সদস্য:Boranitul/নীলাম্বৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নীলাম্বৰ
লেখক প্ৰসন্নলাল চৌধুৰী
এখন বুৰঞ্জীমূলক নাটক

সাঁচ:নীলাম্বৰ

চৰিত্ৰসমূহ পুৰুষ

  • নীলাম্বৰ : কমতাপুৰৰ ৰজা। (বয়স কম, সুশ্ৰী আৰু সুন্দৰ)
  • শচীপাত্ৰ : কমতাপুৰৰ প্ৰধান মন্ত্ৰী। (বুঢ়া বয়স, ব্ৰাহ্মণ)
  • মনোহৰ : কমতাপুৰৰ সেনাপতি। (শচীপাত্ৰৰ পুতেক, ৰূপৱন্ত, ডেকা, নীলাম্বৰৰ সমান বয়সীয়া)
  • নন্দ : কমতাপুৰৰ অন্যতম সেনাপতি। ছদ্মবেশী পাল বংশৰ কুমান, কূটপ্ৰকৃতি, বয়স নীলাম্বৰৰ সমান)
  • সাধুচৰণ : কমাতাপুৰৰ ৰাজ বিষয়া। (বয়স আদহীয়া)
  • চন্দ্ৰকুমাৰ : সন্ন্যাসীবেশী নন্দৰ সাহাৰ্য্যকাৰী।
  • কালীচৰণ : নন্দৰ অনুচৰ, ভীষণ প্ৰকৃতি।
  • হোছেন চাহ : গৌৰৰ বাদচাহ। (জাতিত পাঠান, দীঘল নাক, দীঘল চকু, উজ্জ্বল বৰণ, ভোগ-পুষ্ট শৰীৰ, পৰিণত বয়স)
  • ফৰিদ খাঁ : গৌৰৰ সেনাপতি। (ডেকা বয়স)
  • ৰজাসকল, বিষয়াসকল, ৰাজদূতসকল, ব্ৰাহ্মণবিলাক, ভৱানী মন্দিৰৰ পূজাৰী, ছত্ৰ-চামাৰধাৰীবিলাক, ৰাজকবি, নেপালৰ কটকী, ভুটানৰ কটকী, মণিপুৰৰ কটকী, ব্ৰাহ্মণকুমাৰসকল, কমতাৰ সৈন্যসকল, গৌৰৰ সৈন্যসকল, কমতাৰ নগৰীয়াবিলাক, দূত, প্ৰহৰী আদি ।

স্ত্ৰী

  • সুনীতি : নীলাম্বৰৰ মাক, বয়সস্থা।
  • চন্দ্ৰাৱলী : নীলাম্বৰৰ ৰাণী। ধীৰ প্ৰকৃতি, সুন্দৰী।
  • ললিতা : সাধুচৰণৰ জীয়েক, ৰাণীৰ সখীয়েক, চঞ্চল প্ৰকৃতি।
  • ৰাজিয়া : গৌৰৰ বেগম। সুন্দৰী, আদৰুৱা, ভাবপ্ৰৱণ স্বভাৱ।

নৰ্তকীবিলাক, পুৰনাৰীবিলাক, কুমাৰীবিলাক, ৰাণীৰ সখীসকল।

সূচী

প্ৰথম অঙ্ক[সম্পাদনা কৰক]

প্ৰথম দৃশ্য[সম্পাদনা কৰক]

সময় -অতি প্ৰত্যুষ[সম্পাদনা কৰক]

(কমতাপুৰৰ অভিষেক মণ্ডপ। চন্দ্ৰাতপৰ তলত মৰ্মৰ বেদীৰ ওপৰত ৰাজ সিংহাসন। নামনিত- দুই কাষে নিয়ন্ত্ৰিত ৰজাসকল, বিষয়াসকল, ৰাজদূতসকল, সভাসদসকল আৰু ব্ৰাহ্মণবিলাক। এফালে সূক্ষ্ম আঁৰ-কাপোৰৰ সিফালে পুৰনাৰীসকল। শচীপাত্ৰই একে ধ্যানে আকাশৰ ফালে চাই আছিল। ভিতৰত কোমল যন্ত্ৰসংগীত হৈ আছিল, লাহে লাহে মাৰ গ'ল।)

  • শচীঃ- কি সুন্দৰ! এতিয়াও সূৰ্যকিৰণ আহি পৃথিৱী পোৱাহি নাই। সুখ-সপোনৰ ৰেখাবোৰ এতিয়াও নীলিমাৰ সোঁতত পমি যোৱা নাই। নৈশ উত্সৱৰ কোমল বীণা ক্লান্ত হ'ই এই নীৰৱতাৰ বুকুত মিলি গ'ল। কি মধুৰ ! কি পৱিত্ৰ লগ্ন! ভগৱান! তোমাৰ নয়নৰ সৌম্য জেউতিৰে এই অভিষেক-সজ্জা উদ্ভাসিত কৰা। অৰুণৰ তৰুণ বিভাৰে সৈতে সৌভাগ্যৰ সোণালী পদ্ম-ৰেণুৰে এই নবীন ৰাজমুকুট মণ্ডিত হওক!

(ভিতৰৰ শঙ্খধ্বনি হ'ল, সম্মুখত খোলা তৰোৱাল লই নন্দ আৰু মনোহৰ আহিল। তাৰ পাছত নীলাম্বৰ আৰু চন্দ্ৰাৱলী, ছত্ৰ-চামৰধাৰীবিলাক আৰু সকলোৰে শেষত সশস্ত্ৰ শৰীৰৰক্ষীবিলাক আহিল। নীলাম্বৰ অহা মাত্ৰে সকলোৱে থিয় হৈ সন্মান দেখুৱালে। তেওঁলোক বহাৰ লগে লগে সকলো বহিল।)

  • নীলাঃ - (মনতে) আজি মোৰ জীৱনত কি অভিনৱ দিন! অথচ ক'ব নোৱাৰোঁ, কিয় মোৰ মন এনে লাগিছে! মই যেন সকলোকে এৰি বনবৰাগী হৈ কৰবালৈ গুচি যাম! (মালা আৰু নিৰ্মালি ল'ই ভবানীমন্দিৰৰ পূজাৰী আহি)
  • পূজাৰীঃ- মহাৰাজৰ জয় হওক!

(পূজাৰীয়ে ৰঙা সেন্দুৰৰ ফোঁট ৰজা আৰু ৰাণীৰ কপালত দি মূৰত মালা আৰু নিৰ্মালি দি সসভ্ৰমে নামি আহি নিজ আসনত বহিল। লগে লগে পুৱাৰ পোহৰে অভিষক মণ্ডপ উপচি পৰিল। ৰাজছত্ৰ মুকলি হ'ল। দূৰত ৰণবাদ্য বাজিল। আঁৰ কাপোৰৰ সিফালৰ পৰা হাতধৰি দুজনী লগত লই ৰাজমাতা সুনীতি আহিল। তেওঁক দেখি সকলো থিয় হল, আৰু যেতিয়া তেওঁ সকলোকে উদ্দেশ্য কৰি হাতযোৰ কৰিলে তেতিয়া সকলো বহিল।)

  • সুনীতিঃ- বত্স নীলাম্বৰ! কামৰূপৰ শিৰৰ মণি যেন নতুন প্ৰাগজ্যোতিষ, তোমাৰ পিতৃ-পুৰুষৰ গৌৰৱৰ লীলাভূমি কমতাপুৰৰ ৰাজদণ্ড আজি তোমাৰ হাতত। খেন বংশৰ আদি পুৰুষৰ পবিত্ৰ সিংহাসনে আজি তোমাক কোলাত লই গৰ্ব অনুভৱ কৰিছে। বংশৰ কুলদেৱতা সকলে প্ৰসন্নমনে তোমাক আশীৰ্বাদ কৰিছে। কমতাৰ ৰাজলক্ষী অচনলা হৈ তোমাৰ অঙ্কত শোভা পাওক। পুত্ৰ বুলি মোৰ পৰা যি পাব লগা, তাক সদায় পাই আহিছা, আজি ৰজা বুলি তোমাৰ পাপ্য গ্ৰহণ কৰা। ৰাজমাতা হলেও মই আজিৰ পৰা তোমাৰ প্ৰজা। কামৰূপৰ একছত্ৰ ৰাজশক্তিৰ আগত মূৰ দোঁৱাই একান্ত ৰাজভক্তি জনাইছোঁ।

(সুনীতিয়ে আঠ লয়। নীলাম্বৰ আৰু চন্দ্ৰা সিংহাসনৰ পৰা নামি আহি, আগত হাতযোৰ কৰি আঁঠু লয়। সুনীতিয়ে দুয়োৰো মূৰত হাত দি কল্যাণ কামনা কৰি নিজ ঠাইলৈ যায়।)

  • শচীঃ- মহাৰাজ নীলাম্বৰ! কমতাপুৰৰ প্ৰাচীন মন্ত্ৰী, শচীপাত্ৰই আজি আপোনাৰ ৰাজত্বৰ প্ৰথম মূৰ্হুত্বতে, তাৰ চিৰ সঞ্চিত ৰাজভক্তি জনাইছে। মাতৃ ভবানীয়ে আপোনাক অজেয় দিগ্বিজয়ী কৰি, নৰক ভগদত্তৰ দৰে কীৰ্তিশালী, বাণ, ভীষ্মকৰ দৰে ভাগ্যৱান আৰু শঙ্কল, ভাস্কৰৰ দৰে প্ৰতাপী কৰক। কামৰূপৰ মহাগৌৰৱৰ সূচনা হওক, এয়ে মোৰ ভগৱন্তৰ ওচৰত একান্ত প্ৰাৰ্থনা।
  • নীলঃ-ময়ো প্ৰাৰ্থনা কৰোঁ, কামৰূপৰ পিতৃপ্ৰতীম মহামন্ত্ৰীৰ আশীৰ্বাদে আমাৰ ওপৰত ভৱিষ্যদ্বাণী হওক।
  • নন্দঃ-কমতাৰ ৰাজলক্ষ্মীৰ একান্ত অনুগত, এই সেৱকে আজি কামৰূপৰ সিংহাসনৰ আগত তাৰ জন্মগত, অব্যভিচাৰী ভক্তি জনাইছে। আজি অতি দীন হলেও, এই হৃদয়ৰ ভক্তিত, এই বাহুৰ শক্তিত যেন আমাৰ অন্তৰৰ গোপনতম সাধনাৰ বস্তু, পিতৃ-পিতামহৰ পূজাৰ প্ৰতিমা কমতাৰ ৰাজশ্ৰীয়ে, সকলো চক্ৰান্তকাৰীৰ হিয়া কঁপাই, অন্যায়ৰ আস্ফালন স্তব্ধ কৰি, জগতৰ চকুত উজ্জ্বল হৈ উঠে। যেতিয়ালৈকে ঘাতৰ সলনি প্ৰতিঘাত আছে, উত্থানৰ পাচত পতন আছে, অন্যায় অত্যাচাৰৰ ঠাইত প্ৰতিশোধ আছে, তেতিয়ালৈকে এই হিয়াৰ তেজ কামৰূপৰ নিমিত্তে, কোষৰ অস্ত্ৰ ন্যায়ৰ প্ৰতিপালক ৰাজবংশৰ নিমিত্তে, সকলো শক্তি সম্বল এই সিংহাসনৰ নিমিত্তে।

(তৰোৱাল উলিয়াই, আঁঠু লৈ সিংহাসনৰ ভেঁটি স্পৰ্শ কৰাই পিচত নিজৰ কপালত লগাই সেৱা জনাই নিজৰ ঠাইলৈ গ'ল।)

  • মনোঃ-কামৰূপৰ পবিত্ৰ সাম্ৰাজ্যৰ চিৰভক্ত এই সেৱকে আজি এই শুভদিনত, এই মহান যজ্ঞভূমিত, ৰজা-প্ৰজাৰ সন্মিলিত মহাশক্তিক সাক্ষী কৰি, তাৰ অন্তৰৰ অবিচল, গভীৰ আৰু একান্ত ৰাজভক্তি বাক্যেৰে প্ৰকাশ কৰিছে।

(নন্দই কৰাৰ নিচিনাকৈ সেৱা জনাই নিজ ঠাইলৈ গল। নেপালৰ কটকী আহি আঁঠু লই উপহাৰ যাচিলে।)

  • নে-কটকীঃ-মহা মহিমান্বিত নেপাল ৰাজ্যৰ ৰাণা ভীম চমচেৰ জং ৰাজাধিৰাজ বাহাদুৰে মহাৰাজৰ অভিষক মহোত্সৱ উপলক্ষে কিঞ্চিত্ সন্দেশ পঠিয়াইছে।
  • শচীঃ-মহাৰাজে সাদৰেৰে গ্ৰহণ কৰিছে।

(নেপালৰ কটকীয়ে আসন লয়। ভূটানৰ কটকী আহি আঁযু লই উপহাৰ যাচিলে।)

  • ভূ-কটকীঃ-ভূটানৰ অধীশ্বৰ দেৱবংশী ইনকাল বাহাদুৰে মহাৰাজ পাটত উঠা বাতৰি পাই প্ৰীতিভাৱে কিছু সন্দেশ নিবেদন কৰিছে।
  • শচীঃ-মহাৰাজে সাদৰেৰে গ্ৰহণ কৰিছে।

(ভূটানৰ কটকীয়ে আসন লয়। মণিপুৰৰ কটকীয়ে আঁঠু লৈ উপহাৰ যাচে।)

  • ম-কটকীঃ- পাণ্ডৱ বংশী মহাবলী মণিপুৰ নৃপতিয়ে মহাৰাজৰ শুভ অভিষেক উপলক্ষে কিছু সন্মানী পঠাইছে।
  • শচীঃ- মহাৰাজে সাদৰেৰে গ্ৰহণ কৰিছে।

(কটকীয়ে নিজ আসন লয়। হাতত মালা লই ব্ৰহ্মাণ কুমাৰসকলৰ প্ৰৱেশ)

                                                         গীত
                                    এই সুন্দৰ, এই মনোহৰ, এই উজ্জ্বল বৰণী,
                                      নৱ পৰিমল শত শত দল গন্ধ বিধুৰ ধৰণী,
                                     এই যে মধুৰ সূৰ্যকিৰণ, গভীৰ স্নিগ্ধ ছায়া,
                                আকাশে পৱনে সাগৰে ভুবনে অপৰূপ নৱ মায়া,
                                             দিব নিতে আনি নতুন মাধুৰী
                                                   হ'ব দুনয়ন মোহিনী।
                                 এই যে নীৰৱ চন্দ্ৰকিৰণ, পুলকিত ফুল গন্ধ
                                   বন-নিৰ্ঝাৰ বিৰচিত চাৰু চঞ্চল মধুছন্দ,
                                           গোপনে ঢালিব অমিয়া লহৰী
                                                    নন্দন বন বাহিনী।
                                  পূৰ্ণ ভুবন মথিত মাধুৰী উচ্ছল সুধা ধাৰা,
                                গন্ধে বৰণে গীতে আনন্দে আকুল আত্মহাৰ
                                      চোৱা, লোৱা আজি সাদৰি তোমাৰ
                                                ই ধাৰা যে আদৰিণী।
(ৰজা আৰু ৰাণীক মালা পিন্ধাই কুমাৰসকল যায়। এজন দূত আহিল)

  • দূতঃ- মহাৰাজৰ জয় হওক।
  • শচীঃ- কি সংবাদ ?
  • দূতঃ- প্ৰভু! পূব সীমান্তৰ প্ৰধান কৰ্মচাৰীৰ অশ্বাৰোহী আহিছে, এই তেখেতৰ চিঠি। (চিঠিৰ ঠগিখন মন্ত্ৰীৰ আগত থয়)
  • শচীঃ- (চিঠিখন আনি পঢ়ি চালে) কি সৰ্বনাশ! বাৰু তুমি এতিয়া যোৱা। (দূত যায়।)
  • নীলাঃ- কি বাতৰি মন্ত্ৰী মহাশয়?
  • শচীঃ- মহাৰাজে মন কৰিবলগা বিশেষ একো নহয়।
  • নীলাঃ- তথাপি ?
  • শচীঃ- এটা সাধাৰণ কথা। সীমান্তৰ কিছুমান ক্ষুদ্ৰবুদ্ধি অৰ্বাচীনে অলপ অশান্ত ভাব দেখুৱাইছে। তাৰেই কথা ৰাজ সমীপত নিবেদন কৰিছে। এইমাত্ৰ।
  • নীলাঃ- আপুনি বোধহয় অলপ পাতলাই কৈছে। বাৰু চিঠিখন মোক দিয়কচোন - (শচীপাত্ৰই চিঠি দিয়ে, নীলাম্বৰে পঢ়ি চালে) কি! সীমান্তত এটা প্ৰবল বিদ্ৰোহী দলে, তাৰ উত্সৱ মত্ত ৰাজসৈন্যক অতৰ্কিত আক্ৰমন কৰি অৰাজকতা আনিছে।
  • শচীঃ- হয়তো আমাৰ কৰ্মচাৰীৰ অসাৱধানতাত এনে হৈছে, তাৰ উপৰিও অলপ অতিৰঞ্জনো থাকিব পাৰে।
  • নীলাঃ- মোৰ বিশ্বাস- তেনে হোৱা নাই। সীমান্তত উপযুক্ত কৰ্মচাৰীয়ে আছে। বিদ্ৰোহৰ অৱস্থা নিশ্চয় গুৰুত্বপূৰ্ণ।
  • মনোঃ- কাৰ এনে দুঃসাহস হ'ব পাৰে ?
  • শচীঃ - সম্ভৱ এইটো পালবংশৰ জ্ঞাতি-কুটুম্ববিলাকৰেই কাম। সেই অঞ্চলত তেওঁলোক অলপ প্ৰবল।
  • নন্দঃ- কি মহাৰাজ নীলাম্বৰৰ ৰাজত্বত ইমান স্পৰ্ধা! আদেশ দিয়ক মহাৰাজ!
  • নীলাঃ- নহয়, এই কাম মোৰ। এই বিদ্ৰোহে মোৰ যোগ্যতাৰ পৰীক্ষা বিচাৰিছে। ভাল, অকল মোৰ তৰোৱালেই ইয়াৰ যোগ্য উত্তৰ দিয়া হব।
  • শচীঃ- মহাৰাজে নিজে এই ভাৰ লোৱাতকৈ, কৌশলেৰেও কাম সিদ্ধি হব পাৰে।
  • নীলাঃ - নহয় নহয়। মোৰ কথাৰ লৰচৰ নহব। যোৱা মনোহৰ, যোৱা নন্দ, মোৰ যাত্ৰাৰ আয়োজন কৰাগৈ। (নন্দ আৰু মনোহৰ যায়)
  • ৰাজকবিঃ-অল্পমতি ৰাজদ্ৰোহীহঁতে নাজানে যে, ন্যায়ৰ অগ্নিকুণ্ডৰ কাষত ৰাজ্যৰ শান্তিৰ কাৰণে, সশস্ত্ৰ নীলাম্বৰ সদায় সজাগ ৰক্ষক। এইবাৰ বুজিব, মহাৰাজে কেনেকৈ অৰাজকতাৰ উষৰ ক্ষেত্ৰলৈ বাৰিষাৰ জলপ্ৰপাতৰ দৰে নামি যায়; দেখিব তেওঁৰ তৰোৱালৰ প্ৰভাত আকাশৰ বিজুলীও স্তব্ধ হৈ ৰয়, কমতাৰ জয় পতাকাই সূৰ্য্য মণ্ডল ঢাকি ধৰে, কামৰূপৰ জয়ধ্বনিত নামি অহা বজ্ৰয়ো ভয়ত উলতি যায়। আহা! ই এটা সুন্দৰ কবিতাৰ বিষয়।

(সুনীতি আগবাঢ়ি আহিল)

  • সুনীতিঃ- আজিৰ দৰে শুভ দিনত তুমি নগৰ এৰি যোৱা ভাল হ'বনে? সামান্য বিদ্ৰোহ, তোমাৰ সেনাপতিয়ে সহজে দমাই আহিব।
  • নীলাঃ- নহয়, আই, মই যাবই লাগিব। কমতাৰ ৰাজলক্ষ্মীৰ পূজা এনেকৈয়ে আৰম্ভ হ'ব। এই বিদ্ৰোহে মোৰ ক্ষমতাত ঈৰ্ষা প্ৰকাশ কৰিছে, মোৰ যোগ্যাতাত সন্দেহ কৰিছে, মহাৰাজ নীলধ্বজৰ ভেঁটিত কুঠাৰ মাৰি দৃঢ়তা চাইছে। নিশ্চিত হোৱা আই, তোমাৰ আশীৰ্বাদত জয় বাদ্যেৰে সৈতে ঘূৰি আহি সিংহ দুৱাৰত থিয় হ'মহি। মোক বিদায় দিয়া আই।
  • শচীঃ- এয়ে নীলধ্বজৰ বংশধৰৰ যোগ্য কথা।
  • সুনীতিঃ- তেনে আৰু কি ক'ম! যোৱা বাছা, ঈশ্বৰ তোমাৰ সহায় হওক!
  • নীলাঃ- আৰু সময় নাই। মই এই মুহুৰ্ততে যাত্ৰা কৰিম। সকলোৰে ওচৰত বিদায় মাগিছোঁ। মোক আশীৰ্বাদ কৰা আই।

(নীলাম্বৰ গ'ল। চন্দ্ৰা সিংহাসনৰ পৰা নামি আহি সুনীতিৰ ওচৰত থিয় দিলে)

  • সুনীতিঃ- আজিৰ দৰে শুভ দিনত বিমঙ্গলীয়া বিদ্ৰোহৰ বাতৰি! অভিষেকৰ পুণ্য স্তোত্ৰৰ যেন হঠাত্ ছন্দ পতন হ'ল, নখৰ আঘাতত যেন আধা বজা বীণাৰ তাঁৰ ছিগি গ'ল।
  • শচীঃ- কিহৰ চিন্তা আই? নীলাম্বৰ সৰ্বজয়ী বীৰ। কাতৰ হৈছে কিয়?
  • সুনীতিঃ- মোৰ হিয়া বৰ অথিৰ হৈছে মন্ত্ৰী। বাছা মোৰ বৰ সুকুমাৰ, সি কেনেকৈ বিদ্ৰোহী শত্ৰুৰ মাজত অকলে যুদ্ধ চলাব?
  • শচীঃ- নীলাম্বৰ বীৰ। তেওঁৰ মাকৰ মুখত এনে কথাই শোভা নাপায়।
  • সুনীতিঃ- তুমি যিহকে নোকোৱা, মোৰ মনে কিন্তু প্ৰবোধ মনা নাই। যাওঁ, মাতৃ ভবানীৰ চৰণত প্ৰাৰ্থনা জনাওঁ গৈ।

(সুনীতি আৰু চন্দ্ৰা যায়। দৃশ্যপট পৰে)


দ্বিতীয় দৃশ্য[সম্পাদনা কৰক]

গৌৰৰ নৱাবৰ প্ৰাসাদ কক্ষ[সম্পাদনা কৰক]

(হোছেন চাহ আৰু ফৰিদ খাঁ)

poem>

  • হোছেনঃ- ইমান যত্ন কৰি গৌৰত শান্তি স্থাপন কৰিলোঁ। বল সঞ্চয় কৰিলোঁ, উৰিষ্যা জয় কৰিলোঁ, তথাপি বুকুৰ মাজত কি যেন এটা আপছোচ থাকি যায়। আজি পাঠানে কামৰূপ দখল কৰিব নোৱাৰিলে। দুবাৰ কৈ হাৰ মানিবলগীয়া হৈছে।
  • ফৰিদঃ- নতুবা আজি চীনৰ প্ৰাচীৰলৈ ইছলামৰ বিজয় পতাকা উৰিলেহেঁতেন।
  • হোছেনঃ- এতিয়া আৰু নীলাম্বৰৰ নেতৃত্বত কামৰূপে কেনে মূৰ্তি ধৰে ভাবিবলগীয়া হৈছে।
  • ফৰিদঃ- এতিয়া কি নীতি স্থিৰ কৰে? মিত্ৰতা নে ?
  • হোছেনেঃ- নহয় ! নহয় ! মিত্ৰতাৰ গম পালে, কবৰৰ ভিতৰতো মহম্মদ ঘোৰীৰ মৃতদেহে যান্ত্ৰণাত ধৰফৰাই উঠিব, লক্ষ লক্ষ পাঠানে বুকুৰ খুন দি অৰ্জা মান-গৌৰৱ, মূৰ্হুত্বতে জাহান্নামত বুৰ মাৰিব।
  • ফৰিদঃ- সঁচা; পাঠানে জয় কৰিবলৈ আহিছে। সন্ধি বা মিত্ৰতা কিহৰ?
  • হোছেনঃ- তেন্তে মাতা সেই হিন্দু ফকীৰক। কিবা সুবিধা হয় নেকি পৰীক্ষা কৰি চোৱা যাওক। (ফৰিদ ওলাই যায়)

