সমললৈ যাওক

লেখক:লম্বোদৰ বৰা

ৱিকিউৎসৰ পৰা
লম্বোদৰ বৰা
(১৮৬০–১৮৯২)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক লম্বোদৰ বৰা (১৮৬০-১৮৯২) অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী লেখক। তেজপুৰৰ গমিৰিৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম হৈছিল। ছাত্ৰ অৱস্থাত আসাম বিলাসিনীত প্ৰৱন্ধ লিখিছিল। কলিকতাৰপৰা স্নাতক ডিগ্ৰী লৈ বি এল কৰে আৰু উকীল হয়। ৩২ বছৰ বয়সত হাইজা ৰোগত মৃত্যু হয়। আনন্দৰাম বৰুৱাৰ জীৱন চৰিত গ্ৰন্থৰ তেওঁ লিখা পাতনিভাগ শক্তিশালী গদ্যৰ উদাৰণ। আসাম-বন্ধু, আসাম-বিলাসিনী, আসাম তৰা, আসাম নিউজ আদিত নিয়মীয়াকৈ লিখিছিল। []

সৃষ্টকৰ্ম

[সম্পাদনা কৰক]
  1. ল'ৰাবোধ (শিশু-পুথি)
  2. জ্ঞানোদয় (শিশু-পুথি)
  3. শকুন্তলা (অসমীয়া অনুবাদ)

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, নৱম সংস্কৰণ, পৃষ্ঠা-২৭৩