সমললৈ যাওক

সদস্য:Boranitul/ৰাম-নবমী/চতুৰ্থ অঙ্ক

ৱিকিউৎসৰ পৰা
ৰাম-নবমী


প্ৰথম দৰ্শন

[সম্পাদনা কৰক]
হৰনাথৰ বাটী
হৰনাথ আৰু দেবদত্তৰ প্ৰবেশ।

হৰনাথঃ কাকই! ৰামৰ মোমায়েকে চিঠি লেখিছে বোলে তালৈ হুনু কটকীৰ ঘৰৰ এজনী চোয়ালী খুজিছে। কি বোলে নো?
দেবদত্তঃ কিনো বুলিম? লৰাৰ বিয়া দিবৰ সময় হইইছে। এতিয়া হলেই হয়।
হৰঃ ককাই! মোৰ মনে হলে এই জনি চোয়ালী ওঁভতাঁও কিয়নো মোৰ আয়ে মোৰ আগত কইছিলে বোলে কটকী, কাকতী আৰূ মহাজনৰ ঘৰৰ চোয়ালী বিয়া নকৰিবি। বাস্তবিক কথাও হয়। ইহঁতৰ প্ৰায় চোয়ালী বৰ দন্দুৰী আৰূ চঞ্চলা।
দেবঃ তেনে কথা নৰয়। আমাৰ ইয়াৰ এজনে কইছিল বোলে ময় মহাজনৰ ঘৰৰ চোয়ালী বিয়া নকৰাও। কৰালেও তাৰ হাতে পিণ্ড নলওঁ। পিছে এজনি নহয় দুজনি মহাজনৰ চোয়ালী বিয়া কৰালে। এজনিৰ এটী ৰত্নৰ নিচিনা বৰ কীৰ্তিমান লৰাও হইছিল। সেই লৰাৰ হাতে তেওঁ পিণ্ড লইছেনে নাই কেনেকৈই কম? যদিহে লোয়া নাই তেন্তে তেওঁক বৰ দুৰ্ভগিয়া বুলিম। বোধহয় তেনে হব নেপায়। (৫৩)
হৰঃ যি হওক এিজনি চোয়ালী খুজিবলৈ হাক দি পঠাওঁ।
দেবঃ দিয়া। ময় এতিয়া ঢেকায়লী পটীলৈ যাওঁ। এখন তক্তপোশ কিনিব লাগে। (ইতি নিষ্ক্ৰান্তা। )

দ্বিতীয় দৰ্শন

[সম্পাদনা কৰক]
শিবকান্তৰ বাটী
নবমী আৰু জয়ন্তীৰ প্ৰবেশ।

জয়ন্তীঃ সখি! আজি কালি গা কেনে পাইছা।
নবমীঃ সখি! যেনে ৰাখিছা।
জয়ন্তীঃ তোমালোকৰ ভাল যোৰা খাইছে।
নবমীঃ কেনে?
জয়ন্তীঃ কিয় ৰাম-নবমী! কেনে চিকোন যোৰা খাইছে।
নবমীঃ তোমাৰ আশীৰ্ব্বাদ সখি।
জয়ন্তীঃ আজি ৰাম-নবমী নহয়? আজি ৰাতি তেনেহলে ৰাম সীতাৰ দৰে তোমালোকৰ যুগলৰূপ দৰ্শন কৰিম! তুমি এতিায় নিতৌ অলঙ্কাৰ আৰূ কাপোৰ পিন্ধা নহয়?
নবমীঃ ৰাতি পিন্ধো দিনত হলে খহাই থওঁ। কেতিয়াবা সমূলি নিপিন্ধো।
ফুলেশ্বৰীঃ আই! জয়ন্তী! সখিয়েৰৰ মূৰৰ চোৰটো মেলাই দিবি।
জয়ন্তীঃ আমই! দিওঁ আৰু দিমতো। (৫৪)
ফুলেঃ তাই কেতিয়াবা কেতিয়াবা কাপোৰ চাপোৰ আৰূ খাৰু মণিও পিন্ধে। একে জনি চোয়ালী কেনেকেইনো চাই থাকিম?
জয়ন্তীঃ তাকেতো আমই?
ফুলেঃ আই! নবমী! তই সখিয়েৰে সইতে উমলী থাক ময় অধ্যাপকৰ ঘৰলৈ যাওঁ।
নবমীঃ আই! সখিয়ে আজি ইয়াতে ভাত খাব আৰু শুবও।
ফুলেঃ বাৰু! তেনে হলে গাৰুৰ তলতে পয়সা আছে কিবা কিবি আনিবলৈ দে আৰূ ৰান্ধনি ঘৰত কিবা আছে দুইও খা গই। (ইতি প্ৰস্থান। )
জয়ন্তীঃ সখি! ময় একেবাৰে ঘৰত আইৰ আগত কই আহোঁগই। দেই।
নবমীঃ বাৰু সখি! যোয়া সোনকালে আহিবা। (ইতি নিষ্ক্ৰান্তাঃ)

