সদস্য বাৰ্তা:কৃষ্ণা সোণোৱাল
বিষয় যোগ কৰকআৱেগিক বুদ্ধিমত্তা
বিভিন্ন ধৰণৰ আৱেগক সঠিকভাৱে চিনাক্ত কৰিব পৰা, বুজি পোৱা, নিয়ন্ত্রণ কৰি পৰা আৰু পৰিচালিত কৰিব পৰা দক্ষতাকে এজন ব্যক্তিৰ আৱেগিক বুদ্ধিমত্তা বুলি কোৱা হয়। উচ্চ আৱেগিক বুদ্ধিমত্তাসম্পন্ন এজন ব্যক্তিয়ে নিজৰ আৱেগক চিনাক্তকৰণ কৰি আৰু এক সঠিক দিশত পৰিচালিত কৰি সুচিন্তা আৰু সু-আচৰণেৰে তাৰ বহিঃপ্রকাশ কৰিব জানে। লগতে, পৰিৱেশৰ সৈতে সহজে নিজৰ আৱেগক খাপ খুৱাই ল'ব পৰা বিধৰ হয়। আন এজন ব্যক্তিৰো আৱেগক তেওঁ সঠিকভাৱে বুজি পায় আৰু সেইমতে আচৰণ কৰিব জানে। যদিও এই নামটি ১৯৬৪ চনতে প্ৰথম ব্যৱহাৰ কৰা হৈছিল, কিন্তু বিজ্ঞান সাংবাদিক ডেনিয়েল গ'লমেনৰদ্বাৰা প্ৰণীত ১৯৯৫ চনৰ সৰ্বাধিক বিক্রীৰ অভিলেখ গঢ়া গ্ৰন্থ 'Emotional Intelligence' ৰপৰাহে ইয়াৰ জনপ্রিয়তা বৃদ্ধি পায়। গ'লমেনৰ মতে আৱেগিক বুদ্ধিমত্তা হ'ল নেতৃত্বসুলভ গুণৰ আওতাত অহা কিছুমান চাৰিত্ৰিক দক্ষতা আৰু বৈশিষ্ট্যসমূহৰ এটি সৃচাংক।
ভাৰ্জিনিয়া উল্ফ
[সম্পাদনা কৰক]ভাৰ্জিনিয়া উল্ফ (১৮৮২-১৯৪১ চন) এগৰাকী প্ৰখ্যাত ইংৰাজী সাহিত্যিক। ঊনৈশ শতিকাৰ তেওঁ আছিল অন্যতম ব্ৰিটিছ আধুৱিকতাবাদী লেখক। ১ম আৰু ২য় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাত তেওঁ লণ্ডন লিটাৰেচী চ'চাইচিৰ এজন সক্রিয় সদস্য আছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য পুথিৰ নাম হ'ল - মিচেছ ডালওৱে (১৯২৫), টু ডা লাইট হাউচ (১৯২৭), অৰ্লাণ্ডো (১৯২৮) ইত্যাদি। বাইপ'লাৰ ডিজ'ৰ্ডাৰ নামৰ এক মানসিক ৰোগত তেওঁ আক্রান্ত হৈছিল। ১৯৪১ চনত ৫৯ বছৰ বয়সত তেওঁ আত্মহত্যাৰ পথ বাছি লয়।