৰি চক্ৰে পেলাইলেক কাটি। উত্তৰ দিশক লাগি কৰিলা ভ্ৰমণ। উত্তৰ দিশৰ দেৱতাক কাটিলা তত্ক্ষণে। অগ্নি কোণৰ কাটিলেক দেৱগণ। বায়ু কোণৰ কাটিলেক দেৱতাক। ই চৌদ্ধ কোণৰ কাটিলেক দেৱতাক। ত্ৰিদশ কোটি দেৱে দেখি ভৈলা ভয়। স্বৰ্গে চলিলন্ত চক্ৰ বায়ু বেগ ধৰি। কাম্পে সাতো স্বৰ্গ থৰ থৰ কৰি।। কাম্পে যত দেৱগণ চক্ৰৰ ভয়ত। কাম্পে যত যত দিগপাল। ভয়ে ইন্দ্ৰ ওলাই আসিল চক্ৰৰ আগত ইন্দ্ৰে পৰি দণ্ডবত। বুলিবে লাগিল ইন্দ্ৰে কৃতাঞ্জলি কৰি। কিবা কাৰ্য্যে স্বৰ্গভুৱনক আগমন। শুনি চক্ৰে বাসৱক বুলিলা বচন। যিটো দেৱগণে মনুষ্যক হিংসা কৰে দেৱগণ। তাক আনি দিয়া মোক আগত সত্বৰে।। যিটো মনুষ্যক হিংসা কৰে দেৱগণ। বিচাৰিয়া আনি ইন্দ্ৰে দিলা তেতিক্ষণ।। কাটিলেক চক্ৰে তাক, খণ্ড খণ্ড কৰি। পাচে চলি গৈল চক্ৰ যমৰ নগৰী। চকিলা দেৱগণ দেখি অদভুত। মহা ভয়ে পলাই যান্ত বেঙ্কামুৱা দূত।। চলি গৈলা চক্ৰ পাশক যমৰাজ। কৃতাঞ্জলি কৰি মাতিলা চক্ৰক। তোমাৰ কিঙ্কৰ মই জানাহা সৰ্বথা। আজ্ঞা কৰা সাধো মই তযু প্ৰয়োজন। চক্ৰে বোলে যমৰাজা তোমাৰ কিঙ্কৰ। আত আছন্ত যিটো মনুষ্যক নাশ কৰে। তাক আনি দিয়া ধৰি আগত আমাৰে। হেন শুনি যমৰাজা কৰিলা বিচাৰ। যিটো দূতে ফুৰে লোক হিংসা কৰি। তাক আনি দিলন্ত চক্ৰৰ আগ কৰি। কাটিলেক চক্ৰে তাক খণ্ড খণ্ড কৰি। পাচে চলি যান্ত বৰুণৰ স্থান। শুনি আথে বেথে বৰুণ আহিলা প্ৰণামিলা চক্ৰক চাই বুলিলা। বচন আমাৰ হেথা আগমন কি কাৰণ শুনি সুদৰ্শন চক্ৰে বুলিলা বচন। মনুষ্যক হিংসা কৰে যিটো দূত তোৰ। সি সবক ধৰি আনি দিয়া মোক। শুনি বৰুণ দূতগণে বিচাৰি আনিলা ধৰি। চক্ৰৰ আগত দিয়া নিয়া। খান খান কৰি তাক কাটিয়া পেলাইলা। পাচে চলি গৈলা চক্ৰে কুবেৰৰ ঠাই, প্ৰলয়ৰ অগ্নি যেন জ্বলে সুদৰ্শন। দেখি থৰথৰ কাম্পে যক্ষগণ। চক্ৰৰ আগত চলি গৈলা ধনপতি। কৰযোৰ কৰি স্তুতি প্ৰণতি মিনতি।। প্ৰণামো শক্তি দানৱ নাশক। কিবা কাৰ্য্যে আহি আছা আমাৰ পাশক। সুদৰ্শন চক্ৰে বোলে শুনা প্ৰজাপতি। ত্ৰিদশ কোটি দেৱতাৰ তুমি অধিকাৰী।। মনুষ্যক হিংসা কৰে যত দেৱজাক। কি কাৰণে দেৱে