সাজেৰে সখি নন্দকু বালা
অৱয়ব
।। ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। সাজেৰে সখি নন্দকুবালা।
নৱ-ঘন জিনি শোহে তনু কালা।।
পদ।। অধৰ সুধাকৰ পূৰিত বেণু।
অঙ্গবিভূষিত গো-পদ-ৰেণু।
ঝল-মল ময়ুৰ পুচ্চ শোহে মাথে।
কোটি মদন জিনি গোপিনীনাথে।।
নিন্দি ইন্দু কোটি হৰি সাজে।
ঝণকিত কিঙ্কিণী মঞ্জীৰ বাজে।।
কণ্ঠে কেলি কদম্বক মালা।
কহত মাধৱ গতি বাল-গোপালা।