সদস্য:Gitartha.bordoloi/মহোহো গীত
অৱয়ব
শাৰী হৌ শাৰী হৌ৷
কণা-কুঁজা এফাল হৌ৷৷
কণা-কুঁজা ধোঁৱা খোৱা৷
ওজা মাতো বৰেৰ পুৱা ৷৷(মঙলদৈ অঞ্চলত প্ৰচলিত)
লাউৰ মাত ঝিলাও লাওঁ৷
সক্খায়া নিন্ পালাওঁ৷৷
নিন্খিনি হাচাৰে৷
চকুটিপা নাচাৰে৷৷ (গোৱালপাৰা অঞ্চলত প্ৰচলিত)
কুপ্তি কুপ্তি হাউৰা কুপ্তি
আলিৰ মূৰত নল্বা বাহা৷
ফৰ্ব্বাৎ ডালি মাইৰ্বো ডিমাযুৰি ভাইঙ্বো
চানাক লেগি নক্ৰিবা আশা৷
অ’ দাদা, চানাক লেগি নক্ৰিবা আশা৷৷(নলবাৰী অঞ্চলত প্ৰচলিত) [1]
অ’হোহো মহোহো ।
মহ খেদবা টাকান লৌ ।।
মহে বুলে মল্লু দে ।
টেপল পুৰা খালু দে ।।
টেপলত নহ’ল নুন ।
চাউল লাগে দুণ দুণ ।।
বাঁহৰ পাত চিকিমিকি ।
আমাক নাংগে আধলি-সিকি ।।
বাঁহৰ পাত পকা ।
আমাক লাগে টকা ।।
অ’ হৰি অ’ ৰাম ( গৄহস্থৰ কুশলাৰ্থে) (নলবাৰী অঞ্চলত প্ৰচলিত)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- অসমীয়া লোক-গীত সংগ্ৰহ, যোগেশচন্দ্ৰ তামুলী, অসম সাহিত্য সভা, ১৯৬০