তৃতীয় দৰ্শন

[সম্পাদনা কৰক]
 
কামদেবৰ বাটী

কামদেব আৰু ৰামচন্দ্ৰৰ প্ৰবেশ।

কামদেবঃ বন্ধো! ময় সিদিনা কবৰে পেৰা তুমি যে নবমীৰ পৰা মন পালটাইছা ইয়াত ভাল পাইছোঁ।
ৰামচন্দ্ৰঃ হয় বন্ধো! সি মিচা। এতেকে তেনে কৰ্ম্ম কৰা ভাল নহয়। (৫৫)
কামঃ ময় তোমাক কওঁ বন্ধু। তেনে কৰ্ম্মত বিশেষতঃ নবমীত পাপ আছে।
ৰামঃ তোমাৰ আশীৰ্ব্বাদত যে বন্ধু মনৰ গতি লৰিল ইয়াত সন্তুষ্ট হইছোঁ।
কামঃ তোমাত কওঁ বন্ধু! মই সত্যে কইছোঁ তোমাৰ সেই পাপৰ কাৰ্য্যৰ পৰা মন পালটন হোয়াত বৰ সন্তোষ পাইছোঁ। ই বৰ পাপ জনক কাৰ্য্য।
ৰামঃ হয় বন্ধু! ময়ও সন্তোষ পাইছোঁ। কি পাপৰ কাৰ্য্য!
কামঃ বিধবাত পতিত হোয়া।
ৰামঃ অন্যান্য ৰূপে হলে বিধবা কি সধবা পতিত হলেই পাপৰ খালত উঠিব নোয়াৰাকৈ পৰিব লাগে। আৰু মোৰ বিবেচনায় হলে সধবা চোয়ালীয়ে সইতে ব্যভিচাৰ কাৰ্য্য বিধবা অপেক্ষা বৰ দূষ্য! কিয়নো তাৰ পৰা এজনৰ হানি হয়। বিধবাত তেনে নহয়। বিশেষ যদি যুক্তি অনুসাৰে স্বামী ভাৰ্য্যাৰ দৰে ক্ৰিয়া হই স্থিৰ থাকা যায় অথবা বিধিমতে বিবাহ কৰোয়া যায় তেনে হলে নীচেই দোষ নাই। কিয়নো বিধবা বিবাহ শাস্ত্ৰ বিহিত।
কামঃ বিধবা বিবাহ শাস্ত্ৰ বিহিত। ৰাম! ৰাম! ইখন নো শাস্ত্ৰ ইমান দিন কত আছিল?
ৰামঃ বিধবা বিবাহৰ মত বহুকালৰ পৰা আছে। পৰাশৰ মুনিৰ বচন আছে। সংহিতাত পায়। কেবল ইমত সাধাৰণ মতে চলিত নাই। প্ৰথম সহগমন, দ্বিতীয় ব্ৰহ্মচৰ্য্য, তৃতীয় বিবাহ। েই তিন বিধ স্বামী হীন হলে তিৰোতাক শাস্ত্ৰকাৰ সকলে উপায় দিছে। সহগমনতো এতিয়া হবই নোয়াৰে। ব্ৰহ্মচৰ্য্যব্ৰত কৰি থাকাও অতিশয় কঠিন। কিয়নো , এতিয়া আমাৰ (৫৬) বল বুদ্ধি সকলো কম সুতৰাং বিবাহ প্ৰশস্ত। যদি বিধবা বিবাহ ঈশ্বৰৰ অভিপ্ৰেত নহল হেঁতেন স্বামী হীন হোয়া মাত্ৰেই কাম প্ৰবৃত্তি একেবাৰে তিৰোতাৰ গলহেঁতেন--সিটোতো নহয়।
কামঃ শাস্ত্ৰত থাকিলেও দেশাচাৰ নাই।
