সদস্য:শশাংক বৰগোহাই

ৱিকিউৎসৰ পৰা

নমস্কাৰ


প্ৰতিজন সুহৃদ অসমীয়া ভাতৃ-ভগ্নীলৈ মই "শশাংক বৰগোহাঁই" য়ে মোৰ তৰফৰ পৰা জনাইছো সাদৰ সম্ভাষণ।


তৈলনগৰী মৰাণৰ মিৰিহুলাৰ মই বাসিন্দা।


মোৰ ভাল লগা কাম হিচাপে আজৰি সময়ত কবিতা আৰু প্ৰবন্ধ লিখো আৰু সেইবোৰেই মোক দিয়ে প্ৰতিটো সময়ত অসমীয়া ভাষাৰ বাবে কিবা কৰাৰ অনুপ্ৰেৰণা। মাতৃভাষা ভাল পাওঁ আৰু সেইবাবেই সদায় মুক্তভাৱে মাতৃভাষাত কথা পাতিব বিচাৰো। মাতৃভাষাৰ উন্নতিৰ বাবে আমাৰ যথেষ্ট কৰণীয়া আছে আৰু হয়তো ৱিকিউৎস এনে এখন মঞ্চ য'ত আমি অসমীয়া ভাষাক চহকী কৰিবলৈ কিঞ্চিত হলেও বৰঙণি আগবঢ়াব পাৰো।


মই গণিত বিষয়ত মৰাণ কলেজ ৰ পৰা স্নাতক।

স্নাতকৰ পাছত ৩ বছৰ মই শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ বৰ্তমান মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ শিক্ষা স্নাতকৰ চতুৰ্থ ষান্মাষিকৰ এজন ছাত্ৰ।

এজন ন-শিকাৰু হিচাপে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ লগত মই ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা জড়িত হৈছোঁ।