নিদিয়ে আমাক। মাৰি দৈত্য দানৱক ক্ষয়ৰূপে তাক ৰাখিবাক মোক পাতিলা ঈশ্বৰে। মনুষ্যক ৰাখিবাক কৰিয়া যতন। আক জানি দিয়া যত দেৱগণ।। হেন শুনি ব্ৰহ্মা সৃষ্টিকৰ মই। স্ৰজি আছো যত চৰাচৰ। মনুষ্যক স্ৰজি পৃথিৱীত দিলো ঠাই কি কাৰণে ভূত প্ৰেতে মনুষ্যক খাই। দেৱগণ মাৰি যদি বিচাৰ কৰিবা বাটোৱালী ভাঙ্গয় হাত ভৰি। এহি বুলি ব্ৰহ্মা দূত দিলেক পঠাই। ইসৱক শীঘ্ৰ কৰি আন ধৰি। হেন শুনি ব্ৰহ্মা দূত বিচাৰি আনিলা। সুদৰ্শন চক্ৰক ধৰি দিলা।। দেখি চক্ৰে দেৱগণ কাটিয়া পেলাইলা। মহাভয়ে থৰথৰি কম্পিৱাক লৈলা।। চক্ৰক দেখিয়া ব্ৰহ্মা কম্পয় ভয়ত। পাচে চলি গৈলা কৈলাস পৰ্বতক।। শুনি মহাভয়ে আথেবেথে কৰি পেলাই আহিলা হৰে দেৱী আগ কৰি।। গৌৰীসহ শঙ্কৰে চক্ৰক কৰে সেৱা।। কৃতাঞ্জলি কৰি পাচে মাতি মহাদেৱে। নমো সুদৰ্শন চক্ৰ নামো জ্যোতিৰ্ম্ময়।। ক্ষণেকে কৰিবে পাৰে জগত প্ৰলয়।। দৈত্য অন্তকাৰী ত্ৰিলোকৰ ধৰমাৰ।। কিবা কাৰ্য্যে আহি আছা পাশক আমাৰ। সুদৰ্শন চক্ৰে বোলে শুনা ত্ৰিলোচন।। তুমি ভূত প্ৰেত পিশাচৰ অধিকাৰী। সেই ভূত প্ৰেত মনুষ্যক কৰে ছন্ন। বাধা তুমি নকৰা তিলোচন।। সেহি ভূত প্ৰেত পিশাচ দিয়া ধৰি। যিটো ভূত প্ৰেত পিশাচ মনুষ্যৰ বৈৰী।। শুনি হৰে সুদৰ্শন চক্ৰৰ বচন। বিচাৰি আনিলে ধৰি ভূত প্ৰেতগণ।। যিটো ভূতগণে মনুষ্যক হিংসা কৰে। সুদৰ্শন চক্ৰৰ আগত দিলা হৰে।। দেখি মহাক্ৰোধে কাটিলেক সুদৰ্শন। প্ৰথমতে কাটিলেক ভূত প্ৰেতগণ। তাৰ পাচে কাটিলেক পিশাচগণ।। আছে আনা যক্ষ মনুষ্যৰ বৈৰী। সুদৰ্শন চক্ৰে তাক কাটিলেক ধৰি। মহাভয়ে পলাই যায় যত দূত আছে। তাকো সুদৰ্শন চক্ৰে কাটিলেক পাচে।। কাৰো একখান কাণ কুলাৰ সমান। এক কাণে দুই কাণ আৰু চাৰি কাণ।। এক ভৰি দুই ভৰি কাৰো কোঙা ভৰি। চক্ৰৰ ভয়ত সবে পলাই লৱৰি।। অতি কতো ঢেলা কতো কলা কতো, কুজা কতো খোৰা কতো বেজিমুৱা। কতো দান্ত আছন্ত জোঙা জোঙা।। চক্ৰৰ ভয়ত লাগি পলাই নিৰন্তৰ কতো কুকুৰমুৱ, উটমুৱা বেঁকা ভৰি, পেঙা পেঙেৰী।। কতো বৰামুৱা, বাঘমুৱা, কতো দীঘলমুৱা, কতো দীঘল কতো, পেটা জিভা মেলি থকা, কতো দীঘলমুৱা। কতো