সন্ধি বা মিত্ৰতা কিহৰ! চাচ্চা বাত ! জয় লাগে, ইচলামৰ বিস্তাৰ লাগে। নহ'লে বাদচাগিৰী কিহৰ! (ফৰিদ আৰু সন্ন্যাসী চন্দ্ৰকুমাৰ আহিল)

  • ফৰিদঃ- এয়ে সেই হিন্দু ফকীৰ জাহাপনা। (চন্দ্ৰকুমাৰে সেৱা জনায়)
  • হোছেনেঃ- তুমি কমতাপুৰৰ পৰা আহিছা?
  • চন্দ্ৰঃ- হয় জাহাপনা। (চন্দ্ৰকুমাৰে সেৱা জনায়)
  • হোছেনঃ- ৰাজ্যত কিবা অভাৱ অনাটন আছেনে ?
  • চন্দ্ৰঃ- নাই সম্প্ৰতি। ধনে সম্পদে উভৈনদী বুলিব পাৰি।
  • হোছেনঃ- বাৰু ৰজা আৰু প্ৰজাৰ মাজত কিবা বিৰোধ আছেনে?
  • চন্দ্ৰঃ- একো নাই।
  • হোছেনঃ- তেন্তে প্ৰজাই প্ৰজাই কিবা দলগত বিৰোধ আছে নে?
  • চন্দ্ৰঃ- সামান্য আছে। কনৌজৰ পৰা অহা ব্ৰাহ্মণ আৰু কায়স্থৰ লগত পুৰণি সমাজৰ ঈৰ্ষা ভাব।
  • হোছেনঃ- কৰ্মচাৰী আৰু সৈন্যসকলৰ মাজত কিবা অসন্তোষৰ ভাব আছেনে?
  • চন্দ্ৰঃ- বাহিৰত দেখাকৈ একো নাই।
  • হোছেনঃ- নীলাম্বৰৰ ৰণবলৰ পৰিমাণ কেনে?
  • চন্দ্ৰঃ- সঠিক পৰিমাণ নাজানো কিন্তু যথেষ্ট পৰাক্ৰমী।
  • হোছেনঃ- এতিয়া তোমাৰ আৰ্জি কি?
  • চন্দ্ৰঃ- পালবংশৰ ৰাজকুমাৰে মোক পঠাইছে। তেওঁ আশা কৰে, গৌৰৰ সহায়ত কামৰূপ ৰাজ্যত তেওঁৰ ন্যায়সঙ্গত অধিকাৰ স্থাপিত হ'ব।
  • হোছেনঃ- আমি শুনিছোঁ, পালবংশ লোপ পোৱাৰ পাচত খেন বংশই কামৰূপ অধিকাৰ কৰে।
  • চন্দ্ৰঃ- জাহাপনাই ঠিকেই শুনিছে। কিন্তু প্ৰকৃত সংবাদ এয়ে যে ৰাজবিপ্লৱত আত্মগোপন কৰি বালবংশধৰসকল এতিয়াও জীয়াই আছে, ৰাজ্য উদ্ধাৰৰ চেষ্টা কৰি আছে।
  • হোছেনঃ- কেনে ধৰণৰ চেষ্টা হৈছিল?
  • চন্দ্ৰঃ- গোপন চেষ্টা সদায় চলি আছে। নীলাম্বৰৰ অভিষকৰ সময়ত পূব সীমান্তত প্ৰবলভাৱে বিদ্ৰোহ আৰম্ভ হৈছিল, কিন্তু নীলাম্বৰৰ কঠোৰতাত কাম সিদ্ধি নহল। এতিয়া যদি গৌৰ আমাৰ সহায় হয় তেনেহলে জয়ৰ আশা কৰিব পাৰি।
  • হোছেনঃ- কামৰূপৰ লগত বৰ্তমান সময়ত যুদ্ধৰ কাৰণ একো দেখা নাযায়, তথাপি আমি বিচাৰ কৰি চাওঁ। সময়ত খৱৰ পাবা।
  • চন্দ্ৰঃ- জাহাপনাৰ অনুগ্ৰহ।
  • ফৰিদঃ- বাহিৰত খোজা ৰৈ আছে, তোমাক বাট দেখুৱাই নিব। কৈ হ্যায় ?

(এজন খোজা আহি থিয় হ'ল। চন্দ্ৰকুমাৰে প্ৰাণাম জনাই খোজাৰ লগত গ'ল)

  • হোছেনঃ- শুনিলানে ? তুমি কি কোৱা ?
  • ফৰিদঃ- মই একো নকওঁ। মই যুদ্ধ কৰোঁ।
  • হোছেনঃ- তাৰ অৰ্থ ?
  • ফৰিদঃ- মই জ্ঞানী আৰু বিবেচকবিলাকৰ নিচিনা ভূত-ভৱিষ্যত ভাবি নাথাকি তৰোৱালৰ ধাৰেদি সকলো মীমাংসা কৰোঁ।
  • হোছেনঃ- সঁচা কথা। যুদ্ধ লাগে, জয় লাগে। উৰিষ্যা জয়ত তোমাৰ বীৰত্ব মই পাহৰা নাই। কিন্তু যি শুনিলোঁ সি আশাপ্ৰদ নহয়। এতিয়া সময় আৰু সুযোগলৈ বাট চোৱাই উচিত হ'ব।
  • ফৰিদঃ- মই ভাবিছিলোঁ হিন্দুৰ সহায় হ'লে, হিন্দুক সহজে জিতিম। তথাপি জাহাপনাই যেনে উচিত বুজে।
  • হোছেনঃ- কিন্তু শুনিছাইতো ফকীৰৰ কথা বিলাক। তেনে অৱস্থাত বাহিৰৰ শত্ৰুই দেশ জয় কৰা টান। তুমি এতিয়া যোৱা, পিছত বিবেচনা কৰি চাম।
  • ফৰিদঃ- আপোনাৰ যেনে ইচ্ছা। (ফৰিদ যায়)
  • হোছেনঃ- এতিয়াও কামৰূপ আক্ৰমণ কৰিবৰ সময় অহা নাই। অথচ একো একোটা সুযোগ আহি মন উতলা কৰি দিয়ে। হঠাত্ যেন তৰোৱাল খাপৰ পৰা নাচি ওলাই আহিব খোজে--

(ৰাজিয়া আহিল)

  • ৰাজিয়াঃ- আকৌ যুদ্ধ ?
  • হোছেনঃ- তোমাক বাৰু কোনে কলে?
  • ৰাজিয়াঃ- কোনে কব লাগে ? আজি কেইদিনমানৰ পৰা আপোনাৰ মুখত যুদ্ধৰ ভূতৰ ছায়া পৰিছে।
  • হোছেনঃ- তুমি হাৰেম এৰি আহিছা কিয় ?
  • ৰাজিয়াঃ- হাৰেম তো হাৰেম। মই দৰ্কাৰ হলে পৰ্দাকে নলওঁ বুলি ভাবিছোঁ। এই পালৰ দেশবোৰ এনে সুন্দৰ। পৰ্দা লই এই সৌন্দৰ্যৰ পৰা বঞ্চিত হওঁ কিয় ?
  • হোছেনঃ- তুমি ফুলবনৰ বন্দিনী, স্বাধীনতাৰ মৰুভূমিলৈ হেঁপাহ কৰা কিয়?
  • ৰাজিয়াঃ- এতিয়া মোক সেইবোৰ কৈ পাহৰাব নালাগে।
  • হোছেনঃ- তুমি বাৰু পাঠান ৰমণী হৈ যুদ্ধলৈ ইমান ভয় কৰা কিয়?
  • ৰাজিয়াঃ- যুদ্ধলৈ মই ভয় নকৰোঁ। কিন্তু যুদ্ধ নোহোৱাকৈও পৃতিৱীত সুখৰ বাট বহুত আছে।
  • হোছেনঃ- যুদ্ধৰ এটা বেলেগে আনন্দ আছে।
  • ৰাজিয়াঃ- সেইটো কচাইৰ ৰক্তপাতৰ আনন্দ।
  • হোছেনঃ- তুমি মোক কচাই বুলিছা। অপমান কৰিছা!
  • ৰাজিয়াঃ- আপোনাক বোলা নাই।
  • হোছেনঃ- আলবত্ বুলিছা।
  • ৰাজিয়াঃ- তেন্তে ক্ষমা কৰক। বান্দীৰ গোস্তাকী মাফ কৰক জাহাপনা।
  • হোছেনঃ- তুমি মোক ঠাট্টা কৰিছা। মই জাহাপনা বুলি তোমাক কোনে কলে?
  • ৰাজিয়াঃ- সেয়েতো! আপোনাৰ যুদ্ধৰ ভূতটোৱে কাণে কাণে কলেনেকি ?
  • হোছেনঃ- তুমি ভূত বিশ্বাস কৰা ?
  • ৰাজিয়াঃ- কৰোঁ। কাৰণ, দেখা পাইছোঁ।
  • হোছেনঃ- দেখিছা ? কেনেকুৱা ?
  • ৰাজিয়াঃ- কমতাপুৰৰ পৰা অহা ফকীৰটোৰ দৰে। সেইটোক মই আজিয়েই খেদাম। (যাব খোজে)
  • হোছেনঃ- শুনা ! শুনা! তাক একো উত্পাত নকৰিবা। (দুয়ো যায়)

</poem>

তৃতীয় দৃশ্য[সম্পাদনা কৰক]

কমতাপুৰৰ অন্তঃপুৰৰ ফুলনি[সম্পাদনা কৰক]

(চন্দ্ৰাই বেদীত বহি মালা গাঁথে, ললিতাই গায়। সময় উজ্জ্বল পুৱা)


                      ==গীত==

            হিয়াৰ তন্ত্ৰীত কম্পিত আজি
                  অশ্ৰু নিজৰা জৰে,
            প্ৰভাতৰ হাঁহি, মলয়াৰ বাঁহী
                  নীৰৱে মূৰছি পৰে।
            কত সোঁৱৰণী মধু অভিলাষ,
            কতনা বেদনা, কত কিযে আশ,
             কত জোনালীৰ তৃষ্ণা গভীৰ
                   অন্তৰ ভৰি পৰে।

  • চন্দ্ৰাঃ- এতিয়া আৰু কি গান গাইছা সখী?
  • ললিতাঃ- এতিয়া নাগাই তোমাৰ দৰে কিবা আমন জিমন হৈ থাকিমনে ? এনে সুন্দৰ পুৱাটি।
  • চন্দ্ৰাঃ- থোৱাচোন তোমাৰ কবিতাখন! উঠা ! মোক দুটামান চম্পা ফুল আনি দিয়া, নহলে মোৰ মালাধাৰ আধা গঁথা হৈ ৰল।
  • ললিতাঃ- আসন্ন বিৰহক মালাৰ লোভ দেখুৱাই ভুলাব খুজিছা নেকি ?
  • চন্দ্ৰাঃ- যোৱা যোৱা --ধেমালিখন এৰাচোন।
  • ললিতাঃ- বাৰু বাৰু -- (যায়)
  • চন্দ্ৰাঃ- বিৰহক ভুলাব খোজা নাই, বিৰহৰ দেৱতাক পূজিব খুজিছোঁ-- (নীলাম্বৰ আহিল)
  • নীলাঃ- চন্দ্ৰা !
  • চন্দ্ৰাঃ- আহিছে ! এতিয়াও যাবৰ সময় হোৱা নাই।
  • নীলাঃ- যাবৰ সময় হৈছে চন্দ্ৰা!
  • চন্দ্ৰাঃ- ইমান সোনকালে ? এয়া চাওক, মোৰ মালাধাৰেই গাঁথি উঠিব পৰা নাই।
  • নীলাঃ- সময় নিষ্ঠুৰ, সি তোমাৰ মালালৈ বাট নাচায়, মোৰো আকুলতালৈ মন নকৰে।
  • চন্দ্ৰাঃ-তেনেহলে বাৰু কি কম। এই আধা গঁথা মালাৰেই এই দীনা পূজাৰিণীয়ে অৰ্ঘ্যদান কৰিছে।

(মালা পিন্ধাই দিয়ে)

  • নীলাঃ- তোমাৰ জয়মালাৰে মোক বন্দী কৰিছা কিয় ? মোক বিদায় দিয়া চন্দ্ৰা।
  • চন্দ্ৰাঃ- বিজুলীৰ দৰে এনেকৈ দেখা দি যাব আহিছিল কিয়?
  • নীলাঃ- তোমাক আকৌ এবাৰ চাবলৈ। আজি তোমাৰ মুখত এক নতুন সৌন্দৰ্য, হৃদয়ত নতুন ভাব, মাতত নতুন মাধুৰী, পৰশত নতুন পুলক! জানোবা মোৰ চকুৱে তোমাক বহুদিনৰ চোৱা আজিয়েই চাই লৈছে।
  • চন্দ্ৰাঃ-আপোনাৰ কৰ্তব্যত যেন মই বাধা নিদিওঁ। যাওক, জয় গৌৰৱ লই ঘূৰি আহক। মই বাধা নিদিওঁ
  • নীলাঃ- কিন্তু তোমাৰ চলচলীয়া চকুৱে দিছে, কঁপি উঠা ওঁঠে দিছে, তোমাৰ বুকুৰ আকুল কঁপনিয়ে দিছে। তোমাৰ বিষণ্ণ কান্তিয়ে মোৰ দিগ্বিজয়ৰ আশাৰ চকুৰ পোহৰ কাঢ়ি নিছে। মোক বাধা দিয়া চন্দ্ৰা। তোমাৰ এটি হাঁহিয়েই বিশ্ববিজয়ৰ গৌৰৱতকৈ বেছি মোহ লগা। দিয়া চন্দ্ৰা, মোক বাধা দিয়া।
  • চন্দ্ৰাঃ- আপুনি ইমান কাতৰ হৈছে?

নীলাঃ- কাতৰ হৈছোঁ। হাঁয়! তুমি তেনেহলে আজিও মোক বুজিব পৰা নাই।

  • চন্দ্ৰাঃ-মইনো কি কম এতিয়া!

নীলাঃ- কোৱা, নিমাত নহবা। হিয়া মুকলি কৰি কোৱা। বৰ সুন্দৰ সময়। এতিয়াৰ দৰে তোমাৰ চিন্তাই মোক আকৰ্ষণ কৰা নাই, এতিয়াৰ দৰে তোমাক কেতিয়াও ভাল পোৱা নাই, এনেকৈ কেতিয়াও তোমালৈ চোৱা নাই, এনে শুৱনী কেতিয়াও তোমাক দেখা নাই। কোৱা চন্দ্ৰা। এয়ে যদি আমাৰ শেষ মিলন হয়--

  • চন্দ্ৰাঃ-এনে ভাব কিয় মনলৈ আনিছে? মোৰ বৰ বেয়া লাগে।

(ললিতা আহিল)

  • ললিতাঃ- সখী, পিতাই কৈ পঠাইছে-- যাত্ৰাৰ লগ্ন ওচৰ চাপিছে।
  • নীলাঃ- মই গৈছোঁ।

(ললিতা যায়)
তুমি তেনেহলে থাকিবা চন্দ্ৰা। মই সোনকালে ঘূৰিম।

  • চন্দ্ৰাঃ- ভাল। সোনকালে আহিব, দিনৰ বাতৰি দিনে পঠাব।

(নীলাম্বৰ যায়)
এতিয়াই নীলিমাত সোণালী কিৰণে হাঁহিছিল, গছত কুলিয়ে মাতিছিল, ফুলত সুৰভি উৰিছিল, এতিয়াই কলৈ গল?
(বিষণ্ণমনে তলমুৱা হৈ বহি ৰল, কোমাল যন্ত্ৰসঙ্গীত হব ধৰিলে। দূৰত নীলাম্বৰক আকৌ দেখা গল)

  • নীলাঃ- প্ৰাণৰ পিয়াহ নপলাল, সেই অমৃতৰ নিজৰা বিচাৰি আকৌ এই ফুলবন পালোঁ। চন্দ্ৰা!
  • চন্দ্ৰাঃ-(ঘুৰি চাই উঠি হাতত ধৰিলে) আজি তেন্তে যোৱা নহল ?
  • নীলাঃ- যাব লাগিব। এতিয়াই।
  • চন্দ্ৰাঃ- মোৰ দেখোন মালাধাৰি আধা গঁথা হৈ ৰল; অলপ বহক, মই মনৰ জোখাৰে ভালকৈ আৰু এধাৰি গাঁঠি দিওঁ।
  • নীলাঃ- আন মালা আৰু কিয় লাগিছে। তোমাৰ হাত দুখনিয়েই কোমাল ফুলৰ মালাতকৈ সুকোমল।
  • চন্দ্ৰাঃ-আপুনি ইয়াতে অলপ বহক, মই দুপাহমান ফুল অনাই লওঁ।

(নীলাম্বৰ বহিল, কিন্তু চন্দ্ৰা যাব ধৰোঁতে পিছতে মাত দিলে)

  • নীলাঃ- চন্দ্ৰা!
  • চন্দ্ৰাঃ- কি কৈছে ?
  • নীলাঃ- কি কম? কবলৈ একো নাই। মাতিলে ভাল পাওঁ ! চন্দ্ৰা ! চন্দ্ৰা!

(চন্দ্ৰাৰ যোৱা নহল, কাষৰতে বহিল। ললিতা আহিল হাতত কিছুমান ফুল পাত আদি লই)

  • ললিতাঃ- মহাৰাজক আগবঢ়াবলৈ দুৱাৰত সকলোৱে ৰৈ আছে।
  • নীলাঃ- মই যাওঁ চন্দ্ৰা। মই যাওঁ।
  • চন্দ্ৰাঃ- সোনকালে আহিব। (নীলাম্বৰ আগবাঢ়িল)
  • ললিতাঃ- আহা সখী, যাত্ৰাৰ সমাৰোহ চাওঁগৈ। (সকলো যায়)

চতুৰ্থ দৃশ্য[সম্পাদনা কৰক]

সময়-সন্ধ্যা[সম্পাদনা কৰক]

(কমতাপুৰৰ সভাগৃহৰ এটা এফলীয়া কোঠা। নন্দ অকলে)

  • নন্দঃ-একোতে মন নপৰে। চিন্তাই এৰা নিদিয়ে। সামাজ! জাৰজ বুলি মোক যি বিহ ঢালি দিছা, তাকে বুকুৰ ভিতৰত উতলাব লাগিছোঁ। তাৰ উগ্ৰ বাষ্প ধীৰে ধীৰে ৰাজ্যখনত বিয়পাই দিম। নীলাম্বৰৰ সিৰে সিৰে ভেদি যাব, শচীপাত্ৰৰ উশাহ বন্ধ কৰিব, সমগ্ৰ ব্ৰাহ্মণ সমাজৰ অন্তৰ দহি নিব। চাওঁতে চাওঁতে এনে এটা ভূমিকম্প মতলীয়া হৈ উঠিব, যে পলকতে কমতাৰ ৰাজপুৰী ধূলিসাত্ হৈ যাব, ৰসাতলৰ তিমিৰে পৃথিৱী ফালি, সেি ধ্বংসাৱশেষে গিলিবলৈ খেদি আহিব। তেতিয়া বিস্মৃতিৰ অন্ধকাৰৰ পৰা, আকৌ পিতামহ ব্ৰহ্মপালৰ ৰত্নসিংহাসন উঠি আহি কামৰূপত একাধিপত্য বিস্তাৰ কৰিব। সাৱধান নীলাম্বৰ, তোমাৰ বৰ্মৰ ভিতৰত তক্ষকে বাহ লৈছে; এতিয়া ব্ৰহ্মতালু বিচাৰি পালেই হয়।

(চন্দ্ৰকুমাৰ আৰু কালীচৰণ আহিল)

  • চন্দ্ৰঃ- তুমি ইয়াতে আছা ? মই তোমাক বিচাৰি হাৰাশাস্তি।
  • নন্দঃ- কি সকাম?
  • চন্দ্ৰঃ- সকাম, -- এতিয়া কি কৰা যায়? গৌৰত আমাৰ চেষ্টা বিফল হল। ইয়াৰ পিচত--
  • নন্দঃ-সেই পৰামৰ্শ যাৰ লগত কৰিব লাগে কৰিম। তুমি নিশ্চিন্ত হোৱা।
  • চন্দ্ৰঃ-আৰুনো কোন আছে? কাৰ লগত কৰিবা?
  • নন্দঃ-মই এটা কৰ্ণপিশাচ পুহিছোঁ।
  • চন্দ্ৰঃ-তুমি কি কোৱা কব নোৱাৰোঁ। মোৰ হলে চিন্তাই হৈছে। অভিষেকৰ সময়ত সীমান্তৰ বিদ্ৰাহত আমাৰ সৰ্বনাশ হৈছে। নীলাম্বৰে এজন বিদ্ৰোহীকো জীয়াই এৰা নাই, বাকী ৰৈছোঁ, কেৱল আমি তিনিজন।
  • নন্দঃ-তুমি চিন্তা নকৰিবা। মই এটা নতুন উপায় ভাবিছোঁ। অতি সুন্দৰ উপায়।
  • চন্দ্ৰঃ-মই কবৰ হলে তুমি নিজৰ পৰিচয় দিয়া। সকলোৱে নহলেও এভাগে তোমাকে সহায় কৰিব। দেশত জ্ঞানী-সজ্জনৰ অভাৱ হোৱা নাই।
  • নন্দঃ-জ্ঞানী সজ্জন! স্বাৰ্থপৰ নৈষ্ঠিক বামুণবিলাক। সিহঁতে কনৌজৰ পৰা আহিছে আমাক ধ্বংস কৰিবলৈ, সিহঁতে ন্যায় বিচাৰ কৰিব। তুমি দেখিছোঁ এতিয়াও মোৰ অৱস্থা ভালকৈ বুজা নাই।
  • চন্দ্ৰঃ-সিমান ভালকৈ নাজানো অৱশ্যে।
  • নন্দঃ-শুনা। পালবংশৰ শেষ ৰজা সুবাহুৰ পাটৰাণীৰ সন্তান নাছিল। এনেতে ৰাজাৰ মৃত্যু হল। তেতিয়া মোৰ পিতামহে ৰাজ্যৰ দাবী কৰে, তেওঁ ৰজাৰ উপপত্নীৰ গৰ্ভজাত সন্তান। কিন্তু ৰাজ্যৰ মুখিয়াল ব্ৰাহ্মণ সমাজে, তেওঁ মন্ত্ৰ মাতি জুইত ঘিউ পুৰি কৰা বিবাহৰ সন্তান নহয় দেখি, জাৰজ আখ্যা দি তেওঁৰ দাবী অগ্ৰাহ্য কৰি সিংহাসন দিলে কাক? বামুণৰ সাধাৰণ গৰুৰখীয়া অজ্ঞাত কুলশীল কান্তনাথক,-- নাম দিলে নীলধ্বজ। ইমানৰ পাচতো তুমি কব খোজা --সুবিচাৰৰ আশা আছে বুলি?
  • চন্দ্ৰঃ- তাৰ পাছত তেওঁ কি কৰিলে?
  • নন্দঃ-তাৰ পাছতো মোৰ পিতামহ ৰক্ষা নপৰিল। খেন বংশৰ প্ৰতিপালক ব্ৰাহ্মণ বৰ্তমান শচীপাত্ৰৰ পিতাকে তেওঁক বধ কৰায়। আমি পলাই কোনোমতে ৰক্ষা পাওঁ। মৃত্যু কালত তেওঁৰ বংশ থাকে মানে সেই অত্যাচাৰৰ প্ৰতিহিংসা লবলৈ কৈ গৈছে। মোৰ গাত যদি ব্ৰহ্মপালৰ তেজ থাকে, জন্ম-জন্মান্তৰলৈকে মই শচীপাত্ৰৰ শত্ৰু, ব্ৰাহ্মণৰ শত্ৰু, নীলাম্বৰৰ শত্ৰু, ধৰ্মপত্নীৰ গৰ্ভজাত প্ৰত্যেক মানুহৰে শত্ৰু।
  • চন্দ্ৰঃ-কিন্তু এনে হিংসা মনুষ্যত্ব বিৰোধী।
  • নন্দঃ-মনুষ্যত্ব? এনে এদিন আছিল চন্দ্ৰ, যিদিনা নিজৰ গাত দেৱতাৰ অস্তিত্ব অনুভৱ কৰিছিলোঁ। কিন্তু যিদিনাই মোৰ বংশৰ কাহিনী শুনিছোঁ, সিদিনাই মোৰ সেই সংস্কাৰ লোপ পাইছে।
  • চন্দ্ৰঃ-কিন্তু তথাপি নীলাম্বৰে তোমাৰ উপকাৰ কৰিছে, সামান্য সৈনিকৰ পৰা তুনি নি তোমাক এজন মুখ্য সেনাপতিৰ বাব দিছে।
  • নন্দঃ-চন্দ্ৰ, যিদিনা মই ৰাজপুত্ৰই ভোকে পিয়াহে মূৰ থবলৈ ঠাই নাপাইছিলো, সিদিনা নীলাম্বৰে মোৰ কি কৰিছিল? আজি নীলাম্বৰে মোক চিনি পাওকচোন, দেখিবা তেওঁৰ মোৰ কি উপকাৰ কৰে। মই নিজৰ প্ৰতিভাৰ বলত মানুহ হৈছোঁ, কোনে মোৰ কি কৰিছে।
  • চন্দ্ৰঃ-মই কবৰ হলে। কিছুদিন নিতাল মৰাই ভাল, কেনেবাকৈ যদি তুমি ধৰা পৰা, তেন্তে সকলো যাব।
  • নন্দঃ-একো চিন্তা নাই। এইবাৰ শেষ চেষ্টা। হয় জিনিম, নহলে হাৰিম। এইবাৰ মৰ সাহ দি চাম, যি হয় হব। বাৰু তুমি এতিয়া যোৱা।
  • চন্দ্ৰঃ- মই ভাবনীৰ মন্দিৰত আশ্ৰয় লৈছোঁ। (যায়)
  • কালীঃ- দেউতাক দুদিনমান বৰকৈ গুণা-গঁথা কৰা দেখিছো। কথাটোনো কি হৈছে?
  • নন্দঃ- এটা নতুন উপায় ভাবিছোঁ কালী, যদি কৃতকাৰ্য হওঁ, তেন্তে আৰু কথাই নাই।
  • কালীঃ- কিবা উপায়? আমি শুনিব পাৰিম জানো?
  • নন্দঃ-এইবাৰ সংসাৰ ধৰ্মত মন দিম।
  • কালীঃ-সংসাৰ ধৰ্ম কি? মই একো বুজিব পৰা নাই।
  • নন্দঃ-বুজিবি। অতি সহজ। ইমান দিনে বাহিৰে বাহিৰে যত্ন কৰি চালোঁ, বিদ্ৰোহ কৰালোঁ, লাভ একো নহল। এইবাৰ নগৰত থিতাপি হৈ অকলে চেষ্টা কৰি চাম। ভিতৰ বিশৃঙ্খলা লগাই দিব পাৰিলে, বাহিৰৰ পৰা আক্ৰমণ কৰিবলৈ সহজ হব।
  • কালীঃ-চকুত থাকি বুকুত খাব?
  • নন্দঃ-তই বুজিছই। বাৰু, ৰাণীৰ সখীয়েক ললিতাক বিয়া কৰালে কেনে?
  • কালীঃ-সুধিছেহে নে আকৌ! বৰ সুন্দৰ হয়।
  • নন্দঃ-আচল কথা কোৱাতেই বা কি লাজ, ময়ো অলপমান---(অৰ্থপূৰ্ণ হাঁহি মাৰিলে)
  • কালীঃ- কিন্তু এই উপায়ে কেনেকৈ যে আপুনি কাম সিদ্ধ কৰিব পাৰিব, মই ভাবি পোৱা নাই।
  • নন্দঃ-পোৱা নাই? শিয়ালৰ বুদ্ধি, বাঘৰ লোলুপ দৃষ্টি, সাপৰ বিষ নিশ্বাস, ভ্ৰূণহত্যাৰ বিভীষিকা, সকলোকে গোটাই থৈছোঁ। যেতিয়া নীলাম্বৰৰ গোটেই গাৰ তেজ চুহি মৰাশটো শত্ৰুবিলাকৰ মাজলৈ দলিয়াই দিম, আৰু সিহঁতে সেই শুকান হাড় আৰু মঙহখিনিলৈ কঢ়া-আঁজোৰা কৰিব, তেতিয়া-তেতিয়া-সকলো বুজিবি!

