সমললৈ যাওক

শুনা নাই যদি নৱঝঙ্কাৰ

ৱিকিউৎসৰ পৰা

শুনা নাই যদি নৱঝঙ্কাৰ

শুনা নাই যদি জন হুঙ্কাৰ

তই

হে মোৰ অহঙ্কাৰ

আপোনাতে তই আপুনিয়ে জহি

হৈ যাবি চাৰখাৰ

হে মোৰ অহঙ্কাৰ ৷


চকুপানীৰ মত্ত প্ৰলয়, অহা দেখিছনে নাই,

গাঁও-ভুঁই, সৌ নগৰ-চহৰ, সোঁতে নিয়ে

উটুৱাই, দুৰ্নিবাৰ ঢৌৱে ঢৌৱাই ৷


সেই প্ৰলয়ৰ তীৰ্থজলত

কৰাহি পুণ্যস্নান

গা, জন জীৱনৰ

নৱ পোহৰৰ

আগেয়ে নোগোৱা গান ৷

পাবি নতুন প্ৰাণ ৷৷