শিল্পীয়ে আজি ছবি নেআঁকি

ৱিকিউৎসৰ পৰা

শিল্পীয়ে আজি

ছবি নেআঁকি

লিখিছে কবিতা

সেইহে জ্বলিছে ভাষা আকাশত

সোণৰ সবিতা ৷

শিল্পীয়ে আজি লিখিছে কবিতা ৷

সেই কবিতাত, জ্বলে বিশ্বছবি,

নীহাৰিকা,

জোন,তৰা,ৰবি.

সেই কবিতাত সাৰ পাই উঠে

স্বৰ্গ ৰেখা.... নতুন স্থাপত্যৰ

সেই কবিতাত জনম লয়...

বটালিটো

নবীন ভাস্কৰৰ ৷


সেই কবিতাত গানে সুৰে

কত বিৰহীৰ বুকু পোৰে

অছন্দৰে

বিছন্দৰে

গুণা-গঁথা ছন্দৰে

অভিনৱানন্দৰে

কঁপাই জগাই শিঁয়ৰাই

প্ৰাণটি মৰতৰ

ঢৌ তুলি যায় জ্যোতি-সঙ্গীতৰ ৷৷