শত যুগৰ শত চাকি

ৱিকিউৎসৰ পৰা

শত যুগৰ কত চাকি

জ্বলাই আহিলি,

আপোনাৰ আনন্দতে নিজে হাঁহিলি,

নিজৰ তই চকুপানী নিজে মচিলি ৷


শিল্পী মোৰ মনৰে তই...

শিল্পী মোৰ প্ৰাণৰে তই...

শিল্পী মোৰ গানৰে

সুৰৰে

ছবিৰে

ৰূপৰে তই জুই জ্বলালি

নিত্য নতুন হবিৰে

চিনাকি তোৰ যুগ যুগৰে

ৰবিৰে ৷


আজিৰ দিনা

নেমানি মনা

সখি পতালি

বিপ্লৱী মোৰ কৱিৰে ৷


আজি জাগিল জন শতাব্দী

আহ অ’ যত আলোকবাদী

অপ্ৰমাদী

পোহৰৰে

জোনাকী বসন্ত জগাই,

জ্বলা, জ্বলা

শিল্পী অ’ মোৰ

বিশ্বদীপালী

জ্বলা ৷৷