(কালীচৰণে নন্দৰ ফালে চালে, আৰু নন্দৰ উত্তেজিত মূৰ্তি দেখি লাহে লাহে আঁতৰি গল)
উঃ! আজি ইমান সহজে মোৰ মূৰ গৰম হৈছে কিয়?
(অলপ তলমূৰ হৈ ইফালে সিফালে ঘুৰিলে)
ঠিক নীলাম্বৰৰ বুকুত এনেকৈ ঘাপ দিব লাগিব, যেন তাতেই বাট মুকলি হৈ যায়। আৰু শচীপাত্ৰ-কমতাৰ ধৰণী, তেওঁকো আঁতৰাব লাগিব। কিন্তু কেনেকৈ? শচীপাত্ৰ যেনে তেনে লোক নহয়, অলপ ব্যতিক্ৰম হলেই বিপদ। এনে আঘাতৰ প্ৰয়োজন যেন দুনাইবাৰ কি হল বুলি সুধিব নোৱাৰে। বাৰু, তাকেই কৰা যাব। ভাবি চাওঁ-ইষ্টদেৱ তুমি মোৰ সহায় হোৱা,-- এই বৈৰ নিৰ্য্যাতন ব্ৰত পূৰ্ণ কৰা!
(শচীপাত্ৰ আহিল)

  • শচী- শুনিছানে নন্দ, এটা বৰ সুখৰ বাতৰি!
  • নন্দঃ- (নমস্কাৰ কৰি) কি সুখৰ বাতৰিৰ কথা কৈছে?
  • শচীঃ- মহাৰাজৰ জয়-বাৰ্তা। প্ৰতি যুদ্ধতে জিতি, সকলো শত্ৰু দমন কৰি, তেওঁ এতিয়া সসৈন্যে বঙ্গ দেশত সোমাইছে। আৰু ইতিমধ্যে তাৰ পূৱ অংশ কামৰূপৰ ভিতৰুৱা কৰি লৈছে। নীলাম্বৰ বীৰৰ নামত আজি পূব ভাৰত কম্পমান।
  • নন্দঃ-আপোনাৰ সংবাদ কি পৰিমাণে বিশ্বাসযোগ্য?
  • শচীঃ-আজি পৰে পৰে দূত আহিব লাগিছে। এতিয়া বিজিত ৰাজ্য শাসনৰ বাবে যোগান পঠাব লগা হৈছে।
  • নন্দঃ-অতি আনন্দৰ বাতৰি।
  • শচীঃ-কিন্তু নন্দ, তোমাক ইমান চিন্তিত যেন দেখিছোঁ। কিয়? তুমি যে বলেৰে হাঁহিব খুজিও হাঁহিব পৰা নাই, কি হৈছে কবানে ?
  • নন্দঃ-কত? তেনেতো একো হোৱা নাই, ডাঙৰীয়া।
  • শচীঃ-মই হলে দেখাত তেনেই দেখিছোঁ। দিগ্বিজয় যাত্ৰাত তোমাক নপঠাই মনোহৰক পঠোৱা হল, তাৰ বাবে মোৰ ওপৰত খং কৰিছা নেকি?
  • নন্দঃ-আপুনি কি কথাবোৰ ভাবিছে? এইবোৰ ভাব মোৰ সপোনৰো আগোচৰ।
  • শচীঃ-হয়তো মোৰ ভুলতেই হৈছে। কিন্তু তোমালোক ডেকা মানুহ, তাৰপৰা তুমি ক্ষুণ্ণ হবও পাৰা, যশ লাভাৰ ফালৰ পৰা।
  • নন্দঃ-নিশ্চয় জানিব তেনে একো হোৱা নাই।

(সুনীতি আহিল। নন্দই নমস্কাৰ জনালে)

  • সুনীতিঃ-লোৱা মন্ত্ৰী, এই ৰত্নহাৰ মই আমাৰ দূতক পুৰস্কাৰ দিছোঁ।

(হাৰ এধাৰ দিলে)

  • শচীঃ-বাৰ্তাবহৰ উপযুক্ত উপহাৰ হৈছে।
  • নন্দঃ- ধন্য মহাৰাজৰ বীৰত্ব! শঙ্কল, ভাস্কৰৰ পাছত আৰু কামৰূপত এনে দিগ্বিজয়ী পুৰুষ ওপজা নাই। কিন্তু মহাৰাজৰ কোমল বয়সলৈ চাই, ভৱিষ্যতে তেওঁলোককো অতিক্ৰম কৰিব যেনেহে লাগিছে।
  • শচীঃ- সঁচা কৈছা নন্দ। ধন্য কামৰূপ, যে নীলাম্বৰৰ দৰে বীৰপুত্ৰ পাইছে আৰু ধন্য আপুনি, যি এনে পৰাক্ৰমী পুৰুষৰ জন্মদাত্ৰী। এই বয়সতে তেওঁ যেনে প্ৰতিভাৰ চিনাকি দিছে সি কেৱল কামৰূপতে কিয়,- গোটেই ভাৰতৰ ইতিহাসতে অতুলনীয় হৈ থাকিব।
  • সুনীতিঃ-ঈশ্বৰে তোমাৰ শুভ ইচ্ছা পূৰ্ণ কৰক!
  • শচীঃ-আপোনাৰ ওচৰত মোৰ এটি নিবেদন আছে আই। আজি এই আনন্দৰ দিনৰ স্মৰণাৰ্থে, মোৰ আজন্ম সঞ্চিত যি সামান্য ধনৰত্ন আছে, তাক আপোনাৰ হাতত গতাই দিব খুজিছোঁ। তাৰে প্ৰজাৰ হিতৰ অৰ্থে আলি, পুখুৰী, দেৱমন্দিৰ আদি সজাই মোক কৃতাৰ্থ কৰক।
  • সুনীতিঃ- কি কৈছা মন্ত্ৰীবৰ? ৰাজভঁৰালৰ ধনেৰে কামৰূপৰ চাৰিসীমাত সোণৰ প্ৰাচীৰ তুলিব পাৰি। তোমাৰ এই মহত্ দান মই গ্ৰহণ কৰি, আকৌ ঘুৰাই দিছোঁ। ধন্য তোমাৰ স্বদেশ-প্ৰেম। ধন্য তোমাৰ ৰাজ ভক্তি।
  • শচীঃ- মোৰ শ্ৰদ্ধাৰ দান অৱহেলা নকৰিব আই । এতিয়া বুঢ়া হৈছোঁ, কেতিয়া মৰোঁ কব নোৱাৰোঁ। মোৰ যি আছে সকলোকে মই দেশৰ হকে দি যাব খোজোঁ। মনোহৰকো মই আপোনাৰ হাতত সপিলোঁ, মোক মুক্ত কৰক আই।
  • সুনীতিঃ- তেন্তে আৰু তোমালৈ থাকিল কি?
  • শচীঃ- একণিকা গভীীৰ তৃপ্তি!
  • সুনীতিঃ-তুমি মানুহ নোহোৱা। ময়ো মোৰ সকলো ৰত্ন অলঙ্কাৰেৰে তোমাৰ সোণৰ প্ৰতিমা সজাই সিংহাসনৰ আগত থম। মনোহৰ আজিৰপৰা মোৰ অন্যতম পুত্ৰ।
  • শচীঃ-আৰু মই নিশ্চিন্ত । যাওঁ, এতিয়াই ইয়াৰ ব্যৱস্থা কৰোঁগৈ।
  • সুনীতিঃ- ব'লা ময়ো গৈছোঁ। (দুয়ো যায়)
  • নন্দঃ- কি কৈছে এওঁলোকে! হাঁহি উঠিব খোজে! নিজৰ স্বাৰ্থলৈ নাচাই, কিহৰ এইখন - কি ভাওনা দেখুৱায়! আচৰিত! এই শচীপাত্ৰই নীলাম্বৰৰ কাৰণে, অকাৰণে নিজৰ সৰ্বস্ব বিলাই দিব পাৰে। অথচ মোৰ কাৰণে নাজানি হলেও অপকাৰটোহে কৰে। মোৰ জন্মস্বত্ব কাঢ়ি নিও সন্তোষ নাই; দিগ্বিজয়ৰ সময়ত মোক পঠালে কিজানি মোৰ গৌৰৱ লাভ হয়, তাৰোপৰা মোক বঞ্চিত কৰিলে। ঠিক! শচীপাত্ৰৰ তেজত পালবংশৰ প্ৰতি শত্ৰুতাৰ বীজ স্বভাৱতে নিহি আছে। বাৰু, মোৰো গাত যদি পালবংশৰ তেজ আছে, তেজেৰেই ইয়াৰ প্ৰতিশোধ দিম! (যায়)



পঞ্চম দৃশ্য[সম্পাদনা কৰক]

বঙ্গ-দেশ-(নীলাম্বৰৰ শিবিৰ)[সম্পাদনা কৰক]

(সৈনিকবিলাকে গায়)

                                       গীত
                           ঘনে ঘনে কঁপে হিয়াৰ তন্ত্ৰী
                               আহিছে মিলন দিন।
                           আকুল চিত্ত কৰিছে নৃত্য,
                               বাজে কি নবীন বীণ!
                       দীৰ্ঘ বিৰহ অন্ত, লাগিছে নৱ বসন্ত,
                           পৰাণত জাগে প্ৰিয়াৰ আনন
                                 অসহ বিৰহ ক্ষীণ।
                     স্মৰণতে যায় শ্ৰান্তি, পৰশত কত শান্তি,
                            অধৰে অধৰে হৃদয়ে হৃদয়ে
                                নিখিল ভুবন লীন।

(সৈনিকবিলাক যায়। মনোহৰ আহিল)

  • 'মনোঃ -আকৌ ঘৰ। ঘৰ। কি সুন্দৰ ঠাই! কল্পনাৰ স্বৰ্গও ইয়াৰ আগত মলিন হৈ যায়। ঘৰ, যলৈ জন্মদিনৰ আশীৰ্বাদ লৈ ঈশ্বৰ নিজে নামি আহিছিল, য'ত সেই আশীৰ্বাদনৰ অক্ষয় কিৰণ অনন্ত কাল জিলিকি থাকে, য'ৰ আলোকত মোৰ চকুৰ প্ৰথম দৃষ্টি উপচি গৈছিল, য'ৰ বতাহে মোৰ প্ৰথম নিশ্বাস বোৱাইছিল, সেই ঘৰ! য'ৰ ধূলি কণাত ল'ৰালিৰ স্মৃতিৰ সৌৰভ, পিতাৰ পবিত্ৰ আশ্ৰয়, আইৰ দৰে অনুপম তীৰ্থ, ভাই-ভনীৰ দৰে আনন্দৰ নিজৰা, সেই ঘৰলৈ ওলাইছোঁ! ঘৰ! ঘৰ বোলোঁতে আৰু এখনি মুখলৈ মনত পৰে। সেই মুখ - সেই মুখ ললিতাৰ! হাঁয় মই পখী হৈ নুপজিলোঁ কিয়! (নীলাম্বৰ আহিল)
  • নীলাঃ- অকলে অকলে কি ভাবিছা মনোহৰ?
  • মনোঃ-মই ? নাই, একো ভবা নাই।
  • নীলাঃ- মোৰ মনে নধৰে, তুমি যেন কিবা সুখৰ সপোনত ভাহি আছিলা।
  • মনোঃ-তোমাৰ কথা একপ্ৰকাৰ সঁচাই, মই ঘৰৰ কথা ভাবি আছিলোঁ।
  • নীলাঃ-তাকে নকৈছিলা কিয়?
  • মনোঃ-বাৰু ঘৰলৈ বুলি তোমাৰ নো মন আকুল হোৱা নাইনে ?
  • নীলাঃ-সেইটো পাছত বুজিবা। সম্প্ৰতি শিবিৰ তুলিবৰ আয়োজন কিমান আগবাঢ়িছে?
  • মনোঃ-প্ৰায় সম্পূৰ্ণ।
  • নীলাঃ- কিন্তু মনোহৰ, বাজসভাত বহি বিধি বিষেধৰ বন্ধনত বন্দী হৈ থকাতকৈ যুদ্ধ-ক্ষেত্ৰক মই বেছি ভাল পাওঁ।
  • মনোঃ-এক ফালেদি ভাল সঁচা। কিন্তু এইবাৰ তুমি যুদ্ধ-ক্ষেত্ৰতো যেনে নিয়ম বান্ধি দিছা, তালৈ চাই-
  • নীলাঃ- কি কৰিম কোৱা। যোৱা বিদ্ৰোহ দমনৰ মোৰ কঠোৰতাৰ কথা শুনি চন্দ্ৰাই মোক শপত দি থৈছে। মই যেন কোনো তিৰোতাৰ মনোকষ্টৰ কাৰণ নহওঁ।
  • মনোঃ-পিছে এটা কথা, তুমি যে বিপদক এনেকৈ আগ ভেঁটি ফুৰা, সেই বিষয়ে নো একো কোৱা নাইনে ?
  • নীলাঃ-সদায়েই কয়। কিন্তু উত্তৰ দিওঁ, যি মৰিবলৈ ভয় কৰে সি জীয়াই থাকিবলৈ তাতোকৈ বেছি ভয় কৰা উচিত।
  • মনোঃ-এই কথা মানিলেও, তুমি নিজক বিপন্ন কৰি ফুৰা মই সহিব নোৱাৰোঁ।
  • নীলাঃ-মনোহৰ তুমি মোৰ ভাই হৈ নুপজিলা কিয়?
  • মনোঃ-মোক মাত্ৰ বন্ধু বুলিয়েই ভাবা, মই তাতে সন্তুষ্ট হ'ম।
  • নীলাঃ-তোমাৰ দৰে বন্ধু অৱশ্যে নিজৰ ভাইতকৈও ডাঙৰ।
  • মনোঃ-বোধহয় ভুল কৰিলা।
  • নীলাঃ-ভুল নহ'ব লাগে। কাৰণ দেখা নাইনে ভাই-ককাইৰ সম্পৰ্কও সম্পত্তিৰ যোগেদিহে বহু ক্ষেত্ৰত ।
  • মনোঃ-সঁচা কিন্তু, বেলেগ হয় অন্ন, বেলেগ হয় সম্পত্তি আৰু বেলেগ হয় বোৱাৰী। কিন্তু ভাইৰ প্ৰাণ বেলেগ নহ'ব লাগে। আৰু সিয়ো যদি হয়, তেন্তে জানিবা সেই প্ৰাণ জন্তুৰ, মানুহৰ নহয়।
  • নীলাঃ-তুমি ইমান কথা ক'ত শিকিলা?
  • মনোঃ-এইবোৰনো শিকা কথানে ? এইবোৰ দেখা কথা, অতি সাধাৰণ।
  • নীলাঃ-তিৰোতা সম্পৰ্কে তোমাৰ কি ধাৰণা?
  • মনোঃ-পুৰুষৰ মনত তিৰোতা ৰহস্য। শাস্ত্ৰয়ো বোধহয় ভালকৈ ধৰিব পৰা নাই, মই কেনেকৈ কওঁ কোৱা ?
  • নীলাঃ-কিয় তোমাৰ দেখোন অন্তঃপুৰৰ তিৰোতা মহলত হৰ-গৌৰী সংবাদ পুথিৰ পাঠক বুলি বৰ নাম, তুমিনো নাজানানে ?
  • মনোঃ-সেইবোৰ তেওঁলোকক ভুৱা দিয়া কথা। বামুণ কুলত জন্মিলেও পণ্ডিতালি মোৰ কি আছে? এতিয়া অলপ জিৰণি লোৱা যাওক আহা। (দুয়ো যায়)


ষষ্ঠ দৃশ্য[সম্পাদনা কৰক]

কমতাৰ ৰাজবাট (সময়-দুপৰীয়া)[সম্পাদনা কৰক]

(নন্দ অকলে)

  • নন্দঃ- দিগ্বিজয় কৰি আজি নীলাম্বৰ সমাৰোহেৰে নগৰ সোমাব। কমতাপুৰ আনন্দত মতলীয়া। এই আনন্দত কিন্তু মোৰ ঠাই নাই। এি জয়-বাৰ্তা শুনি গাত একুৰা জুই জ্বলিব লাগিছে, বুকুৰ প্ৰত্যেক কামীহাড় পলে পলে ডেই গৈছে। এটা ছিদ্ৰ পালেই তাৰ বিষাক্ত ধোঁৱাই এই উত্সৱৰ গলত সোপা দি মাৰি পেলাব পাৰে। কিন্তু চল নোপোৱাৰ বাবে তাক লুকাই ৰাখিব লগা হৈছে, অথচ তাৰ তাপত মোৰ সৰ্বশৰীৰ সিজি গৈছে। যক, ৰাজহাড়ৰ মাজলৈ বজ্ৰকীট খুলি খুলি সোমাই গ'লেও বাহিৰত মৰাশৰ দৰে হাঁহি দেখুৱাব লাগিব। অতি সাধাৰণ সৈনিক এটায়ো আজি ৰণজয়ৰ কাহিনী লৈ লোকৰ চকুত সন্মানৰ পাত্ৰৰ হ'ব, অথচ মই নীৰৱে বিস্মিত হৈ তাকে শুনিব লাগিব,নিজে নিজে ধিক্কাৰ দিব লাগিব। ওঃ! ইয়াৰ একমাত্ৰ কাৰণ এই কুটি শচীপাত্ৰ। (সাধুচৰণ আহিল)
  • সাধুঃ- নন্দ। তুমিনো ইয়াত কৰিছা কি? কোনো ৰং - ধেমালিত যোগ দিয়া নাই, আন কামো একো কৰা নাই।
  • নন্দঃ- ৰং ধেমালি মই নিজে কৰাতকৈ লোকক কৰা চায়েই ভাল পাওঁ।
  • সাধুঃ-তোমাৰ দৰে ডেকা মানুহে, আজিৰ দৰে আনন্দৰ দিনত আমন-জিমনকৈ ফুৰা মই ভাল নাপাওঁ। আহা, মোৰ তাত বহি, অলপ জিৰাই-শঁতাই দুয়ো একেলগে ওলাই যামগৈ।
  • নন্দঃ- মহাৰাজো আহি পাবৰ সময় হ'বহিয়েই।
  • সাধুঃ-ব'লা, ব'লা তালৈ যথেষ্ট সময় আছে। (দুয়ো যায়)




সপ্তম দৃশ্য[সম্পাদনা কৰক]

সাধুচৰণৰ ঘৰ[সম্পাদনা কৰক]

(বহল দুৱাৰেদি ভিতৰৰ দৃশ্য চকুত পৰে। এখন ডাঙৰ আৰ্চীত ললিতাই উত্সৱৰ ৰূপসজ্জা কৰিছে। কোঠাৰ বাহিৰত এখন বহল কাঁথি)

  • ললিতাঃ- কিহৰ কাৰণে এই সাজ-পাৰ! মনোহৰ-মনোহৰতো এতিয়াও নাহিল। মনোহৰ! সুন্দৰ মনোহৰ! তোমাক পাবৰ আশা মোৰ এই জনমত নাই। তুমি বামুণৰ ঘৰত উপজিিলা। মই শূদ্ৰাণী। মোৰ কাৰণে তুমি আকাশৰ তৰা। কিন্তু তেওঁ কিয় এই আকৰ্ষণ। নাই সেইবোৰ আজি নাভাবোঁ। আজি তুমি আহা, হাঁহা, মোক দেখি মুগ্ধ হোৱা। উত্সৱৰ বাঁহি উতলা হৈ বাজিব লাগিছে, আজি যদি বুজাব পাৰিলোঁহেঁতেন মই তোমাক কিমান ভালপাওঁ! এই আখৰ কেইটা আৰু মুকুতাৰ মণি কেইটাই আজি তোমালৈ উপহাৰ। (বাহিৰলৈ ওলাই আহিল আৰু চিঠিখন পঢ়ি চালে) "হে বিজয়ী বীৰ! মই এপাহ ফুল হোৱা হলে তোমাৰ সপোনত ইমান দিনে ক'লৈবা ভাহি গলোঁ হয়! আৰু তুমি এখনি নৈ হোৱা হ'লে, তোমাৰ শীতল বুকুত মই পমি গ'লোঁ হয়, থাকিলহেঁতেন বাকী এই কঠিন মুকুতাৰ মণি কেইটা। দেখিলে চিনি পালা হয় নে ?"
  • সাধুঃ- ললিতা, আমাৰ কাৰণে কি আছে অলপ জলপানৰ দিহা কৰাচোন আই।
  • ললিতাঃ- ভাল পিতা, অলপমান বহক। (ললিতা যায়)
  • সাধুঃ- বাৰু নন্দ, মই মন কৰিছোঁ, তুমি সদায় এনে অকলশৰীয়াকৈ থাকা, - কি কাৰণ কোৱাচোন?
  • নন্দঃ- আপোনাক নো আৰু কি কম? পৃথিৱীত মোৰ কেও কিছু নাই, সামৰিক কৰ্তব্যৰ বাহিৰে সময় নিয়াবলৈ একো অৱলম্বনেই নাই।
  • সাধুঃ- কিন্তু, তোমাৰ বয়সৰ মানুহৰ পক্ষেতো এনে হ'ব নালাগিছিল। মাজে সময়ে আজৰি পালে আহিবাচোন আমাৰ ফালেই।
  • নন্দঃ- আপোনাৰ মৰমৰ প্ৰতিদান দিবলৈ মোৰ একো নাই।
  • সাধুঃ-পিছে এটা কথা। তুমিনো সদায় অকলশৰীয়া হৈয়ে থাকিবানে ? সংসাৰৰ দায়িত্বৰ বিষয়েও ভবা-চিন্তা কৰিব লাগে নহয়।
  • নন্দঃ- সেইবিলাক চিন্তা দেখোন মনলৈ অহাই নাই।
  • সাধুঃ-ওঃ। সেইটো নহয়। সময়ৰ কাম সময়ত হ'ব লাগে।