দীঘল পেটা, কতো জিভামেলি থকা, কতো মুখ বৰলাল, কতো উপৰ চকুৱা, কতো ঠেঠুভগা কতো কামোৰীয়া পেটা।। জুতুলা জুতুলি চুলি কাৰো মূৰ জোঙা। কাৰো হাত চুটি দুই ভৰি চুটি কাৰো পেট যায় মাটিত বাগৰি।। বেঙৰ সমান চক্ষু চেপেটা নাসিকা। কাৰো আঁঠু চুটি ঢোল পেট কতো বেঙামুৱা।। কতো চকু কণা, কতো চকু খাল, চাল সুতুৰা সুতুৰি। কাৰো দুই ভৰি মাটিত ফুৰে চুঁচৰি।। গাৱত হাড়ৰ মালা ভস্ম ধূলি। কতো দুইভৰি আছে, আছে ওপৰত তুলি।। কতো ফেচানকা শ্মশান শালিয়া সবে যক্ষ পলায় লৱৰি।। গাৱৰ অগ্নি যেন দিলে সুদৰ্শন। দেখি দশোদিশে পলাই ভূতগণ।। যৈতে পাৱে তৈতে পেলাইলেক কাটি। সুদৰ্শন চক্ৰ নাম শুনি পেলাইলেক কাটি।। মহেশ্বৰ ভূতগণ পেলাইলেক কাটি। মেৰুৰ মূলক লাগি চক্ৰে গৈয়া লৰি মেৰুৰ মূলত যত ভূতগণ।। দশোদিশে চক্ৰৰ ভয়ত চলি গৈলা। চৰাচৰ হয়ে মেৰু বত্ৰিশ হাজাৰ।। বত্ৰিশ হাজাৰ সবেও হাৰ।। জাৰি ডাকাহা হৰিক আছে ধৰি।। আসত বসত গিৰি।। আছয় বিয়পি। পৰ্বতৰ মাজত যত দৈত্য আছে।। যত বিৰা কৰা দেৱগণ তাকয় তথাত। ডাকিনী যোগিনী আছে অপেস্বৰী যত।। ৰঙ্গকৰি ফুৰে সিটো পৰ্বত মাজত। গন্ধৰ্ব কিন্নৰ সবে মাত্ৰ ভ্ৰমি ফুৰে মেৰুৰ মূলত। চক্ৰৰ প্ৰচণ্ড মূৰ্তি দেখি হুয়া ভয়।। দেৱগণ থৰথৰি কৰি মেৰু পৰ্বত কাম্পয়।। আনো যত পৰ্বত কাম্পয় টলবল। মহাভয়ে দৈত্য দানৱ পলায় সকল। মেৰুৰ উপৰে ব্ৰহ্মা দিব্য সভা পাতি।। ব্ৰহ্মাদেৱে বহি আছে চমত্কাৰ কৰি। আদি পূবত বসিলা ইন্দ্ৰ, যম দক্ষিণত। উত্তৰত কুবেৰ বৰুণ। পশ্চিমত আনো দেৱগণ আছে সভা পাতি। সেহি সমাজক চক্ৰে দেখিলেক পাচে। দেখি থৰথৰি কাম্পে যত প্ৰজা আছে।। চমত্কাৰ কৰি ইন্দ্ৰ সুৰপতি কাম্পে যম, বৰুণ কুবেৰ। মেৰু মণ্ডৰ কাম্পে কৰি থৰথৰ।। কোটি সূৰ্য্য সম যেন চক্ৰ সুদৰ্শন। প্ৰলয়ৰ অগ্নি যেন দহি কৰে ছন্ন। ভকৰ ভকৰ কৰি গাৱে লাগে জুই। পলাই দেৱ দৈত্য চেঞ্চাপোৰা হুই।। চাহিবাক শঙ্কা নাহি চক্ষু যায় ফুটি। যাক যৈতে পাৱে চক্ৰ পেলাইলেক কাটি।। চক্ৰৰ প্ৰচণ্ড মূৰ্তি দেখিতে নপাৰি। কৰিবে লাগিলা স্তুতি ব্ৰহ্মা প্ৰজাপতি। ইন্দ্ৰ, যম, বৰুণ, কুবেৰ ধনপতি।। দণ্ডৱতে পৰি স্তুতি কৰে। নমো নমো বিষ্ণুচক্ৰ সুদৰ্শন। ক্ষণেকে দহিব পাৰে তিনিও ভুৱন।। সৰ্বশক্তিমন্ত নমো অনন্ত উপায়। ভূত,প্ৰেত, যক্ষ, দৈত্য, দানৱ পলাই।। নমো উগ্ৰমূৰ্তি পৰম প্ৰচণ্ড হিংসক দুষ্টক কাটি কৰো খণ্ড খণ্ড। মাটি গুলৈ থাকে পৃথিৱীত। চক্ৰৰ ভয়ত সিটো পলাই লৱৰি। শ্মশানশালিয়াক কাটিলেক সুদৰ্শন চক্ৰে পাই।। হাটোৱালী, বাটোৱালী, ডাইনী, যক্ষিণী।। আলক্ষণী, বিলক্ষণী আৰু গুলৈ যায়। সবাকো কাটিলেক সুদৰ্শন চক্ৰে পাই।। গাৰো লোৰা দেৱৰ চামনক ধৰি। বিষ্ণুচক্ৰে কাটিলেক খণ্ড খণ্ড কৰি।। পৃথিৱীক চাই গৰ্জিবাক লৈলা। শুনি বসুমতী কৰযোৰে আগ ভৈলা। চক্ৰক চাই ভূমি বুলিলা বচন। কি কাৰ্য্যক সাধো বোলো চক্ৰ সুদৰ্শন।। চক্ৰে বোলে বসুমতী শুনা মোৰ বাণী। যত দেৱগণ আছে শীঘ্ৰে দিয়া আনি।। শুনিলন্ত বসুমতী চক্ৰৰ বচন। বিচাৰি আনিয়া ধৰি দিলা দেৱগণ। সুদৰ্শন চক্ৰ আগত দিলা দেৱগণ।। সুদৰ্শন চক্ৰ আগত দিলা ধৰি। তাক কাটিলেক চক্ৰ খণ্ড খণ্ড কৰি।। পৃথিৱীৰ দেৱতাৰ ৰঙ্গ ভৈলা।। তেৱে সুদৰ্শন চক্ৰ আকাশত গৈলা। দেখিয়া সাগৰে কাপে চক্ৰ অৱতৰি। চক্ৰক বুলিলা কৃতাঞ্জলি কৰি।। আমাৰ থানক আইলা কি কাৰণে। শুনি কোপে মাতিলেক চক্ৰ সুদৰ্শনে।। আছে যত জলৰ যক্ষ তোমাৰ লগত। শীঘ্ৰ কৰি আনি দিয়া আমাৰ আগত।। শুনিয়া সাৰে বিষ্ণুচক্ৰৰ বচন। বিচাৰি আনিয়া দিলা যত যক্ষগণ। জলসান্ত সঞ্জল নাগিনী যোগিনী। সুদৰ্শন চক্ৰৰ আগত দিলা আনি।। আৰো যত জলেশ্বৰ পাইলা যত যত। ধৰি আনি দিলা চক্ৰৰ আগত।। কাটিয়া পেলাইলা চক্ৰে জলৰ সকল। তাতে পাচে কাটিলেক জলৰ যক্ষক। জলৰ যক্ষক চক্ৰে কাটিলেক যেৱে। জল পিশাচক কাটিলেক তেৱে।। জল পিশাচক যেৱে কটা গৈলা। তেৱে জল নাগিনীক কাটিবাক লৈলা।। পাচে কাটিলেক জল কুবেৰক। তেৱে সুদৰ্শন চক্ৰে গৈলা পৰ্বতক।। কাম্পয় পৰ্বতগণ কৰে টলবল। মহাভয়ে পলাই যায় হস্তিনীসকল।। সৰ্প সিংহ ব্যাঘ্ৰ ঘোঙ সৰভ বৰাহ। পলাই পশু পক্ষীগণ হুয়া মহাত্ৰাস।। পৰ্বতৰ পৰা দেৱে পলাই লৱৰি। সুদৰ্শন চক্ৰক আনিয়া আঁকোৱালি।। সুদৰ্শন চক্ৰক হানিয়া মাৰো চক্ষু ফালি।।