সদস্য:Jadab2018/বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী

ৱিকিউৎসৰ পৰা

== বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী হেমচন্দ্ৰ বৰুৱাৰ ৰচনা।

কোৱাভাতুৰী[সম্পাদনা কৰক]


A

Sataire on the then

Assamese Society.

By

Hem Chandra Barua


“শত্ৰোৰপি গুণোৱাচ্যা

দোষাৱাচ্যা গুৰোৰপি”

পাতনি

আপোনাৰ গালৈ নেচাই লোকৰ দোষ বিচৰা কাৰ্য্যটো মানুহৰ স্বভাৱসিদ্ধ;এই কাৰণ এইটো দোষ নথকা মানুহ পোৱা টান। -সকলো মানুহে আপোনাৰ ডাঙৰ দোষকো ঢাকি, লোকৰ অলপকৈ ভৰি পিছলিলে, তাকো এহেজাৰ মুখেৰে বখানি ফুৰে;কোনো মানুহৰ গাত এই দোষটি কম, কোনোৰ গাত সৰহ; ইমানহে প্ৰভেদ। কিন্তু আমাৰ দেশত পাচত কোৱা বিধৰ লোক অধিক, যি ফাললৈকে চোৱাঁ, সেই ফালেই আপোনাক শুচি, জ্ঞানী, ধৰমা আৰু জগতত আন আন যিবিলাক সজ গুণ আছে, সেই সকলোকবিলাকৰে ভূষিত; কিন্তু আনক অশুচি, অজ্ঞানী, অদৰমী আৰু অনাচাৰী বুলি ভবা মানুহক হে দেখিবা। এইটো কথা আমাৰ দেশত এনেহে প্ৰবল যে, সি আপোনাৰ বঙ্গহৰ মানুহেৰে সৈতে খোৱা-বোৱাকো গুচাইছে। কিন্তু যিসকলে আপোনাক ইমান ধোবাই ধোৱা কাপোৰৰ বা গঙ্গা-জলৰ নিচিনা নিৰ্ম্মল ভাবি লোকক, আনকি আপোনাৰ মিতিৰ-কুটুমকো ঘিণায়, তেওঁবিলাকৰ গা যে ধোবাই বিলাতী চাবোনেৰে ধুয়ে চকু মেলি নেচায়। সংক্ষেপকৈ ক’ব লাগিলে তেওঁবিলাক ‘বাহিৰত পৰম ধুতি, ভিতৰত পাপৰ সুঁতি’ আৰু ‘বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী’, এই পটন্তৰটি তেওঁবিলাকত উত্তমৰূপে খাটে। এতেকে সেই কথাৰ দৃষ্টান্তৰূপে এই সৰু পুথিখানি লিখা গৈছে। জ্ঞানী ডাঙৰীয়াসকলে সেইবাবে আমাক খং নকৰিব। কিয়নো ইয়াত কোনো বিশেষ মানুহৰ প্ৰতিমূৰ্ত্তি তোলা আমাৰ উদ্দেশ্য নহয়, কেৱল সকলো কপটীয়া মানুহে যেনে আচৰণ কৰে, তাকে মাথোন বৰ্ণনা কৰা যাব। আমি জানিবা, ইয়াত এটি চোলা যুগুত কৰি থৈছোঁ, সি যাৰে গাত খায়, তেৱেঁই তাক পিন্ধিব।

