শুনলো পণ্ডিত! হৰিপদ সেৱা
।। ৰাগঃ শ্যামগোড়া।। তালঃ পৰি।।
ধ্ৰুং।। শুনলো পণ্ডিত
হৰিপদে সেৱা ৰসে থিৰ কৰ চিত্ত।
পদ।। অনন্ত নিগম-বন গহন আপাৰ।
ভৈলা ক্ষীণ বুদ্ধি অৰ্থ কৰিতে বিচাৰ।।
তাৰে দেখি মনে দুখ লাগয় হামাৰ।
কৰিয়ো সাদৰ ইটো উপদেশ সাৰ।।
তিনি গুণময় বেদ-বন পৰিহৰা।
গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা।।
উডুখলে যাৰে বান্ধি থৈয়া আছে টানি।
সেহি বেদ শিৰোৰত্ন অৰ্থ ভজা জানি।।
যদি হৰি অনন্ত ব্ৰহ্মাণ্ড অধিকাৰী।
তথাপি ভক্তৰ বশ্য হোৱন্ত মুৰাৰি।।
তাতেসে বন্ধন হৰি ভৈলা যশোদাৰ।
নিৰন্তৰে নিগমৰ এ তত্ত্ব বিচাৰ।।
যাৰ মায়াপাশে বন্দী ভৈলা হেন হৰি।।
ভকতি সমান বলী নাহি নাহি আৰ।
কহয় মাধৱ গতি নন্দেৰ কুমাৰ।।