ৰামঃ দেশাচাৰ! ইঃ দেশাচাৰ! দেশাচাৰনো কি? ইনো লৰ হোয়া নাইনে! সৰহৰ কথাও নকওঁ আমাৰ পিতামহৰ দিনৰ দেশাচাৰ আৰু এতিয়াৰ দেশাচাৰ কিমান লৰ চৰ চোয়াচোন। দেশাচাৰ এনে গম নোপোয়ালৈ লৰ হব লাগিছে যে কবৰ ঠাই নাই। বহু দিনৰ মূৰতহে গম পায়। বিশেষ বিধবা বিলাকে তলে তলে ছল লই লই বহু পুৰুষে সইতে সহবাস কৰা, ভ্ৰুণ হত্যা কৰা কেনে পাপ। তাতকৈ এজনৰ যেনে ভাবে হওক, পাণীগ্ৰহণ বৰ আবশ্যক আৰু তাৰ পৰা বহু উপকাৰ আছে। পাপ নীচেই নাই।
কামঃ তেনে হলে ভাৰ্য্যা স্বামীৰ স্নেহ কমিব।
ৰামঃ আমাৰ দেশৰ বামুনৰ মাজতহে নাই। অপৰ অপৰ জাতিৰ এই নিয়ম আছে আৰু পৃথিৱীৰ অধিকাংশ জাতিৰ মাজত এই নিয়ম আছে। তাহাতৰনো কি হানি হইছে? কি স্নেহ কমিছে? স্বামীহীনা হলে তিৰোতা বিলাক অধিকাৰ নোহোয়া হয়। সকলোয়ে আশা কৰে। বিশেষ পুৰুষ বিনা সংসাৰ যাত্ৰা তিৰোতা বিলাকে আচৰিব নোয়াৰে। বহু কাৰ্য্যত পুৰুষৰ সহায়তা লাগে। এই সহায়তা লওঁতে সেই পুৰুষে সইতে সেই স্বামী হীনাৰ আলাপাদি হয়, তাৰ পৰা ক্ৰমে দুৰ্ঘটনা হয়। বিশেষ কোন বিধবাৰ কাৰ্য্য কৰোঁতে প্ৰায় বিলাকৰ শেষ অভিপ্ৰায় এই হয় যে (৫৭) তাইৰ সৰ্ব্বস্ব অধিকাৰ। অন্যৰ দ্বাৰা সন্তোষ নহয়। বিধবা বিলাকেও সংসাৰ যাত্ৰা নিৰ্ব্বাহ অসুবিধা অসহ্য বোধ কৰি জ্ঞানাভাব প্ৰযুক্ত অগত্যা সুখাভিলাষিণী হই, সেই শেষ অভিপ্ৰায়ত মান্তি হয়! হলেই খাল পৰিল এবাৰ এজনৰ দ্বাৰা তেনে হলে পিছলৈ লজ্জা ভয় সকলো যায়, গলে সংখ্যা অধিক হয়, এই ৰূপে দুষ্ক্ৰিয়া বৃদ্ধি হয়। আৰু যদি তাতে গোপনীয় কাৰ্য্যত ঈশ্বৰৰ ঢোল বজোয়া হয় অৰ্থাত্ তীৰোতা জনীৰ গৰ্ভ হয় তেনেহলে তাক নষ্ট কৰে। এই ৰূপে দেশত পাপৰ সংখ্যা ক্ৰমশ বৃদ্ধি হব লাগিছে। অধিক কি এনে দেশ তললৈ যাব লাগিয়া হল। এতেকে বিধবাৰ বিবাহ হলে সেই সকলোৰো দুয়াৰত হেঙ্গাৰ বন্ধা হয়। বিধবা বিলাকৰ দুখৰ কথা স্মৰণ কৰিলে আৰু দেখিলে শুনিলে হৃদয় বিদীৰ্ণ হয়।
কামঃ বিধবাৰ বিয়া হলে জানো তেনে কাৰ্য্য নেথাকিব?
ৰামঃ থাকিব পাৰে! কিন্তু সংখ্যা অতি কম। তেতিয়া ওপৰত কোয়া নিয়মৰ দৰে দুষ্ক্ৰিয়াৰ জন্য তিৰোতা বাধিতা নহব। আৰু যি হয় কেবল দুষ্ক্ৰিয়াশক্তিৰ পৰা হব। ইয়াক নিৰ্ম্মূল কৰিবৰ উপায় আমাৰ বহু আছে।