শ্ৰীহেমচন্দ্ৰ বৰুৱা


কোৱাভাতুৰী

বাহিৰে ৰং চং

দেখিবলৈ ভাল

ভিতৰৰ ভাগ কিন্তু

নৰকৰ খাল।।

স্বৰ্গৰ দুৱৰী গোৱৰ্দ্ধন দেউ আতাৰ চৰিত্ৰ

কোৰখনীয়া সত্ৰৰ গোবৰ্দ্ধন দেউ আতা পৰম বৈষ্ণৱ, কংস ৰজাৰ চন্দন-যোগাঁতী কুঁজী বাইৰ বংশত জাত, সাক্ষাত গুৰুজনৰপৰা পৰমাৰ্থৰ ভাগ পোৱা গোপীনাথ দেউ আতাৰ পৰি-নাতি। ঘোষা, কীৰ্ত্তন, ৰত্নাৱলী এই তিনিখান শাস্ত্ৰ প্ৰভুৰ ওষ্ঠাগ্ৰ; ইয়াত বাজে গুণমালা, ভটিমা, চপয়, টোটয় এইবিলাক হলে মুখে আখৈ ফুটাদি ফুটে। বৰগীতত গোসাঁই দেউ এনেহে পাৰ্গত, যে তেওঁ পুঁৱতীয়া নিশা গীত ধৰিলে ওচৰৰ গছ, গছনিয়েও পাত লৰোৱাৰ ছলেৰে তাল ধৰে, আৰু কুকুৰ-শিয়ালেও প্ৰেমত বাউল হৈ ৰাগ দিয়ে। গোসাঁই ঈশ্বৰৰ উপৰি-পুৰুষ সকল তিৰী-লগীয়া আছিল, কিন্তু গোসাঁই দেৱে মধুপুৰ থানৰ ধূলা-মালা লৈ নিৰ্ম্মল উদাস-ধৰ্ম্মত আশ্ৰয় কৰিছে, তিৰী জাতিৰ মুখকে নেচায়, আনকি? তিৰী-লগীয়া ভকতে অনা জলকো গ্ৰহণ নকৰে। প্ৰভুৰ উপৰি-পুৰুষসকলৰ বৰ মহিমা আছিল, তেওঁবিলাকৰ এজনৰ মহিমা দেখি কালশিলা নদীয়ে মানুহৰ ৰূপ শৰণ-ভজন লৈ কৰৰ বাবে বছৰি পাঁচ বুৰি কালঢাপৰ কণী যোগাইছিল। আমাৰ গোসাঁই দেউৰো মহিমা অলপ নহয়, এতিয়া কলিৰ কাল বুলিও কিষ্কিন্দাৰ বান্দৰৰ ৰজাৰ কোঙৰ এজনাই গোসাঁই দেউৰ ঠাইত মালা-মন্ত্ৰ লৈ বছেৰেকত তিনটা লঙ্কাৰ কণমৌ কৰ দিয়ে। গোসাঁই দেউ ‘মহাপুৰুষ গুৰুৰ শুধ সত পথৰ’ পৰা একাঙ্গুলো লৰচৰ নহয়, ‘অন্য দেৱী দেউৰ’ নাম মুখেৰে লোৱা থাকোক, কাণেৰে শুনিলেও কাণত সোপা দিয়ে, ‘অইন দেৱী দেউৰ’ নামেৰে মানুহৰ নাম থাকিলে তাক সলাই ‘কালীৰামক’ ‘মহীৰাম’, ‘দুৰ্গাৰামক’ ‘দহহতীয়াৰাম’, ‘শিৱনাথক; ‘জঁটীয়া নাথ’ বুলিহে মাতে। প্ৰভুৱে তিনিটি প্ৰসঙ্গ নকৰাকৈ পানী এটোপাকে ভোজন নকৰে আৰু আঁউহী-একাদশী হলে পাঁচ কঠা আৰৈ চাউলৰ কেঁচা পিঠা-গুড়ি আৰু তাৰে জোখাই গুড়-গাখীৰত বাজে আন একো নলয়। গোসাঁই দেউ ‘বাক-সিধ’, যি বোলে সেয়ে হয়। এবেলি এজন ভকতে কিবা দায় কৰাত ‘হতশ্ৰী হো’ বুলি শাউ দিছিল, গোসাঁই দেউৰ সেই ‘বজ্ৰ বাইক্' পৰিবৰ পৰা ভকতজনে ডেৰ কুৰি বছৰ মাথোন টানিলে। গোসাঁই দেউ ধৰ্ম্ম-শাস্ত্ৰত বৃহস্পতি, ঘোষা ৰত্নাৱলীত যিবিলাক টান কথা আছে, সেইবিলাক মুহূৰ্ত্ততে সংশয় ছেদ কৰি দিয়ে। এবেলি এজন পৰামাৰ্থ বস্তুলৈ আশা কৰা ভকতে কুৰালগুৰি সত্ৰৰ নামঘৰত ভাগতী বাপুৱে কৃষ্ণৰ লীলা কথন কৰোঁতে ভকতসকল প্ৰেমত বাউল হৈ বাগৰি ফুৰা দেখি তেৱোঁ দুবাৰমান মাটিত লেটি ললে, পাচে নামঘৰলৈ পিঠি দিলত কৃষ্ণৰ চৰিত্ৰৰ সকলোখিনি গাৰ ঘামে সৈতে মনৰ পৰা মাৰ গ’ল, কেৱল ‘বৃন্দা বিপিনে’ এই দুটি কথা মাথোন কথমপি মনৰ এচুকত লাগি ৰল। কিন্তু সেই বাক্য ফেৰিৰ ভাৱাৰ্থত অলপ সংশয় হোৱাত তেওঁ গোসাঁই ঈশ্বৰৰ গুৰিলৈ গৈ সেৱা কৰি মাত লগালে ‘পৰ্ভু-ঈস্পৰ! বিৰিন্দা বুলিলে জানিবা বিৰিণা বনকে বুজায়, তাক সদায় দেখিয়েই আছোহঁক, এতিয়া বিপিনা বুলিনো কি?’ তাতে গোসাঁই-দেউৱে গম্ভীৰ ভাৱেৰে উত্তৰ দি বুলিলে, ‘আতৈ ৰাম সজ সোধা গৈছে, ‘বিপিনা’ বুলি বিৰিণাৰ কোমল কেওঁখিনি, ই বৰ গূঢ়াৰ্থ, সকলোৱে সম্ভেদ নেপায়।‘ আমাৰ ‘পৰ্ভু ইস্পৰে’ বিদ্যাৰ কিমানলৈ ভেদিছে, এয়ে তাৰ চিন।

