সন্ধিয়া

ৱিকিউৎসৰ পৰা

সন্ধিয়া

ৰঙা মুখে ৰঙা বেলি মাগিলে বিদায়
দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায়!
প্ৰথম চুমাৰ ৰেখ নৌ পৰোঁতেই
নিঠুৰ বিৰহে তাক মছিয়ে নিলেই।
হেঙুলি বিছেদ মেঘে আঁতৰাই ধৰে
বিধিৰ লিখন হায়! নলৰে নচৰে।
ই বজ্ৰ বাতৰি তই কত পুহিছিলি?
মিঠা মুখে মেঘ হেৰ শতুক শালিলি।
সন্ধিয়া আইটী হায় মুকলি চুলিৰে
নীৰৱে এন্ধাৰ কৰি বিশ্ব পৰিহৰে।
যোৱাঁ আই যোৱাঁ আছে পছিম সাগৰ
বুৰ দি গুচোৱাঁ গৈ সন্তাপ ভাগৰ।
আজলী ছোৱালী, হায় সংসাৰ ধাৰ
নৌ ধাৰোঁতেই গল, ইচ্ছা বিধতাৰ!

      কবি: চন্দ্ৰকুমাৰ আগৰৱালা