শিল্পী অ’ মোৰ, কবি অ’ মোৰ

ৱিকিউৎসৰ পৰা

শিল্পী অ’ মোৰ, কবি অ’ মোৰ

কবি অ’ মোৰ জাগ অ’ জনৰঞ্জন

তোৰ চকুত জ্বলে বিশ্বপূজাৰ

অৰুণ ৰঙা অঞ্জন ৷


তই মুখৰিত কৰি

জনজীৱনৰ অঙ্গন

জাগৃতি ছন্দৰে নাচ

প্ৰাণত তোল স্পন্দন ৷


পিন্ধিছ গানৰ

পিন্ধিছ সুৰৰ

নিত্যনতুন কাঞ্চন

জাগ অ’ জনৰঞ্জন ৷


সুচিত্ৰ বিচিত্ৰকৈ

আঁকি আলিঙ্গন

সুৰঞ্জনৰ অঞ্জলিৰে

পূৰ্ণ কৰি জনপ্ৰঙ্গণ ৷৷