সদস্য:Gitartha.bordoloi/নিচুকনি গীত

ৱিকিউৎসৰ পৰা
  • আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ

বাৰীৰে বগৰী পকি সৰি যাব

আমাৰে মইনাই বুটলি খাব ৷

শিয়ালী এ নাহিবি ৰাতি

তোৰে কাণ কাটি লগামে বাতি

শিয়ালীৰ মুৰতে মৰুৱা ফুল

শিয়ালী পালেগৈ ৰতনপুৰ


  • ফেচুদোলা, মামাথেৰ বাৰীক গেলা

আম খালা, কাঠাল খালা

মামাথেৰ ঘৰোত কি পালা?

মাইমে বোলে চিঃ চিঃ ভাগিন আইছি বইহবা দি

নেদো পিৰা বহক মাটিত, কাঠপিপৰাই কামৰক কটিত৷

ফেচুদোলা, মামাথেৰ বাৰীক গেলা

ফুল দেখি চমাক খালা

ফুলোক লাগি মেললা হাত

ফুল গেল ওঠৰ হাত৷ (নলবাৰী জিলা)


  • আহ আহ জোন কাকা

তোৰ চাৰিপোণ মোৰ চাৰিপোণ

ঘুগৰা গাথো আহ

ঘুগৰা বোলে ৰুণুৰঝুনুৰ

বৰ আইৰ হবাৰ বেলা

বৰে দিব বৰ কাপুৰ

কইনাই দিব মালা৷ (গোৱালপাৰা জিলা)


  • আইৰে বাণ্ডিয়া শিয়াল

ঘৰ পিণ্ডাৰে থাক

বাবুৰ মা জলকে গেলে

বাবুৰ কাণ কাট৷ (চাহ জনজাতি)


  • আহ জোনাকী আহ

উৰি উৰি আহ

তৰা পাততে ভাত দিম

ইছা মাছৰ জোল দিম

তাৰ তলতে বান্ধি থ’ম

ৰাতিপুৱালৈ এৰি দিম৷ (কোচ সকলৰ নিচুকনি গীত)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • অসমীয়া লোকগীতি সংগ্ৰহ – অসম সাহিত্য সভা সংকলিত