জীকাফুলিৰ প্ৰবেশ।

জীকাঃ (ৰামচন্দ্ৰৰ প্ৰতি) দেকা দেও! বোয়াই মাতি পঠিয়াইছে। কেঁয়াপটীৰ পৰা হুনু কিবা কিনি আনি দিব লাগে।
ৰামঃ আজি কেঁয়া হঁতৰ ৰাম-নবমী। বাৰু যাওঁ যা। বৌৰ আগত কগই বোলে হেনে ময় আজি তাত ভাত খাম। (৫৮)
জীকাঃ আই দেওয়ে আজি নবমী আইটীউৰৰ ঘৰত খাব।
ৰামঃ হওক যা! তেও তয় কগই। বোলে হেনে আজি ৰাম-নবমী। নুখুয়ালে কেঁয়া পটিলৈ নেয়াওঁ আৰু ককাইলৈ লেখি পঠাম যে আমি খুজিও ভাল নোপোয়া হলোঁ।
জীকাঃ বাৰু ডেকা দেও! সোনকালে মাতিছে। (জীকাফুলীৰ প্ৰস্থান)
কামঃ বোঁয়াই সইতে বন্ধু! ভাল কথা কোয়া।
ৰামঃ মোৰ বৌ ভাল। ৰসিক আছে! কথা কলে বুজে, যি নুবুজে সিহে খং কৰে। এনে জনা মানুহ পাবলৈ নাই বন্ধু! ককাইক এনেহে ভক্তি কৰে কবৰ ঠাই নাই। বন্ধু! বাৰু এতিয়া ময় যাওঁ।
কামঃ বাৰু বন্ধু। (নিষ্ক্ৰান্তাঃ। )

