সতীৰ সোঁৱৰণী

ৱিকিউৎসৰ পৰা

সতীৰ সোঁৱৰণী

লুইতৰ পাৰত পৰ্বতৰ ওচৰৰ সৰু গাঁওখনি। দূৰত নিজৰাৰ কাষত সৰু পঁজা। চৰাইৰ গান, নিজৰাৰ কুলুধ্বনি, গছৰ ছাঁ, শ্যামল-শস্যক্ষেত্ৰ--চাৰিওফালে কেৱল শোভা--কেৱল সঙ্গীত।

সন্ধিয়া যেতিয়া বেলিটিয়ে বিদায় লৈ পশ্চিম সাগৰত বুৰ মাৰে তেতিয়া লাহে লাহে মালতীয়ে হাতত কলহটি লৈ এখুজি দুখুজিকৈ নৈৰ পাৰলৈ গুচি যায়; তেতিয়া চম্পকে সেই গতি নিৰীক্ষণ কৰি থৰ লাগে, এনে সুন্দৰী লগৰী পাই নজকে ধন্য মানে। সোণালীৰ সূৰ্য্যৰ কিৰণত সেই গাঁওখনি সোণালী শস্যক্ষেত্ৰ জিকমিককৈ থাকোঁতে যেতিয়া সেই প্ৰকৃতিৰ কোলাত অতুলনীয় যৌৱনৰ ৰূপৰাশিৰে মালতীয়ে হাতত কাচি লৈ থিয় হৈ ৰয়, চম্পকে চায়—ভাবে, এই মোৰ লগৰীয়েই মূৰ্ত্তিমতী প্ৰকৃতিনে?

সকলো কালৰ গতিত লয় পায়। ভাৱিষ্যতৰ কোলাত কি উটি আহে কোনে জানে? মালতী সুন্দৰ অতুলনীয় যৌৱনৰ ৰূপৰাশিৰ গৰাকিনী। মালতীৰ কোনো নাই। সৰুতেই বাপেক মৰিল। বাপেকৰ লগত সকলো সম্পত্তি লয় পালে; মাত্ৰ মালতীৰ দুকুনী মাকেহে বৈধব্য-যন্ত্ৰণা ভোগ কৰি মালতীক ডাঙৰ-দীঘল কৰিবলৈ ৰ’ল। মালতীৰ অৱস্থাৰেই চম্পকো ওচৰৰ গাঁওখনিৰ এটি নিৰাশ্ৰয় পিতৃ-মাতৃহীন ধুনীয়া ডেকা। এই চম্পককে বুঢ়ীমাকে মালতীক সঁপিছে। চম্পকেই পতিপ্ৰাণা মালতীৰ একমাত্ৰ ধন।

বুঢ়ীয়ে জীয়েক-জোঁৱায়েকৰ সৈতে সেই নিজৰাৰ পাৰৰ দুখীয়াৰ পঁজাটিতে থাকে। বুঢ়ীয়ে এৰী-মুগা পোহে, সূতা কাটে। মালতীয়ে তাঁত বয়, ভাত ৰান্ধে, গৃহকৰ্ম সকলো মালতীৰ গাত ন্যস্ত থাকে। চম্পকে হাল বায়, খেতি কৰে, পাচি, খৰাহি সাজি বেচে; এইদৰে সিহঁতৰ জীৱন যাত্ৰা নিৰ্ব্বাহ হয়। চম্পকে লিখিব-পঢ়িব জানে আৰু মালতীয়েও বিবাহিত জীৱন আৰম্ভ হোৱাৰেপৰা চম্পকৰপৰা শিকি লিখিব-পঢ়িব পৰা হৈছে। দুয়োৰো বিবাহিত জীৱন এতিয়া তিনি বছৰত পৰিছেহি। ++++++ বেলি মাৰ গৈছে। এতিয়া সন্ধিয়া। মালতীয়ে হাতত কলহ লৈ নৈ-ঘাটলৈ পানী নিবলৈ আহিছে। এনেতে নৈৰ মাজত এখন নাৱে দেখা দিলে। লাহে লাহে নাও ওচৰ চাপি আহিল। মালতীৰ পানী অনা ঘাটেদি যাবলৈ ধৰিলে। হঠাৎ নাও ৰ’ল। পাৰত মানুহ নামিল। মালতীয়ে থৰ লাগি চাই আছিল। এনেতে দুটা মানুহে মালতীক ধৰি নাৱত তুলি লৈ নাও মেলি দিলে। মালতীয়ে উচ্চস্বৰে কান্দিবলৈ ধৰিলে। দূৰত থকা চম্পকে নৈ-পাৰত কান্দোন শুনি লৰি আহি যি দেখিলে আশ্চৰ্য্য। স্বৰগ পৰা মানুহৰ দৰে থিয় হৈ ৰ’ল, বিবুদ্ধি হ’ল; নাও বেগেৰে অদৃশ্য হৈ গ’ল।