ভকত সকলে আগৰে পৰা চলি অহা সদাচাৰত প্ৰবৰ্ত্তেনে, তাৰ ইফাল-সিফাল হয়, নাম প্ৰসঙ্গতকৈও আমাৰ গোসাঁই দেউৱে তালৈ অধিক চকু দিয়ে; কিয়নো তাৰপৰা অকল ভকত সকলৰ তৰিবৰ উপায় হয়, এনে নহয়; তেওঁবিলাক সত্ৰৰ নীতি-নিৰ্ব্বন্ধৰপৰা লৰ-চৰ হোৱা ধৰিব পাৰিলে ঁ থানৰ এফেৰি লাভ আছে, আন নহলে তেও ‘শলা-বন্তিৰ’ ধন ফেৰি ওলায়। এবেলি এজন ভকতে ফুৰা গাৰে গুৱা ভোজন কৰাৰ কথা আন আন ভকতসকলে কোৱা-কুই কৰাত সেই কথা গোসাঁই-দেউৰ কাণত পৰিল। তাতে ভকতজনৰ জীৱটিৰ অসদগতি হয় বুলি বৰ ভাবিত হৈ কেৱলীয়া ভকতসকলক চপাই গোসাঁই ঈশ্বৰে মহা সোধ পাতিলে, সোধত পদ-প্ৰমাণেৰে সেই কথা সঁচা নোহোৱাতো, আতৈজনৰ জীৱৰ কল্যাণ আৰু অপবাদৰ পাৰ গাটি শুচি হবৰ কাৰণে ঁ থানলৈ কুৰি টকি ৰূপৰ বাব দিবৰ আজ্ঞা হল, আৰু তেওঁ তাকে নিদিলে মানে তেওঁক পাচলৈ হাত কৰি বান্ধি বেলি-মুৱাকৈ পেলাই থোৱা হৈছিল। এইৰূপে আমাৰ ‘প্ৰভু-ঈশ্বৰে’ কত ভকতৰ গা শুদ্ধ কৰিছে, তাৰ লেখ নাই। পাপ এটা সোঁচৰা ব্যাধি, নিষ্পাপী মানুহৰ ওচৰ চাপিলেই পাপে জাঁপ মাৰি নিষ্পাপী মানুহৰ গাত উঠে। যি শিষ্যে জানি বা নেজানি ‘প্ৰভু ঈশ্বৰৰ’ দায় লগায়, তাতকৈ পাপী কেও নাই। এই কাৰণে সি দায় নভঙ্গায় মানে তাৰ পাপ আনৰ গাত সোঁচৰে বুলি প্ৰভু ঈশ্বৰে তাৰ দুৱাৰ-মুখত টাব চিলিঙ্গি মাৰি আন শিষ্যক সেই জগৰীয়া শিষ্যেৰে সৈতে জুই পানীৰো ব্যৱহাৰ কৰিবলৈ নিষেধ কৰি থয়। শিষ্যৰ জীৱটি কেনেকৈ উদ্ধাৰ হব প্ৰভুৱে সদায় তাকেহে চিন্তে; তাতে শিষ্যৰ বাল বস্তু এটি দেখিলেই কেতিয়াবা তাৰ প্ৰতি দয়া কৰি সেই বস্তুটি ‘গ্ৰহণীয় ভাৱ’ কৰিবলৈ ‘মহাপ্ৰভুৰ ইছা জনমে’; বস্তুটি ‘দুখানি চৰণত’ সোধালে ইহ-পৰলোকত শিষ্যটিৰ কল্যাণ হয়; তাকে নকৰিলে তাৰ নৰকৰ পৰা নিস্তাৰ নাই। আমাৰ প্ৰভু জগন্নাথ যিখানি শিচ-গাঁৱত সোমায়, তাৰ কল্মষ গুচাবৰ নিমিত্তে তাক মাউৰ চোঁচা পেটতকৈও নীৰস কৰিহে এৰে। ‘দুখানি চৰণে’, এবাৰ শিষ্যৰ গাঁৱত ধুলি পেলাই সকলোকে পবিত্ৰ কৰিবলৈ গৈছিল; গাঁও পাই শুনিলে, সেই গাঁৱৰ মেধিৰ এজনী ভাল গাই আছে, তাতে মেধিৰ পৰম ভাগ্যৰ গুণে তেওঁৰ প্ৰতি প্ৰসন্ন হৈ ‘আতা-ঈশ্বৰে’ গাইটিলৈ এনেহে ইচ্ছা কৰিলে যে তাকে নেপালে চাউল সিজোৱাই নহয়। এই কথা আলধৰা আতৈয়ে গৈ মেধিত কলে; মেধি বিমোৰ! গৰু নিদিলে গোসাঁই ঈশ্বৰৰ ভোজন নহয়, গৰুজনীও মৰমৰ, দিবলৈ গাই নসয়। কিন্তু গোসাঁই ঈশ্বৰ লঘোনে থাকিলে, গৰু কি বস্তু? দেহ-প্ৰাণৰে সৰ্ব্বনাশ! এইবিলাক কথা ভাবি চাই এফেৰি অৰিহণাৰে সৈতে নামঘৰৰ খুঁটাত গৰুজনী বান্ধি দিলতহে প্ৰভু জগন্নাথে দুপৰীয়া ভোজন কৰিলে।