                                                                              (ললিতা আহে)

  • ললিতাঃ- পিতা, ভিতৰলৈ আহিবৰ হৈছে । (দূত এজন আহিল)
  • সাধুঃ- কি সংবাদ?
  • দূতঃ- মন্ত্ৰী দেউতাই আপোনাক মাতি পঠাইছে, ডাঙৰ সকাম আছে বুলি কৈছে।
  • সাধুঃ- মাতিছে! বাৰু, কগৈ মই গৈছোঁ।
  • নন্দঃ- ব'লক ময়ো যাওঁ।
  • সাধুঃ- নহয় নন্দ, তুমি বহা। একো বেয়া নাপাবা, মই এতিয়াই আহিম।
  • নন্দঃ- নালাগে মোৰো আনফালে কাম আছে-
  • সাধুঃ- তুমি আমাক পৰজ্ঞান নকৰিবাচোন ইমান। বহা খন্তেক। আই ললিতা, বোপাটিলৈ জলপান সজোৱা, মই আহোঁ অলপমান-
  • ললিতাঃ- ভালবাৰু।

                                                                         (সাধুচৰণ আৰু দূত যায়)
(ললিতাই ভিতৰৰ কোঠালীত জলপানৰ দিহা কৰে। নন্দই মাজে মাজে তলমুৱাকৈ ভাবে, ইফালে সিফালে লক্ষ্য কৰে আৰু কেৰাকেৰিকৈ ললিতালৈ চায়। ললিতা ওলাই আহিল)

  • ললিতাঃ- অলপ ভিতৰলৈ আহিলে ভাল আছিল।
  • নন্দঃ- অ, গৈছোঁ বাৰু (ভিতৰ সোমাই গ'ল, হঠাত্ ললিতাৰ হাতত ধৰিলে)
  • ললিতাঃ- ছিঃ ! কেনে কৰে। হাত এৰক।
  • নন্দঃ- মই মোহিত হৈছোঁ- (সাবটি ধৰিব খোজে, ললিতাৰ গাৰপৰা আগতে লুকুৱাই থোৱা চিঠিখন সৰি পৰে)
  • ললিতাঃ-সাৱধান! হয় ভাল মানুহৰ দৰে ব্যৱহাৰ কৰিব, নহ'লে-
  • নন্দঃ- আও! ইমানটো খং খাব পায়নে ? আমিনো এনেহে হীন হ'লোনে যে-! (মাটিত পৰা চিঠিখন দেখি ললিতাৰ অজ্ঞাতে সেইখন তুলি ললে)
  • ললিতাঃ- এতিয়াই দিয়াব পাৰোঁ শিক্ষা। বাৰু আহক পিতা ঘূৰি।

(দুৱাৰ জপাই দিলে, নন্দ আগবাঢ়ি চোতাললৈ আহিল)

  • নন্দঃ- নাই কথাটো খেও নাখালে। বাৰু এইখন কি পালোঁ। (চিঠি পঢ়ে) ওঃ! ললিতাই মনোহৰলৈ চিঠি দিছে! গলৰ মণি সোলোকাই উপহাৰ দিছে। উঃ! ইয়াতো সেই একে শত্ৰু। শচীপাত্ৰৰ পুতেক মনোহৰ মোৰ প্ৰণয়ৰ পথৰ কণ্টক! বাৰ বছৰ অনুসন্ধানৰ পাচত কলিয়ে আজি ছিদ্ৰ পাইছে!- ৰাজ্যৰ ধৰণী পৰম ব্ৰাহ্মণ শচীপাত্ৰৰ পুতেকৰ লগত শূদ্ৰাণীৰ গুপ্ত প্ৰণয়। শাস্ত্ৰীয় ঘৃণাৰ প্ৰাচীৰত এটা বিন্ধা পোৱা গ'ল। ইয়াকে ল'ই কাম আৰম্ভ কৰা যাওক। (বেগাবেগিকৈ গুচি যায়)


(জিৰণি পট পৰিব)



দ্বিতীয় অঙ্ক[সম্পাদনা কৰক]

প্ৰথম দৃশ্য[সম্পাদনা কৰক]

সাধুচৰণৰ ঘৰৰ কোঠা[সম্পাদনা কৰক]

(ললিতাই অকলে গীত গাই আছে)

                                        গীত

                       ওৰণি ল', ও সখী তই
                                    আহিছে তোৰ বৰ।
                        সপোন পুৰীৰ, ফুলৰ কোঁৱৰ,
                                    ৰূপৰ মধুকৰ।।
                       তোৰ নয়নত ভাহে ইকি
                                    নবীন জোনালী?
                        গালত ফুলে অনুৰাগৰ আভা সোণালী!
                        হিয়াত সোণৰ কমলকলি
                                   গোপন হৰঘৰ।

(মনোহৰ লাহে লাহে আহি পিচফালৰপৰা শুনি থাকে)

  • মনোঃ- সুন্দৰ! সুন্দৰ! মিঠা!
  • ললিতাঃ- অ'! তুমি! কেতিয়া আহিলা মনোহৰ?
  • মনোঃ- অলপ আগতে। তোমাৰ গীত শুনিবলৈ ৰৈ আছো?
  • ললিতাঃ-কথাটো মিছা নহয়, বোলে চোৰৰ বৰ বল, চোৰে খোজে দৈ কল, দুৰকৈ এবাৰতো গীত শুনিব- তাৰ পাছতো শুনিবলৈ দাবী কৰিব। ইমান পৰাকৰম।
  • মনোঃ-ইঃ! থোৱাহে থোৱা ! মই তোমাৰ গীতহে চুৰকৈ শুনিছোঁ। তুমি চুৰ কৰিছা মোৰ চিত অৰ্থাত্-
  • ললিতাঃ-হৈছে- হৈছে, বহুত হৈছে! পিছে কিহলৈ বুলিবা এই ফালে অহা হৈছে?
  • মনোঃ-মই তোমাৰ পিতাৰাক বিচাৰি আহিছোঁ। তেওঁ ঘৰত আছেনে ?
  • ললিতাঃ-তেওঁ নাই, এতিয়াই ওলাই গল। তুমি বাটত লগ পোৱা নাইনে ?
  • মনোঃ-ক'তা! নাই পোৱাতো, তেওঁনো ক'লৈ গ'ল?
  • ললিতাঃ- জানিলে মই নকওঁ নে ?
  • মনোঃ- আও! তেনেকৈ কোৱা নাই। বাৰু অলপ বাট চাব লগাই হ'ল। এটা লাগতিয়াল কথা আছিল।
  • ললিতাঃ-বাৰু বহা তেনেহ'ল।
  • মনোঃ- বহিবলৈ পৰা হ'লেতো ভালেই আছিল। পিছে বহুত কাম । কি কৰোঁ । তেও বহিছোঁ বাৰু। (বহিল)
  • ললিতাঃ-ভাল, বহা। আজিকালি মোৰো বহুত কাম হৈছে, এখন্তেক বহিয়ে দুষাৰ কথা-বতৰা পাতি মনটো পাতলাম, তাৰো উপায় নোহোৱা হৈছে। তুমি তেন্তে বহিবা দেই, মই আহোঁ। (যায়)
  • মনোঃ-এঃ ! কি মস্কিল! কত কথা কওঁ বুলি আহিছিলোঁ- যাওঁ ইয়াত থাকিনো আৰু কি হ'ব! (যাব খোজে আৰু ললিতা পিচফালৰ পৰা আহি ওলায়)
  • ললিতাঃ-ক'তা ! গ'লা নেকি? বহা পিতা আহিছে।
  • মনোঃ- আহিছে? মই তেন্তে যাওঁ ললিতা।
  • ললিতাঃ-তুমি আকৌ কলৈ যোৱা ? ৰবা । তোমাৰ সকামৰ কথা কোৱা, মই তেওঁক ইয়ালৈ মাতি আনো।
  • মনোঃ- মোক এৰি দিয়া ললিতা, হঠাত্ মোৰ গা বেয়া হৈ গ'ল। পিচতো তেওঁক লগ ধৰিম।
  • ললিতাঃ-গা বেয়া যদি তুমি ধীৰে সুস্থিৰে থাকা, পিতা আহক, ঔষধ পাতিৰো ব্যৱস্থা কৰিব তেওঁ।
  • মনোঃ- মোৰতো তেওঁক ক'ব লগা একো নাই।
  • ললিতাঃ- একো নাই? কিয় তুমিচোন এতিয়াই কৈছিলা আছে বুলি।
  • মনোঃ-কৈছিলোঁ হয়। সেইটো মোৰ ভুল হৈছিল।
  • ললিতাঃ- ভুল হৈছিল! তেনেহলে কিয় আহিছা ক'ব লাগিব।
  • মনোঃ- কিয় বোলোতে-! কিয় বোলোতে- ! এই, তোমাক চাবলৈ।
  • ললিতাঃ- মোক? মোক দেখোন দেখিলাই। এতিয়া যোৱা।
  • মনোঃ-তোমাক হেঁপাহ পলুৱাই চাওঁ বুলি-
  • ললিতাঃ- হৈছে । জানিছোঁ। এতিয়া যোৱা।
  • মনোঃ- লাগে যাওঁ। কিন্তু সঁচাকৈ তেওঁ আহিছে নেকি?
  • ললিতাঃ- পিতা এতিয়াও অহা নাই, পলম আছে তুমি যোৱা।
  • মনোঃ- মই তোমাক ভালপাওঁ। বৰ ভালপাওঁ।
  • ললিতাঃ- মোৰ গা সাতখন আঠখন কৰিছে- হিঃ ! হিঃ ! হিঃ !
  • মনোঃ- তুমি হাঁহিলাহে ?
  • ললিতাঃ- ও ভুলহৈছে নেকি ? ৰবা, তেনেহ'লে কান্দো।
  • মনোঃ- তুমি ধেমালি বুলি ভাবিছা ?
  • ললিতাঃ- নাই ভবা! ভালপোৱা নামৰ বেমাৰ হ'লে হাঁহি আৰু কান্দোন সমানে আহে। নহয় বুলি কোৱাচোন বাৰু!
  • মনোঃ- মোৰ এই গভীৰ ভালপোৱা, তাৰ মূল্য তুমি নুবুজিলা ?
  • ললিতাঃ- মূল্য নুবুজিবলৈ ইয়াত কি টান অঙ্কটো আছে কোৱা ? তুমি কৈছা, মই তোমাক ভাল পাওঁ। ময়ো তেনেকৈ ক'ব পাৰো, চেঙা খাবলৈ মই বৰ ভালপাওঁ, নাইবা ফেঁচা নকা মানুহ দেখিলে মোৰ হাঁহি উঠে। ইয়াতনো কি মূল্যৰ কম বেছি থাকিব পাৰে?
  • মনোঃ- বুজিলোঁ। তুমি মোক ভাল নোপোৱা।
  • ললিতাঃ- সেইটো হঁওতে ভাবি চাব লগা কথা। বৰা তেন্তে এবাৰ ভাবিয়েই চাওঁ।

(ভবাৰ ভাওঁ জোৰে)

  • মনোঃ-তোমাৰ লগত আৰু নোৱাৰি।
  • ললিতাঃ- তুমিয়েইচোন ধেমালি পাতিছা। মই ভাবিব খুজিলেও ভাবিবলৈ নিদিয়া আৰু দোষটো দিয়া মোৰ গাত।
  • মনোঃ- বাৰু, নিদিওঁ দোষ। থাকা, মই আহিলোঁ। (উঠিল)
  • ললিতাঃ- আগফালৰ দুৱাৰ বন্ধ। যাব পাৰা যদি যোৱা। মই পিতাক মাতি আনোগৈ ৰ'বা ইতিমধ্যে-।
  • মনোঃ- মোৰে শপত । বহিলো বাৰু। কিন্তু যি সোধোঁ ক'বানে ?
  • ললিতাঃ- মইনো কি কোৱা নাই তোমাক ? পৰাই নোৱাৰাইতো কৈয়েই আছোঁ। তোমাৰহে ক'বৰ কথা নাইকিয়া হৈছে। আৰু লাগে যদি কোৱা, বেছি সুতত মই কথা ধাৰলৈও দিব পাৰোঁ।
  • মনোঃ- তুমি যদি এইবোৰ অৰ্থহীন কথা বলকি থাকা, মোৰ পক্ষে ইয়াত তিষ্ঠা টান হৈ উঠিব আৰু।
  • ললিতাঃ- ভালে ভালে বহি থাকিবা দেই--
  • মনোঃ- বহি থাকিনো কি কৰিম বাৰু ?
  • ললিতাঃ- বহি থাকি মানুহে সাধাৰণতে যি কৰে। আকাশত চাং পাতে।
  • মনোঃ- বহি থাকি মানুহে মনৰ কথাহে কোৱা- মেলা কৰে।
  • ললিতাঃ- চোৱা , ইমান পৰে বকোঁতে মুখ বিহ উঠিল, এইবোৰনো মোৰ মনৰ কথা নকৈ গাৰ কথাহে কলোঁনে ?
  • মনোঃ- তুমি ক'ৰ কথা নি ক'ত সানা, মই কবই নোৱাৰোঁ।
  • ললিতাঃ- নোৱাৰা যদি থাকা। ময়ো তোমাৰ অধ্যাপকটো নহওঁ যে বিদ্যাকে ভাঙি-মুচৰি তোমাৰ মূৰত সুমাই দিম।
  • মনোঃ- হোৱা হোৱা, তুমি মোৰ প্ৰেমৰ গুৰু হোৱা ললিতা।
  • ললিতাঃ- তুমি চুপতি নেৰা, নহয় ?
  • মনোঃ- সঁচাকৈ মই তোমাক বৰ ভাল পাওঁহে।
  • ললিতাঃ- তোমাৰ নৰিয়া টান হৈছে। দৰব খাব লাগে-
  • মনোঃ- দৰব আছে কিন্তু তোমাৰেই হাতত।
  • ললিতাঃ- তুমি দুষ্ট ৰোগী। বেমাৰ হয় নিজেই চাপাই লৈছা, নতুবা কুপথ্য খাই বঢ়াই লৈছা। কোনো বেজেই তোমাক ভাল কৰিব নোৱাৰে; গতিকে ময়ো নোৱাৰোঁ। বুজিছানে ?
  • মনোঃ- বুজা নাই।
  • ললিতাঃ- জানো; তুমি নুবুজা আৰু নুবুজিবাও। বেমাৰে বুকুৰ পৰা গৈ মূৰ পাইছে নহয়।
  • মনোঃ- সেইবোৰ আৰু তুমিহে গম পোৱা-
  • ললিতাঃ- বাৰু এতিয়া এখন তামোলকে খাবা জানো ?
  • মনোঃ- তোমাৰ হাতৰ তামোল অমৃত, মইনো নাখাই থাকিব পাৰোঁনে, দিায়, গাত ধৰাকৈ দিয়া- (বটা আনি তামোল কাটে)
  • ললিতাঃ-আবেগৰ বানে এতিয়া সকলোকে উটাই নিয়ে যেন পাওঁ। লোৱাচোন।

(বটা আগবঢ়াই দিয়ে)

  • মনোঃ-নহয় নহয়, তেনেকৈ নহয়! হাতে হাতে দিয়া আকৌ।
  • ললিতাঃ- বুজিছোঁ। ৰোগৰ অৱস্থা সাংঘাটিক! (তামোল হাতে হাতে দিলে)
  • মনোঃ-(তামোলখন শুঙি চাই ক'লে) তুমি তামোল খুৱাই মোক আহুদি কৰিছা যেন পাওঁ।
  • ললিতাঃ- ইঃ! কথা কৈছে চোৱা!
  • মনোঃ- আগ চোতালত কোনোবা আহিছে যে পাওঁ--
  • ললিতাঃ- সেয়া পিতা আহিছে, তুমি বহা।

(ললিতা যাব খোজে, মনোহৰে হঠাত্ উলটি ললিতাৰ হাতত ধৰে)

  • মনোঃ- ললিতা!
  • ললিতাঃ- বলিয়া নেকি ? যোৱা। (দুয়ো দুফালে যায়)

                                                   দৃশ্যপট পৰে



দ্বিতীয় দৃশ্য[সম্পাদনা কৰক]

সভা ঘৰৰ এফাল[সম্পাদনা কৰক]

(শচীপাত্ৰ আহিল)

  • শচীঃ- এনে সঙ্কটত পৰিম বুলি ভাবা নাছিলোঁ। ৰাজ-সভাৰ সময় আহিলেই মোক ভাবনাই ধৰে। এনে অৱস্থা মোৰ এই সুদীৰ্ঘ জীৱনত কেতিয়াও হোৱা নাছিল। ৰজাই যদি সভাত থাকিবলৈ হেলা কৰে, তেন্তে সেই সভাই বা কি, আৰু ৰাজকাৰ্যই বা কি ? মাতৃ ভৱানী, মোক এই বয়সত এইখন কি দেখুৱাব খুজিছা!

(নন্দ আৰু সাধুচৰণ আহিল)

  • সাধু- তুমি ইয়াত অকলে কি কৰিছা ? ব'লা, সভাৰ সময় হৈছে।
  • শচীঃ- কিন্তু- মহাৰাজ ?
  • সাধু- মহাৰাজতকৈ তোমাকহে সকলোৱে আশা কৰে।
  • শচীঃ- গৈছোঁ। কিন্তু মই গৈ কি কৰিব পাৰোঁ, যদি মোক সমৰ্থন কৰা জন নাথাকে।
  • সাধু- আজি শুনিছোঁ মহাৰাজক বাতৰি দিয়া হৈছিল।
  • শচীঃ-হৈছিল, কিন্তু নিশ্চিত সমিধান পোৱা নগ'ল।
  • সাধু-তেনেহ'লেইতো মস্কিল।
  • নন্দঃ- মই ক'বৰ হ'লে, মহাৰাণীৰ ওচৰলৈকেই বাতৰি পঠোৱা হওক। তেৱেঁই ৰাজ্যৰ মঙ্গলৰ ভাৰ হাতত লওক।
  • শচীঃ- এইটো আকৌ কেনে কথা হ'ব ?
  • নন্দঃ- মোৰ বোধেৰে ভালেই হ'ব। ৰাজ্যৰ কাৰণে মহাৰাজ আৰু মহাৰাণীৰ মাজত অপ্ৰীতি সৃষ্টি কৰিলেও একো বেয়া কথা নহ'ব যেন পাওঁ।
  • শচীঃ- এইটো অতি ভয়ঙ্কৰ কথা।
  • নন্দঃ- মই দেখোঁ তেনে নাভাবোঁ।
  • শচীঃ-নাভাবা নাই, কিন্তু মই জানো, তাৰ পৰিনাম কি হ'ব পাৰে।
  • সাধু- সেইবোৰ এৰা, এতিয়া সভাৰ সময় ওচৰ চাপিছে। আজিৰ দিনটো ভালে-কুঁশলে খেদোৱাৰ দিহা কৰা।
  • শচীঃ- দিন যাব, কিন্তু কেনেকৈ যাব, তাকে ভাবিহে মই ব্যাকুল হৈছোঁ--
  • নন্দঃ- এনেকুৱাই যেতিয়া হৈছে, তেনেহ'লে আপোনালোক আগতীয়াকৈ সভাত উপস্থিত হোৱাই ভাল-
  • সাধু- সঁচাই কৈছা। আহা সকলোটি একে লগে যাওঁ।
  • শচীঃ- সেয়ে ভাল। আহা, যাওঁ।
  • নন্দঃ- আপোনাসকল আগ হওক, মোৰ আজি সভাত বিশেষ কাম নাই।
  • শচীঃ-বাৰু তুমি তেনেহ'লে থাকা।

(সাধুচৰণ আৰু শচীপাত্ৰ গ'ল)

  • নন্দঃ- সেয়েতো! মূল্যবান কথাষাৰ পালোঁ। স্বয়ং শচীপাত্ৰৰ মুখৰ পৰাই। নীলাম্বৰৰ প্ৰাণান্তিক দুৰ্বলতা প্ৰণয়ত, সেই সূত্ৰেই প্ৰথম আঘাত দিব লাগিব। এয়েই উপযুক্ত সময়, ৰাজকাৰ্য এৰি প্ৰমোদ বনত লাহ-বিলাহত ভাহি আছে-- বাৰু চাওঁচোন কি কৰিব পাৰি। নীলাম্বৰ - শচীপাত্ৰ- আৰু সমাজ-।

(লাহে লাহে ওলাই গ'ল)

দৃশ্যপট উঠিব





তৃতীয় দৃশ্য[সম্পাদনা কৰক]

নীলাম্বৰৰ প্ৰমোদ কানন[সম্পাদনা কৰক]

(সময়-জোনাকী সন্ধিয়া)
(ললিতা আৰু চন্দ্ৰা আহিল)

  • ললিতাঃ- সখী। সুন্দৰ সন্ধিয়া! সুন্দৰ জোনালী! সুন্দৰ আকাশ! সুন্দৰ বতাহ!
  • চন্দ্ৰাঃ- কিন্তু তেওচোন তোমাৰ মনটি আমন্-জিমন্!
  • ললিতাঃ- তুমি সকলোকে আমন্-জিমন্ দেখা-
  • চন্দ্ৰাঃ- নেদেখোঁ; যদি তোমাক সৌ জোপা ফুলৰ লগত মিলাই দিব পাৰোঁ-

 *ললিতাঃ- তোমাৰ আৰু আন কথা নাই।

  • চন্দ্ৰাঃ- নিজৰ কথা নিজে ধৰা পৰা কিয়? মই কৈছোঁ, গছ জোপা যেনেকৈ ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে, তোমাকো তেনেকৈ ফুলেৰে সজাই দিওঁ, - তেনেহলে তোমাৰ মুখত হাঁহি ফুলি উঠিব।
  • ললিতাঃ- বাৰু হৈছে, পণ্ডিতালি আমাৰ আগত নকৰিলেও হ'ব।
  • চন্দ্ৰাঃ- তেনেহলে ব'লা তোমাৰ গীতৰ বকলাখনকে মেলাহি।

(দুয়ো গ'ল, আনফালৰ পৰা নীলাম্বৰ আহিল)

  • নীলাঃ- ক'তা, চন্দ্ৰা কেনি গ'ল ? জোনাক আহি তৰল মেঘৰ ছাঁৰে সৈতে ভাহি যাব লাগিছে, সন্ধ্যাৰ শেষ মাধূৰীয়ে মধুনিশাৰ কোলাত শুই শুই সপোন দেখিব লাগিছে, এই সময়ত চন্দ্ৰা কেনি গ'ল!

