সদস্য:Gitartha.bordoloi/বিয়া নাম

ৱিকিউৎসৰ পৰা

অধিবাসৰ নাম[সম্পাদনা কৰক]

আজি হৈছে অধিবাস, আৰু এটা ৰাতি আছে।

আজি সখী থাকিল গৈয়া মাধৱৰ কাষে।।

একো বাৰ্তা নাপাওঁ কৃষ্ণৰ ঐ সখী নাপাওঁ বাৰ্তা ভাল।

জানিলোঁ মোৰ শিশুপাল ঐ সখী হ'লে যম কাল।।

ই জন্মে নেদেখোঁ মই মাধৱৰ মুখ।

দুৰাচাৰ ভাই মোৰ ঐ সখী মাতিলে অমুখ॥

ভাই মোৰ ইটো পাপী ঐ সখী পৰম চাণ্ডাল।

উপজি নমৰে কিয় ঐ সখী জীয়ে অতকাল॥

ভাই মোৰ নহয় ভাল ঐ সখী বৰ দুৰাচাৰ।

মোক বিবাহ দিব খোজে ঐ সখী ৰাজা শিশুপাল॥

শিশুপাল ৰাজাৰ মই ঐ সখী ছাঁয়াত নিদিওঁ ভৰি।

মোক কাইলৈ হৰি নিব ঐ সখী দেৱ শ্ৰী হৰি॥

বিয়া হ'ব লাগে কাইলৈ ঐ সখী ৰজনীৰ যোগে।

হাঁ হৰি কিবা মোৰ ঐ সখী আছে কৰ্ম ভোগে॥

কিনো নিদাৰণ কৃষ্ণ ঐ সখী নাহিল পত্ৰ পাই।

মোৰ বধৰ ভাগী হ'ব ঐ সখী দেৱ যদুৰায়॥

সকলোকে লিখি মই ঐ সখী মাতিলোঁ সাদৰি।

তথাপি নাহিল কৃষ্ণ ঐ সখী মোক হেলা কৰি॥

দিনটো কৰিলোঁ পাৰ টুগে যায়, ঐ সখী পদূলিলৈ চাই।

কেতিয়া পাবহি কৃষ্ণ ঐ সখী সোণৰ বংশী বায়।

যোৰা নাম[সম্পাদনা কৰক]

  • অ’ ৰঘুপতি এখন তামোলেৰে,
    অ’ ৰঘুপতি বিয়া খন পাতিছে,
    অ’ ৰঘুপতি মুহুদি নকৰা সচ হে,
    অ’ ৰঘুপতি যোৰা নাম গাবলৈ,
    দিয়ক অনুমতি।
  • ঢাপত আছে শিলিখা
    পাণো আনিলা,
    ঢাপত আছে শিলিখা,
    মেকুৰী কণিয়া,
    ঢাপত আছে শিলিখা,
    তামোলো আনিলা ধেনা হে,
    ঢাপত আছে শিলিখা,
    ৰাম তুমি টিলিকা,
    আমাৰ বাইদেউ শকত ডাঙৰ
    সমাজতে জিলিকা।
  • বেৰত বগাই মকৰা
    বেঙেনা নামেৰে,
    বেৰত বগাই মকৰা
    গুটি নপচাবা,
    বেৰত বগাই মকৰা
    পিৰালিত নিদিবা ঠাই হে,
    বেৰত বগাই মকৰা
    দৰাৰে সখীয়েক
    ক’ৰ জানো অকৰা।
  • বাঁহ খৰি
    বাঁহ খৰি এচলা
    গাঠ খৰি দুচলা
    ৰামৰে সখীয়েকৰ
    দাঁত কেইটা উচ্চলা।
    আমাৰ বাইদেউ লখিমী
    দেখিবলৈ শুৱনি
    ৰামৰে ভনীয়েক জনী
    বাঁহ তলৰ জখিনী।
    ৰেলৰ ডবা তেলৰ টিং
    ৰামৰ ভায়েকৰ
    নাক নহয় মহৰ শিং।
  • পকা কঠাল লপ ঠপ
    লাই হালে জালে
    পকা কঠাল লপ ঠপ
    আবেলি বতাহে
    পকা কঠাল লপ ঠপ
    লফা হালে জালে পাতে হে
    পকা কঠাল লপ ঠপ
    ৰামৰ ভায়েক বহি আছে
    মুখে কৰে কপ কপ।
    আমাৰ মাজত বহি আছে
    ছোৱালী চোৱা মতলব।।
  • লেডী ছাতি দাণ্ডি
    বগাকৈ বগলী,
    লেডী ছাতি দাণ্ডি
    বহলাই বহিছে,
    লেডী ছাতি দাণ্ডি
    বলুকাত বিয়লি বেলা হে,
    লেডী ছাতি দাণ্ডি
    ৰামৰ ভায়েক মান ধৰা
    আমাৰ হাতত বন্দী।
    তেলৰ বটল কোঁকোলা,
    লেডী ছাতি দাণ্ডি
    বন্দী হোৱা মান ধৰাক
    কোনে পাৰ মোকলা।।