গোবৰ্দ্ধন গোসাঁই নগৰলৈ অহা, আৰু মৰ্কটেশ্বৰ ফুকনৰ ঘৰত নিবাস লোৱা।

লোভৰ মান দুষ্ট বস্তু নাই; ই কি সন্ত, কি মহন্ত, সকলোকে বশ কৰে। আমাৰ গোসাঁই ঈশ্বৰ যদিও সাক্ষাত ধৰ্ম্ম-মূৰ্ত্তি আৰু পৰমাৰ্থৰ ভঁড়াল আছিল, তথাপি লোভৰ গাত সাৰিব পৰা নাছিল; তাতে কোনো কোনো এজনৰ এডৰা ৰোৱাতী মাটি আপোনাৰ ধৰ্ম্মোত্তৰৰ ভিতৰৰ বুলি এখান মিছা তামৰ ফলি উলিয়াই গোচৰ পাতিছিল, আৰু সেই গোচৰৰ কাৰণে গোঁসাই দেউ নগৰলৈ আহিছিল। তাতে মৰ্কটেশ্বৰ ফুকনেৰে চিনাকি হৈ তেওঁৰ টোলতে বহা কৰিলে। মৰ্কটেশ্বৰ ফুকন এই দেশৰ এঘৰ ডাঙ্গৰলোকৰ সন্তান, ৰজাৰ দিনত কেইবাখনো ডাঙ্গৰ বিষয় খাইছিল, এতিয়া পেনস্যন পায়। পূৰ্ব্বে তেওঁ তন্ত্ৰৰ মতত প্ৰবৰ্ত্তিছিল, কিন্তু আমাৰ গোসাঁই দেউৰ এনেহে পৰমাৰ্থৰ বল যে, তেওঁক লগ পাবৰেপৰা ফুকন দেওৰ মন একেবাৰে পালটিল, তাতে তেওঁ তন্ত্ৰ-মন্ত্ৰ সকলোকে কাতিকৈ থৈ মহাপুৰুষ গুৰুৰ এজন শুদ্ধ সেৱক হৈ পৰিল, ভোৰ-তালৰ কোবত গছৰ পাত সৰাবলৈ ধৰিলে। এওঁতকৈও এওঁৰ গাভৰু দেও জনাৰ ভক্তিহে চাৰ। তেওঁ নিতৌ গোসাঁই দেউৰ মুখে কৃষ্ণৰ লীলা শুনি ভক্তি ৰসৰ সোৱাদ পালে, আৰু পৰমাৰ্থৰো মৰ্ম্ম বুজি ললে। এইৰূপে থাকোঁতে থাকোঁতে গুৰু শিষ্যে দুইকো দুইও চিনি পাই প্ৰেমভাৱ উপজিল। গোসাঁই দেউৱে নতুন শিষ্যৰ ভক্তিত তুষ্ট হৈ পূৰ্ব্বে কৃষ্ণৰ যিবিলাক লীলাৰ কথা মুখেৰে শুনাইছিল, পাচত ঘৰতে বৃন্দাবন পাতি সেইবিলাক লীলা দেখাই দিবলৈ ধৰিলে; বস্ত্ৰহৰণকে আদি কৰি মান ভঞ্জনলৈকে লাহে লাহে সকলো লীলা সাঙ্গকৈ দেখালে। ফুকন দেৱে এই সকলো লীলা খেলাৰ কথা জানিও সন্তৰ, বিশেষত গুৰুৰ মনত কোপ হয়, বুলি ভয়ত বাধা কৰিবলৈ সাহ নহল ‘আসল’ ৰাধাৰ গিৰিয়েক অভিমন্যু গুৱালৰ নিচিনাকৈ ‘নকল’ ৰাধাৰ প্ৰেম দেখি তেওঁ ভোল হল; বৰং গাভৰু-দেৱে এনে জনা পৰম বৈষ্ণৱৰ প্ৰিয়া শিষ্য হৈ পৰমাৰ্থৰ গুৰি-মাৰি লোৱাত আপোনাকো ধন্যহে মানিলে; আৰু আপোনাৰ পুণ্যৰ ফলেৰে নোৱাৰিলেও আইচু দেওৰ পুণ্যৰ ফলেৰেই যেন তৰি যাব পাৰিব, একে বেলি মনত এটা আশাও কৰিছিল। বিশেষ তেওঁৰ পুত্ৰ নাছিল, এই কাৰণ গাভৰু দেওলৈ সাধুজনাৰ ইমান অনুগ্ৰহ ভাৱ হোৱা দেখি বুঢ়া কালত পুত্ৰৰ মুখ দেখিবলৈ পাম বুলি, তেওঁ মনত বৰ ৰং পাইছিল। ইয়াৰ বাজে আইচু-দেওৰ গাত বীৰাৰ পাক এটা আছিল, গোসাঁই দেউৰ আশ্ৰয় লবৰ পৰা সেইটি গুচিল, এই কাৰণ তেওঁৰ মনৰ সন্তোষ সকলো সীমাৰ পাৰ হৈছিল।