*।। যক্ষ দেৱতাক কাটো বাণ সাঞ্চি কাটো। হৰৰ দায়ক আমাসাক চাৰিদেৱতাক খণ্ড খণ্ড কৰি কাটো হানিয়া চক্ৰক। ডফলাৰ দেৱক কাটো হাতে চক্ৰ ধৰি।। কুবেৰকো কাটো মি অচৰ কুবেৰ। আচলনক কাটি আচলাৰ চিন্তো মাৰ। আকটাক আগে কাটো বিকটাক পাচে কাটো। আমুকাৰ গাৱে আছে যত ভূত সুদৰ্শন চক্ৰেৰে প্ৰেত নাশ কৰো। ৰুঙ ৰুধিৰ মোৰ প্ৰাণ ৰক্ষা কৰো। অঙ্গে নমো, চক্ৰয়ে নমো, বিচক্ৰয়ে নমো, দোনুব্য ৰক্ষা কৰা প্ৰচণ্ড চক্ৰক। আমুকাক ৰক্ষা কৰা চক্ৰ সুদৰ্শন স্বৰূপায় নমো সুদৰ্শন। চক্ৰয়ে নমো কটাব দহো দহো ছেদ ভেদ চত চত। সুদৰ্শন চক্ৰক কৰিলা নমস্কাৰ। প্ৰেত পিশাচক কাটো আমুকাৰ গাৱৰ।। আগে পাচে যিবা আছে দৈত্যগণ আদি কৰি। তাকো কাটো সুদৰ্শন চক্ৰ ধৰি।। নমো সুদৰ্শন চক্ৰ পৰম প্ৰচণ্ড নাগিনী যক্ষিণী কাটি কাটি কৰো খণ্ড খণ্ড।। নমো নমো বিষ্ণু মূৰ্তি সুদৰ্শন চক্ৰ। মহা জ্যোতিমন্ত তুমি কোটিজন। গজেন্দ্ৰক নিস্তাৰিলা গ্ৰাহমুখ ছিৰি। যাৰ ডৰে দলদোপ কৰে মেৰুগিৰি। মেৰুগিৰি পৰ্বত লৰে দুৰ্বাসাক ডৰে। তুমি কালসম অগ্নি। এতিক্ষণে চলা তুমি দেৱীৰ বাক্য শুনি। দেৱীৰ বচন মোৰ হাক। যেই ঠাই আহিছিলি সেই ঠাইতে থাক।। হুহুঙ্কাৰ ব্ৰহ্মাৰ ফোকাৰ। চৌবেৰা বান্ধিলো আমুকাৰ ঘৰ দ্বাৰ।। নাহিবি আমুকাৰ ঘৰবাৰী সীমা সঞ্চাৰ।। যেৱে আসি পশ তাকো কাটো সুদৰ্শন চক্ৰে।।*।। পিশাঞ্চৰ চালনা মন্তৰ যশচাৰ যক্ষিণী চাৰ ফেচাচাৰ, ফেঁচীচাৰ এই লঙ্কা এৰি আন লঙ্কা চাৰ। ভোলাচাৰ, ভুলিচাৰ সাৰ আজ্ঞায়ে মূৰে চল। নাকে চল মুখে চল ভৰি গোৰোহায়ে চল। আঙুলিয়ে চল সকলো সকলো গাৱে ফুৰাই নাভিয়ে চল। এই মহামন্তৰ নাৰাখা যেৱে মহাদেৱৰ শূলত পৰি মৰ তেৱে।। এই মহামন্ত্ৰ নাৰাখা যেৱে। দূৰ্গাদেৱীৰ মাথা খাৱ তেৱে।। তিনি টিপিনি মাৰিবো ভৰি আঙুলিত থাকিবো। ৰামৰ আজ্ঞায়ে চলিব।।