চতুৰ্থ দৰ্শন

[সম্পাদনা কৰক]
নবমীৰ শয়নাগাৰ

জয়ন্তী আৰু নবমীৰ প্ৰবেশ।

অন্য ব্যঞ্জন প্ৰস্তুত।

জয়ন্তীঃ সখি! কিমান ৰাতিনো কোন পিনে আহে?
নবমীঃ ৰাতি ডেৰ পৰমান মৰাত পিছ দুয়াৰেৰে আহি মোৰ দুয়াৰত টিকিলী মাৰিলেই ময় দুয়াৰ মেলি দিওঁ। ইপোনে এপৰ মান থকাতে যায়। (৫৯)
জয়ন্তীঃ তেন্তে তোমালোকৰ ৰাতি ভালকৈ শোয়া নহয়?
নবমীঃ মোৰ হলে তেওঁ নাহে মানে আগে টোপনী নাহিছিল। বিছনাত শয্যাকণ্টক হইছিল। কিন্তু এতিয়া তেওঁৰ আহিবৰ সময় জানি সাঁজতে এফেৰিমান শোঁও। পিছে ইপোনে বেলি এপৰ মানতহে উঠোঁ। আই উৰুয়েও নেমাতে বোলে ছোয়ালী মানুহ শুইছে শোয়ক।
জয়ন্তীঃ বেলিলই যে শোয়া তাক জানো। ময় সেই দিন কেইবাৰ আহি উভতি গইছোঁ। তেওঁ মৰম কৰেনে? এতিয়া কিবা শিকাব লাগেনে? (নবমী লজ্জায় নম্ৰমুখী)
নবমীঃ প্ৰায় আহিবৰ সময় হইছে।
জয়ন্তীঃ বাৰু আহক দিয়া ভাই শহুৰ নহয়।
নবমীঃ (দুয়াৰত টিকিলী শুনি) সখি! আহিছে দুয়াৰ মেলি দিওঁ। (নবমীৰ প্ৰস্থান আৰু উভয়ৰ প্ৰবেশ)।
নবমীঃ সখি! দেখা নাইনে?
ৰামঃ থাওক দিয়া বৌ হয়।
জয়ন্তীঃ বপা! তুমি মোৰ তাত ভাত খাব খুজিছিলা। ইয়াতে আজি খোয়া। সখিয়ে ময়ে দুইও একে লগে ৰাতিকৈ ভাত খাম বুলি অনাই থইছোঁ। তুমি খোয়া, সখিয়ে প্ৰসাদ খাওক, মই বাঢ়ি দিওঁ। তেহে মোৰ মনত ৰং হব আৰু হাবিলাষ পলাব।
ৰামঃ তেওক মোৰ প্ৰসাদ দিব নালাগে। বৰঞ্চ--
(নবমীয়ে ভাত আগবঢ়ায় দিলে)
জয়ন্তীঃ তেনে কব নেপায়। খোয়া। (৬০)
ৰামঃ কেঁয়া পটীৰ পৰা আহি একো খোয়াও নাই ভোকে লাগিছে।
জয়ন্তীঃ ময় নহা হলে আজি লঘোনে থাকিলাঁহেতেন।
ৰামঃ তুমি ইয়ালৈ নহা হোয়া হলে ময় তোমালোকৰ তাত খালোঁহেঁতেন। আৰু। নাখালেও সখিয়েৰ তেনে নহয় সখিয়েৰৰ মুখামৃত পান কৰিলেই ভোক গুছে।
জয়ন্তীঃ আৰু ৰসিকালী কৰিব নেলাগে আমাৰ অৰিসকা নহয়। খোয়া। (আচ্ছাদিত স্থানত ৰামচন্দ্ৰৰ অন্নাদি ভোজন অনন্তৰ নবমীৰ পাত্ৰাবশিষ্ট ভোজন আৰু পুনঃ প্ৰবেশ)।
জয়ন্তীঃ এতিয়া দুয়ো একেলগে বহা ময় দেখি হাবিলাষ পলুয়াও।
ৰামঃ বাৰু! বহিলোঁ।
(ৰামচন্দ্ৰ এবং নবমীৰ একাসনে উপবেশন)
জয়ন্তীঃ যথাৰ্থ ৰাম-নবমী! সখি এই ৰূপ দেখি আজি মোৰ মন তুষ্ট হল। এতিয়া মোৰ মৰিলেও হানি নাই। ময় নেজানিছিলোঁ যে এনে দেখিম। বপা থাকা! মখি থাকা। ময় আমইত খুজি কেইটামান ভাত খাওঁ গই ইয়াৰ পৰা আৰু চুয়া খন উলিয়াই দিওঁ।
নবমীঃ সখি! ই চুয়া তোমাৰ চুব নেলাগে ৰাতিপুয়া উলিয়াই দিম।
জয়ন্তীঃ নহয় ময় দিওঁ। তেহে মোৰ মনত তৃপ্তি জন্মিব।
নবমীঃ কি বুলিনো ভাত খুজি খাবা গই।
জয়ন্তীঃ বোলোঁ আমই! মই খাবলৈ বহিছিলো এনেতে ওপৰৰ পৰা এটা জেঠীয়ে মূতি দিলে। বিকচিনা লাগিল। খাবও নোয়াৰিলো ভোকো আছে! আপুনি দিব তোমালোক থাকা। খাই বই ময় ঘৰত শুম গই। (৬১)
নবমীঃ নহয় সখি! তুমি আজি ইয়াত শুব লাগিব।
জয়ন্তীঃ হয় তোমালোকে ঘীউ মৌ খোয়া মই ইয়াতে আঙুলি চুহি থাকোঁ।
ৰামঃ তেনে হলে বৌ তুমি বাত খাই আহাগই ময় যাম।
জয়ন্তীঃ বাৰু! পিছে যি হয় হব এতিয়া বঁহা ময় খাওঁ গই। (জয়ন্তীৰ প্ৰস্থান। )
ৰামঃ প্ৰিয়ে শোয়াগই যোয়া! হাময়াইছা দেখোন। টোপনীয়ে জোকাইছেনে কি? অইন দিনা দেখোন ইমান ৰাতি নোশোয়া।
নবমীঃ টোপনী তেও তুমি হে!
ৰামঃ প্ৰিয়ে! সখিয়েৰ সেই খাই বই উঠি আইৰ লগত সাধুকথা শুনিছে। ময় এতিয়া যাওঁ। তোমালোক শোয়া, সখিয়েৰ ইয়াত নুশুলে লোকে বেয়া বুলিব।
নবমীঃ কি আৰু বুলিম? ময় সখিক মাতি আনি একে লগে শুওঁ। (ইতি নিষ্ক্ৰান্তাঃ)