ভণ্ডেশ্বৰ বৰুৱাৰ চৰিত্ৰ। তেওঁৰ সভা-বৰ্ণন।

গোসাঁই দেউৰ সভালৈ গমন আৰু শাস্ত্ৰালাপ।

ভণ্ডেশ্বৰ বৰুৱা তিনিও ‘মোতালকৰ’ চিৰস্তাদাৰ, চাহাবৰ বৰ খাটনিয়াৰ, অকল তেৱেঁইহে চাহাবৰ খাটনিয়াৰ এনে নহয়, তেওঁৰ ঘৰৰ বোন্দামেকুৰীটি পৰ্য্যন্ত চাহাবৰ প্ৰিয়, এই কাৰণ তেওঁ যিহকে কৰোঁ বোলে, তাকে কৰিব পাৰে, বিদ্যাত হলে ‘বৃহস্পতি’, সেই কথাত তেওঁৰ ফালে নিতৌ ‘শ্ৰীপঞ্চমী’ বুলিলেও বৰ মিছা কোৱা নহয়। কিন্তু ডাঙ্গৰীয়া আন সকলো বিদ্যাতকৈ এটা বিদ্যাত বৰ পাৰ্গত, তাৰ নাম ‘লোটনি’। এই বিদ্যাত তেওঁ এনেহে পণ্ডিত যে, হাকিমসকলৰ ভৰিৰে তেওঁৰ হাতৰে বিচ্ছেদেই নাই, আৰু অকল এই বিদ্যাৰেই সকলো হাকিমক বশ কৰে। বৰুৱাদেওৰ গুৰিটোহে বৰ ‘বিশিষ্ট’ নহয়, কিন্তু তেওঁ তাৰ ঢাকিবৰ উপায় নকৰি থকা নাই। আমাৰ দেশৰ সামান্য মানুহে এটা ডাঙ্গৰ কাম পালে আগৰ হীন অৱস্থালৈ তাৰ ঘিণ লাগে আৰু তাক লুকাবৰ মনেৰে পুৰণি ডাঙ্গৰ খিতাপ এটাৰে খ্যাত হবলৈ যতন কৰে। আমাৰ বৰুৱা দেৱে সেই বুধিটি জানিছিল। আমাৰ দেশৰ মানুহবিলাক খাটনি-লোটনিত বৰ পটু, আৰু যেনে মাছ দেখে, তেনে জাল গাঁথিব পাৰে। বৰুৱা দেও যদিও আগেয়ে ঘৃণাৰ পাত্ৰ আছিল, তথাপি এতিয়া ডাঙ্গৰ বিষয় পোৱাত বিশেষ চাহাবৰ খাটনিয়াৰ হোৱাত তেওঁত সকলোৱে ইষ্ট গুৰুৰ নিচিনাকৈ ভক্তি কৰিবলৈ ধৰিলে। কোনো একোজন ভদ্ৰ লোকে কয়, ‘ডাঙ্গৰীয়া শুদা শক্তিৰ লোক নহয়, যোগ-ভ্ৰষ্ট পুৰুষ, সাক্ষাত ঈশ্বৰমূৰ্ত্তি, নহব কিয়? শুচিনাং শ্ৰীমতাং গেহে যোগ-ভ্ৰষ্টোভিজায়তে’। এনে কথা শুনিবলৈ ডাঙ্গৰীয়াই বৰ ভাল পায়, আৰু কোৱাজনলৈ প্ৰসন্ন হয়। ইয়াকে দেখি আমাৰ মানুহবিলাকে সেই বিষয়ত বৰ পাৰ্গতালি দেখাই আপোনাৰ কাৰ্যসিদ্ধি কৰিছিল। এজন গুচৰীয়া ভকতে এদিন ৰাতি-পুৱা লৰি আহি ডাঙ্গৰীয়াৰ ভৰিত দীঘল দি পৰি কবলৈ ধৰিলে, ‘দেউতা ঈচৰ বন্দীক ৰইখা কৰক, বন্দীয়ে বৰ অপৰাধ কৰিছোঁ। কালি কেনেবাকৈ নেদেখাত দেউতা ঈচৰৰ খৰমত জুটি মাৰিলোঁ; তাৰে ৰাতি শুই থাকোঁতে হাতত সোণৰ লাখুটিৰে আৰু শুকুলা বস্ত্ৰ পিন্ধা, পকা-থেকেৰা যেন বৃধ লোক এজনা আহি ‘তই মোৰ খৰম কিয় গুৰিয়ালি’ বুলি বন্দীক গচকা মাৰি ধৰিলে। বন্দীয়ে সপোনতে অনেক কাকূতি মিনতি কৰাত এৰি দি কলে বোলে ‘মই কোন চিনিছনে?’ তাতে ভয়ত কঁপি কঁপি বন্দীয়ে বুলিলোঁ, ‘পৰ্ভু! আমি পথালি চকুৱা মনিচ, পৰ্ভুক কেনেকৈ চিনিম?’ এই কথা শুনি মিচিকিয়াই হাঁহি দেউতা ঈচৰৰ নাম কাঢ়ি কলে, ‘তেৱেঁই মই, তেওঁক শুদালোক যেন নেদেখিব, আৰু তই, যে তেওঁৰ খৰমত ভৰি লগালি এই বোধে তেওঁৰ আগত দীঘল হৈ পৰগৈ’, তাতে এতিয়া দেউতাই ৰইখা কৰিলেহে হয়।‘ ইয়াকে শুনি ডাঙ্গৰীয়া তালৈ বৰ প্ৰসন্ন হল, আৰু এই কথা যেন তেওঁ জানি আছিল, এনে ভাৱেৰে অলপ দাঁতকেইটি উলিয়াই গম্ভীৰৰূপে বুলিলে ‘বাৰু ক্ষেমা কৰিলোঁ, যা’। তাতে ভকতজনে ভক্তিভাৱে ডাঙ্গৰীয়াৰ ‘শ্ৰীচৰণৰ’ ধূলি লৈ উঠি গল, আৰু সেই ধূলাৰ প্ৰসাদতে গোচৰো জিকিল। এনে বিলাক কথা শুনি শুনি ডাঙ্গৰীয়া ‘ওফন্দি গঙ্গা টোপ’ হল, আপোনাক শিৱ কি বিষ্ণুৰ পূৰ্ণ অৱতাৰ বুলি ভাবিবলৈ ধৰিলে, এই কাৰণ কোনো কথাৰ সঁচা-মিছা নিশ্চয় কৰিব লাগিলে, তাৰ আন সাক্ষী নিবিচাৰে, তেওঁৰ ‘চৰণত’ ধৰি শপত খাবলৈ আজ্ঞা কৰে।