*।। তেল জাৰি দিবো। যি কালত ৰামগিৰি বিনাশি নামিলা। পৰম আনন্দে সিটো তপস্যা কৰিলা। তপস্যা কৰিয়া লভিলা ইষ্টবৰ। ব্ৰহ্মা মহেশ্বৰ বিষ্ণু তিনিও উপৰ।। সুগন্ধ চন্দন ঘৃত চেনি লক্ষ ধূপ দ্বীপ পাই গৰ্ভত পশিলা। পাচে দিগম্বৰ হুয়া তপস্যা কৰিলা। ইষ্টবৰ পাই সন্ন্যাসী পৃথিৱীক আইলা। যতেক পিশাচ মানে সবাকো চাইলা। ভূত প্ৰেত পিশাচ যক্ষ দৈত্য গুলৈ ক্ষেত্ৰ আদি কৰি। বান্ধিবে লাগিলা সি মন্ত্ৰ সুমৰি।। বান্ধৰ চোটত সবে যাই মৰি। বুলিবে লাগিলা সবে কাউ বাউ কৰি।। নামাৰা নামাৰ প্ৰভু ৰাখা মোৰ প্ৰাণ। কি কাৰ্য্যক বোলা গোসাঁই কৰিবো এক্ষণ।। যদি আমাসাক এক্ষণে নাৰাখা। শত শত পুৰুষ শৰণকে পৰা।।*।। শুনি ৰামগিৰি মহাৰঙ্গ ভৈলা। দিশে দিশে পিশাচক মনুষ্যক দিলা। যিটো গাৱে বেদমন্ত্ৰ আশ্বাস কৰি। অগ্নিবাণ মাৰি কৰিবো ভষ্ম। শিলা মন্ত্ৰ আদি কৰি বান্ধিলা যত। ব্ৰহ্মা মন্ত্ৰ মাৰি বান্ধিলো গাৱত। বান্ধি চাতি পিশাচক দিলো তাৰ গাত।। নলৰিবি নচাৰিবি থলে থাক পৰি। যদি লৰ চৰ মহাদেৱৰ জটাত ধৰ। যদি বাক লৰ চৰ সাতপুৰুষ নৰকত পৰ। ছয়মাস মানেতে নাযাস এৰিয়া। অন্ধকাৰ হুই তই থাকিবি পৰিয়া।।*।। তেল জাৰি দিবো পিশাচক নাশি। বান্ধো ইটা, বান্ধো মাটি বান্ধিলো ছয় গাঁঠি। আদিঙ্ক পালঙ্ক দৈত্য ধৰণী তথা। চাৰন্তি চাৰন্তি তথা ভূত যত চুহা চুহা তং ফং শুভঃ শুস্বহা স্বহা চাৰন্তি চাৰন্তি স্বহা স্বহা।।*।। আলগতে দেৱী নিলগতে আছে গাৱৰ ৰুধিৰ বহিলা পাচে। তাত পাচে দেৱহাৰা উতপতি ভৈল। সবে দেৱতাৰা তাৰ পচে গৈল। পতিত পাবন মুখত কলা। দেৱতাৰ ভৈলা বিদ্যমান উৰি ঘূৰি তাত বিয়াপি আমুকাৰ গাৱে চাপি নাহিবি কেৱ। কোটি সূৰ্য্যসম কৰে প্ৰকাশ। ৰাম নাৰায়ণ তাত লৈলা বাস।। ৰামদেৱৰ বাণ। গুলৈগণৰ হৰাইল প্ৰাণ।। মাৰো দেৱহাৰ বাণ খেতৰ খেতৰিৰ হৰাইলা পৰাণ।।*।। জয় দেৱহাৰা সমস্ত দৈত্য দানৱৰ জীৱ প্ৰাণ খাই।। ৰামৰ আজ্ঞায়ে জয় ভূতগণ গুলৈগণক কৰিলা নিৰ্য্যাণ। হেমগিৰি পৰ্বতত লোহাৰ শিকলি, লোহাৰ জৰি বান্ধিলো জৰপুৰ কৰি।। নৰহাতে বান্ধিলো থাক কৰি।। দুই দুই ভৰি লাগিয়া বজ্ৰৰ শিকলি বৰদেৱক বান্ধো সৰুদেৱক বান্ধো। বৰ জৱক বান্ধো সৰু জৱক বান্ধো। বৰ পালি পালিয়া সৰু পালি পালিয়াক বান্ধো, ব্ৰহ্মাৰ নাগ পাশক বান্ধো।। বৰুণৰ জৰি বান্ধো যদি লৰচৰ ব্ৰহ্মাৰ চক্ৰত পৰি মৰ।। মোৰ হাক গুৰুৰ ডাক। যৈতে বান্ধো তৈতে থাক।।