(এখন বেদীত বহিল। দূৰত ললিতাই গীত আৰম্ভ কৰিলে। লগে লগে এদল নৰ্তনকী আহি নৃত্য কৰিব ধৰিলে, এজনী পৰিচাৰিকা আহি ৰজাক মৃদু মদিৰা পৰিবেশন কৰিব ধৰিলে।)

                                       গীত
 
                  মধুৰ যামিনী আজি, ইকি বেথা বিৰহৰ!
                  বেদনা বিধুৰ হিয়া, আকুলতা পৰাণৰ!
                  কিনো ফুলবন শোভা, নীৰৱতা মনোলোভা!
                  মতলীয়া সমীৰণ, নীল আভা গগনৰ!
                  ধীৰে ধীৰে মেঘলেখা ফুলে যেন তুলি ৰেখা,
                  বয় কিয় সুকোমল, ই কালিমা জোনাকৰ!
                  জানো ই হিয়াৰে ছায়া, - ধৰিছে মেঘৰ মায়া,
                  উৰে লাহী পাখি মেলি, জোনে স'তে আকাশৰ।

(লাহে লাহে নীলাম্বৰ তন্দ্ৰামগ্ন হ'ল, গীত শেষ হোৱাৰ লগে লগে চন্দ্ৰাই ফুলৰ অলঙ্কাৰ, ভৰিত নেপূৰ আৰু বগা পাটৰ কাপোৰ পিন্ধি সোমাই আহিল। বতাহত চন্দ্ৰাৰ কাপোৰৰ আঁচল উৰিব ধৰিলে। নৰ্তকীসকল আঁতৰি গ'ল।)

  • চন্দ্ৰাঃ- তন্দ্ৰা আহিব পায়!- চাই চাই তৃপ্তি নপলায়, যেন চকুৰ জেউতিখিনিকে লীন কৰি দি চাই ৰ'ম! ভালপাই হিয়াখিনিকে জোনটিৰ দৰে কলা কলাকৈ ক্ষয় কৰি পলাম! গলত সাবটি চিৰদিনলৈ নিজক পাহৰি যাম! (বেদীত অলপ আঁচৰি বহিল)
  • নীলাঃ- (সাৰ পালে) অ' তুমি ! আহা, কাষলৈ আহা !
  • চন্দ্ৰাঃ- ইয়াত শুইছিল কিয় ?
  • নীলাঃ-সপোন দেখিছিলোঁ! কেৱল সপোন! মধুৰ সপোন! কিন্তু সি তোমাৰ চুলিৰ সৌৰভত মিলি গ'ল। এনেকৈ কলা-ঘুমটিত পৰি সপোনৰ মাধুৰিমা ভোগ কৰাই যদি জীৱন হ'ল হয়!
  • চন্দ্ৰাঃ- জীৱন সপোন হ'লেও ই সচিত। আহক ভিতৰলৈ যাওঁ, চাওক পঞ্চমীৰ জোন মাৰ যাবৰ হ'ল।
  • নীলাঃ- জোন মাৰ যক ! মই তাকে চাই তোমাৰ কোলাত ধীৰে ধীৰে মৰি যাওঁ।
  • চন্দ্ৰাঃ- ছি) ! কিবাবোৰ কয়!
  • নীলাঃ- ভয় কিহৰ চন্দ্ৰা! তোমাৰ ওঁঠৰ ইমান ওচৰৰ পৰা মৃত্যুৱে মোক নিব কেনেকৈ ? আৰু যদি নিলেই জানিবা, সেই মৃত্যুতো মৃত্যু নহ'ব, সি এটা জীৱনতকৈও ৰসাল জীৱন! স্বপ্নৰো অতীত সৌন্দৰ্য্য! সৌ চোৱা জোনটি মেঘৰ আঁৰ হৈ যাব লাগিছে। পৃথিৱী আলোক আন্ধাৰৰ লীলাভূমি! সংসাৰ এটা সুখৰ সপোন ! জীৱন এটা মধুৰ ছন্দ, ঢৌ খেলি গৈ গৈ ক'ত যে লীন হয়- কোনোৱে নাজানে !
  • চন্দ্ৰাঃ- মই হ'লে মাজে মাজে ভাবোঁ- এই কল্পনা আৰু কোমল অনুভূতিবিলাকেই সঁচা নে চকুৰ আগত দেখি থকা এই সংসাৰখনেই সঁচা।
  • নীলাঃ- নাই, নাই, এনে নিৰস তুমি নহ'বা; তুমি মোৰ সুকোমল অনুভূতিৰ নিজৰা হৈ থাকা, ভালপোৱাৰ সপোন এটি হৈ থাকা। কোৱা চন্দ্ৰা, তুমি মোক কিমান ভাল পোৱা ?
  • চন্দ্ৰাঃ- (নীলাম্বৰৰ হাতত নিজৰ হাতখন দিলে) কেনেকৈ কওঁ! মোৰ ভালপোৱা ইমান ক্ষুদ্ৰ যে
  • নীলাঃ- কিন্তু তুমি এনে সুন্দৰ কিয় ? এই ৰূপ তুমি ক'ত পালা ?
  • চন্দ্ৰাঃ- এই ৰূপ আপোনাৰ মনৰ, যি দেখিছে সি আপোনাৰ নিজৰ ৰূপ।
  • নীলাঃ- তেন্তে তোমাৰ নিজৰ ৰূপ ক'ত?
  • চন্দ্ৰাঃ- ৰমণীৰ ৰূপ! ৰমণী ৰূপ নহয়, ৰমণী হৃদয়! আচল ৰমণী ৰূপত লুকাই থাকে। ৰূপ- খন্তেকৰ অযত্নত যি মলিন হৈ যায়, চকুৱে চকুৱে যি ভিন্ন আকৃতি ধৰে, সেই চঞ্চল ৰূপত ৰমণীত নিবিচাৰিব, নাপায়। ৰমণী আছে হৃদয়ত- যি ৰোগ, শোক, দুখ, লাঞ্ছনা, অবিচাৰ, অত্যাচৰতো বসুমতীৰ দৰে স্থিৰ- যি পৰশমণিৰ দৰে সকলোকে সোণালী কৰে, ধ্ৰুৱ তৰাৰ দৰে বাট হেৰুৱা পথিকক চেনেহৰ কোলাত তুমি দিয়ে, দয়া, মমতা, প্ৰেম ভক্তিৰে বিশ্ব বিজয় কৰিব পাৰে, সেই হৃদয়তে ৰমণীৰ ৰূপ, সৌন্দৰ্য্য আৰু প্ৰাণ।
  • নীলাঃ- বুজিছোঁ- কিন্তু কিজানি বুজা নাই, ক'ব পৰা নাই তুমি ৰূপতেই নে হৃদয়তেই।
  • চন্দ্ৰাঃ- সৌৱাচোন মন্ত্ৰী ডাঙৰীয়া!
  • নীলাঃ-মন্ত্ৰী ইয়াত এই অসময়ত!
  • চন্দ্ৰাঃ- কিবা ডাঙৰ কথাও থাকিব পাৰে। মই অলপ আঁতৰ হওঁ, আপুনি কথা পাতক।

(চন্দ্ৰা আঁতৰি যায়- শচীপাত্ৰক অহা দেখা যায়)

  • শচীঃ- মহাৰাজৰ জয় হওক!
  • নীলাঃ- আহক মন্ত্ৰী ডাঙৰীয়া! আশাকৰোঁ ৰাজ্যৰ সকলো মঙ্গল!
  • শচীঃ- ক্ষমা কৰিব মহাৰাজ। ৰাজ্যৰ কথা, ৰাজকাৰ্যৰ কথা, আপুনি ৰাজসভাত বহি সোধা হ'লেই ভাল পালোহেঁতেন।
  • নীলাঃ- মই আপোনাৰ সন্তানৰ তুল্য, আপোনাৰ ওপৰত নিৰ্ভৰ কৰিয়েই মই চকু মুদি বহি আছোঁ
  • শচীঃ- সেই বুলিয়েই এই অসময়ত, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ স্বৰ্গীয় পিতাৰ শেষ অনুৰোধ মই এতিয়াও দৈবাদেশৰ দৰে মানি আছোঁ। এই বুঢ়া বয়সত মোৰ পৰকালৰ চিন্তাতকৈ ৰাজ্যৰ চিন্তা বেছি হৈছে। কিন্তু আৰু নোৱাৰা হৈছোঁ। সেই কাৰণে অৱসৰ লোৱাৰ আগতে এবাৰ চাব আহিছোঁ, এখন বিশাল ৰাজ্যৰ দায়িত্ব ল'ই আপুনি কেনেকৈ চলিছে।

(নীলাম্বৰ নিমাত হৈ ৰ'ল, শচীপাত্ৰই আকৌ সুধিলে)
এই সময়ত নিৰ্লিপ্তভাবে, বিলাসত মজি থকাটো উচিত নে হৈছে, আপুনি ভাবি চাবৰ আজৰি পাইছেনে ?

  • নীলাঃ- ৰাজ্যত কিবা অসুবিধা হৈছে নেকি ?
  • শচীঃ- ঈশ্বৰৰ অসীম কৰুণা যে হোৱা নাই। কিন্তু হ'বলৈ কিমান পৰ! চাৰিওফালে প্ৰবল ৰাজ্যবিলাক, তাৰ ওপৰত উদীয়মান পাঠান শক্তি, সকলোৱে কমতাৰ সমৃদ্ধি সন্দেহৰ চকুৰে চাইছে। আহক মহাৰাজ, ৰাজ্যৰ বাঘজৰী নিজৰ সংযত হাতলৈ নিয়ক, এই বুঢ়াই আৰু তাক কিমান দিন টানিব! বৰ দুৰ্বল হৈ আহিছোঁ।
  • নীলাঃ- আজি আপোনাক ইমান কাতৰ দেখিছোঁ কিয়?
  • শচীঃ- কাতৰ দেখিছে? মহাৰাজ! বিলাসী যুৱক আপুনি, সংসাৰ আপোনাৰ মনত প্ৰমোদ কানন, নহ'লে বুজিলে হয়, বুঢ়াৰ প্ৰাণৰ বেদনা, সি কিমান গভীৰ, কিমান আৰ্ত! যি কমতাৰ ৰাজদণ্ড আপুনি ধেমালিৰ বস্তু বুলি ভাবিছে, সি মোৰ চকুত কি জানেনে ? যদি নাজানে, তেন্তে মোৰ বাৰ্ধক্যক সোধক, মোৰ পকা চুলিক সোধক, মোৰ জীৰ্ণ শৰীৰক সোধক, সিহঁতে শত মুখে কৈ উঠিব-
  • নীলাঃ- আপুনি চিন্তিত নহ'ব। ভয় কিহৰ ? বিশ্বাস কৰক, মই কৰ্তব্য পাহৰা নাই। প্ৰয়োজন হ'লে চাব, মই অৰ্কমণ্য নহওঁ।
  • শচীঃ- শুনি সুখী হ'লো। কিন্তু ভয় কিহৰ বুলি আপুনি নিজক বুজাব পাৰে, মোক নোৱাৰে। ভয় কিহৰ ? ৰাজ্য, মেঘৰ ওপৰলৈ উৰি চৰায়ে পাখি জপাই নিজক এৰি দিয়ে, তেতিয়া কি হয় ? এখন ৰাজ্য উন্নতিৰ শিখৰত তুলি দি নিজে ভোগ-বিলাসৰ মাজত বুৰ গ'লে কি আপুনি ক'ব পাৰেনে ? যদি পাৰে তাৰে ভয়। মই আহিলোঁ মহাৰাজ। যি ভাল দেখে কৰিব, কিন্তু শচীপাত্ৰৰ হাত কঁপিছে, সি আৰু নোৱাৰে।

(শচীপাত্ৰ যায়- চন্দ্ৰা আহে)

  • চন্দ্ৰাঃ- প্ৰিয়তম!
  • নীলাঃ- শুনিছা প্ৰিয়তমে?
  • চন্দ্ৰাঃ-শুনিছোঁ।
  • নীলাঃ- তুমি কি কোৱা ?
  • চন্দ্ৰাঃ- মন্ত্ৰীয়ে উচিত কথাকে কৈছে।
  • নীলাঃ- তেন্তে সেয়ে হওক চন্দ্ৰা। কালিৰ পৰা মই ৰাজ্যৰ হাহাকাৰত বুৰ মাৰিম। কোনে জানে কোন পাৰত গৈ উঠোঁ। এতিয়াও ৰাতি আছে, আহা, চুম্বনৰ অগ্নিময় অমৃতেৰে মোক জৰ্জৰিত কৰি দিয়াহি। (দুয়োৰে প্ৰস্থান। আনফালৰ পৰা আহিল)
  • মনোঃ- ললিতাক লগ নাপালোঁ, আজি কেবাদিন দেখা পোৱা নাই-

(ললিতা আহিল)

  • ললিতাঃ- ইকি! তুমি ইয়ালৈ আহিলা কেনেকৈ ?
  • মনোঃ- তোমাক লগ পাবলৈ।
  • ললিতাঃ- কি কৈছা তুমি ? কোনোবাই দেখিলে কি হ'ব?
  • মনোঃ- তোমাৰ ওচৰলৈ অহা বুলি ক'ম।
  • ললিতাঃ- তুমি সৰ্বনাশ কৰিবা দেখিছোঁ।
  • মনোঃ- তোমাক কেবাদিনো দেখা নাই।
  • ললিতাঃ- যোৱা। এতিয়াই যোৱা- সৌৱা মহাৰাজ- (ললিতা গুচি গ'ল)
  • মনোঃ- ছিঃ! বৰ বেয়া কথা হ'ল। যাওঁ আৰু দুৱৰীয়ে দুৱাৰ জপাব।

(নীলাম্বৰ আহিল)

  • নীলাঃ- কোন ? মনোহৰ ! তুমি ইয়াত ?
  • মনোঃ- মোৰ অপৰাধ হৈছে,- তোমাক লগত পোৱাৰ-
  • নীলাঃ- মোক লগ পোৱাৰ কাৰণে দেখিছোঁ সকলো অস্থিৰ। তোমাৰ ভালনে ?
  • মনোঃ- ভালেই-
  • নীলাঃ- কিন্তু তুমি এনে সঙ্কুচিত হৈছা কিয় ? ইয়ালৈ অহাৰ বাবে, নহয় নে ?
  • মনোঃ- মোৰ অপৰাধ হৈছে-
  • নীলাঃ- মই ক্ষমা কৰিছোঁ। - হ'লনে ? পিছে কিবা বিশেষ কাম আছিল নে ?
  • মনোঃ- কাম একো নাই হওঁতে।
  • নীলাঃ- বাৰু তেন্তে যোৱা এতিয়া, পাচত কথা হ'ব।
  • মনোঃ- ভাল, এতিয়া যাওঁ। (মনোহৰ গ'ল)
  • নীলাঃ- মনোহৰ বোধ হয় শচীপাত্ৰৰ লগত আহিছিল, মোক দেখি লাজ পালে।

(নীলাম্বৰ যায়)


দৃশ্যপট পৰিল

চতুৰ্থ দৃশ্য[সম্পাদনা কৰক]

নন্দৰ ভিতৰুৱা কোঠা[সম্পাদনা কৰক]

(সময় -দুপৰীয়া) (নন্দ আৰু কালীচৰণ কথা পাতি ওলাই আহিল)

  • নন্দঃ- তাৰ পিচত ? তাৰ পিচত ?
  • কালীঃ-কিন্তু ৰজাৰ চকু এৰাব নোৱাৰিলে । ধৰা পৰিল।
  • নন্দঃ- পাইছে ? দেখিছ ?
  • কালীঃ- চকুযোৰক মই অবিশ্বাস কৰিব নোৱাৰোঁ।
  • নন্দঃ-কি কথা পাতিলে ?
  • কালীঃ- সেইটো হে শুনিব নোৱাৰিলোঁ।
  • নন্দঃ- মনোহৰ লুকাই গৈছিল ?
  • কালীঃ- লুকাই গৈছিল বুলি মই কৈছোঁৱেই নহয়।
  • নন্দঃ- পিছে আহিল কেনেকৈ ?
  • কালীঃ- আহিল দুৱাৰেদিয়েই-
  • নন্দঃ- বাৰু - বাৰু - (ভাবিব ধৰিলে)
  • কালীঃ- আৰু এটা কথা। মহাৰাণী বোলে আজি গধূলি ভৱানী মন্দিৰলৈ সেৱা কৰিবলৈ যাব।
  • নন্দঃ-(খিৰিকীৰে চাই ক'লে) সৌৱা মনোহৰ ! তই সিফালে যা দেই।
  • কালীঃ- ভালবাৰু। (কালীচৰণ যায় মনোহৰ সোমাই আহে)
  • নন্দঃ- মনোহৰ দেখোন, তুমি বহুত দিন জীবা। মই তোমাৰ কথাকে ভাবিছিলোঁ। আহা- আহা-
  • মনোঃ- মোৰেই ভাগ্য।
  • নন্দঃ-তুমি দেখোন বিশিষ্ট ভদ্ৰলোক হৈ পৰিলাহে। এনেকৈ উত্তৰ দিবলৈ তোমাক কোনেনো শিকালে ?
  • মনোঃ- শিকাবলৈ কোনো নাই। পিছে এটা খাটনি লৈহে তোমাৰ ওচৰলৈ আহিলোঁ।
  • নন্দঃ- খাটনি ! কোৱা কি কৰিব লাগে।
  • মনোঃ- আজি মহাৰাজে সৈন্যবাহিলী পূৰ্ণগঠনৰ কাম আৰম্ভ কৰিব কৈছিল নহয়--
  • নন্দঃ- কৈছেতো। - কিয় ? কি কৰিব লাগে ?
  • মনোঃ- কাম বহুত। তুমি অকলে আৰম্ভ কৰিব পাৰিবানে ? মোৰ অলপ অসুবিধা হ'ল।
  • নন্দঃ- অৰ্থাত্ ?
  • মনোঃ- আবেলিৰ পৰা গধূলিলৈ মোৰ এটা কাম ওলাল। আজি এইখিনি সময় - মোক ক্ষমা কৰিব লাগে।
  • নন্দঃ- মই ক্ষমা কৰিবৰ কোন কোৱা ? তাতকৈ মহাৰাজক নোকোৱা কিয় ?
  • মনোঃ- তেওঁক জনাবলৈ বেয়া লাগিল। জানাই নহয়, তেওঁ কেনে টানকৈ কৈছে।
  • নন্দঃ- যদি তেওঁ কথাটোৰ গম পায়?
  • মনোঃ- নাপাব লাগে। কালিৰ পৰাতো মই যামেই।
  • নন্দঃ- বাৰু, তেন্তে একো কথা নাই। পিছে এটা কথাহে- তুমি বোলে কোনোবা এদিন নিশা মহাৰাজৰ প্ৰমোদ উদ্যানত মনে মনে সোমাই আছিলাগৈ ? পিছে মহাৰাজে দেখা পালে ; হয় নে?
  • মনোঃ- তোমাক কোনে ক'লে ?
  • নন্দঃ- কোনে জানো ক'লে, মোৰো মনত নাই। আজি পুৱা সভাত কোনোবা দুজনমানে ফুচফুচাই মেল কৰা কাণত পিৰিছিল। তোমাৰ নামটো শুনিহে মন দিছিলোঁ, নহ'লেতো জনাই সেইবোৰত মোৰ ৰতি নাই।
  • মনোঃ- পৰচৰ্চা বস্তুটো এনেই, তিলক তাল কৰে। প্ৰমোদ বনলৈ মনে মনে যাবৰ সাধ্য কাৰ ? মই পিতাৰ লগত গৈছিলোঁ হয় তালৈ, কথা ইমানেই।
  • নন্দঃ-কিন্তু সেইখন দেখোন অপেস্বৰীসকলৰ দেশ! তোমাক লম্ভিলে নেকি কোনোবাই ?
  • মনোঃ- তোমাৰো কথাবিলাক !
  • নন্দঃ- মহাৰাজে তোমাক তাত দেখি আচৰিত নহ'লনে ?
  • মনোঃ- কি আচৰিত হ'ব! বাৰু মই যাওঁ এতিয়া। তোমাক ধন্যবাদ।

(মনোহৰ গ'ল)

  • নন্দঃ- বুজিছোঁ। মনোহৰে সম্ভৱতঃ ললিতাক লগ ধৰিবলৈ গৈ নীলাম্বৰৰ আগত ধৰা পৰি আহিছে। ইফালে আজি গধূলি ৰাণী মন্দিৰলৈ যাব, লগতে ললিতাও যাব নিশ্চয়, তালৈকেই মনোহৰো যাব ওলাইছে, এই যোগ অপূৰ্ব, কালী ! কালী !

(কালীচৰণ আহিল)

  • কালীঃ- কি হৈছে ?
  • নন্দঃ- ৰজাৰ দোলাভাৰীহঁতক চিনি পাৱ নে ?
  • কালীঃ- সিহঁত মোৰ পানী পিয়া লগ।
  • নন্দঃ- ৰজাক ফুৰিবলৈ যাওঁতে আজি আবেলি ভৱানীৰ মন্দিৰলৈ নিয়াব লাগে। পাৰিবিনে ?
  • কালীঃ- পাৰিব লাগে দেখোন। চেষ্টা কৰিব লাগিব হওঁতে।
  • নন্দঃ- ৰজাই জানে ৰাণী মন্দিৰত, গতিকে চৌদোলা লোৱা মানুহ কিজনে যদি এবাৰ সোধে চৌদোলা মন্দিৰৰ ফালে নিব নেকি, তেনেহ'লেই বোধ হয় কাৰ্য সিদ্ধি হ'ব। যা, তই এতিয়াই যা-
  • কালীঃ- ভাল মই যাওঁ। (দুয়ো যায়)



দৃশ্যপট পৰিল

পঞ্চম দৃশ্য[সম্পাদনা কৰক]

সময় -গধূলি[সম্পাদনা কৰক]

(ভৱানী মন্দিৰৰ চোতাল, এফালে মন্দিৰৰ খটখটী । কাষত ফুলনি এখন দেখা যায়) (মনোহৰ আহিল)


  • মনোঃ- কালিও ললিতাক লগ নাপালোঁ। আজি কথা পাতিবলৈ পোৱা হ'লেও! কোনে কয় তিৰোতাৰ হিয়া সুকোমল বুলি! জানো ললিতাক মই নাপাওঁ, সমাজে নিদিয়ে। তেওঁ কিয় এই আকৰ্ষণ ! সৌৱা ৰাণী আহিছে, অলপ এফলীয়া হওঁগৈ, দেখিলে কিজানি ললিতাই লগ দিয়েই! (এফলীয়া হৈ যায়)

(চন্দ্ৰা, ললিতা আৰু সখীসকল আহিল, সখীসকলৰ এজনীয়ে চন্দ্ৰাৰ হাতত এখন ফুলে ভৰা সোণৰ থাল তুলি দিলে)

  • চন্দ্ৰাঃ- সখী! তোমালোক অলপ বহাগৈ, মই সেৱা কৰি আহোঁ।

(সখীবিলাক আঁতৰি যায়)
(চন্দ্ৰাই সোঁ হাতৰ তলুৱাত থালখন লৈ মন্কিদিৰৰ ওখ খটখটীলৈ আগবাঢ়ি গ'ল, আৰু খটখটীৰ তলৰ স্লাতম্কভৰ ওপৰত কিলাকণি থৈ আঁউজ থমকি ৰ'ল)

  • চন্দ্ৰাঃ- কিমান চেষ্টা কৰি দেৱীৰ চৰণত মন থিৰ কৰিছিলোঁ, আকৌ তেওঁলৈ মনত পৰি, মন চঞ্চল হৈ গ'ল। কাৰ চৰণত ফুল দিম, কাক পূজা কৰিম!

(অলপ পৰ ভাবি থাকি মন্দিৰৰ ভিতৰলৈ উঠি গ'ল)
(ফুলনিৰ জোপোহাৰ মাজৰ পৰা নন্দ আৰু কালীচৰণে জুমি চাব ধৰিলে)

  • কালীঃ- ৰাজ আহিছে! ৰজা আহিছে!
  • নন্দঃ- মনোবাঞ্ছা সিদ্ধি কৰা প্ৰভু!
  • কালীঃ- আহক ! আহক ! সৌৱা মনোহৰো
  • নন্দঃ- দেখিছোঁ! দেৱতা মোৰ অনুকূল।

(দুয়ো লুকালগৈ, আনফালৰপৰা নীলাম্বৰ আহিল)

  • নীলাঃ- দুপৰীয়াৰপৰা চন্দ্ৰাক দেখা নাই। ৰাজসভাৰ পৰা গৈ অন্তঃপুৰখন অৰণ্য যেন লাগিল, থাকিব নোৱাৰা য়েন পালোঁ। বাহকবিলাকেও মোৰ মন বুজিয়েই নেকি চৌদোলা এই ফালেই লৈ আহিল। চন্দ্ৰা বোধ হয় মন্দিৰত পূজাত মগন।

(মন্দিৰৰ চোতালত ইফালে সিফালে অহা-যোৱা কৰিব ধৰে আৰু এবাৰ নেদেখা হৈ পৰে, সেই সময়তে মনোহৰ আহি সেইখিনি পালে)

  • মনোঃ- ললিতাই মোক নেদেখিলে যেন পাওঁ। কি আক্ষেপৰ বিষয়! আগতে বাতৰি পঠাবলৈও নহ'ল!