এদিন ডাঙ্গৰীয়া বৰচৰাত এযোৰ জাঁপপাটীঢৰাত একাঠু মান ওখ এটা বৰ গাঁৰু লৈ কিলিং নৈৰ বালিত বৰ ঘৰিয়ালটোৰ দৰে পৰি আছে, পাৰিষদসকলে চাৰিওফালে শক শগুনে বেৰাদি বেৰি আছে। ডাঙ্গৰীয়াৰ চকু কদাচিতহে আধা মানেই মুকলি হয়। আমাৰ দেশৰ মানুহে ভাবে যে আপোনাৰ গাটো দুৰ্ব্বল, ৰুগীয়া আৰু সুকোমল বুজাব পাৰিলেহে বৰ মানুহ বোলাব পাৰি, এই কাৰণে হাত থাকোঁতেও কোঙ্গা, ভৰি থাকোঁতেও খোৰা, আৰু বল থাকোঁতেও দুৰ্ব্বল যেন দেখাই ফুৰে। আমাৰ ডাঙ্গৰীয়াও সেইবিধৰ লোক, আগেয়ে যে আহাৰ মহীয়া ৰদত পথাৰে পথাৰে ফুৰোতে গাই কেৰেপ নকৰিছিল, এতিয়া সেইটো অৱস্থা একেবাৰেই পাহৰি বৰমানুহ বোলাবৰ আশয়েৰে মাজে মাজে একোটা হামি মাৰিছে, আৰু মূৰত হাতটো দি বুলিছে আজি কাছাৰিৰ পৰা এফেৰি বেগাই আহিলোঁ, তাতে মূৰৰ বিষে ধৰিছে। ইয়াকে শুনি একুৰিমান পাৰিষদে ডাঙ্গৰীয়াৰ আগৰ অৱস্থা যেন দেখাই নাই, এনে ভাৱেৰে একেবাৰেই মাত লগালে, ‘দেউতা ঈশ্বৰৰ সুকোমল শৰীৰ, অলপ দুখেই বৰ দুখ, অলপ মান নিদ্ৰা কৰক, তেহে গা স্বস্থ পাব।‘ ডাঙ্গৰীয়াই তাতে হৰিভৰ দি আমৰাগুটি দুটি ছালেৰে ঢাকিলে।

