সপোনত বজা বাঁহীটি শুনি তই

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

 সপোনত বজা বাঁহীটি শুনি তই

          দিঠকত নাচিলি কিয় ?

সপোনত পোৱা ফুলাম চানেকি

          দিঠকত নাবাছি ৰৱ ?

সপোনৰ পৰা দিঠক বিচাৰি

          কোন দুৱাৰেদি যাৱ

সপোনত নেদেখা

দিঠকত নেদেখা

          নজনা ফুলনি পাৱ

     নৰচা সুৰৰ

নিলিখা গানৰ

          শেষৰ শাৰীটো গাৱ

          অচিনাকী বাটে যাৱ ৷৷