(এনেতে নীলাম্বৰ আহি ওলাল)

  • নীলাঃ- কি মনোহৰ ! তুমি ইয়াত কিয় ?
  • মনোঃ- মই- মই এনেয়ে এইফালে আহোঁতে-
  • নীলাঃ- আজি কোৱা মতে সৈন্যবাহিনীৰ কাম চাই আহিছানে ?
  • মনোঃ- তালৈ - যা - যাব - যাব পৰা নাই-
  • নীলাঃ- কিয়? কিয় যাব পৰা নাই ?
  • মনোঃ- তালৈ যাওঁ বুলি ওলাইহে আহিছোঁ।
  • নীলাঃ- কিন্তু তাৰ ওলোটা বাটে ? মনোহৰ ! ছিঃ ছিঃ! তুমি এনেকৈ কৰ্তব্য পালন কৰিছা ?
  • মনোঃ- (নিমাত হৈ তলমুৱা কৈ ৰ'ল)
  • নীলাঃ- সকলোৱে কয় মই বিলাসী, কৰ্তব্য-জ্ঞান নাই! অথচ তোমালোকে এইবিলাক কি চানেকি দেখুৱাব লাগিছা ? তোমাৰ হৈছে কি ? আগেয়েতো তুমি এনে নাছিলা ? ছিঃ ছিঃ ছিঃ
  • মনোঃ- মোৰ ভুল হৈছে। মোক মাৰ্জনা কৰা!
  • নীলাঃ- যোৱা, এতিয়াই যোৱা- নিশা হ'লেও হ'ব, কাম আৰম্ভ কৰাগৈ।

(দুয়ো ওলাই গ'ল, সুদা থালখন হাতত লৈ চন্দ্ৰা মন্দিৰৰ পৰা নামি আহিল)

  • চন্দ্ৰাঃ- আজি মোৰ পূজা অথলে গ'ল! (অলপ অন্যমনে হাঁহিমুখে ৰ'ল) বাৰে বাৰে সেই সপোনটিহে মনত জিলিকি উঠে! কি সুন্দৰ সপোন! ক'ৰ সেই বননিখন জানো ! তেওঁ যেন তৰুণ মুনিৰ কোঁৱৰটিয়েই ! - মোৰ চিনাকি সুধিলে। লাজতে উত্তৰ দিবলৈ নাপালোঁ, হাতত ধৰি পেলালে--

(ললিতা আৰু সখীসকল আহিল)

  • ললিতাঃ- সখী ব'লা। বেলি পৰি আহিল, যাওঁ মানে পুৰীত সন্ধ্যাদীপ জ্বলাবৰ হ'ব।
  • চন্দ্ৰাঃ- যাম বাৰু, ব'লা অলপ সময় পুখুৰী ঘাটে বহোঁগৈ।
  • ললিতাঃ- বেছি সময় হ'লে কৰিব নোৱাৰিবা।

(সকলো ওলাই যায়, নন্দ আহি সেইখিনি পায়)

  • নন্দঃ- বাপু মনোহৰৰ প্ৰেমৰ সঁফুৰাত সাপ ওলাল! বামুণ হৈ শূদ্ৰাণীত মজিছে, মুখ ফুটাই ক'বও নোৱাৰে! মৰক এতিয়া!

(নীলাম্বৰ আহিল)

  • নীলাঃ- তুমিও ইয়াত ! নন্দ তোমালোকে মোক বলিয়া নকৰাকৈ নেৰা।
  • নন্দঃ- মহাৰাজৰ জয় হওক। মই কোনো বেয়া ভাৱে অহা নাই মহাৰাজ।
  • নীলাঃ- বেয়া-ভালৰ কথা মই নুবুজোঁ। সৈন্যবাহিনীৰ কাম আৰম্ভ কৰি আহিছানে নাই, তাকে কোৱা।
  • নন্দঃ- দাসৰ কৰ্তব্য পাৰ্যমানে কৰি আহিছোঁ।
  • নীলাঃ- মনোহৰক লগ পাইছানে ?
  • নন্দঃ- অপৰাধ মাৰ্জনা কৰক। মনোহৰ আজি তালৈ যোৱাৰ আগন্তুক নেদেখি মই অকলেই-
  • নীলাঃ- মই আগেয়েই জানিছোঁ তোমালোক এনেকুৱাই কৰ্তব্য-পৰায়ণ। কিন্তু জানানে এনে অপৰাধৰ শাস্তি কিমান গুৰুতৰ ?
  • নন্দঃ- মহাৰাজ সকলোৰে গৰাকী; কিন্তু বিচাৰ কৰি মোক শাস্তি দিয়ক, মোৰ মাতিবৰ নাই।
  • নীলাঃ- তোমাৰ সপক্ষে কি ক'ব লগা আছে ?
  • নন্দঃ- মহাৰাজ! মনোহৰক মই টানি নিবৰ সাধ্য নাই, যদি নিজৰ দায়িত্ব বুজি নিজে আগবাঢ়ি নাযায়। আৰু সঁচা ক'ব লাগিলে, নক'লেও হ'ব- যে তেওঁ কিবা ডাঙৰ টানত মেৰ খাইছে।
  • নীলাঃ- কি ডাঙৰ টান ?
  • নন্দঃ- শুনিব খোজে, মই ক'বলৈ বাধ্য। কিন্তু নোকোৱা হ'লেই ভাল আছিল নেকি ?
  • নীলাঃ-নাই নাই, কৈ দিয়া, ক'ব লাগিব।
  • নন্দঃ- ক'ব লাগে বাৰু ক'ম। কিন্তু মহাৰাজ! সেইবিলাক পাপ কথা শুনি - নাই- নুশুনাই বাল। কাৰণ নজনাকৈ হিয়াৰ এফাল গ'লেও সহিব পাৰি, কিন্তু জনাকৈ চুলি এডাল সৰিলেও দুখ লাগে।
  • নীলাঃ- পাপ কথা! তুমি কি লক্ষ্য কৰি এইবোৰ কৈছা ? ক'ব লাগিব স্পষ্টকৈ।
  • নন্দঃ- কি বিপদ! নাই মহাৰাজ ! মোৰেই দোষ, মোকেই দণ্ড দিয়ক। কিয় এইবোৰ শুনি নিজৰ শান্তি নষ্ট কৰিব খুজিছে ? এতিয়াও শুনা নাই যদি, শুনিবই নালাগে। যি হ'বৰ হৈছে।
  • নীলাঃ- এওঁ কি কয়! নিজৰ শান্তি ! শুনিবই নালাগে! নাই, সেইবোৰ এৰা, কোৱা, মোক কোৱা, মোক সন্দেহত নাৰাখিবা।
  • নন্দঃ- এইবোৰ সন্দেহৰেই কথা। কিন্তু আপুনি বৰ সৰল।
  • নীলাঃ- যিয়েই নহক, মোক কোৱা।
  • নন্দঃ- যদি ক'বই লাগে, অভয় দিয়ক, মই হয়তো আপোনাৰ সকলোতকৈ প্ৰিয়জনৰ গাত পৰাকৈও ক'ব পাৰোঁ।
  • নীলাঃ- নিৰ্ভয়ে কোৱা, যদি মোৰ ওপৰতো পৰে, ঈশ্বৰৰ ওপৰতো পৰে, তথাপি কোৱা।
  • নন্দঃ- ইফালে প্ৰাণৰ ভয় লগে লগে ৰজাৰ দণ্ডি! কি কৰোঁ।
  • নীলাঃ- মোৰ আদেশ পালন কৰা।
  • নন্দঃ- (অলপ টলকা মাৰি থাকিল, লগে লগে ৰজাৰ মুখলৈ সন্দিগ্ধ দৃষ্টি কৰি) মহাৰাজ! মোৰ তেনেকৈ ক'বলগীয়া বিশেষ সঠিক একো নাই। কিছুমান জনৰৱ শুনি মই এটা কিবা অনুমান কৰিছিলোঁ, সেইটোৱেই কথা। কিন্তু মুখৰ কথা হ'লেও, অতিৰঞ্জিতবিলাক বাদ দিলে এইখিনি থাকে- মনোহৰে বোলে অসময়তো গোপনে মহাৰাজৰ অন্তঃপুৰত সোমায়।
  • নীলাঃ- কি! গোপনে অন্তঃপুৰ! পিছে কি হ'ল তাৰ পৰা ?
  • নন্দঃ- মই কওঁ, একো নহয়। মহাৰাজৰ অন্তৰঙ্গ বন্ধু, যাব পাৰে মহাৰাজৰ অন্তঃপুৰলৈ। আন কি ক্ষমা কৰিব, ঈশ্বৰে নকৰক, যদি স্বয়ং মহাৰাণীৰ ওচৰলৈকো যাবৰ সাহ কৰে, তাতো বেয়া দেখিবৰ একো নাই। ইমান ডাঙৰৰ পৰা ইমান হীনতা সম্ভৱ নহয়। কিন্তু মানুহবোৰ মূৰ্খ, সিহঁতৰ কথাবোৰ নীচ।
  • নীলাঃ- সিহঁতে কয় কি ? নন্দ, সিহঁতে কয় কি ?
  • নন্দঃ- সেইবোৰনো সোধে কিয় ? কথাই হোৱাকো নোহোৱা কৰে, নোহোৱাকো হোৱা কৰে। সিহঁতে কয়, নিজৰ ঘৈণী হ'ল বুলি, সাত-লক্ষ্মী ভাবি থাকিলে ঠগ খাব লাগে। তিৰোতাক যিমান অপূৰ্ব বস্তু বুলি ভাবি থকা যায়, আচলতে সিমানটো নহয়, সেইটো এটা ডাঙৰ ভুল। পুৰুষৰ যিমান শিথিলতা আছে তিৰোতাৰো সিমানেই আছে।
  • নীলাঃ- তুমি কি কৈছা নন্দ! উস্ ! মূৰৰ ভিতৰত যেন সাতখন নৰক জ্বলিব লাগিছে। স্পষ্টকৈ কোৱা, মনোহৰৰ কথা তুমি কি জানা ?
  • নন্দঃ- মনোহৰ গাৰলা * বাঘ মহাৰাজ। তেওঁ ক'ত কামুৰি ধৰে, সেই তত্ত্ব কোনেও নাপায়। কিন্তু আকাৰে ইঙ্গিতে গম পাইছিলোঁ, কিবা উদ্দেশ্য মন্দিৰলৈ আহিছিল। সম্ভৱ কোনো অসুৰ্যম্পশ্যা সুন্দৰীক লগত পোৱাও হ'ব পাৰে।
  • নীলাঃ- কাক ? কাক লগ পাব আহিছিল?
  • নন্দঃ- সেই কথা মই ডাঠকৈ ক'ব নোৱাৰোঁ। যিহওক, আপুনি তেওঁৰ গতি-বিধি, কথা-বতৰা, ভাৱ-ভঙ্গীলৈ চকু দিয়ক। এইটো আপুনি সহজে পাৰিব, আপোনাৰ বন্ধু যেতিয়া। আৰু পুৰীৰ ভিতৰতো যাৰ লগত এনে ঘটনা হ'ব পাৰে, তেনেবিলাকৰ ফালে নজৰ ৰাখক।
  • নীলাঃ- উস্ ! কি হ'ব তাৰ পৰা ?
  • নন্দঃ- সকলো কথা আপুনি ওলাই পৰিব। সেয়ে যি নহওক, মোৰ হ'লে ধাৰণা যদিও ৰূপত মন্মথৰ দৰে, তথাপি ক্ষুদ্ৰমতি, সখী-সহচৰীতকৈ ওপৰলৈ হাত মেলিব নোৱাৰে। কলঙ্ক থাকিলেও চন্দ্ৰক কোনেও ঢুকি নাপায়।
  • নীলাঃ- তুমি প্ৰেতৰ ভাষাত কথা কৈছা।
  • নন্দঃ- মহাৰাজক অলপ বিচলিত দেখিছোঁ কিয় ? নহ'ল হ'লেই কিবা, কি হ'ব তাৰ পৰা ? কত সুন্দৰীয়ে মহাৰাজৰ পদসেৱা কৰিবলৈ পালে সাত পুৰুষে সৈতে উদ্ধাৰ পাব!
  • নীলাঃ- যা- দূৰ হ' ৰাক্ষস!
  • নন্দঃ- দেৱতা মোৰ সহায়! (কটিল আনন্দৰ হাঁহি মাৰি বিদায় ল'লে।)
  • নীলাঃ- উস্ ! কি হ'ল! বুকুত যেন কালী নাগৰ উতলোৱা বিষ বাষ্পই সোপাদি ধৰিছে! গাৰ লোমে লোমে সাপে দংশিব লাগিছে! উশাহে পতি আহ মঙহ কোঁচ খাই গৈছে। সাধ্য নাই এই জ্বলা জুৰাওঁ! শক্তি নাই, প্ৰাণ শীতল কৰোঁ। আকাশত বিহ! বতাহত বিহ! পানীত বিহ! মাটিত বিহ! ক'লৈ যাওঁ! ক'ত পলাওঁ! কি কৰিম ! বিশ্বাস নাই ? তেন্তে ঈশ্বৰ মায়া ? জন্ম মৃত্যু ? সত্য মিছা ? মই মৰা নে জীয়া ? ই সজীৱৰ চিন্তা নে নৰকত প্ৰেতৰ দুঃস্বপ্ন ? চাৰিওফালে ক'লা ক'লা জুইৰ শিখা! নিঃশব্দে সকলো ডেই পুৰি ছাই কৰি নিব লাগিছে ! তাপত মোৰ অস্থি মজ্জালৈকে সিজি গৈছে! উঃ! (মন্দিৰৰ খটখটীত অৱশ হৈ বহি ৰ'ল, আৰু চন্দ্ৰা আহি ওলাল)
  • চন্দ্ৰাঃ- তেওঁ বোলে ইয়াতে আছিল, ক'লৈ গ'ল ? অ আই ! এনেকৈ আছে কিয় ? উঠক উঠক, কি হৈছে কওক।
  • নীলাঃ- (একো নকৈ চন্দ্ৰাৰ ফালে ৰ'লাগি চাই থাকে)
  • চন্দ্ৰাঃ- কিয় এনে কৰিছে ? মোৰে শপত, কওক!
  • নীলাঃ-ক'ব নোৱাৰোঁ! -
  • চন্দ্ৰাঃ- কি হ'ব!- কি কৰোঁ! - সখি ! সখি!
  • নীলাঃ- নামাতিবা!
  • চন্দ্ৰাঃ- কি হৈছে আপোনাৰ ? কওক! কওক মোক!
  • নীলাঃ-(চন্দ্ৰাৰ হাতখনি নিজৰ বুকত লগাই দি) চোৱা ! বুজিছা কিবা ?- নাই! তোমাৰ হাতত জুই ! (হাত এৰুৱাই আঁতৰি আহে)।
  • চন্দ্ৰাঃ- কি কৈছে আপুনি ?
  • নীলাঃ- কৈছোঁ নীলাম্বৰ মৰিছে ! (গুচি গ'ল)

(চন্দ্ৰা বিবুদ্ধি হৈ ৰ'ল, চকুপানী পৰিব ধৰিলে)





দৃশ্যপট পৰিল

ষষ্ঠ দৃশ্য[সম্পাদনা কৰক]

ৰাজপ্ৰাসাদৰ এফালৰ কাঁথি[সম্পাদনা কৰক]

(সময়- দুপৰীয়া) (বহল মুকলি দুৱাৰেদি কোঠালীৰ ভিতৰলৈ দেখা যায়। কোঠাৰ ভিতৰৰ পৰা চন্দ্ৰা ওলাই আহি দুৱাৰ পালেহি)

  • চন্দ্ৰাঃ- মই নো কি দায় লগালোঁ ? জানিতো একো কৰা নাই! তথাপি এনে আচৰিত ব্যৱহাৰ দেখিলোঁ কিয়? আন কিবা বেয়া বাতৰি পাই এনে হোৱা হ'লেও, আজিলৈকে মইতো শুনিলোঁ হয়! গা বেয়াওতো হোৱা নাই। মোৰ ওপৰতেই খং কৰিছে হয়, নহ'লে আজিও মোক দেখা নিদিব কিয়? তেওঁৰ ইমান বিৰক্তি লৈনো মই জীয়াই থাকিব পাৰোঁনে? (ললিতা আহিল)
  • ললিতাঃ- তুমি এনে আমন্ জিমনকৈ আছা কিয়? কোৱাচোন কোৱা, কিনো হৈছে?
  • চন্দ্ৰাঃ-একো হোৱা নাই সখী। এটা বেয়া সপোন দেখিছিলোঁ, সেয়ে মনটো ভাল লগা নাই।
  • ললিতাঃ-সেইবোৰো ভাবি থাকিব লাগেনে ? আহাচোন, মোৰ তাঁতশালখনত অলপ বহাহি, ফুল শাৰীত কনী এটাত কেনা লাগিল।
  • চন্দ্ৰাঃ-মইনো পাৰিমনে ? তেওঁ গৈছোঁ ব'লা। (দুয়া ভিতৰলৈ সোমাই গ'ল)

(নীলাম্বৰ আহি দেখা দিলে)

  • নীলাঃ- নন্দই নজনা একো নাই। কেৱল মই বেয়া পাওঁ বুলি আভাস মাত্ৰ দি গৈছে। মনোহৰ, প্ৰমোদ বনলৈ মনোহৰ ৰাতি যায় কিয়? মন্দিৰলৈ গৈ মিছা মাতে কিয় ? ইমান চক্ৰান্ত ! ইমান দিনে মই কি অঁকৰাভাৱে দিন নিয়ালোঁ! এনে প্ৰবঞ্চনাও মানুহে কৰিব পাৰেনে ? ছি! ছি! ছি ! কি লাজ! কি ঘৃণা! এয়েই নাৰীৰ প্ৰেম! এয়েই নাৰীৰ অন্তৰ! ইহঁতেই জগতৰ মাতৃ-মূৰ্তি! তাতকৈ পুৰুভুজ ভাল। ইহঁতৰ চকুত ছলনা, হাঁহিত পাপ, হিয়াত নৰক, চুমাত বিষ, আলিঙ্গগনত অপমৃত্যু। অথচ কি সুন্দৰ! কি মনোমোহা! ইকি! ইয়াত কিয়? ইয়াত কিয় ?

(চন্দ্ৰা আহি ভৰিত লুটি খাই পৰিল)

  • চন্দ্ৰাঃ- প্ৰভু মোৰ ! দেৱতা মোৰ! মোক ক্ষমা কৰক।
  • নীলাঃ- ক্ষমা! কিহৰ ক্ষমা? পাপ স্বীকাৰ কৰিছানে ? যোৱা, পৰাচিত কৰাগৈ, মোক আৰু কিয় ?
  • চন্দ্ৰাঃ-পাপ! আপুনি কি কৈছে? পাপ কি মই নাজানো। নজনাত যদি কিবা অপৰাধ কৰিছোঁ ক্ষমা কৰক। ইমান নিৰ্দয় আপুনি হ'ব নোৱাৰে।
  • নীলাঃ-কাম নাই। যোৱা, তুমি কোন আৰু মইয়েই বা কোন!
  • চন্দ্ৰাঃ-হাঁয়! জীৱনত মই কথাৰে আপোনাক একো বুজাব পৰা নাছিলোঁ, কেৱল আপুনি নিজ গুণে মোক অগাধ বিশ্বাস কৰি আহিছে। আজিও তাকে কৰক। নহ'লে মই এইদৰে ইয়াতে মৰি থাকিম। তাতকৈ মোৰ আন গতি নাই।
  • নীলাঃ-হৈছে হৈছে! যোৱা ! হয় তুমি যোৱা নতুবা মই আহিলোঁ।
  • চন্দ্ৰাঃ-তেন্তে ময়েই যাওঁ। সকলো মোৰ অদৃষ্টৰেই দোষ। বৰ আশা কৰিছিলোঁ, অন্তিমত আপোনাৰ চৰণ মূৰত লৈ মৰিব পাৰিম, কিন্তু ঈশ্বৰে মোক নিৰাশ কৰিলে!

(চন্দ্ৰাৰ কণ্ঠৰোধ হ'ল। নীলাম্বৰে আপোন পাহৰ ভাবে চন্দ্ৰালৈ চাই আছিল, পাচত লাহে লাহে আবেগপূৰ্ণ মাতে ক'লে)

  • নীলাঃ-চন্দ্ৰা! চন্দ্ৰা!
  • চন্দ্ৰাঃ-মাতক! আৰু এবাৰ মাতক! মোৰ মৰণতো শান্তি দিয়ক। প্ৰাৰ্থনা কৰিছোঁ-
  • নীলাঃ-কৰা, প্ৰাৰ্থনা কৰা! নহ'লে মই মৰিছোঁ, তুমিও মৰো।
  • চন্দ্ৰাঃ-ময়ে মৰিছোঁ। মোৰ পৰমায়ুৰে আপুনি জীয়ক।
  • নীলাঃ-নহয় নহয়! দুয়ো মৰিছোঁ। হতভাগিনী! শুনা নাই, মোৰ মাতত মৃত্যুৰ আৰ্তনাদ? দেখা নাই, মোৰ বুকুত জীৱনৰ চিতাগ্নি ? বুজা নাই- মোৰ মনত সন্দেহৰ প্ৰেতমূৰ্তি ? নীলাম্বৰ মৰিছে, কমতাপুৰ পুৰি গৈছে, মই তাৰ প্ৰেতাত্মা, এই শ্মশানত ঘূৰি ফুৰিছোঁ। (হতাশভাৱে লাহে লাহে আঁতৰি যাবলৈ ধৰে)
  • চন্দ্ৰাঃ-নাযাব- নাযাব। এবাৰ মোৰ মূখলৈ চাই কওক যে-
  • নীলাঃ-ঠিক্! চোৱা, মোৰ চকুলৈ চোৱা! (হাঠাত্ ঘুৰি আহি চন্দ্ৰাৰ সন্মুখ হৈ একেথৰে চকুৱে চকুৱে এখন্তেক চাই থাকি আকস্মাত্ মুখ ঘুৰাই আনিলে)

নাই ! নাই! মিছা! ই এক সৃষ্টি-মৰুভূমিৰ বিপক্ষে এক বিন্দু অশ্ৰুৰ মিছা সাক্ষী । যা আঁতৰি যা! (চন্দ্ৰাক ঠেলা মাৰি থৈ গুচি গ'ল) (ললিতা আহিল)

  • ললিতাঃ-সখী! এইবোৰ কি? কি হৈছে, কোৱাচোন!
  • চন্দ্ৰাঃ-কি হ'ব সখী! সঁচাকৈয়ে মোত বিশ্বাস নাই; নহলে নো-
  • ললিতাঃ-এইবোৰ কি কৈছা। এনে কথাও হ'ব পাৰেনে ? কোৱাচোন কোৱা কি হৈছে?
  • চন্দ্ৰাঃ-ময়ো একো নাজানো।
  • ললিতাঃ-তেন্তেনো এইবোৰ কি দেখিছোঁ?
  • চন্দ্ৰাঃ-এইবোৰ সকলো সপোন! সকলো সপোন! ব'লা যাওঁ, ঈশ্বৰে সকলো দেখি আছে। (দুয়ো সোমাই গ'ল)




দৃশ্যপট উঠিব

সপ্তম দৃশ্য[সম্পাদনা কৰক]

ৰাজুপুৰীৰ বাহিৰৰ ফুলনি[সম্পাদনা কৰক]

(সময়- আবেলি) (নন্দ এখন বেদীৰ ওপৰত বহি আছে)

  • নন্দঃ-নীলাম্বৰ ভালকৈ মেৰ খাইছে। কোনো ফালৰ পৰা ৰক্ষা নাই। উত্তম! এতিয়া বাকী আছে শচীপাত্ৰ, আৰু - আৰু মনোহৰ। তেনেহ'লেই মই নিষ্কণ্টক। তাৰ পাচত অকস্মাত্ এটা ধুমুহা- লগে লগে মোৰ নতুন সৃষ্টিৰ পাতনি! সেয়া আহিছে! বাৰু

(টোপনি অহা ভাও জুৰি বেদীৰ ওপৰত শুই থাকিল, নীলাম্বৰে অন্যমনষ্কভাবে দেখা দিলে)