হৰি হাজৰিকা এজন ৰজাৰ বিষয়া। তেওঁ কোন কাৰণত ৰজাৰ কোপত পৰি বিষয়চ্যুত হৈ অনাই-বনাই ফুৰিছে আৰু কি বস্তুৰেনো ৰজাক সন্তুষ্ট কৰিব পাৰি তাকে বিচাৰি ফুৰিছে। তেওঁ ভাগ্যক্ৰমে আজি লুইতেদি ফুৰিবলৈ আহিছিল, আহোঁতে পানী অনা ঘাটত সেই নিৰ্জন ঠাই এডোখৰত এনে ৰূপৱতী যুৱতী এজনী দেখি তাইকে নি ৰজাক দি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ মালতীক সেইদৰে হঠাৎ ধৰি লৈ গ’ল। সেই দৃশ্য অভিনৱ। এফালে স্বাৰ্থসিদ্ধিৰ মহা আয়োজন আৰু আনফালে সৰল নিৰ্দ্দোষী প্ৰাণীৰ কৰুণ হাহাকাৰ।

লুইতৰ পাৰত মালতীৰ দুমহলীয়া অট্টালিকা। পিৰালিয়েদি দ লুইত বৈ গৈছে। ৰজাই ইয়াতে ভাবীমহিষী মালতীক শোক-তাপ বিসৰ্জ্জন দিবলৈ থৈছে। ৰজাই মাজে মাজে মালতীৰ লগত কথা পাতেহি। কিন্তু মালতীয়েতো কথা নেপাতে, কেৱল এটুপি চকুৰ পানী আৰূ এটি হুমুনিয়াহেৰে অন্তৰৰ অফুট মৰ্ম্ম-বেদনা জনাই নীৰৱে উত্তৰ প্ৰদান কৰে। এদিন ৰজাই ক’লে,’’তুমি মোৰ মহিষী হ’ব লাগিব মালতী। মই আৰু তোমাৰ মতৰ নিমিত্তে সৰহ দিন বাট চাব নোৱাৰোঁ। মই তোমাক আৰু পোন্ধৰ দিন সময় দিছোঁ। ইয়াৰ ভিতৰতে তোমাৰ সকলো শোক-তাপ আঁতৰাব লাগিব। তাৰ পিছতে তুমি মোৰ অন্তেষপুৰত আন আন মহিষীৰ ভিতৰত পৰিগণিত হ’বা’’।

এনেদৰে কৈ ৰজাই সেই কক্ষ পৰিত্যাগ কৰিলে। মালতীয়ে চকুত পানী টুকি টুকি নৈৰ ফালৰ উন্মুক্ত গবাক্ষ দ্বাৰেদি সুবিমল আকাশলৈ চাই ৰ’ল।