ইফালে ডাঙ্গৰীয়াক শোৱা দেখি পাৰিষদ সকলে নানা কথাৰ আলাপ কৰিবলৈ ধৰিলে। আমাৰ দেশৰ প্ৰায় মানুহে লোকক নিন্দা-কুচ্ছা কৰাত বৰ ৰং পায়, দুটা মানুহ একে ঠাই হলেই লোকৰ নিন্দা উলিয়াই, পৰৰ নিন্দাত বাজে আন আলাপ কৰিবই নেজানে, বুজি চোঁৱা যদি, সিবিলাকে লোকক যিবোৰ কথাৰ বাবে নিন্দা কৰে, তেওঁবিলাকৰ তাতকৈও বঢ়া কথা আছে, কিন্তু তেনে ভাবে তেওঁবিলাকৰ মনত চকমকো নকৰে। পাৰিষদবিলাকৰ এজনে মাত লগালে, ‘বৰ কটকীৰ ঘৰৰ বিদ্যাধৰ বোলা লৰাটো গুচিল, সি শুচি, অশুচি, ধুতি, বিধুতি, একো নিবিচাৰে, গধূলি গাটো ধুবলৈ এৰিলে।‘ আন এজন মহাপুৰুষে প্ৰতিধ্বনিৰ দৰে মাতি উঠিল, ‘আজি-কালি ইস্কুলত পঢ়া লৰা কোনটোৰ নো ধুতি-বিধুতি জ্ঞান আছে? সিহঁতে কয় বোলে মিছা কথা কোৱা, ভেঁটী খোৱা, বিভিচাৰ কাম কৰা, এইবোৰহে পাপ, বিধুতিয়ে খোৱাটোনো কি পাপ?’ সেই সভাতে এজন পণ্ডিতো আছিল, তেওঁৰ বিদ্যাৰ এনেহে পৰাক্ৰম যে, তেওঁৰ ভয়ত আই স্বৰস্বতীয়েও দেশকে এৰিছে। এইবিলাক কথা শুনি তেওঁ পণ্ডিতালি প্ৰকাশ নকৰি থাকিব নোৱাৰিলে, দুৰ্ব্বাসা মুনিৰ নিচিনা খঙ্গেৰে মাত লগালে, ‘কটা কৃষ্টায়নহঁতে শাস্ত্ৰৰ কথা জানিলেহে হয়, শাস্ত্ৰত লিখিছে, ৰজাৰ ঘৰলৈ বেজৰ ঘৰলৈ, ডাঙ্গৰ লোকৰ ঘৰলৈ ‘ৰিক্ত হস্তে নগন্তব্যং’ শুদা হাতেৰে যাবই নেপায়। তাত ডাঙ্গৰ লোকে ভেঁটী খালে কি দোষ? কোনো সময়ত মিছা কবৰো শাস্ত্ৰত বিধান আছে। বিভিচাৰ কামৰ যে কথা কয়, ডাঙ্গৰ লোক বুলিলেই অলপ ক্ৰীড়া-কৌতুক কৰিবই লাগে। স্বৰ্গত ইন্দ্ৰাদি দেৱতাসকলেও তেনে কাম কৰে, আৰু ই কি পাপ? তিনটা সন্ধ্যা যি উপাসা কৰে, তাৰ গুৰিলৈ পাপ চাপিব পাৰেনে? অঘ-মৰ্ষণতে কোটি কোটি পাপ নষ্ট হয় সিহঁত জধামূৰ্খ, সিহঁতে আমাৰ শাস্ত্ৰৰ কি বুজ পায়? আমি এই বুঢ়কেইটা, ঘাইকৈ এই ডাঙ্গৰীয়াসকল থাকে মানেহে আমাৰ দেশত ধৰম থাকিব, ই সকলৰ পাচতে এটাইবোৰ কৃষ্টায়ন হব। নহব কিয়? শাস্ত্ৰৰ কথা মিছা হবনে? ভবিষ্য পুৰাণত লিখিছে ‘ইস্কুল নিস্কুলো ভবেৎ’। যেতিয়াই আমাৰ দেশত ইস্কুল হবলৈ ধৰিলে, তেতিয়াই জানিছোঁ, আমাৰ দেশী লোকৰ জাতি নেথাকে। কটা কৃষ্টায়নহঁতক মুখৰ কথাৰে নোৱাৰি ৰা-বাঁহ দি গচকা মাৰি ধৰি, তিনি কুৰিমান চমটাৰ কোব মাৰিলেহে সিহঁতৰ জুতি লাগে।‘