  • নীলাঃ-বিশ্বাস নাই- বিশ্বাস নাই! চন্দ্ৰাত বিশ্বাস নাই! মনোহৰত বিশ্বাস নাই - তেন্তে বিশ্বাস ক'ত আছে - কাক বিশ্বাস কৰিম? আঃ এইবোৰ যদি সপোন হ'লহেঁতেন! চন্দ্ৰা আৰু মনোহৰ পবিত্ৰ হৈ থকা হ'লে, মই ইয়াতোকৈ শত গুণ যন্ত্ৰণাত পচি মৰোঁ, তাতো শান্তি আছিল- তাতো সুখ আছিল! কোন ? নন্দ ইয়াত। নন্দ!
  • নন্দঃ-আঃ! আকৌ কিয় মনোহৰ?
  • নীলাঃ-কি কৈছা নন্দ?
  • নন্দঃ-(ৰজাক দেখি অপ্ৰতিভ হোৱা দেখুৱাই) অ'! ক্ষমা কৰিব মহাৰাজ! জুৰ বতাহ লাগি মোৰ টোপনি আহিছিল, তাৰে জালাত কিবা কওঁতে কিবা কৈ পেলাইছোঁ।
  • নীলাঃ-তুমি মনোহৰৰ নাম নাকাঢ়িছিলানে ? কি কৈছিলা তুমি ?
  • নন্দঃ-(লুকাব খোজা য়েন দেখুৱাই) নাই নাই, বিশেষ একো নহয় বুলিয়েই ধৰক। ঘুমটিৰ আলজালতে, কিবা ভাবি কিবা কৈছোঁ। ক্ষমা কৰিব।
  • নীলাঃ-নহয় নন্দ কবই লাগিব। তুমি জানা বহুত, কিন্তু কোৱা অলপ। নক'লে নেৰিছোঁ।
  • নন্দঃ-ক'লেতো আপোনাৰ একো উপকাৰ নাই, হিতাহিত জ্ঞান হেৰুৱাব বুলিহে ভয় কৰোঁ। এতিয়াও আছে, আৰু তাকে হেৰুৱাম?
  • নীলাঃ- তুমি ভাবানে নন্দ, যে মোৰ হিতাহিত জ্ঞান এতিয়াও আছে, আৰু তাকে হেৰুৱাম? - কোৱা - তুমি যি জানা মোক কোৱা- অকপটে - মুক্তে কণ্ঠে!
  • নন্দঃ-মোৰেই দুৰ্ভাগ্য! যিমানে নিৰ্লিপ্তভাবে থাকিব খোজোঁ তিমানেই এই অপ্ৰীতিকৰ ঘটনাবোৰে মোক আগুৰি ধৰে। সৰল মানুহ বুলি লোকেও মোৰ আগত লুকাব নোখোঁজে, শেষত মোৰ গাতেই লাগে যিমানবিলাক আপদ! কি কৰোঁ এতিয়া!
  • নীলাঃ-উঃ! নন্দ, তুমি মোক পানীত পেলাই ৰং চাইছা!
  • নন্দঃ-মহাৰাজে তেনেকৈ বুজিছে যেতিয়া মইনো আৰু কি ক'ম! পিছে ক'বলগীয়া হৈছে যেতিয়া, মই যি জানো একো গোপন নকৰোঁ, ক'মেই; বিশেষতঃ আপোনাৰ কাৰণে। আপুনি ধৈৰ্য্য ধৰক।
  • নীলাঃ-ধৈৰ্য্য! ধৈৰ্য্যৰ কথা কৈছা? আন হোৱা হলে এনে কথা শুনা মাত্ৰে কি কৰিলোহেঁতেন জানানে ?
  • নন্দঃ-হয়তো এটা প্ৰলয় কাণ্ড কৰিলেহেঁতেনে।
  • নীলাঃ-কিন্তু মই? চোৱা, এতিয়াও তোমাক সুধি সুধি সেইবোৰ কাহিনী শুনিব লাগিছোঁ, তাত যেন মোৰ পৰম সন্তোষ!
  • নন্দঃ-সঁচা কৈছে। মই স্বীকাৰ কৰোঁ, মহাৰাজৰ ধৈৰ্য্য অসীম। কিন্তু এনেও বহুত দেখিছোঁ- যি প্ৰথমতে আপোনাৰ দৰেই শান্ত হৈ থাকে, কিন্তু পিচত হঠাত্ ভীষণ হৈ উঠে।
  • নীলাঃ-ওঁ! কোৱা, পাতনি নেমেলিবা। যেনে কথা তেনেভাবে মোক কোৱা।
  • নন্দঃ-কোৱাত কম। কিন্তু মহাৰাজ বিচলিত হয় নেকি?
  • নীলাঃ-কোৱা । মনোহৰ! মনোহৰ! মনোহৰৰ কি কথা কৈছিলা কোৱা।
  • নন্দঃ-মনোহৰে আজি বাৰে বাৰে মোক আমনি কৰি আছিল; আপুনি অন্তঃপুৰত নে ক'ত সেই খৱৰটোৰ কাৰণে। কথা ইমানেই।
  • নীলাঃ-অন্তঃপুৰতনে ক'ত? কোৱা আৰু কি ?
  • নন্দঃ-কথা এয়েই, বঢ়াই ক'বলৈ মোৰ একো নাই। কিন্তু এইফালেদি চালে ই-তো একো কথা নহয়। মনোহৰে আন কাৰণেও সুধিব পাৰে। নলে গলে লগা বন্ধু মনোহৰ। তাত মহাৰাজ ইমান বিচলিত হৈছে কিয়? ই সামান্য কথা!
  • নীলাঃ- সামান্য কথা! হায় নন্দ। তুমি মোক এইবিলাক কথা শুনালা কিয়? নুশুনা হ'লেই কিজানি সুখে থাকিলো হয়।
  • নন্দঃ-ক্ষমা কৰিব মহাৰাজ। মই নকৱেঁই বুলিছিলো; কিন্তু আপোনাৰ আদেশতো মই অমান্য কৰিব নোৱাৰো। তথাপি আপুনি এইবোৰ বিশ্বাস নকৰাই ভাল। আৰু মোৰোতো ভুল হ'ব পাৰে। আৰু ভাবি নাচায় কিয়? তিৰোতৰ সতীত্বৰ ওপৰত বিশ্বাস কৰিয়েই পুৰুষে সিহঁতৰ হাতত নিজক সমৰ্পণ কৰে। মোৰ কথা শুনক, অন্তঃপুৰলৈ গৈ এইবোৰ কথা পাহৰিবলৈ চেষ্টা কৰক।
  • নীলাঃ-তুমি কেৱল কথাৰ পৰামৰ্শ দিলা, কামৰ পৰামৰ্শ দিব নোৱাৰিলা। সংসাৰৰ নৰককুণ্ডত যি পৰা নাই, ইয়াৰ জঘন্যতাৰ ভু যি নাপায়, তাৰহে এনে ধাৰণা। এদিন ময়ো তেনে আছিলোঁ। একবিন্দু চকুৰ পানীত গলিছিলোঁ; এটা মিচিকিয়া হাঁহিত উটি গৈ স্বৰ্গৰ উপকূল পাইছিলোঁ। কিন্তু এতিয়া তাৰ প্ৰকৃত্ব স্বৰূপ দেখিছোঁ। উঃ ! মানুহ কি মূৰ্খ! নাৰীৰ কোলাত মূৰ থৈ সুখৰ সপোন দেখে!
  • নন্দঃ-সেয়েই সংসাৰৰ প্ৰচলিত নিয়ম।
  • নীলাঃ-যোৱা! তুমি মোক নিয়ম শিকাব নালাগে।
  • নন্দঃ-মহাৰাজৰ যেনে ইচ্ছা! মইনো আৰু কি কৰিম! (যায়গৈ)
  • নীলাঃ-সংসাৰৰ নিয়ম!---তিৰোতা!--- সিহঁতে এটা চকুৰে হাঁহে, এটা চকুৰে কান্দে, এখন হাতেৰে আদৰ কৰে, সিখন হাতেৰে বিহ দিয়ে। পুৰুষ--মূৰ্খ সিহঁতে--

(ললিতা আহি দেখা দিয়ে)

  • নীলাঃ-তুমি কিয়? তুমি আকৌ কিয়?
  • ললিতাঃ-মোৰ এফেৰি কথা আছে।
  • নীলাঃ-যোৱা যোৱা, আঁতৰ হোৱা।
  • ললিতাঃ-কিয়নো আঁতৰ হ'ব লাগে?
  • নীলাঃ-তিৰোতাৰ লগত মোৰ একো কথা নাই,
  • ললিতাঃ-অন্ধ পুৰুষ! নাৰীৰ চকুত জ্বলা সত্যৰ জুই কেতিয়াবা চকুত পৰিছেনে? সতীৰ চকুলোৰ মহিমা কেতিয়াবা দেখিছেনে ? সিহঁতৰ কোমলতাৰ প্ৰাণ অনুভৱ কৰিছেনে ? যি চকুৰে পবিত্ৰ জেউতিত আকাশৰ তৰাও শেঁতা পৰি যায়, সৃষ্টিৰ ফটিক দাপোণ সেই নাৰীৰ চকুৰপৰা সঁচা মিছা চিনিব নোৱাৰে? এয়েনে আপোনাৰ জ্ঞানৰ প্ৰভাৱ? ইয়াৰেই আপুনি এখন দেশ শাসন কৰেনে?
  • নীলাঃ-(তল মূৰহৈ কেৱল ভাৱে আৰু কয়) মই জানো, মই জানো।
  • ললিতাঃ-এনে কি হৈছে মহাৰাজ? অকস্মাত্ আপোনাৰ এনে পৰিবৰ্তন কেনেকৈ হ'ল?
  • নীলাঃ- কি হৈছে? যি কথা আজি কম তাৰ হাটে-বজাৰে প্ৰচাৰ হৈছে, মোৰ হতুৱাই তাৰে কীৰ্তন কৰাব খুজিছা নে ?
  • ললিতাঃ- কি কৈছে আপুনি?
  • নীলাঃ-বাৰু, তুমি তো প্ৰায়ে অন্তঃপুৰতে থাকা, তুমি - তুমি মনোহৰক ভিতৰলৈ অহা -
  • ললিতাঃ-ছি! ছি! ছি! মিছা! মিছা! মিছা! জলন্ত মিছা।
  • নীলাঃ-কিন্তু মই জানো - সঁচা।
  • ললিতাঃ-এনে সঁচা নৰকত ডুবক! সত্য কথা ঈশ্বৰে জানে আৰু জানে- (এনেতে নন্দ আহিল, তেওঁ গলত মুকুতাৰ মণি এধাৰ পিন্ধি আহিছে, সেইবাৰ আগত অঙ্কত ললিতাই মনোহৰক উপহাৰ দিবলৈ আগবঢ়াইছিল আৰু নন্দই চিঠিৰ লগত পৰি থকা পাইছিল)
  • নন্দঃ- ললিতা আইদেওৰ গা ভালনে? (ললিতাই মণিধাৰ দেখি স্তম্ভিত হ'ল)
  • ললিতাঃ-সেই কুন্ধচটোৱে--! (ললিতাই একো ক'ব নোৱাৰি আঁতৰি গ'ল)
  • নন্দঃ- আমাৰ চিত্ৰলেখী আইদেও বা আহিছিল কিয়?
  • নীলাঃ-চিত্ৰলেখী নে ললিতা ?
  • নন্দঃ- সেই একে জনাই। মনোহৰৰ চিত্ৰলেখী! মোক দেখি উছাত্ মাৰি গুচি গ'ল কিয় জানিছোঁ।
  • নীলাঃ-সেয়েতো, কিয় গ'ল জানো?
  • নন্দঃ-কাৰণ এই মণিধাৰ! অন্তঃপুৰৰ ফালৰপৰা এখন চিঠিৰে সৈতে মনোহৰৰ নামে উপহাৰ হিচাবে আহিছিল। আৰু আমাৰ আইদেৱেই আছিল সেই বাতৰি অনা নিয়া চিত্ৰলেখী।
  • নীলাঃ-এই মণিধাৰ! - মইতো অন্তঃপুৰতে কেতিয়াবা দেখা যেন পাওঁ!-কিন্তু চিঠি? বাৰু চিঠিখন চাওঁ-
  • নন্দঃ-চিঠিখন? চিঠিখন ক'ত জানো থলোঁ বিচাৰি নাপালোঁ--তাতকৈ বৰং দুদিনমানে ৰাতি প্ৰমোদ বনৰ ভিতৰত চকু ৰাখিলেও, ইয়াতকৈ ভাল প্ৰামাণ কিবা পাব পাৰে। মহাৰাজ বাহিৰত থকাত সিফালে চাগৈ মহোত্সৱ মিলিছে!
  • নীলাঃ-সংসাৰ ৰসাতলে যা!



জিৰণি পট পৰিব

তৃতীয় অঙ্ক[সম্পাদনা কৰক]

প্ৰথম দৃশ্য[সম্পাদনা কৰক]

শোৱা কোঠা [সম্পাদনা কৰক]

(সময় - মাজ ৰাতি)

(মনোহৰ ঘৰৰ ভিতৰত শুই আছে, ভিতৰৰ ফালে খিৰিকী মুকলি, বাহিৰৰ ফালে দুৱাৰ মুকলি, চোতালৰ পৰা ঘাটে সৈতে কঁকালৰ পৰা মুখলৈ দেখি ভিতৰত এটা চাকিৰ পোহৰ মনোহৰৰ গাত পৰিছে। বাহিৰত নাম মাত্ৰ পোহৰ)
(মনোহৰে সপোনত ললিতাৰ মূৰ্তি দেখিলে আৰু যেন কোমল কণ্ঠে এফাঁকি গীত শুনিলে)

গীত
 
মধুময় হাঁহিটি ফুলে হাঁয়!
সপোনৰ কিৰণত আতুৰ প্ৰায়!
চাওঁতেই হাঁয়
হিয়া পমি যায়;
অমিয়াৰ লহৰী নিখিলময়!
পিচতেই বিলীন পৰে জঁয়!
(ললিতাৰ ছায়া-মূৰ্তি অন্তৰ্হিত হয়)
(দুৱাৰৰ বাহিৰত, চোতালত সন্তৰ্পণে নন্দই দেখা দিলে আৰু দুৱাৰেদি খুকুৰিয়াই চালে, তাৰ পিচত চোতালৰ এচুকত বাট চাই ৰৈ থাকে।

  • নন্দঃ-এটা মাৰাত্মক অভিনয় কৰিব লাগিব। সুন্দৰ সময় - গভীৰ নিস্তব্ধতা কেও ক'তো নাই। সাৱধান মনোহৰ! তোমাৰ কাল চাপি আহিছে এই ভীষণ ৰাতি, পৃথিৱী ভয়ত ঘামিব লাগিছে, বতাহত উৰিছে, গছৰ লতাৰ আন্ধাৰে আন্ধৰে ঘোৰ কৃষ্ণ বৰ্ণ কৰাল হত্যাই খাপ লৈ আছে। এবাৰ যদি আৰ্তনাদ কৰি উঠিব পাৰা, তেওঁ কিজানি আজিলৈ সাৰিব পাৰা! এয়ে তোমাৰ শেষ নিদ্ৰা, তোমাৰ প্ৰাণত মোৰ প্ৰয়োজন আছে। হত্যাৰ প্ৰেত বাহিৰত ৰৈ আছে, তোমাক এতিয়া এবাৰ উলিয়াই নিব পাৰিলেই হ'ল। সি তোমাৰ টেঁটুত এনেকৈ চেপি ধৰিব, যে উশাহ এটাও লবলৈ আজৰি নহ'ব---

(কালীচৰণ আহিল)

  • কালীঃ- সিফালে সকলো ঠিক।
  • নন্দঃ-কি দেখি আহিলি?
  • কালীঃ- ৰজাই পুৰীৰ বাহিৰ ফালে ঘূৰি ফুৰিব লাগিছে। ৰাণী আৰু ললিতাই প্ৰমোদ-বনৰ ভিতৰৰ সেই অশোক জোপাৰ তলত বহি কথা পাতি আছে।
  • নন্দঃ-বাৰু। তেন্তে মনোহৰক মই তালৈ লৈ যাম, নীলাম্বৰক তই তালৈ নিবি।
  • কালীঃ-কিন্তু মনোহৰেতো আমাৰ কথা কৈ দিব, ৰজাই যদি বিশ্বাস কৰে--?
  • নন্দঃ-মূৰ্খ! মনোহৰ এনেয়ে লাজত পৰি আছে। ৰজায়ো মনোহৰত বিশ্বাস হেৰুৱাইছে। তাতে যদিহে মনোহৰক প্ৰমোদ-বনত ৰাণীৰ ওচৰত উলিয়াই দিব পাৰোঁ, তেতিয়া---
  • কালীঃ- সৌৱা! আহিছে!
  • নন্দঃ-শচীপাত্ৰ! আহ লুকা! লুকা!

(দুয়ো আন্ধাৰত অদৃশ্য হ'ল, শচীপাত্ৰ আহি ওলাল)

  • শচীঃ- কি কু-সপোনবিলাক দেখিলোঁ! এখন সাম্ৰাজ্যৰ সহস্ৰ চিন্তা! এক দণ্ডৰ জিৰণি, তাতো দুঃস্বপ্ন! মনোহৰ! মোৰ ইহকালৰ ঐশ্বৰ্য্য, পৰকালৰ শান্তি, ঈশ্বৰে তোক মোৰ মূৰৰ চুলিৰ সমান পৰমায়ু দি কুঁশলে ৰাখক। ৰাজ্যৰ সহস্ত্ৰ বিপদতো যি হৃদয় ভয় কি নাজানে, আজি মোৰ সেই হিয়াি অলীক সপোন এটাত ইমান ভয় খাইছে ? হায়! অপত্য স্নেহ, তুমি ইমান দুৰ্বল। নাই- যাব লাগিব। হয়তো তোৰ টোপনি ভাগি যাব। কিন্তু, কিয় ?--যাওঁ বুলিও যাব নোৱাৰোঁ! কোনোবাই যেন কৈছে সাৱধান! সাৱধান! নাই নাযাওঁ, টোপনি আজিলৈ এৰিলোঁ। কিন্তু এইটো মোৰ দুৰ্বলতা নহৈ কি? যাওঁ চকু জপাবৰ চেষ্টা কৰোঁগৈ---

(যাওঁ নাযাওঁকৈ গুচি গ'ল)
(লাহে লাহে নন্দ আহিল, অলপ ৰ'ল, চাৰিও ফালে চাই ললে, পিচত বেগাই দুৱাৰ মেলি ভিতৰত সোমাই ভীষণ ব্যস্ত ভাৱে মনোহৰক জগাব ধৰিলে)

  • নন্দঃ-মনোহৰ! মনোহৰ! উঠা--
  • মনোঃ- হোঁ! কোন? কি হৈছে ?
  • নন্দঃ-উঠা! আহা! হাঁয় ! হাঁয় !
  • মনোঃ-কি ! কি হৈছে- হোঁ! ইমান ৰাতি, তুমি কিয় আহিলা ?
  • নন্দঃ-সেইবোৰ পিচতো শুনিবা, এতিয়া মোৰ লগত ব'লা।
  • মনোঃ-ক'লৈ যোৱা ? কি হৈছে?
  • নন্দঃ-মহাৰাজক হত্যা কৰিবলৈ গুপ্তঘাটক! প্ৰমোদ উদ্যানত! ইমান পৰে জানো কি হৈছে, ক'ব নোৱাৰোঁ!
  • মনোঃ-উপায়? - তেন্তে উপায় ?- কেনেকৈ ?
  • নন্দঃ-আহা! ওলোৱা । বাধা দিবৰ চেষ্টা কৰোঁগৈ।
  • মনোঃ- ব'লা! ব'লা!

(মনোহৰক হাতত ধৰি লৈ নন্দ বেগাই ওলাই যায়)






দৃশ্যপট পৰিল

দ্বিতীয় দৃশ্য[সম্পাদনা কৰক]

প্ৰমোদ-কানন- দৃশ্য অন্ধকাৰ[সম্পাদনা কৰক]

(সময়- মাজ ৰাতি) (চন্দ্ৰা আৰু ললিতা আহিল)

  • ললিতা-এতিয়া ব'লা সখী, ভিতৰলৈ যাওঁ! ৰাতি বহুতো হ'ল।
  • চন্দ্ৰা- ভিতৰ! ভিতৰ আৰু ক'ত? আজি মই বাটৰ ভিখাৰিণীতকৈও হীন! সংসাৰত কাকো মোৰ সমান সুখী বুলি নাভাবিছিলোঁ, ভাগ্যৱতী বুলি মোৰ বৰ অহঙ্কাৰ আছিল, বিবিধ লিখনত আজি মোৰ সকলো গৈছে।
  • ললিতা-মানুহৰ জীৱন সুখ-দুখৰ ঢৌ; উঠি নামি গৈ থাকে। তাত কাতৰ হ'ব নাপায়। কমতাপুৰৰ ৰাজৰাণী তুমি, ধৈৰ্য হেৰুৱাবা কিয়?
  • চন্দ্ৰা-ৰাজৰাণী! মিছা । যাৰ চৰণৰ দাসী হৈ মই ৰাণীৰ গৌৰৱ কৰিছিলোঁ আজি বিনা কাৰণত তেওঁ মোলৈ পিঠি দিছে, তুচ্ছ ধন জনৰ ওপৰত মই কোনো নহয়, তাৰ মাজত মোক ঠাই নালাগে।
  • ললিতা-হায় পুৰুষ! তোমালোকে পুৰুষত্বৰ গৌৰৱ কৰা। তোমালোকে নিৰ্যাতনত পুৰুষ হ'ব পাৰা, এনেই হ'লে কাপুৰুষ।
  • চন্দ্ৰা-পুৰুষৰ দোষ কি সখী। দোষ মোৰ কপালৰেই।
  • ললিতা-তুমি তাকে ভাবি নিৰাশ নহ'বা। ৰজাৰ এই ক্ষণিক মতিভ্ৰম নো নুগুচি পাৰেনে ?
  • চন্দ্ৰা-এতিয়াও আশা! অকাৰণতে যেতিয়া ইমান ডাঙৰ কথা হৈ পৰিছে, তাতে বুজি পোৱা নাইনে আশা আছেনে নাই।
  • ললিতা-অকাৰণ বুলিয়েইতো আশা আছে। সামান্য ভুল একণ । আঁতৰাবলৈ কিমান পৰ লাগিছে।
  • চন্দ্ৰা-হোৱাত কিন্তু হয় তাৰ বিপৰীতটোহে। সামান্য কথাইহে যতমানে সৰ্বনাশৰ মূল।
  • ললিতা-কি হ'ল সখী তেনেহলে?
  • চন্দ্ৰা-যি হ'ব লগা আছে সেয়ে হ'ব। কি হ'ব ভাবি ওপ নোপোৱা । নিজত যদি বিশ্বাস থাকে সেয়ে যথেষ্ট । ওপৰত ঈশ্বৰ, তলত মানুহ আৰু কোনোবা অন্তৰালত অদৃ্ষ্ট। এই লৈয়েই জীৱন, এই লৈয়েই সংসাৰ।
  • ললিতা-হায় বিধাতা! তুমি কি দুখৰ আবেগত এই সৃষ্টিখন ৰচিছিলা। পৰিপূৰ্ণ সুখৰ মাজতো দুখৰ তাঁৰডালিহে বজাই তোলা।
  • চন্দ্ৰা-চোৱা ! চোৱা ! সৌটো তৰা কেনেকৈ খহি পৰিল!
  • ললিতা-সেইটো পপীয়া তৰা! চাব নাপায়। ভিতৰলৈ যাওঁ ব'লা।
  • চন্দ্ৰা-তাত সোালেইচোন চাৰিফালৰ পৰা স্মৃতিৰ শলাকাঠীয়ে খুঁচিবলৈ ধৰে। স্তব্ধতাই ইতিকিং কৰি হাঁহে, বিষন্নতাত হিয়াৰ পোৰণি দুগুণে জ্বলি উঠে। নহয় সখী, তুমি যোৱাগৈ। ইয়াতে সিদিনা তেওঁ থিয় হৈছিল, আজি মই ইয়াতে মূৰ দি শুই থাকিম।

(কাপোৰ আঁচল পাতি শুব খোজে)

  • ললিতা-তুমি এনেখন কৰি থাকিবলৈ হ'লে মই আৰু ইয়াত নাথাকোঁ। যদি তাকে তুমি ভাল পোৱা, মই আহিলোঁ।

(যাব খোজে)

  • চন্দ্ৰা-বাৰু বাৰু, গৈছোঁ ব'লা। (দুয়ো ওলাই যায়)

(ঙাতত সাৰে ভৰিত সাৰে নন্দ আৰু মনোহৰৰ প্ৰবেশ)

  • মনো-মোৰ বুকু কঁপিছে। কিন্তু ক'ত? একোতো গম নাপাওঁ।
  • নন্দ-ৰ'বা, অলপ কান অনোৱা।
  • মনো-প্ৰমোদ ভৱনলৈ বলাচোন, বেগ দিয়া।
  • নন্দ-ৰবাচোন, ৰ'বা। হয়তো আমি মিছা খবৰো শুনিব পাৰোঁ। ভাবি চিন্তি কাম কৰা ভাল। কেনে ভয়ানক অৱস্থাত আছোঁ ভাবি নোচোৱা কিয় ? তুমি ইয়াতে ৰোৱা, মই অলপ আগবাঢ়ি গম-গতি বুজি চাওঁ-
  • মনো-সঁচাতো! যদি মিছা হয়! আৰু যদি কোনোৱাই দেখে! এনেয়ে নীলাম্বৰে বেয়া পাই আছে যেন পাওঁ। নন্দ ! নন্দ! নন্দ ক'লৈ গ'ল। পলাল নেকি ? সৰ্বনাশ! নন্দৰ উদ্দেশ্য কি ? তেন্তে মোক ছল কৰি ইয়ালৈ আনিলে নেকি ? উঃ ! কি মূৰ্খ মই। সৌৱা কোনোবা আহে যেন পাওঁ ! ভগৱান ! আজি ৰক্ষা কৰা!

