শ্যাম মনোহৰ হৰয়ে নগৰ জনে

ৱিকিউৎসৰ পৰা

ৰাগ-শ্ৰী (তাল যতি)

ধ্ৰুং|| শ্যাম মনোহৰ হৰয়ে নাগৰ জানেলো| হামাৰি জীৱন

কানু হাসি হৰলৰে কালা অঙ্গেৰে তিনি ঠানেলো||

পদ-ভ্ৰুব মদন ধনু তথিয়ে নিবেশিত

বঙ্কিম নয়ন পঞ্চ বাণে|

অমিয়া মধুৰ বাণী মোহ মন্তৰ জপি

ঘনে ঘনে কৰতু সন্ধানে||

মোহন বংশীৰ সানে হৰল চেতন মন

মৰম ভেদল বড় টানে|

কহয় মাধৱ মাই কানাই জীৱন বিনে

কবো নাহি ৰহত পৰাণে||