সেইদিনা জোনাক নিশা, সকলোৱে ৰূপালী বৰণ ধৰি হাঁহি আছে, মাত্ৰ মালতী বিষাদিনী। এনেতে নৈৰ বুকুত কোমল বাঁহীৰ মাত শুনা গ’ল। এখনি সৰু নাও লাহে লাহে পশ্চিমৰপৰা উজাই আহিব ধৰিলে, বাঁহী সুললিত সুৰে বাজিবলৈ ধৰিলে। নদীবক্ষ বাঁহীৰ সুৰত নাচি উঠিল, মালতীৰ ওৰণিখন বতাহে লৰাই দিলে। বাঁহী নীৰৱ হ’ল। লাহে লাহে নাওখন পশ্চিমলৈ ভটিয়াই গৈ অদৃশ্য হৈ পৰিল। +++++ মালতীৰ বিয়ালৈ বেছি দিন নাই। মালতীৰ মন আৰু নৰয়, কেনি যাওঁ কি কৰোঁ। এইদৰে উগুল-থুগুল লগাইছে। মালতীয়ে এইবোৰ ভাবি-চিন্তি শেতেলিত পৰি থাকোঁতে সেইকালে টোপনি গ’ল। তেতিয়া সন্ধ্যাৰ ৰাঙলী ৰ’দচেৰেঙা আহি মালতীৰ খোঁটালিত সোমাই চিকমিক কৰি আছিল। তাৰে এচেৰেঙা সোণত সুৱগা পৰাদি মালতীৰ মুখত পৰি শতগুণে জেউতি চৰাইছিল আৰু মালতীক কিবা এটি স্বৰ্গীয় শোভাই বেঢ়ি ধৰিছিলহি। এনেতে ৰজা আহিল। মালতী শুই থকা দেখি আকৌ উভতি গ’ল।

মালতী উঠিল, গবাক্ষদ্বাৰৰ মুখত থিয় হৈ ৰ’ল। ৰাতি হ’ল। নদী-বক্ষত বাঁহী বাজি উঠিল। লাহে লাহে নাওখনি আগবাঢ়ি আহিবলৈ ধৰিলে। জোনে নীলিম আকাশত হাঁহিবলৈ ধৰিলে। বতাহে মালতীৰ ওৰণি জোঁকাৰি দিলে। নাও আহি আৰু ওচৰ পালেহি। এনেতে এডোখৰ ক’লা ডাৱৰে জোনটি ঢাকি ধৰিলে। এন্ধাৰ হৈ পৰিল। শোঁ-শোঁ শব্দে এডাল কাঁড় আহি মালতীৰ খোঁটালিত পাৰিলহি। অলপ পিছতে জোনে হাহি উঠিল। নদী বক্ষত বাঁহী নবজা হ’ল। লাহে লাহে নাওখন অদৃশ্য হৈ গ’ল। মালতীয়ে আচৰিত হৈ মজিয়াৰপৰা কাঁড়পাত তুলি ল’লে। আৰু আচৰিত হ’ল। তাত এডোখৰ তুলাপাত। মালতীয়ে তুলাপাতখান মেলি চালে আৰু আনন্দত উত্ৰাৱল হৈ আনফালে গুচি গ’ল।

মালতীয়ে পাহৰি তুলাপাত কাঠৰ মজিয়াত পেলাই থ’লে। হতভাগিনী মালতী। এনেতে ৰজাৰ বৰমহিষী আহি খোঁটালিৰ কাঁড় আৰু তুলাপাত দেখি আচৰিত হ’ল। তুলি লৈ তেওঁ ৰজাৰ ওচৰ পালেগৈ। ++++++++

ঘোৰ অমাৱস্যা। আন্ধাৰত সকলো নিমগ্ন। মাজে মাজে তৰাবোৰৰ অলপ অলপ পোহৰ। চাৰিওফালে গভীৰ অন্ধকাৰ। মালতী অতি দুখ মনেৰে শেতেলিত বহি আছে।