*।। পিশাচৰ তেলজাৰি দিবো শিলা শিলা চক্ৰবাণ হাতে শিল চক্ৰবাণ। যত দেৱতা ছাৰিলা পৰাণ।। দৰশনে চন্দ্ৰ সূৰ্য্য বান্ধো হাতে পাৱে বান্ধো, মূৰে বান্ধো। অনাদিৰ আজ্ঞা মহেশ্বৰৰ বাণী। যতেক দেৱতা মানে যাওক আতৰি। ধনক এৰিয়া পিশাচ যাওক আতৰি।। হৌক সিদ্ধি ৰামৰ আজ্ঞা হুহুঙ্কাৰ লক্ষ্মণৰ হাতৰ শিলা চক্ৰবাণ দেৱতাগণৰ হৰাইলা পৰাণ।। লেং হোং হঃ স্বাহা স্বাহা। নমো হুহুস্বাহা হুহুঙ্কাৰ চাৰি যা লঙ্কাৰ পাৰ নাহিবি আমুকাৰ সীমা সঞ্চাৰ।।*।। নাৰঞ্চ মন্ত্ৰ। শ্ৰীকৃষ্ণায় নমো। ধন্বন্তয়েৰী নমো। গণেশায় নমো। ভূত কাচনী, ভূত কবচ কাচনি, আঠু কাচনি, ভেটি লোৱাত ত্ৰিদশ কোটি দেৱাতৰ কৰে উতপাত। নলঙিঘিৰি ভূত তই আমুকাৰ গাত।। মেৰুতল বিচনি বাৰণ কৱচ মন্ত্ৰে বান্ধিলে গাৱ।। সহস্ৰ ভাৱে আসি আমুকাৰ গাৱ বান্ধো। প্ৰাণ প্ৰিয় বাসী চল চল ভূত তই কৱচ কচালিবাক লৈলা। ধাইউত ধাই কৱচ বান্ধিলো মহদেৱক চাই।। সৰ্প সিংহ দৈত্য দানৱ নাহিবি আমুকাৰ গাৱ। কৱচ মন্ত্ৰে বান্ধিলো মহাদেৱক চাই। শুষিলো জল চৈধ্যতাল পাতাল ভেদিলো লাগিল খল খল।। ব্ৰহ্মা বিষ্ণুদেৱক জপিলো। যোগ সমাধিক পাই ওভোতাই কবচ বান্ধিলো।। সৰ্প সিংহ দৈত্য দানৱ দূৰে পলাই। সিদ্ধ গুৰুৰ পাৱ। ৰক্ষা কৰা কামৰূপী কামাখ্যা মাৱ।।*।। হৰবাণ মাৰো সহস্ৰ পিশাচক হানিয়া মাৰো।। চকুৱে মাৰো, নাশিকায় মাৰো।। মুখে মাৰো, জলদ্বাৰে মাৰো।। সমস্তদ্বাৰে হানিয়া মাৰো।। মোৰ বাণখান যিপোনে চাই মোৰ বাণ পৰিবি গাৱ, মৰিবি পুৰি সমস্ত গাৱ, মাৰিবো পুৰি। মহাদেৱৰ বধ, পাৰ্বতীৰ বধ, লক্ষ্মী সৰস্বতীৰ বধ অগ্নি শিখা তুলিলো হাততে। অগ্নি লৈয়া মাৰিলো দেৱতাৰ গাৱ।। অকল বান্ধে অকল শৰীৰে দুই বান্ধো, শিৰত তিনি বান্ধো। পৃথিৱী চাৰি বান্ধো চাৰি চক্ৰে, পাঁচে বান্ধো পাঁচ পাণ্ডৱে, ছয় বান্ধো চয়চক্ৰে, সাত বান্ধো সাতো পাতালে, আঠে বান্ধো আঠ নাগ। নৱে বান্ধো নৱ দুৱাৰ, দশে বান্ধো দশ দিগপাল। একাদশে বান্ধো বলি বাসৱ ধনগণক বান্ধিলো, ধৰ চাপিয়া ধৰম কুল হুহুঙ্কাৰ শৰীৰৰ গায়ে। গুৰুৰ পাৱ বাণচক্ৰ ৰাম। দেৱতাৰ অঙ্গদ্বাৰ পঙ্ক লক্ষ্মণৰ বুকু লক্ষ্মণৰ স্ৰজিলা বাণ এহি শৰে থাক পষিৰ।।