এই ৰূপে কথোপকথন হৈ থাকোঁতেই গোবৰ্দ্ধন দেউ অধিকাৰ উপস্থিত হলগৈ। গোসাঁইক দেখি সকলোৱে আস্তব্যস্তকৈ বহিবলৈ কলে। আলধৰাই থঙ্গা পাৰি দিলে, গোসাঁই দেউ ‘মহাপুৰুষ গুৰু’ বুলি তাতে বহিল। মহন্ত আহিবৰ উমান পাই ডাঙ্গৰীয়াই অলপকৈ চকু দুটি মেলিলে, তাতে গোসাঁই দেউৱে শুকান দমনা আৰু বনমলাপাতৰ মেৰ বান্ধি থকা ঢোৰা সাপটি যেন ঢোপ এধাৰি শৰায়েৰে আগবঢ়াই দিলে। ডাঙ্গৰীয়া এজন উঠন ভকত, নামঘৰত হৰিকীৰ্ত্তন কৰোঁতে প্ৰেমে ধৰ্ষি পেট কামুৰীয়া মানুহৰ দৰে বাগৰি ফুৰে। ভোৰতালৰ কোবত ওচৰত থাকিবৰ মানুহৰ সাধ্য নাই, কিন্তু ভগৱন্ত হলে প্ৰসন্ন হৈ আগতে ওলায়হি। সাধু মহন্তত ডাঙ্গৰীয়াৰ বৰ ভক্তি। বৈষ্ণৱৰ ধূলা নোলোৱাকৈ ডাঙ্গৰীয়াই ভোজনকে নকৰে, এই কাৰণ মহন্তক দেখিয়েই ‘নমঃ কৰি’ নিৰ্ম্মালি শিৰত ললে, এনেতে আকৌ চকু মুদ গল।

ডাঙ্গৰীয়াৰ টোপনি দেখি পাৰিষদসকলে গোসাঁইদেউৰে সৈতে শাস্ত্ৰৰ আলপ কৰিবলৈ ধৰিলে। গোসাঁই শাস্ত্ৰৰ কল্পতৰু, আই সৰস্বতীৰ ভতিজা পুতেক। শাস্ত্ৰৰ কথা শুনিলেই মুখ শুকাই কৰাই খোলা হয়, কথা কওঁতে জিভা দোৰোল নেখায়, এই দেখি কোনো মতে মান ৰাখি পলাবৰ উপায় চিন্তিছে; এনেতে ভকত চৰণ ডেকাবৰুৱাই মাত লগালে, ‘গোসাঁই দেউ! আমাৰ মনত এটা আশঙ্কা আছে, কোনেও তাক ভাঙ্গিব পৰা নাই, আপুনি কৃপা কৰি ভাঙ্গি দিয়ক।‘

গোসাঁই। - ‘সজ কোৱা যাওক, ডাঙ্গৰীয়া।‘

ভকত। - ‘পৰমেশ্বৰৰ হাত কেইখনি?’

গো। - ‘ভগৱন্ত চতুৰ্ভুজ, চাৰিখনি হাত।‘

ভকত। - ‘ভাল শাস্ত্ৰত লিখিছে, শংখ, চক্ৰ, গদা, পদ্ম, কৰত তোমাৰ; পৰমেশ্বৰ যদি চতুৰ্ভুজ, তেন্তে শংখ, চক্ৰ, গদা, পদ্ম, এই চাৰিটি বস্তু চাৰি হাতত লয়, পাচে কৰতখনি নো লয় কত?

এই প্ৰশ্ন শুনি গোসাঁই দেউৰ ধাতু উৰি গল, তথাপি সাহসত ভৰ দি বুলিলে, ‘ডাঙ্গৰীয়া বাপু! এইটি কথা বুজিবলৈ এফেৰি টান হওঁতে হয়, তথাপি শাস্ত্ৰত লিখিছে ‘কৰত বজাৱত বেণু’ কৰত খনি ভগৱন্তে কাষলতিৰ তলত লয়।‘

এই কথা শুনি পাৰিষদসকলে ঘোঁৰাৰ নিচিনাকৈ চি হিঁ হিঁ হিঁ কৰি উঠিছিল, কিন্তু সাধুজনক অপমান কৰাৰ বুজ পালে ডাঙ্গৰীয়াৰ খং উঠে বুলি ভয়ত মুখত সোপা দি হাঁহি ৰাখিলে। গোসাঁই দেউৱে মহা লাজ পাই ‘ডাঙ্গৰীয়া শয়ন কৰিছে, পাচে আহিমহঁক’ বুলি লাহেকৈ উঠি ‘পলায়ুধ্বং’ কৰিলে।