পঞ্চম দৰ্শন

[সম্পাদনা কৰক]
ফুলনী সৰোবৰৰ ঘাট
সোণাফুলী আৰু মঙ্গলুৰ প্ৰবেশ।

মঙ্গলুঃ আজি নেপাইছোঁ? এতিয়া কি চেলাবা?
সোণাফুলীঃ পৰিমৰা নষ্ট যোৱা। কিবা হল এইটোৰ?
মঙ্গলুঃ বাৰু! কচোন তয় কাক দৰব কৰিবলৈ সয়ন্দ্ৰীক কইছ? (৬২)
সোণাফুলীঃ তোৰ বাপেৰৰ মুখত-- দিয়ক বহি কি কওয়।
মঙ্গলুঃ নহয় নাটেশ্বৰী কোয়া, মোৰে শপত কোয়া।
সোণাঃ হেৰ কি কম?
মঙ্গলুঃ কাকনো দৰব কৰিব খুজিছ?
সোণাঃ কোনেনো কইছে। সয়ন্দ্ৰীয়ে কব পাৰিব নে তাই এই দৰে মিচা কথা কই মিচা ফাকটী কৰি খাই ফুৰে। তাই শপত খাই কব পাৰিব নে।
মঙ্গলুঃ তাই মোৰ শপত খাই কইছে।
সোণাঃ তোৰ যেনে সুধিবৰ ঠাট তাইৰো তেনে কবৰ ঠাট। তোৰ কিবা হলেনো তাইৰ কি হব?
মঙ্গলুঃ নহয় তাই ভাল মানুহ।
সোণাঃ হওক দিয়া ময় দৰব কৰিছোঁ। কিনো হল?
মঙ্গলুঃ আয়ে কোয়া কথানো নহবনে?
সোণাঃ তয় যেতিয়া যম পুৰীলৈ যাবি তেতিয়া হব।
মঙ্গলুঃ ময় গলে হল কি নহল। এবাৰ আমাক অনুগ্ৰহ কৰিবা?
সোণাঃ যমে কৰিব যা।
মঙ্গলুঃ তোমাৰ অনুগ্ৰহ আৰু নিগ্ৰহ ইয়াতে মোৰ যম আছে।
সোণাঃ আৰু চেলাব নেলাগে দিয়া। ময় যাও সাঁজ লাগিব।
মঙ্গলুঃ সাঁজ লগাত তো ভাল হইছে। লাগক দে। আহাঁ।
সোণাঃ তোৰ চধ্যেও পুৰুষৰ মূৰত ময় নাযাওঁ।
মঙ্গলুঃ অঃ তয় দেখোঁ বৰ সাহ পাই গলি। ৰঃ কোন বাপেৰেনো ৰাখে। সিহঁতক মৰম নকৰ্ ৰাখহি মাত? ময় আকৌ ভালক প্ৰতি কওঁ সন্ধ্যা লাগিছে। এই আকৌ গালি পাৰে।
সোণাঃ তাকে নকঅ কিয়। তয় দেখো আকৌ বিগতি কৰ। (৬৩)
মঙ্গলুঃ তুমি মোক উদ্ধাৰ কৰা। আজি যদি নকৰ তেন্তে চাবি?
সোণাঃ কিবা চাম। মেখেলাৰ কানিৰ পানীৰে বাপেৰ মাৰৰ তৰ্পণ কৰিবি নে কি।
মঙ্গলুঃ অঃ দেখোঁ বৰ সাহ পাই গলি। বাৰু দিয়নে নিদিয় পাৰোঁনে নোয়াৰোঁ চাওঁ। (বলত্কাৰোদ্যোগ)
সোণাঃ ঔ বাই! ধৰ! ঔ বাই! ধৰ! মোক খাই ঔ!
নেপথ্যৰ পৰাঃ সোণাফুলী চাইছো বয় নেখাবি।
মঙ্গলুঃ ভাল সাৰিলি যা আজি। পাম যা দিন কাল আছে। (ইতি প্ৰস্থান)
সোণাঃ ভাল ৰক্ষা পৰিলোঁ আজি বুপাই! এই নষ্ট যোয়াই দেখো সৰ্ব্বনাশ কৰিব খুজিছিল। গিৰিহঁতৰ আগত কই দিওঁ ৰঃ! হয় তয়েই থাক নহয় ময়েই থাকো বাৰু যা। (ইতি প্ৰস্থান। )

চতুৰ্থ অঙ্ক সমাপ্ত (৬৪)
[ ওপৰলৈ যাওক]