*।। তেল জাৰি জিবো। সাগৰ মথিলা চক্ৰৰ বলে। প্ৰথমতে বায়ুবাণ উত্পত্তি ভৈল। তাত পাচে অগ্নিবাণ উত্পত্তি ভৈল। এহি তিনিবাণ মথিবাক লৈলা। ইটো বাণ হানো বজ্ৰৰ সমান। মোৰ আজ্ঞায়ে যাই গুৰুৰ আজ্ঞায়ে পাই। ভূত প্ৰেত দানৱ দৈত্য খেদি খেদি খাই। হাং হাং হিং হিং স্বাহা স্বাহা।।*।। এহি শুনি শঙ্কৰে ৰহিলা তহিত। দক্ষিণৰ পতি বুলিলা বচন। কি কাৰ্য্যক আসি আছা শঙ্কৰ। নাহিবি শঙ্কৰ উলটি যাহ। হেন শুনি শঙ্কৰে বুলিলা বচন। শুনিয়োক পতি মহাবীৰ তই। এহি বুলি শঙ্কৰে দিলা এক বৰ। ভূত, প্ৰেত, পিশাচ পলাইলা দূৰে। মহেশ নায়কে শুনি আছে কোন দেৱ। যিটো দেৱগণে তাৰ পৰি বৈকুণ্ঠ।। যদি ভূত শুনে তাৰ হৰাইলেক প্ৰাণ।। যক্ষ যক্ষিণী পলাই বহুদূৰে। এহি বুলি শঙ্কৰে ৰহিলা কৈলাসত। শুনা দেৱগণ বাৰু মই ভূত নাৰাখো ত্ৰিলোকত সাৰ। ভাগিলে আহিলো আজি নাৰঞ্চ কৱচৰ চন্দ্ৰক ৰাহুৱে গিলিলে যিমতে। সেহিমতে নাৰঞ্চে গিলিবে। হেন শুনি শঙ্কৰে উঠিলা গিৰিসাই; গিৰিসাই ভাঙ্গিলে ষাঠিলক্ষ প্ৰহৰ সভাখন। সুৰমালি পৰ্বতত চৰিলন্ত যাই। এক নিমিষেকে কৈলাস শিখৰ। বাণৰ পতি শুনি মনে মনে। কৈক গৈল শিৱাই শঙ্কৰ ভূতনাথ। ছাৰিলি কৈলাস থান মহামন্ত্ৰ উচ্চাৰণ কৰিলা তহিত। নাৰাঞ্চে ৰাখিব পূব যে দিশক।। উত্তৰক ৰক্ষা কৰিবেক শ্ৰীমহেশ্বৰী। পাতালত ৰক্ষা কৰা অনন্ত শ্ৰীহৰি। ঊৰ্ধ্ব্ত কৰা ৰক্ষা দেৱগণ। শিৰত ৰক্ষা কৰা কেশৱ সদাশিৱ। কৰ্ণত ৰক্ষা কৰা মোক দেৱ দিবাকৰ। চক্ষুত ৰক্ষা কৰিবেক মোক ব্ৰহ্মা মহেশ্বৰ। নাসিকাত ৰক্ষা কৰা অশ্বিনীকুমাৰ। জিভাত ৰক্ষা কৰা বৰুণ। কণ্ঠে ৰক্ষা কৰা দেৱী সৰস্বতী। হৃদয়ত বাসুদেৱে ৰাখন্তো সদায়। দুইহাতে ৰক্ষা কৰা বীৰ হয়গ্ৰীৱ। পিঠিত ৰক্ষা কৰা বৰাহ অৱতৰি। উৰুত ৰক্ষা কৰা শ্ৰীৰাম হৰি। গুহ্যলিঙ্গে ৰক্ষা কৰা পৰশু অৱতাৰ। পদে ৰাখিবেক মোক বিষ্ণু অৱতাৰ। শুনা দেৱ গণপতি যত নাৰঞ্চ কৱচক। এহি বুলি ব্ৰহ্মাদেৱে কহিবাক লৈলা। মেৰুৰ মূলত হাজাৰ বত্সৰ। সেহি কৱচক পাচে বান্ধিলো নৰপতি। পূৰ্ণচন্দ্ৰ সম বদন প্ৰকাশি।।*।।


চক্ৰ কৰতি সমাপ্ত