(সাৱধানে পিচুৱাই যাব ধৰে আৰু এফালৰ পৰা চন্দ্ৰা সোমাই আহে)

  • চন্দ্ৰা-ওলাই আহিলোঁ, ঘৰ মোৰ অসহ্য হৈছে।
  • মনো-কোন? ললিতা নেকি? (থমকি ৰ')

(অকস্মাত্ ঠাই ডোখৰ পোহৰত উজ্জ্বল হৈ পৰিল। দেখা গ'ল নীলাম্বৰে নিৰ্বাক হৈ বজ্ৰাহতৰ দৰে এচুকৰপৰা চাই আছে। মনোহৰে পোহৰৰ লগে লগে চকিত হৈ পলাব খোজোঁতেই, সন্মুখত নীলাম্বৰক দেখি অৱশ হৈ বহি পৰে। চন্দ্ৰাই ঘটনাৰ সংযোগ দেখি নীলাম্বৰ আৰু মনোহৰৰ ফালে চাই স্তম্ভিত হৈ খন্তেক ৰৈ থাকি মূৰ্ছিত হৈ ঢলি পৰিল। কেই মূৰ্হুতমান তেনেকৈ থকাৰ পাচত মনোহৰে কঁপা কঁপা মাতেৰে কৈ উঠিল)

  • মনো-উঃ! ভগৱান।
  • নীলা-(নিৰ্বাক হৈ একেৰাহে চকুৰ পলক নপৰাকৈ চায়েই ৰ'ল)
  • মনো-নীলাম্বৰ! ভাই! তোমাৰ ভৰিত ধৰিছোঁ, স্থিৰ হোৱা মই কি কওঁ এবাৰ শুনা।
  • নীলা-ম-নো-হ-ৰ! এই-ই!
  • মনো-যি দেখিছা---সকলো ষড়যন্ত্ৰ! শুই আছোঁ, এনেতে নন্দই গৈ কৈছে, উঠা! উঠা! গুপ্তঘাটক প্ৰমোদ উদ্যানত সোমাইছে, নীলাম্বৰক হত্যা কৰে! মই আতুৰ হৈ লৰি আহিলোঁ। আন্ধাৰত নন্দ পলাল। সকলো নন্দৰ ছল।
  • নীলা-আজি নন্দৰ ছল! ভৱানী মন্দিৰত আছিল কাৰ ছল? সিদিনা গধূলি কাৰ ছলত ইয়ালৈ আহিছিলা বন্ধু ?
  • মনো-কি কম! মই ললিতাক ভাল পাওঁ, সেই কাৰণে--
  • নীলা-পতিত ব্ৰাহ্মণ! তোমাৰ বিশ্বাস কি!
  • মনো-হ'ব পাৰোঁ। পতিত। কিন্তু আজি মই নিৰ্দোষ। মোক নন্দই প্ৰতাৰণা কৰি আনি বিপাঙত পেলাইছে।
  • নীলা-কিন্তু ইজনাক প্ৰতাৰণা কৰি আনিলে কোনে? মই ? নহয়নে ? ভণ্ড ! মিত্ৰদ্ৰোহী! ম্লেচ্ছ!
  • মনো-অবিশ্বাসীৰ আগত বেদব্যাসো মিছা। তোমাক আৰু মই কি বিশ্বাস জন্মাম! কিন্তু জানিবা এই সংঘটনৰ কৰ্তা নন্দ।
  • নীলা-নন্দও তোমাৰ প্ৰতিদ্বন্দ্বী আছিল বোধহয়?
  • মনো-ঈশ্বৰ। বিপন্ন সতীৰ মান ৰক্ষা কৰিবলৈ এবাৰ সংসাৰলৈ নামি আহা, নতুবা লক্ষ বজ্ৰাঘাত কৰি এই হীন পৃথিৱী চূৰ্ণ কৰি দিয়া। ওঃ ভাগৱান।
  • নীলা-মনোহৰ! মূৰ দাঙা! মোৰ ফালে এবাৰ চোৱা, নিজৰফালে এবাৰ চোৱা আৰু এই - এইফালে এবাৰ চোৱা। কোৱাচোন আজি আমাৰ মাজত কি বিতোপন সম্বন্ধ!
  • মনো-উঃ! নীলাম্বৰ! চিৰদিনৰ বন্ধু নীলাম্বৰ। বাক্য-যন্ত্ৰণা আৰু কিমান দিয়া। তাতকৈ মোক এতিয়াই বধ কৰা, বন্ধুৰ উচিত কাম কৰা।
  • নীলা-বধ! বধ মই কাকো নকৰোঁ। তোমাৰ শাস্তি মই তোমাৰ হতুৱাই দিয়াম। যেতিয়ালৈকে তুমি আত্মগ্লানিত উন্মত্ত হৈ ধুৰি ছিঙি আত্মহত্যা নকৰা, তেতিয়ালৈকে তোমাক লোহাৰ গঁৰালত সুমুৱাই কামৰূপৰ বাটে বাটে দেখুৱাই লৈ ফুৰাম। সকলোৱে ক'ব এই চোৱা বিশ্বাস হন্তা, বন্ধুদ্ৰোহী লম্পট, নৰকৰ কীট।

(কালীচৰণ প্ৰমুখ্যে দুজন প্ৰহৰী আহি মনোহৰক আগুৰি ধৰে)

  • মনো-এতিয়াও শুনা নীলাম্বৰ, নন্দৰ পৰা সাৱধান হোৱা।
  • নীলা-তথাপি আত্ম-গোপনৰ চেষ্টা!
  • মনো-গোপনৰ নহয়, প্ৰকাশৰ। বুকু ফালি দেখুৱালে অন্তৰ দেখা পোৱা হ'লে ইমান কথা মই নক"লোহেঁতেন। নিৰ্দোষীৰ ডাকত ভগৱানৰ আসন টলা হ'লে তুমি নীলাম্বৰে, ইমান পৰে এই সতীৰ চৰণত ধৰি ক্ষমা খুজিলাহেঁতেনে। আজি সত্যযুগ হোৱা হ'লে- নাই থক্। তথাপি মনত ৰাখিবা, সত্যৰ প্ৰকাশ অনিবাৰ্য্য, শেষত ধৰ্মৰেই জয়।
  • নীলা-আৰু নক'বা, যোৱা দূৰ হোৱা।

(প্ৰহৰীবোৰে ধীৰে ধীৰে মনোহৰক আঁতৰ কৰে, নীলাম্বৰে লক্ষ্যহীন ভাৱে চাই ৰয়)

  • নীলা-এয়ে নৰক---নাই বিশ্বাস ---নাই বন্ধুত্ব---নাই পৱিত্ৰতা! উত্তম পুৰষ্কাৰ।---হীন---হীনতকৈও হীন!---উঃ! উঃ! জ্বলি গ'ল, গলি গ'ল--গেলি গ'ল---পচি গ'ল-- বীভত্স ব্যভিচাৰৰ সোত---ছালনাৰ আৱৰ্ত!---মনোহৰ! ম-নো-হ-ৰ!---উঃ! কি ভয়ঙ্কৰ!-- আৰু চন্দ্ৰা? চন্দ্ৰা নাই---। কোনো নাই---মিছা! --মিছা! কিন্তু ---এইবোৰ কি? --কি হ'ল?--- সৌা দিগন্তেদি প্ৰলয়ৰ মেঘ উঠি আহিছে, মূৰত বজ্ৰই হানিছে---তেওঁ সৃষ্টিৰ ওপৰত প্ৰতিশোধ ল'বলৈ গজি উঠি আহিছে!---এতিয়াই সকলো ধ্বংস হ'ব---ক'লৈ যাওঁ---কি অন্ধকাৰ!---

দিশহাৰা হৈ আন্ধাৰত মিলি গ'ল।

দৃশ্যপট পৰিব

তৃতীয় দৃশ্য[সম্পাদনা কৰক]

ভৱানী মন্দিৰ- মন্দিৰৰ দুৱাৰ মৰা[সম্পাদনা কৰক]

(সময়- ৰাতি)
(চন্দ্ৰকুমাৰ ধীৰে ধীৰে সোমাই আহে)

  • চন্দ্ৰ-দুশ্চিন্তাত জীৱনৰ ভাৰ আৰু ব'ব নোৱাৰাত পৰিছোঁ। ভাবোঁ, এই ছদ্মবেশ এৰি নিজৰ স্বৰূপ ব্যক্ত কৰোঁ। নন্দৰ ৰাজ্য উদ্ধাৰৰ লগত মোৰ সম্পৰ্ক কি? কিন্তু তাকেইনো কৰোঁ কেনেকৈ ? কিহৰ আশাত ? ভিৱিষ্যত বৰ স্বেচ্ছাচাৰী, সি আশাৰ মখতো ছাই দিয়ে, আৰু নিৰাশাতো কেতিয়াবা পোহৰ দেখুৱাই। আৰু বৰ্তমানকেই বা দোষ দিওঁ কেনেকৈ ? হাতত পোৱা বস্তুটিৰ দোষ সহজে ওলায়; কিন্তু দূৰৰটিৰ হ'লে কেৱল ওপৰৰ ৰংটোতহে চকু পৰে। নাই নাভাবোঁ। যেনেকৈ আছোঁ সেয়ে ভাল। নৈৰ সোঁতবৈ আছে, তাত পাৰৰ একো ক্ষতি নাই। যদি তাত বাধা দিব যাওঁ, তেন্তে উপচি পাৰ ভাঙি দিয়ে।--যক্ আৰু ভাবি কি হ'ব?

(নন্দ আহিল)

  • নন্দ- তোমাকেই বিছাৰিছোঁ চন্দ্ৰ।
  • চন্দ্ৰ- এই অসময়ত ! কিয় ?
  • নন্দ- তুমি এটা ডাঙৰ কাম কৰিব লাগে।
  • চন্দ্ৰ- কি কাম, কোৱা। বুজাই দিয়া আগেয়ে।
  • নন্দ- কামটো অলপ টান, আহা মই বুজাই কওঁ-

(দুয়ো ফুচফুচাই মেল পাতি ওলাই গ'ল, আনফালেদি চন্দ্ৰা আহি দেখা দিলে)

  • চন্দ্ৰা-পূজা শেষ হৈ গৈছে, এতিয়া আৰু এই ফুল-পাতৰ কাম কি ! দেৱতাৰ বোধন হৈ গৈছে, আজি বসৰ্জনৰ সময়। আই ভৱানী, অভাগিনীৰ শেষ বলি গ্ৰহণ কৰা। মোৰ শেষ নিবেদন সাৰ্থক হওক। আই বসুমতী! তনয়াক এই জন্মলৈ বিদায় দিয়া । আৰু যেতিয়া তোমাৰ কোলালৈ ঘূৰি আহোঁ, তেতিয়া ইজন্মত যাৰ সেৱাৰপৰা বঞ্চিত হ'লো তেওঁৰ কাষ চপাই দিয়া। ইজন্মৰ অপূৰ্ণ আশা! এই পৰম ক্ষণতো মোৰ চকুলো বোৱাই নানিবা। আৰু মোৰ দুখ নাই--আই ভৱানী! তুমি এই অভাগিনীক চৰণত ঠাই দিয়া--

(ছুৰী উলিয়াই মন্দিৰৰ দুৱাৰ ডলিত আত্মহত্যা কৰিব খোজে, এনেতে চন্দ্ৰ কুমাৰে আহি বাধা দিয়ে।)

  • চন্দ্ৰ-ৰ'বা! ৰ'বা! ক্ষান্ত হোৱা।
  • চন্দ্ৰা-আপুনি কোন? দেৱ কাৰ্যত বাধা দিলে। (ছুৰী পৰি গ'ল)
  • চন্দ্ৰ-আত্মহত্যা মহাপাপ। জানেনে এইখন পবিত্ৰ ঠাই?
  • চন্দ্ৰা-হত্যা নহয়, ই আত্মবলি।
  • চন্দ্ৰ-বুজিছোঁ- মহাৰাণীৰ আজি এনে বেশ! কিন্তু ভৱিষ্যততো এনে নহয়।
  • চন্দ্ৰা-কোন আপুনি ?
  • চন্দ্ৰ-সন্যাসীৰ পৰিচয় নাই। স্থিৰ হোৱা আই; আত্মহত্যাৰ ব্যৱস্থা বৰ পাপীৰ কাৰণেও নাই।
  • চন্দ্ৰা-তেন্তে মোৰ গতি কি হ'ব প্ৰভু? জীৱনৰ যন্ত্ৰণা আৰু কিমান ভোগ কৰিম?
  • চন্দ্ৰ-নকৰি উপায় কি ? বিধিৰ বিধান খণ্ডাবৰ সাধ্য কাৰো নাই, তুমি জীয়াই থাকিবই লাগিব। ভৱিষ্যতেইতো তাকেই কয়।
  • চন্দ্ৰা-যদি মই তাক মানিব নোখোজোঁ?
  • চন্দ্ৰ-নামানিবতো খুজিছিলাই, কিন্তু পাৰিলা ক'ত? এনেকৈয়ে বিধিলিপি পূৰ্ণ হয়। তাৰ ওপৰত মানুহৰ চেষ্টা নিষ্ফল । ভাগ্যলিপি নামানে, এনে সাধ্য কাৰ?
  • চন্দ্ৰা-আপুনি সিদ্ধপুৰুষ। মোৰ ভৱিষ্যতৰ অলপ আভাস দিবনে?
  • চন্দ্ৰ-ভৱিষ্যত্ জানিবৰ সাধ্য কাৰ! আৰু সেইবোৰ শুনি তুমি সুখী নহ'বও পাৰা।
  • চন্দ্ৰা-প্ৰভু! সুখ অসুখ মোৰ নাই। দয়া কৰি মোৰ সন্দেহ দূৰ কৰক।
  • চন্দ্ৰ-কিন্তু বিশ্বাস কৰিবানে?
  • চন্দ্ৰা-যি হ'ব লগা আছে, তাত বিশ্বাস কৰিয়েই বা কি কৰিম আৰু নকৰিয়েই বা কি কৰিম। সিতো যেনে হ'লে ফলিবই।
  • চন্দ্ৰ-তেনেহ'লে শুনা-
  • চন্দ্ৰা-আপোনাৰ অনুগ্ৰহ-
  • চন্দ্ৰ-তুমি তোমাৰ স্বামীৰ ওপপৰত কিবা প্ৰতিশোধ ল'ব লাগে।
  • চন্দ্ৰা-প্ৰতিশোধ ল'ব লাগে?
  • চন্দ্ৰ-উচাপ খাই উঠিলা কিয়?
  • চন্দ্ৰা-প্ৰতিশোধ ল'ব লাগে?
  • চন্দ্ৰ-প্ৰতিশোধ ল'ব লাগে।
  • চন্দ্ৰা-প্ৰতিশোধ? কিহৰ প্ৰতিশোধ?
  • চন্দ্ৰ-সেইটো নাজানো। হয়তো কিবা অন্যায়ৰ প্ৰতিশোধ হ'ব পাৰে।
  • চন্দ্ৰা-স্বামীৰ ওপৰত?
  • চন্দ্ৰ-স্বামীৰ ওপৰত।
  • চন্দ্ৰা-আপোনাৰ যদি ভুল হয়?
  • চন্দ্ৰ-তেন্তে ক'ব লাগিব, মোৰ সৰ্ব সাধনাই মিছা, দেৱীৰ কৃপা মিছা।
  • চন্দ্ৰা-তথাপি মই তাত বিশ্বাস নকৰিবও পাৰোঁ দেখোন।
  • চন্দ্ৰ-নকৰিবা। কিন্তু তোমাৰ সাধ্য কি যে অদৃষ্টৰ বিপৰীতে জয়ী হোৱা। যেনেকৈ হওক ভৱিষ্যত্ ফলিবই ফলিব। বিশ্বাস কৰা বা নকৰা একে কথা। দিয়া অস্ত্ৰ দিয়া, সন্তোষ মনে নিজৰ ঠাইলৈ যোৱা। জানিবা বিধাতাৰ বিধান, প্ৰতিশোধ তুমি ল'বই লাগিব-

(চন্দ্ৰকুমাৰ গ'ল চন্দ্ৰাই ভাবিব ধৰিলে)

  • চন্দ্ৰা-প্ৰতিশোধ! প্ৰতিশোধ! এই বিধিলিপি? সিও মোৰ হাতেৰে । মিছা, হ'বই নোৱাৰে।--কিন্তু ইওটো এটা প্ৰতিশোধ! প্ৰতিশোধত প্ৰতিহিংসা নহয়? ---আই ভৱানী। মোৰ এই দুৰ্বল প্ৰাণত শক্তি দিয়া। জানিছোঁ ঘোৰ বিপদে তেওঁক আগুৰি ধৰিছে, এয়ে মোৰ প্ৰতিশোধৰ উপযুক্ত সময়।

(চিন্তিত ভাৱে গুচি গ'ল)


দৃশ্যপট উঠিব

চতুৰ্থ দৃশ্য[সম্পাদনা কৰক]

মৃগয়া ক্ষেত্ৰৰ শিবিৰৰ কক্ষ[সম্পাদনা কৰক]

(সময়- ৰাতি) (নীলাম্বৰ আৰু নন্দ বহি আছে) (কেইজনীমান নাচনী আহি নৃত্য-গীত আৰম্ভ কৰিলে) নীলাম্বৰৰ সেইবোৰলৈ লক্ষ্য নাই।

              গীত
নীল মেঘে ঝঙ্কাৰে,
       বিজুলী সঞ্চাৰে,
             ঘন ঘোৰ মৃদঙ্গে কৰে গৰজন।
শিহৰে তমাল বন,
       আতুৰ ভুৱন মন,
            -কিয় সখী আয়োজন ?
            -নাহে প্ৰিয়জন।
তেনে সখী গোৱা আজি
       অভিনৱ গান,
বুকত বেদনা ৰাখি-তোলা মধু তান,
কাজল গগন ছানি-
সোণালী বিজুলী হানি-
       আনিব শীতল কৰা নৱ বৰষণ।

  • নীলাঃ-ইহঁতক কোনে আহিব কৈছে ?
  • নন্দ-সিহঁতৰ কৰ্তব্য কৰিছে মহাৰাজ, মৃগয়া শিবিৰত আনন্দৰ যোগান ধৰি।
  • নীলাঃ-দূৰ কৰা-। যাব দিয়া-!তুৰন্তে।
  • নন্দ-(ইঙ্গিত কৰি নাচনীহঁতক যাব দিলে) মোৰ বোধেৰে দুষ্কৃতৰ উপযুক্ত শাস্তি নহ'লে মনৰ অশান্তি যাব নোৱাৰে।
  • নীলাঃ-তোমাক কৈছোঁ নহয়, এনে ব্যক্তিক্ৰমৰ কি উচিত শাস্তি হ'ব পাৰে, মই ভাবি নাপাওঁ। কি দণ্ড হ'ব পাৰে আবিস্কাৰ কৰা, প্ৰয়োগ কৰা, মোৰ মস্তিষ্ক বিকল হৈছে।
  • নন্দ-মই নিমাষিত প্ৰাণী। মহাৰাজৰ লিখিত আদেশ পালে সাহ হয়।
  • নীলাঃ-বাৰু তাকে দিম। কি দণ্ড হ'ব পাৰে তাৰে বিধান কৰা।
  • নন্দ-তেন্তে এখন্তেক অনুমতি দিয়ক, মই তুলাপাত আনো।

(নন্দ যায়- নীলাম্বৰে অৰ্থহীন দৃষ্টিৰে ৰৈ থাকে, অলপ পাচতে নন্দই এখন শৰাইত কাপ মৈলাম আৰু তুলাপাত নীলাম্বৰৰ আগত ধৰে)

  • নীলাঃ-আনিছা ? পাইছা বিচাৰি ?- ক'ত। মই একো বুজিব পৰা নাই আখৰবিলাক চকুৰ আগতে বিয়পি গৈছে নেকি ?
  • নন্দ-শাস্ত্ৰকাৰণ আৰু দেশ দস্তুৰ মিলাই, উচিত বিধান লিখিবলৈ ঠাই মুকলিকৈ ৰাখি, সম্প্ৰতি মহৰাজ নাম অঙ্কিত কৰি দিবলৈ মাত্ৰ গোঁহাৰি জনাইছোঁ। সকলো কথা অতি গোপনে হ'ব লাগিব, হাজাৰ হ'লেও ঘটনাটো প্ৰকাশ হ'লে মহাৰাজৰ সন্মানত আঘাত কৰিব পাৰে।
  • নীলাঃ-বাৰু সেয়ে হওক। এই মোৰ নাম অঙ্কিত কৰিলোঁ। দিয়া শাস্তি, দিয়া শাস্তি, যদি ৰাজ বিধানত বিচাৰি পোৱা।

(ওলাই যায়)

  • নন্দ-আৰু চিন্তা নাই। সকলো দায়িত্ব এতিয়া নীলাম্বৰৰ ওপৰত নতুবা আন কৌশলৰ আশ্ৰয় ল'ব লগা হ'লহেঁতেন। দেৱতা মোৰ সহায়! পিতৃপুৰুষসকলৰ প্ৰেতাত্মা মোৰ সমৰ্থক! মৃত্যুত্তৰ প্ৰতিহিংসা মোৰ পথ প্ৰদৰ্শক!

(নীলাম্বৰৰ নাম লিখা কাকতখনত মনোহৰৰ দণ্ডাদেশ লিখিব ধৰে। এনেতে কালীচৰণ আহিল)

  • নীলাঃ-মোৰ গা কঁপিব লাগিছে। শেষত সৰ্বনাশ নহ'লে ৰক্ষা।
  • নন্দ-ভয় নাই ! সাৱধানে কাম কৰি যা।
  • নীলাঃ-লোকক মৰাৰ কাৰণে ভয় নকৰোঁ, কিন্তু নিজৰ প্ৰাণৰ বাবে ভয় অলপ আছেতো।
  • নন্দ-তোৰ প্ৰাণৰ ভয় নাই। তিলাৰ্ধও নাই। যা।
  • নীলাঃ-কিন্তু এটা কথা! যি হ'ল হ'ল। শেষৰছোৱা কাম এৰাই ভাল নেকি ? মানুহৰ ওপৰত মানুহে এনে কৰাটো বৰ অতিপাত হ'ব যেন পাওঁ।
  • নন্দ-মানুহ! ইওতো পূৰ্বৰ ব্যৱহাৰ! তই ভয় খাইছ? কাপুৰুষ।
  • নীলাঃ-ভয় খোৱা নাই।






দৃশ্যপট পৰিব

পঞ্চম দৃশ্য[সম্পাদনা কৰক]

নগৰৰ আলি[সম্পাদনা কৰক]

(সময়- ৰাতি) (সাধুচৰণ আহিল)





দৃশ্যপট উঠিব

ষষ্ঠ দৃশ্য[সম্পাদনা কৰক]

মৃগয়া ক্ষেত্ৰৰ শিবিৰৰ এটা কক্ষ[সম্পাদনা কৰক]

(সময়- ৰাতি) (শচীপাত্ৰ আৰু নন্দ আহিল)





জিৰণিৰ পট পৰিল

চতুৰ্থ অঙ্ক[সম্পাদনা কৰক]

প্ৰথম দৃশ্য[সম্পাদনা কৰক]

ৰাজপুৰীৰ কাঁথি [সম্পাদনা কৰক]

(সাধুচৰণ আৰু নীলাম্বৰ)





দৃশ্যপট পৰিব

দ্বিতীয় দৃশ্য[সম্পাদনা কৰক]

গঙ্গাৰ পাৰ (সময়- আবেলি) [সম্পাদনা কৰক]

(শচীপাত্ৰ)





দৃশ্যপট পৰিব

তৃতীয় দৃশ্য[সম্পাদনা কৰক]

সাধুচৰণৰ ঘৰত লগা ফুলনিৰ এটা নিৰলা কুঞ্জ [সম্পাদনা কৰক]

(সময়-ম্লান সন্ধ্যা) (এখন শিলৰ বেদী। ওচৰত আউলী বাউলী বেশে ললিতা)





দৃশ্যপট পৰে

চতুৰ্থ দৃশ্য[সম্পাদনা কৰক]

নগৰৰ বাহিৰত গৌৰৰ সৈন্য শিবিৰ [সম্পাদনা কৰক]

(নৱাব হোছেন চাহ, উজীৰ, ফৰিদ খাঁ আদি সামৰিক বিষয়াসকলে শিবিৰ পৰিদৰ্শন কৰি গোট খাইছে)





পঞ্চম দৃশ্য[সম্পাদনা কৰক]

দূৰ্গৰ ভিতৰত (সময়-আবেলি)[সম্পাদনা কৰক]

(সাধুচৰণ আৰু নীলাম্বৰ)





দৃশ্যপট উঠিব

ষষ্ঠ দৃশ্য[সম্পাদনা কৰক]

কমতাপুৰৰ ওচৰৰ অৰণ্যভূমি,দুৰত কমতাপুৰৰ নগৰ দূৰ্গ (সময়-সন্ধ্যা[সম্পাদনা কৰক]

(দুই পাঠান সৈন্য ওলাই আহিল)





সপ্তম দৃশ্য[সম্পাদনা কৰক]

নগৰৰ দূৰ্গৰ প্ৰাচীৰ তল, দৃশ্য অন্ধকাৰ (সময়-মাজ ৰাতি[সম্পাদনা কৰক]

(সশস্ত্ৰ প্ৰহৰীবিলাগে জুইৰ জোৰ লৈ গীত গাই যায়)





জিৰণি পট পৰিব

পঞ্চম অঙ্ক[সম্পাদনা কৰক]

প্ৰথম দৃশ্য[সম্পাদনা কৰক]

(সময় - পুৱা)





দৃশ্যপট পৰিব

দ্বিতীয় দৃশ্য[সম্পাদনা কৰক]

নদীৰ পাৰ[সম্পাদনা কৰক]

(সময় - দুপৰীয়া) (ললিতা)





দৃশ্যপট পৰিব