এনেতে নদী-বক্ষৰ বাঁহী বাজি উঠিল। মালতীৰ হিয়া ছিৰিং কৈ উঠিল। তেওঁ গবাক্ষদ্বাৰৰ ওচৰলৈ লৰি গ’ল। লগে লগে চিপাহী জাঁপ মাৰি পৰিল। নাৱৰীয়া বন্দী হ’ল। তাৰ পিছত বন্দীশালত আৱদ্ধ হ’ল। ৰজাই মাথোন মালতীক ক’লেহি, “কাইলৈ তোমালোকৰ বিচাৰ হ’ব।” +++++++ দুপৰীয়া ৰজা চ’ৰাত বহিল। চাৰিওফালে মানুহ ভৰি পৰিলহি। পাত্ৰ-মন্ত্ৰীসকল ৰজাৰ চাৰিওফালে বহিলহি। ৰজাই বন্দীক আনিবলৈ হুকুম দিলে। তাৰ লগত মালতীকো ৰাজসভালৈ অনা হ’ল। ৰজাই বন্দীক সুধিলে, “তই ইয়ালৈ কিয় আহিছিলি?” বন্দী ধীৰ, স্থিৰ, নিমাত। বন্দীৰ উত্তৰ নেপাই মালতীক সুধিলে, “মালতী! তোমাৰ ই কি হয়?” মালতী-“একো নহয়”। ৰজা-“তেন্তে তোমাক নিবলৈ সি কিয় আহিছিল”? মালতী-(নিমাত!) ৰজা-“সঁচাকৈ তোমাৰ একো নহয়”? মালতী-“সঁচাকৈয়ে একো নহয়”। ৰজা-“তেন্তে তুমি তাক নিজ হাতেৰে কাটিব পাৰিবানে”? মালতীয়ে ধীৰ, স্থিৰ, গাম্ভীৰ হৈ অবিচলিত কণ্ঠেৰে উত্তৰ দিলে-“পাৰিম”। এনেতে বন্দী গৰজি উঠিল-“অবিশ্বাসিনী—তুমি সেই মালতীনে?” মালতী নীৰৱ, নিস্পন্দ। ৰজাই মালতীৰ হাতত তৰোৱাল দি ক’লে- “এইখন তৰোৱাল লোৱা। বন্দীৰ শিৰশ্ছেদ কৰা। তেহে তোমাক মই নিৰ্দ্দোষী বুলি জানিম। প্ৰহৰী! বন্দীক পাছলৈ হাতকৈ বান্ধি থ।” মালতীয়ে হাতত তাৰোৱাল তুলি ল’লে। লাহে লাহে তৰোৱাল মালতীৰ হাতত শূন্যলৈ উঠিল। প্ৰবল বেগেৰে নামি আহিল। কিন্তু ই কি! মালতীয়ে কি কৰিলে? মালতীয়ে সেই তৰোৱালখন নিজৰ বুকুত বহুৱাই দি বন্দীক ক’লে, “চম্পক! তোমাৰ মালতী অবিশ্বাসিনী নহয়।“ ৰজা গৰজি উঠিল। সভাঘৰ স্তম্ভিত হ’ল। ৰজাই চাওডাঙক বন্দীক শিৰশ্ছেদ কৰিবলৈ হুকুম দিলে। তৎক্ষণাৎ চম্পকৰ মূৰে ভূমি চুম্বন কৰিলে, চম্পক আৰু মালতীৰ প্ৰাণ অনন্তত মিলি গ’ল।

এতিয়া ৰজাৰ জ্ঞান আহিল। সেই দম্পতীৰ প্ৰেমৰ বান্ধোন দেখি তেওঁ আচৰিত হ’ল আৰু ক’লে, “মালতী ধন্য তোমাৰ সতীত্ব। ধন্য তুমি! চন্দ্ৰ-দিবাকৰ থাকে মানে তোমাৰ স্মৃতি পৃথিৱীত থাকিব। পৃথিৱীত শত শত যুৱতীয়ে পতিপ্ৰাণা হ’বলৈ শিকিব। মই পাপাত্মা। মালতী! তোমাৰ আত্মাই যেন মোক ক্ষমা কৰে। মন্ত্ৰী! চম্পক আৰু মালতীক লুইতৰ পাৰলৈ লৈ যোৱা। দুয়োৰো দেহ একেলগেই অগ্নি-সংস্কাৰ কৰাগৈ আৰু সেই দাহভূমিত শুৱনি প্ৰস্তৰ নিৰ্মিত মৈদাম এটি সজাবা। তাৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখি থ’বা, “সতীৰ সোঁৱৰণী”।