লেখক:ভৱানন্দ দত্ত
অৱয়ব
| ←লেখকৰ তালিকা | ভৱানন্দ দত্ত (১৯১৮–১৯৫৯) |
| ভৱানন্দ দত্ত - (১৯১৮-১৯৫৯) এগৰাকী গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। পিতৃ সৰ্বানন্দ আৰু মাতৃ মনোমোহিনী। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল। অসমত মাৰ্ক্সবাদৰ বাটকটীয়া। ৰতনপুৰৰ ছাত্ৰবৃত্তি স্কুল আৰু বজালীৰ হাইস্কুলত শিক্ষাগ্ৰহণ তথা মেট্ৰিকত প্ৰথম বিভাগ লাভ। ১৯৪০ চনত কটন কলেজৰপৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ। ব্ৰজনাথ শৰ্মাৰ সৈতে বিয়াল্লিছৰ আন্দোলনৰ অংশীদাৰ। ১৯৪৩ চনত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান দখল কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ। মনোবিজ্ঞান সম্পৰ্কীয় অধ্যয়নৰ বাবে ইংলণ্ডলৈ গৈছিল। নলবাৰী কলেজ, কটন কলেজত অধ্যাপনা। ১৯৪৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা হিচাপে যোগদান কৰে। কমিউনিষ্ট হোৱা হেতু শিক্ষাক্ষেত্ৰত লাভ কৰা সোণৰ পদক দলৰ পুঁজিলৈ দান কৰিছিল। ১৯৫২ আৰু ৫৭ চনৰ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। আৱাহন, ৰামধেনু, জয়ন্তী, অসম-বাণীত লেখা-মেলা কৰিছিল। কৰ্কট ৰোগত মৃত্যু। |
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]- Philosophy and India (১৯৫৯)
- ৰবীন্দ্ৰ প্ৰতিভা (১৯৬০)
- দৃষ্টি আৰু দৰ্শন (১৯৬১)
- অসমীয়া কবিতাৰ কাহিনী
- অসমৰ জাতীয় সমস্যাৰ বিৱৰণ
- অনুবাদ
- কমিউনিষ্ট মেনিফেষ্টোৰ অসমীয়া অনুবাদ
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )