সপোনত তই কথা ক’লে
অৱয়ব
সপোনত তই কথা ক’লে
আনে শুনিব
দিঠকত তই কথা ক’লে
শুনাই শুনিও নুশুনিব ৷
সপোন সপোন বুলি কৱ
সপোন জানো চিনি পাৱ ?
দিঠক বুলি যাক ভাবিছ
সিহে সপোন হৈ
ওলাল সৌৱা
গুছি যাবলৈ
সপোন বুলি যাক ভাবিছ, সিহে নামে
পাখি জপাই
কালিৰ দিঠকলৈ ৷৷